Translate

Tuesday, July 31, 2012

এজাক মানুহৰ মাজত মই






মানুহ দেখিছো মাথোন মানুহ
বিনন্দীয়া বিশাল বিশ্বৰ
বিভিন্ন প্ৰান্তৰ
সাগৰ মহাসাগৰ পাৰ হৈ 
অনেক গিৰি লঙ্ঘি অহা,
কিহৰ সন্ধানত  ?

হ’ব পাৰে 
ছালৰ বৰণ বগা ক’লা বা কজলা
একেই কিন্তু পেটৰ ক্ষুধা
একেই তেজৰ ৰং
একেই চকুৰ ভাষা

অনন্য সৃষ্টিৰ এই দৃশ্যত 
বিস্মিত মই !

২২৷৩৷২০১২
'হাকাটাৰ

मेरा बचपन



Mustard Flower Field



जैसे
दूर  कहींसे
आ रही
सुललित
सकरूण
एक
बंशी की धुन हो
जो बनाती हैं
मुझे भाव विभोर !


मुझे मालूम हैं
मिलेगा 
आएगा 
 वापस कभी
 मेरा सुनहरा बचपन
फिर भी पागल मन
यादों की चिड़ीयो के सहारे
कोशिस करता हैं बारबार
उसे स्पर्श करने की
……………………………………..

বিষন্ন আবেলি


বিষন্ন আবেলি


গছৰ পাতৰ সৈতে লুকা-ভাকু খেলি
বেলিটোৱে যেতিয়া মাৰ যাব ধৰে



সেউজ দুবৰিলৈ যেতিয়া আন্ধাৰৰ ছাঁ নামিব ধৰে
একাকী মনলৈও যেন নামিব খোজে বিষন্নতাৰ ডাৱৰ ! 






















৩০ জুলাই, ২০১২ সোমবাৰ

কালচক্ৰ












পুৱাবোৰ  আবেলি হয় 
দিনবোৰ নিশা হয়
মাহবোৰ বছৰ হয়
এনেকৈয়ে আমিবোৰ পুৰণি হওঁ

পোৱা-নোপোৱাৰ 
পোৱা আৰু পাই হেৰুৱাৰ হিচাব
কালৰ দিনপঞ্জীত  লিপিবদ্ধহৈ

বাস্তৱবোৰ সপোন হৈ
আগুৱাই গৈ থাকে অহৰ্নিশ,
আগুৱাই গৈ থাকে অহৰ্নিশ !

১৪মে,২০১২
'হা,কাটাৰ

মই ভূত দেখিছিলোঁ!


                


              পঞ্চম শ্ৰেণীত থাকোতে "টেঙা দৈনামৰ ভূতৰ সাধুৰ কিতাপ এখন গেটেই দিন ধৰি পঢ়িলোঁ  ভূতৰ বিভিন্ন প্ৰকাৰৰ সৈতে একেদিনাই অভিজ্ঞ হৈ উঠিলোঁ সন্ধিয়া হোৱাৰপৰা বাহিৰলৈ চাবলৈয়ো ভয় লাগিব ধৰিলতাতে তেতিয়া আছিল কৃষ্ণ পক্ষ৷  সন্ধিয়াৰ সাতটামান বাজিছে৷বাহিৰত বৰকৈ কুকুৰে ভূকা শুনি মায়ে মোক ঘৰৰ বাহিৰত কি হৈছে চাব কলে৷ভয়ে ভয়ে দুৱাৰখন খুলি বাৰান্দা পায়েই মোৰ মুখৰ পৰা বিকট চিঞৰ এটা মোৰ অজানিতেই ওলাই আহিল আৰু মই মুচকছ যোৱাৰ ওপক্ৰম 'ল৷আমাৰ পদূলি মুখৰ কৰ্পূৰ গছজোপাৰ তলত ৰঙা কাপোৰ পিন্ধা বাওনা ভূত এটাই হাতত কিবা-কিবি লৈ মোৰ ফালে আগুৱাই আহি আছে৷
               ঘৰৰ সকলো মানুহ আনকি আলহীও বাহিৰলৈ ওলাই আহিল "কি 'বুলি৷মই এইবাৰ লাজত মুচকছ যাবলগীয়া 'ল৷
      আচলতে আলহীৰ বাবে বনোৱা পায়সত দিবলৈ কেইখিলামান কৰ্পূৰৰ পাত আনিবলৈ ভন্টিজনীক মায়ে পাছ দুৱাৰেদি বাহিৰলৈ পথিয়াইছিল৷
      ভূত দেখা সেয়াই মোৰ প্ৰথম আৰু শেষ৷ডিব্ৰুগড়ত ভূত ওলাইছে বুলি শুনি দিগন্ত শইকীয়া আৰু অন্যান্য বন্ধুসকলক কথাখিনি জনালোঁ 


Friday, July 27, 2012

মোৰ সত্বা











মোৰ সত্বা
মকৰাৰ সূতাৰে বন্ধা
এই ধৰাৰ ভিন্ন জনৰ
আলফুল হাতৰ ৷


নেদেখা, আজিলৈ এদিনো লগ নোপোৱা
বহুবোৰ অচিনাকী মুখ হ'ল মোৰ অতিকৈ আপোন
বহু ওচৰৰ৷

হয়তোবা কোনোবাই কৰিছে অভিমান
কোনোবাই ভাবিছে অভিনেতাহে মই৷

তথাপিও অচিনা জীৱন পথত
এনেকৈয়ো পাইছোঁ
সহযাত্ৰী অনেক৷

ড'হা কাটাৰৰ পৰা
২৭ জুলাই,২০১২

Tuesday, July 24, 2012

জীৱনাদৰ্শ


আজীৱন
দুখত প্ৰতিপালিত
ছোৱালীজনীক
জিৰনিৰ 
আশ্ৰয় এডুখৰি
আঙুলিয়াই দিয়াটো
আছিল নেকি বাৰু ভুল ?

আগবঢ়া খোজবোৰ
পদূলিতে থমকি ',
সেইয়া কিহৰ নিনাদ ?

জীৱনেই শিকালে
বজ্ৰ কঠোৰ হবলৈ
আৰু কোনো দুখে
স্পৰ্শ কৰিব নোৱৰা হৈ !











১২৷৩৷২০১২ 

নাৰী


তাঁহানিতে শুনিছিলো
নাৰী তুমি হেনো 
পানীৰ আকাৰৰ,
পাত্ৰৰ ৰূপত নিজকে ঢালা৷

বিনিময়ত  হয়তো
পালিত হয়
 এক  অব্যক্ত ক্ষোভ৷

জ্বালামুখীহৈ 
এদিন
উদগীৰণ হব
সঞ্চিত ,লাঞ্চিত 
তোমাৰ সত্বা 


২৪ মে,২০১২
'হা, কাটাৰ



Total Pageviews