Translate

Saturday, February 9, 2013

হাবিয়াস






                                                                           



হাবিয়াসবোৰ হুমুনিয়াহ হব নিদিবা

 কালনিশাৰ দৰে দু:সময় পাৰ হলে
প্ৰভাতী সুৰুজে আনিব প্ৰতীক্ষিত সুসংবাদ

সময়, সময় আৰু সময়
সময়েই কঢ়িয়াই অন্ধকাৰ
সময়েই আনে পোহৰ

অজানা মুলুকত আছোঁ মই ৰৈ
সপোন বিভোৰ হৈ

 ফেব্ৰুৱাৰী ২০১৩

Wednesday, February 6, 2013

পাচপ'ৰ্ট




চিৰসংগী এই স্মৃতিবোৰ
কিছুমান বোজাৰ দৰে,
আন কিছুমান 
সুঁৱৰি হেপাহ নপলুৱায়

আজিৰ সুখৰ ক্ষণ,দুখৰ দিনবোৰো
হব এদিন স্মৃতি

স্মৃতিবোৰ বোজানে (?)
স্মৃতিবোৰ এক পাচপ'ৰ্টৰ দৰে
সকলো সময়তে
এই জীৱন যাত্ৰাত লৈ ফুৰিব লগা !

ফ্ৰেব্ৰুৱাৰী ২০১৩

Tuesday, February 5, 2013

কাঁড়হেন


দুখবোৰ শব্দৰ খেল নহয়
দুখবোৰ অশ্ৰুহৈ নিগৰে যদিও
দুখৰ আশ্ৰয় দুচকু নহয়

হিয়াৰ পৰা মগজুহৈ চকুলৈ
ক'ত পৰৰনো বাট !

৫৷২৷০১৩




Like ·  ·  · 38 minutes ago

Total Pageviews