Translate

Sunday, December 23, 2012

নেদেখা জগৰৰ ইতিবৃত্ত !


নেদেখা জগৰৰ ইতিবৃত্ত
বিচাৰি
নাখাওঁ হাবাথুৰি ৷

অভিমানক
আকোৰগোঁজ
অহংকাৰীৰ
ভেম বুলিলেও
মই নিৰুপায়
কিয়নো
মই জানো মোক জুখিবলৈ
সেই দৃষ্টি
সৰ্বদাই অপাৰগ !

২৩৷১২৷২০১২

Tuesday, December 18, 2012

অহল্যা-মন


অহল্যা-মন

মোৰ সত্তা
এক ক্ৰুদ্ধ মুনিৰ
শ্ৰাপত হ'ল শিল হোৱা অহল্যা

ৰাবণৰ আধিক্যৰ মাজত
ৰামৰ পদস্পৰ্শৰ প্ৰতীক্ষা
হব নেকি
এক অবান্তৰ কল্পনা মাথো ?

১৬-১২-২০১২
Like ·  ·  · Sunday at 9:24pm

Saturday, December 8, 2012

বিদায়ী দিনবোৰ















বিদায়ী দিনবোৰ

মনে মোৰ
বুটলিব খোজে
সেই তলসৰা শেৱালি হোৱা দিনবোৰ
যাৰ সুবাসত
পল প্ৰতিপল মন হৈ উঠে
তেজাল ঘোঁৰা
তগবগ তগবগ শবদেৰে
যাম আগুৱাই
বিশ্বজয়ৰ লক্ষ্যৰে
বিৰামবিহীন হৈ !

৮-১২-২০১২


Thursday, December 6, 2012

প্ৰিয়ম



সকলো অভিমান পাহৰি
প্ৰিয়ম আহিল
প্ৰিয়তমৰ সমাধিৰ কাষত
আলফুলে বোলালে হাত
প্ৰতিচ্ছবিত
যেন উভটি যাব বহুযুগ আগলৈ ….

কিয়, কিয় এনে ' (?)
নালাগে কোনো প্ৰতুত্তৰ
হয় নেকি, সঁচা নেকি
(কোনোবাই কোৱা)
নচলে সংসাৰ আৰু সৃষ্টিশীলতা একেলগে (?)

অশৰীৰিহৈ আছা নেকি বাৰু চাই 
ৰৈ মোৰ কাষতে,
সজল নয়নে আহিছে প্ৰিয়ম আজি
 লৈ মাথো পবিত্ৰ ভালপোৱা
যাৰ বাবে আছিলা তুমি সদা আতুৰ

নাই, নাই আজি মোৰ কোনো ক্ষোভ
নাই কোনো আক্ষেপ
হমনে বাৰু লগ আকৌ এবাৰ 
পৰজনমৰ কোনো শুভ লগনত ?!?!

২২-১১-২০১২

কাটাৰৰ ডায়েৰী – ১৮











  •    দিনবোৰ ক্ষিপ্ৰভাবে বাগৰিব ধৰিছে ৷সিদিনা কেৰেলিয়ান ডেকা নাৰ্চ এজনে কলে - চাৰ,ইয়াত ব্যস্ততাৰ মাজত দিনবোৰ সোণকালে পাৰ হয় - ভাল কথা ৷ পিছে বেয়া লাগে জীৱনৰ দিনবোৰ হেৰুৱাই অন্তিম দিনবোৰৰ দিশলৈ ধাবমান হৈছোঁ৷ দেঢ় কুৰি বছৰ সম্পূৰ্ণ নোহোৱা ঘৰ-সংসাৰ নপতা যুৱক এজনৰ মুখত এনে যুক্তিপূৰ্ণ কথা শুনি মই বিস্মৃত হলোঁ৷ 
                           ঈদৰ চৰকাৰী বন্ধ  কাটাৰত বেচ দীঘলীয়া হয় ৷ কাটাৰত কৰ্মৰত অসমীয়া লোকৰ সংখ্যা ক্ৰমে মোৰ আঙুলিৰ গণতিত বাঢ়িব ধৰিছে৷তাৰে কিছু সংখ্যক চৰকাৰী চাকৰিয়ালো আছে৷ পৰিয়ালৰসৈতে থকাবিলাকৰ ইঘৰ-সিঘৰৰ আহ-যাহ আছে৷বাকী পৰিয়াল আনিব নোৱৰা, ডঙুৱা, অবিবাহিতসকলে নিজৰ নিজৰ ক্ষুদ্ৰ গোটত বা আপোন জগতত ব্যস্ত হৈ থাকিবলগীয়া হয়৷ তাৰ মাজতে ১নভেম্বৰৰদিনা আমি সন্ধিয়া কেইঘৰমান মানুহে ড'হা এয়াৰপৰ্টৰ ওচৰৰ "এচিয়ানা" ৰেষ্ট্ৰুৰেন্টত লগহৈ চা-চিনাকী, মত-বিনিময় কৰিলোঁ৷ সেইদিনা ডাঙৰ সৰু মিলাই কুৰিজনহে গোট খাইছিল যদিও প্ৰত্যেকেই আন কোনোবা কাটাৰত কৰ্মৰত অসমীয়াৰ সম্ভেদ জানে বুলি আশ্বস্ত হলোঁ৷ কাটাৰ এয়াৰলাইনচত অসমীয়া এয়াৰ হোষ্টেচ আৰু ভিন্ন ভিন্ন ক্ষেত্ৰত অসমীয়া কেইবাজনো আছে বুলি জানি ভাল লাগিল৷ "কাটাৰ ট্ৰিবিউন" নামৰ ইংৰাজী সংবাদ পত্ৰৰ এজনসম্পাদকৰ পদত এগৰাকী অসমীয়া মহিলা আসীন হৈ থকাটো ভাল খবৰ নহয় জানোঁ ? যোৰহাটৰ ডাক্টৰ সূৰ্যকমল ভূঞা অল খ'ৰ অঞ্চলত গাল্ফ ড্ৰিলিং ইন্টাৰনেশ্বনেল কোম্পানীৰ চিকিৎসক হিচাপে কৰ্মৰত ৷ মোৰ সৈতে ফোনতহে পৰিচয় হৈছে৷ আকৌ ৰচলাফান ৰিফাইনেৰীৰ ২৷৩ জন অসমীয়া ইঞ্জিনীয়াৰ  কৰ্মৰত ৷পাঠক
    সকলৰ আমনি লাগিব পায় এনে সৰুসুৰা কথা পঢ়ি৷ সেয়ে প্ৰসংগ সলনি কৰিছোঁ৷

                     ইয়াত এটা প্ৰবাদ আছে - কাটাৰ সদায় বদলি হৈ থাকে, কালি যি কাটাৰ আছিল, আজিৰ কাটাৰ সেয়া নহয়৷ কথাটো আখৰে আখৰে 
    সঁচা৷ সিদিনা যোৰহাটৰ পৰা ইঞ্জিনিয়াৰিং পাচ কৰা জয়দীপ পাণ্ডেৰ ঘৰলৈ নৈশ ভোজৰ নিমন্ত্ৰণত গৈছিলোঁ৷ ড'হাত তেওঁৰ এঘাৰ বছৰ পূৰ্ণ হ'ল৷ তেওঁৰ মতে এঘাৰ বছৰ আগতে ড'হা গাঁৱৰ সদৃশ্য আছিল৷ যোৱা ৪৷৫ বছৰতহে ৰাজধানী চহৰ ড'হাৰ আৰু সমগ্ৰ কাটাৰৰ আধুনিক স্বৰূপটো ফুটি উঠিছে৷ একে কথাই অইন কাটাৰত বেচিদিন থকা লোকৰ মুখতো শুনোঁ৷ ড'হাৰ পৰা ৩০ কিলোমিটাৰ দূৰত কৃত্ৰিম দ্বীপত লুচেইল চিটিৰ নিৰ্মাণ কাৰ্য্য চলি আছে৷ ২০২২চনত ফিফাৰ খেলসমূহ তাৰ ষ্টডিয়ামত অনুষ্ঠিত হোৱাৰ কথা৷ মেট্ৰ ৰেল লুচেইল চিটিৰ পৰা কাটাৰা,কৰনিচ,চিটি চেন্টাৰ, গোল্ড শৌক, এয়াৰপৰ্টহৈ ড'হাৰ আনটো মূৰত থকা অল ৱাক্ৰালৈ চলিলে ড'হাৰ 
    মানচিত্ৰ আৰু জীৱন যাত্ৰা নিশ্চয় যথেষ্ট সলনি হব৷
                 এটা মোৰ বন্ধৰ দিনত লুইচেল চিটিৰ মেৰিনা বীচৰ কেইখনমান মোহনীয় ফটো তুলি  কাটাৰা সাংস্কৃতিক কেন্দ্ৰ চাবলৈ প্ৰবেশ কৰিলোঁ৷কাটাৰৰ বীচো অতি সুন্দৰ৷ ইয়াৰ ওচৰে পাজৰে সাগৰৰ পাৰত ডাঙৰ ডাঙৰ হোটেল  কেইবাখনো আছে৷ কাটাৰাত ঈদত সাগৰ পাৰত আলোকসজ্জা আৰু আতচবাজী প্ৰদৰ্শণ হৈছিল৷ আমাৰ  শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে এই বিশাল সাংস্কৃতিক কেন্দ্ৰত আছে - এটি এম্পি থিয়েটাৰ, কেইবাটিও প্ৰদৰ্শনী গৃহ আৰু মিউজিয়াম৷ টুৰিষ্টক বিনামূলীয়াকৈ সৰু ৪৷৬জন বহিব পৰা বৈদ্যুতিক যানেৰে ঘূৰাই-পকাই দেখাই দিয়াৰ সুব্যৱস্থা আছে৷ বিশ্বৰ নানা দেশৰ টুৰিষ্টৰ আগমনে ঠাইডোখৰক এক প্ৰাণ চাঞ্চল্য প্ৰদান কৰিছে৷ এম্পি থিয়েটাৰৰ বাহিৰত গান্ধীজীৰ বান্দৰ তিনিটাৰ এক আধুনিক ধৰণেৰে নিৰ্মিত বিশাল প্ৰতিমূৰ্তিও দেখি আনন্দিত হলোঁ৷
           ড'হাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে সাগৰৰ পাৰত দুই কোণত অৱস্থিত দুটি মিউজিয়ামে৷ এটি কৰনীচত হোটেল শ্বেৰাটনৰ ওচৰত থকা  Msheireb Enrichment Centre নামৰ মিউজিয়ামে৷ য'ত আধুনিক কাটাৰৰ বিবৰ্তনৰ দৃশ্য নানান মডেল,চিত্ৰ, ইংৰাজী-আৰবী গ্ৰন্ঠ আৰু ডকুমেন্টৰীৰ সহায়ত প্ৰদৰ্শণ কৰা হৈছে৷ আনটো বিশ্ববিখ্যাত  চীনা বংশোদ্ভৱ আমেৰিকান  আৰ্কিটেক্ট আই এম  পাইৰ দ্বাৰা নিৰ্মিত মিউজিয়াম অৱ ইচলামিক আৰ্টচ নামৰ মিউজিয়াম৷ সেইটো অৰ্ধচন্দ্ৰাকাৰ কৰনীচৰ আনটো মূৰত খলিফাৰ বাসভৱন আৰু লাইট হাউচৰ ওচৰৰ সাগৰত সোমাই  নিৰ্মিত অতি ভব্য আৰু বিশাল ভৱন৷ আগৰ লাইট হাউচ এতিয়া হ'ল  লাইব্ৰেৰী আৰু  ইচলামিক সাংস্কৃতিক  কেন্দ্ৰ ৷ মিউজিয়াম অৱ ইচলামিক  আৰ্টচৰ পৰা ড'হাৰ নব্য আৰু অত্যাধুনিক নানা আকৃতিৰ ভৱনসমূহৰ  নয়নাভিৰাম দৃশ্য সকলো সময়তে দেখা যায়৷ অৰ্ধচন্দ্ৰাকাৰ সাগৰ পাৰত আৰু ৰাজপথৰ আনটো পাৰেও কেইবাখনো পাৰ্ক আৰু চকুজুৰুৱা  সেউজী ঘাঁহনিৰ দলিচা ৷ কৰনীচলৈ  আহি সামান্য বৰঙণীৰ বিনিময়ত সাগৰত নৌকা ভ্ৰমণৰ আনন্দ লব পাৰি৷
        কাটাৰৰ পৰা ড'হালৈ ঘূৰি আহোতে অল খ'ৰলৈ যোৱা ৰাজপথেৰে অলপ আগুৱাই গলে কাটাৰ  বিশ্ববিদ্যালয়ৰ কেম্পাচ৷ তাৰ সেউজীয়া গছ-গছনিৰে ভৰা পৰিবেশ ভাল লাগিল৷ভৱনবিলাকৰ ডিজাইন আকৰ্ষণীয়৷ বিজ্ঞান,ক'লা আৰু ইঞ্জিনিয়াৰিং শাখাৰ পাঠদানে সেই কেম্পাচত হয়৷ আমি যাবৰ দিনা বন্ধৰ দিন থকাত মাত্ৰ কেইজনমান ছাত্ৰকহে সেই দিনা দেখা পালোঁ৷ বিশ্ববিদ্যালয়ৰ কেম্পাচত থকা গাড়ী পাৰ্কিং চাই অনুমান কৰিব পাৰি ছাত্ৰ আৰু শিক্ষক বেচি ভাগেই নিশ্চয় ডে-স্কলাৰ অৰ্থাৎ আবাসী নহয়৷

          এইদৰে দিন যোৱাৰ লগে লগে কাটাৰক নতুনকৈ আবিষ্কাৰ কৰিব ধৰিছোঁ৷ অচিনাকী কাটাৰ মোৰ চকুত চিনাকী হৈ আহিব ধৰিছে৷


    ডা০ ভূপেন শইকীয়া 
    ড'হা, কাটাৰৰ পৰা, ৮ নভেম্বৰ ২০১২  Email~ drbksaikia@gmail.com
    Mobile 0974- 33738722

    6666666666666666666666666666666666666666666666666666666666666666666666666666666666
    • DrBhupendra Saikia বি০দ্ৰু০ -এই আটাইকেইখন ফটো শ্ৰীমান অৰ্ণৱ শইকীয়াই তোলা৷
    • DrBhupendra Saikia এই লিখনি পঢ়ি ভাল পোৱা সকলক আৰু 'কাটাৰডায়েৰী'ৰ নিয়মীয়া পাঠকসকলক মোৰ ধন্যবাদ জনালোঁ৷
    • Pratim Pratap Baruah এই ধাৰাবাহিকখন সোনকালে শেষ নোহোৱাটো বিচাৰিছোঁ । এই কথাখিনিয়ে ভবিষ্যতে এখন কিতাপৰ ৰূপ ললে আৰু ভাল লাগিব ।
    • DrBhupendra Saikia মোৰ সপোনতোক সৰ-পানী যুগুতোৱা বাবে প্ৰতিম প্ৰতাপ বৰুৱাক ধন্যবাদ৷
    • Mrinal Kumar Borah মোৰ এজন শিক্ষাগুৰুৱে কৈছিল কোনো এখন ঠাইৰ বিষয়ে তেতিয়াহে ভালদৰে জানিব পাৰি যেতিয়া ঠাইখনত পঢ়া বা চাকৰি সংক্ৰান্তত থকা হয়। ফুৰিবলৈ গ'লে ঠাই এখনৰ
      কথা সদায় ভালকৈ বুজি পোৱা নাযায়। আপোনাৰ লিখনিবিলাক পঢ়ি সেই বাক্যটো মনত পৰিছে। অতি সুন্দৰ।
    • Biswajit Deka পঢ়ি ভাল লাগিল ভূপেন দা৷ আপোনাৰ দুবাইৰ অনুভৱ, অভিগ্যতাও প্ৰকাশ পাব বুলি আশা ৰাখিলোঁ ৷

Total Pageviews