Translate

Friday, July 6, 2012

পিতৃদেৱ স্বৰ্গীয় ৰামচৰণ শইকীয়ালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি :

( ১৭ এপ্ৰিলত  আদ্যশ্ৰাদ্ধ  উপলক্ষে শ্ৰদ্ধাঞ্জলি  )



        দেউতাক  মই   যেনেকৈ  জানিছিলো  লিখিব ওলাইছো ৷ দেউতাৰ জন্ম   ১৯২৮চনৰ  ১০মাৰ্চত  শিৱসাগৰৰ  কালুগাওঁত হৈছিল৷ দেউতা আছিল বৰপাত্ৰদ'ল  এম  ভি স্কুলৰ  হেডমাষ্টৰ  বেথাৰাম  শইকীয়াৰ কনিষ্ঠ  পুত্ৰ৷ ককাদেউতা (আমি বুঢ়াদেউতা বুলি মাতিছিলো) আছিল  এজন  আদৰ্শ   শিক্ষক৷ প্ৰতি বছৰে তেওঁৰ  স্কুলৰ  ছাত্ৰই  বৃৰ্তি পৰীক্ষাত  ভাল  ফলাফল কৰাৰ বাবে বৃটিচ  চৰকাৰে তেওঁৰ  মাহিলি দৰমহা ১০টকাৰ পৰা বঢ়াই  ১২টকা কৰি দিছিল৷ ককাদেউতা আৰু আইতাক  মই  হাইস্কুল  নৌ-পাওঁতেই  হেৰুৱাইছিলো৷
          দেউতাই  প্ৰথম  অৱস্থাত  ককাদেউতাৰ  স্কুলখনতে শিক্ষকতা কৰিছিল৷ তেতিয়ালৈ  স্কুলখন হাইস্কুল  হৈছিল৷ আমাৰ মায়েও  মগৰাহাট  এম, ভি স্কুলত  শিক্ষয়ত্ৰী আছিল৷ দেউতা আৰু মায়ে খেতি পথাৰৰ  সকলো কামো  তেতিয়া কৰিছিল৷ মায়ে তাতশালত  গামোছা আৰু ফুলাম চাদৰো বৈছিল৷ এটা সময়ত  স্কুল  পৰিদৰ্শকৰ  অফিচত  সহায়কৰ  চাকৰি পাই  দেউতা ডিব্ৰুগড়লৈ গুছি গৈছিল  আৰু উচ্চবৰ্গৰ  সহায়ক হিচাবে অসমৰ  বিভিন্ন  ঠাইত  চাকৰি কৰি অৱসৰ লৈছিল৷ বহুবছৰ  ডিব্ৰুগড়ত  চাকৰি কৰাৰ সূত্ৰে  ডিব্ৰুগড়ত  ঘৰবাৰী কৰিছিল  যদিও দেউতাৰ  প্ৰাণটো সদায় কালুগাওঁত  আছিল৷
          দেউতাৰ  লগত  মোৰ  বহু স্মৃতি জড়িত  আছে যাক  চমু বৰ্ণনাৰে শেষ কৰিব নোৱাৰি৷ শিৱসাগৰৰ  কালুগাওঁৰ পৰা ডিব্ৰুগড়ৰ  খলিহামাৰীহৈ বেনাৰচৰ  ৰাজঘাট বেচেন্ত  স্কুলত  থবলৈ যোৱাকে আদি কৰি মেডিকেল  পঢ়িবলৈ চিট  পাবলৈ কৰা সংগ্ৰাম  আদি অনেক  কথাই  দেউতাৰ  অবিহনে মই  ভাবিব নোৱাৰো৷
        মোৰ  তলৰ  ভাইটি দুটা আৰু পাঁচজনী ভন্টিক  মানুহ  কৰি তুলিবলৈ দেউতা আৰু মায়ে যত্নৰ  কোনো ত্ৰুতি কৰা নাছিল৷ অবাবতে সময়  নষ্ট কৰা দেউতাই দেখিব নোৱাৰিছিল৷ "পঢ়ে পঢ়াই  ৰুৱে পাণ, এই তিনিয়ে নিচিন্তে আন" - দেউতাই  আমাক  পঢ়াৰ  সময়ত  মনোযোগ  দিবলৈ বুলি উদ্দেশ্য  কৰি প্ৰায়েই কৈছিল৷ ডাকৰ  বচন সমূহ দেউতাৰ  মুখস্থ আছিল  আৰু যথাসময়ত  প্ৰয়োগ কৰি আমাক শুনাইছিল৷ ডিব্ৰুগড়  জিলা পুথিভৰালত  মোৰ নাম  দেউতাই  চতুৰ্থ  শ্ৰেণী পাওঁতেই  লগাই  দিছিল, যাৰ  ফলত  এটা সময়ত  মোৰ  এনেকুৱা অৱস্থা হৈছিল যে বাহিৰা কিতাপ  এখন  নপঢ়িলে মোৰ টোপনি নাহিছিল৷ পাফু  চিৰিজ, ৰংমন, দস্যু ভাস্কৰ, হেম  বৰুৱাৰ  ভ্ৰমণ  কাহিনীসমূহ  ষষ্ঠ  শ্ৰেণী নৌপাওঁতেই পঢ়ি শেষ হৈছিল৷ এইদৰে গ্ৰন্থৰ  জগতখনৰ  লগত মোক তেনেই কম বয়সতে পৰিচয়  কৰাই দিয়া মানুহজন  আছিল  মোৰ  দেউতা৷
         ককাদেউতাৰ  দৰে দেউতাও  আছিল  এজন  ধাৰ্মিক  ব্যক্তি৷ কোচবিহাৰৰ  মধুপুৰ  সত্ৰৰ  মহাপুৰুষীয়া পন্থা তেওঁ মানি চলিছিল৷ দেউতাই কোচবিহাৰৰ  মধুপুৰ  সত্ৰলৈ কেইবাবাৰো গৈছিল৷ পাছলৈ টিয়কৰ  বলমা মধুপুৰ  সত্ৰলৈ প্ৰতিবছৰে দৌলউৎসৱত গৈছিল৷ ঘৰৰ নামঘৰত  কীৰ্তন, নামঘোষা, গুণমালা আদি নিয়মিয়াকৈ পাঠ  কৰিছিল  আৰু কাঁহৰ  তাল বজাই নাম গাইছিল৷
         দেউতাই  ধৰ্মপুথিৰ  ওপৰিও নিয়মিয়াকৈ  বাতৰিকাকত  তন্ন-তন্নকৈ পঢ়িছিল৷ আনকি মেডিকেলত  থকা অসুখীয়া অৱস্থাটো বাতৰিৰ  হেডলাইনসমূহ পঢ়িছিল৷ দেউতাই নিজৰ  চুটকেচত মোৰ  "অসমীয়া প্ৰতিদিন"  কাকতত  প্ৰকাশিত লেখনি এটি সযতনে ৰাখি থৈছিল৷
          দেউতাই ভ্ৰমণ কৰি ভাল পাইছিল৷ কলিকতা,পুৰী,বাৰানসী, বাংগালোৰৰ ওপৰিও  ৰাজামুন্দ্ৰী, বিশাখাপট্টম,কন্যাকুমাৰী আদিলৈ গৈছিল৷ বিদেশ ভ্ৰমণৰ হেপাহ  মোৰ  লগত  তিনিমাহ  মালদ্বীপত  কটাই  পূৰণ  কৰিছিল৷ দেউতাই মালদ্বীপৰ মোহনীয় আৰু পৰিচ্ছন্ন  পৰিবেশৰ  কথা আনককৈ ভাল পাইছিল৷
             দেউতাই  কাকো সমীহ  নকৰিছিল৷পুত্ৰ-কন্যা, জোৱাই, আন আত্মীয়  বা নতুন  পৰিচিত লোককো টান  কথা শুনাবলৈ সংকোচ নকৰাৰ  ফলত   দেউতা বহু সময়ত তেওঁক  ভাল পোৱাজনৰো অপ্ৰিয়  হবলগীয়া হৈছিল৷
             দেউতাই  নৰিয়াপাটি লোৱা সময়খিনি তেনেই চমু বুলিব পাৰি৷ ডায়েবেটিচত  আক্ৰান্ত দেউতাই  নিয়মিয়াকৈ দিনে দুবাৰকৈ পিল  খাইছিল৷ ইয়াৰ বাহিৰে যোৱা  ৮৫বছৰে কাহানিও  গুৰুতৰ  অসুখত ভোগা নাছিল৷ আনকি  যোৱা   ১০মাৰ্চত  জন্মদিন  পালন কৰালৈকে  দেউতাৰ  দেহ-মনো প্ৰফুল্লিত আছিল৷ জন্মদিনৰ দুদিনমানৰ পিছত  দেউতাই জনালে সোঁ ভৰিতো বিষ নোহোৱাকৈ ফুলিছে আৰু কৰঙণত  গাঙঠি উঠিছে৷ এন্টিবায়টিক বেজীৰে চিকিৎসা আৰম্ভ কৰা হ'ল  আৰু গাঙঠিৰ  বায়প্সি লোৱা হ'ল৷ৰিপৰ্টত কৰ্কত  বুলি সন্দেহ কৰা হ'ল৷ দেউতাই  ব্যক্ত কৰিলে - শংকৰদেৱৰো অন্তিম  সময়ত  গাঙঠি উঠিছিল !

সেয়া আছিল ১৫ মাৰ্চ, ২০১২ ; কাটাৰৰ ড'হাত  মোৰ মনলৈ ততালিকে অহা ভাৱ আছিল এনেকুৱা : -
যেন বিদায়ী বেলি
নেদেখা দিনবোৰৰ দিনলিপি
ভাঁহিব ধৰিছে
ভিজা দুনয়নত মোৰ,
দেউতাৰ অসুখ
লহিয়াব ধৰা
সূৰ্য্যসম !

প্ৰকৃতিৰ চিৰসত্য
এক অপ্ৰতিৰোধ্য
বেদনাৰ প্ৰতীক্ষাত
সুদূৰ সাগৰৰ সিপাৰে মই  !

            ২১মাৰ্চত দেউতাৰ ইচ্ছা অনুসৰি চিকিৎসালয়লৈ দেউতাকলৈ যোৱা হ'ল৷ ঘৰৰ গাড়ীৰ পৰা নামি ডাক্তৰৰ চেম্বাৰলৈকে দেউতাই নিজে খোজ কাঢ়িয়েই গ'ল৷ ডাক্তৰে চাইচিতি  দেউতাক  চিকিৎসালয়ত  নাথাকিলেও হব বুলি কলে৷ ঘৰলৈ অহাৰ পিছদিনাৰ পৰা দেউতাৰ স্বাস্থ্যৰ দ্ৰুত অবনতি ঘটিব ধৰিলে৷ জ্বৰ উঠিল,খাব নোৱৰা হ'ল,ভ্ৰম বকিব ধৰিলে৷ অবশেষত  ২৪ মাৰ্চত দেউতাক  এম্বুলেঞ্চত  চিকিৎসালয়লৈ নি ভৰ্তি কৰোৱা হ'ল৷


 ২৭ মাৰ্চত মই কাটাৰৰ ড'হাৰ পৰা ডিব্ৰুগড়লৈ ৰাৱনা হলো৷সেই সময়ত মোৰ মনস্থিতি আছিল এনেকুৱা:
অশান্ত প্ৰহৰ !

আপোনজনে
যেতিয়া মেলানি মেলিব
নেদেখা লোকলৈ
থৈ যাব মাথো
স্মৃতিৰ এলবাম
………..
সজল নয়নেৰে
যাম পাত লুটিয়াই
এয়াইতো ধৰাৰ নিয়ম !

      ২৮ মাৰ্চ বুধবাৰে দুপৰীয়া দুটা বজাত  বৰবাৰীৰ অসম মেডিকেল কলেজৰ ২৯নং পেয়িং কেবিনত  থকা দেউতাৰ ওচৰ পালোগৈ৷ দেউতাই বেজী,চেলাইন আৰু ইনচুলিনলৈ ইতিমধ্যে কিছু ভাল পাইছিল ৷ সেইদিনা পুৱাৰে পৰা  দেউতা মোৰ প্ৰতীক্ষাত আছিল৷ শৰীৰ দূৰ্বল যদিও কথা বতৰা  স্বাভাবিক  আছিল৷ চিকিৎসক বন্ধুসকলৰ লগত  আলোচনা কৰি মস্তিষ্ক আৰু পেটৰ চি টি স্কেন কৰালো আৰু চাৰি বটল তেজ দিয়াৰ  ব্যবস্থা কৰিলো৷ প্ৰথমে মই আৰু ভাইটি মুনে, পাচত  আন দুজন আত্মীয়ই দেউতাৰ বাবে ৰক্তদান কৰিলে৷ এইখিনি চিকিৎসাত দেউতাক কিছু সুস্থ  হোৱা যেন লাগিল৷ হ্বিলচেয়াৰত  বহি কেবিনৰ  বাহিৰত বহিল, সকলোৰে লগত  ভালদৰে কথা-বতৰা পাতি আমাৰ মনত আশাৰ সঞ্চাৰো কৰিলে৷ দেউতাক মই  কলো ঘৰলৈ গলে হ্বিলচেয়াৰত এখন কিনি দিম, তাতে বহি আপুনি বাৰান্দালৈ আহিব৷ দেউতাই মিচিকিয়ালে মাথো৷ প্ৰায়ে ৰাতি কাঁহ হব ধৰিছিল আৰু ৰাতি ভাল টোপনি নহৈছিল৷ এইদৰে এক আশা নিৰাশাৰ দোদূল্যমান অৱস্থা চলি আছিল - ৪এপ্ৰিলৰ নিশা ভন্টি জানৰ হাতেৰে ভাতো খালে৷ কিন্তু জীৱন বন্তিৰ চাকিৰ তেল  লাহে-লাহে শেষ হৈ আহিল ৷ সেই নিশা বৰকৈ নাকাঁহি নিদ্ৰা গ'ল আৰু ৫  এপ্ৰিলৰ পুৱা ৬বজাত নিশ্বাস নোহোৱা হৈ দেউতা চিৰ নিদ্ৰা গ'ল৷
                    আমাৰ মা'ৰো ৭বছৰ আগতে চ'ত মাহতে প্ৰয়াণ ঘটিছিল৷ এতিয়া দেউতাৰ বিয়োগে এক শূণ্যতাৰ সৃষ্টি কৰিলে যদিও দেউতা এক কৰ্মযোগী, ধৰ্মপ্ৰাণ ব্যক্তিৰূপে সদায় আমাৰ  মনৰ  মাজত জীয়াই থাকিব৷



                                       






   





No comments:

Post a Comment

Total Pageviews