Translate

Monday, January 4, 2016

ওকালি আৰু বমি : চিকিৎসকৰ দুআষাৰ

           ওকালি আৰু বমিৰ অভিজ্ঞতা নথকা মানুহ হয়তো বিচাৰিলেও পোৱা নাযাব৷ প্ৰতিজন মানুহৰ জীৱনত এবাৰলৈ হলেও ওকালি আৰু বমিৰ পাহৰিব নোৱৰা অভিজ্ঞতা নিশ্চয় থাকিব৷ওকালি আৰু বমি কোনো এবিধ ৰোগ নহয়৷কিন্তু ই মানুহৰ অভ্যন্তৰৰ সাধাৰণ বা গুৰুতৰ বিজুতিৰ লক্ষণ হব পাৰে৷ বহু সময়ত ওকালি আৰু বমি নিজে নিজে ভাল হয়, কিন্তু বহু সময়ত ইয়াৰ কাৰণ উদ্ধাৰ কৰিবলৈ নানান পৰীক্ষা-নিৰীক্ষা কৰিবলগীয়া হয় আৰু আৰোগ্যৰ বাবে ভুক্তভোগীক চিকিৎসা কৰিবলগীয়া হয়৷আজিৰ এই চমু লিখনিত ওকালি আৰু বমিৰ কাৰণ, প্ৰতিকাৰ আৰু ঘৰুৱা নিদানৰ ওপৰত কিছু আলোকপাত কৰিবৰ প্ৰয়াস কৰিম৷
        ওকালি হ'ল বমিৰ ভাৱ অহা মাথো - পেটৰ পৰা একো ওলাই নাহে৷ আনহাতে বমি হ'ল সেই প্ৰক্ৰিয়া য'ত পেটৰ পৰা জুলীয়া বা অৰ্ধগলিত পদাৰ্থ মুখেৰে নিৰ্গত হয়৷ সেয়া হয়তো পানী জাতীয়, হালধীয়া পিত্তপানী, অম্লস্বাদযুক্ত পাকস্থলীৰ ৰস, কফিৰ ৰঙৰ নাইবা ৰক্তমিহলিও হব পাৰে৷ বমি আৰু ওকালি দুয়োটাৰে কাৰণসমূহ একেই হব পাৰে৷ এই দুই ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে মস্তিষ্কৰ মেডুলা অৱলংগটাত থকা কেম'ৰিচেপ্তৰ ট্ৰিগাৰ জন (CTZ ) নামৰ কেন্দ্ৰটোৱে৷


        ওকালি আৰু বমিৰ ভুক্তভোগী কোন হব পাৰে ?
কেঁচুৱা,শিশু,প্ৰাপ্তবয়স্ক,বৃদ্ধ,পুৰুষ আৰু মহিলা সকলোৱেই ভুক্তভোগীৰ তালিকাত পৰিব পাৰে৷ ৫০ৰ পৰা ৯০শতাংশ গৰ্ভৱতী মহিলাই প্ৰথম ত্ৰৈমাসিক অৱস্থাত ওকালি অনুভৱ কৰে আৰু ২৫ৰ পৰা ৫৫শতাংশ মহিলাই প্ৰকৃততে বমিত ভোগে৷ এনে অৱস্থাক Morning sickness বোলে৷ গৰ্ভৱস্থাৰ সময় অতিবাহিত হোৱাৰ লগে লগে Morning sickness ৰ অন্ত পৰে৷
লক্ষ্য কৰা যায় যে বয়স অনুসৰি বমিৰ কাৰণ ভিন্ন ভিন্ন হব পাৰে৷ এজন শিশুৰ ক্ষেত্ৰত বমিৰ সাধাৰণ কাৰণ সমূহ হ'ল - ভাইৰাচৰ সংক্ৰমণ,গাখীৰৰ এলাৰ্জি, ফুড পইজনিং, অতি ভোজন, কাহ, পাক প্ৰণালীত অৱৰোধ৷ প্ৰাপ্তবয়স্কৰ বমিৰ কাৰণ হব পাৰে - ভাইৰাচ আৰু বেক্টেৰিয়াৰ সংক্ৰমণ,ফুড পইজনিং, মাইগ্ৰেইন নাইবা অন্যান্য ৰোগৰ লক্ষণ স্বৰূপে৷পাক প্ৰণালীৰ নানাবিধ অসুখ য'ত ডায়েৰিয়া,শৌচ কচা,পেটৰ বিষ সাধাৰণতে সংলগ্ন থাকে -সেইবিলাক ক্ৰনিক ৰোগত সাধাৰণতে ওকালি আৰু বমি থাকেই৷তেনে কেইবিধমান অসুখ হ'ল - ইৰিটেবল বাৱেল চিনড্ৰম, ক্ৰনচ ডিজিজ,চিলিয়াক ডিজিজ৷ মানসিক ৰোগ এনৰেক্সিয়া নাৰ্ভোচাত ৰোগীয়ে লঘোণে থকাৰ ফলত পাকস্থলীৰ এচিডে ওকালি আৰু বমি উৎপন্ন কৰে৷আনহাতে বুলিমিয়া নাৰ্ভোচাত ৰোগীয়ে অতি ভোজন কৰি নিজেই বলপূৰ্বক বমিৰ প্ৰয়াস কৰে৷যিসকল ৰোগীয়ে কৰ্কট ৰোগৰ বাবে কেমথিৰাপি বা ৰেডিয়েচন চিকিৎসালৈ আছে তেনেলোকৰ চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া হিচাবে ওকালি আৰু বমি হব পাৰে৷
          ওকালি আৰু বমি হোৱাৰ সময় কাৰণ বুজিবলৈ বহুতো সহায়ক হয়৷খাদ্যগ্ৰহণৰ অলপ সময়ৰ পিছতে দেখা দিয়া ওকালি আৰু বমিয়ে ফুডপইজনিং নাইবা গেষ্ট্ৰাইটিচ হোৱাৰ সম্ভাৱনীয়তাক সূচায়৷আনহাতে চালমোনেলা জাতীয় বেক্টেৰিয়াৰ সংক্ৰমণে লক্ষণ দেখুৱাবলৈ কিছু অধিক সময় লয়৷
         সচৰাচৰ বমি সিমান ক্ষতিকাৰক নহয়৷কিন্তু ইয়াক অৱজ্ঞা কৰা অনুচিত কিয়নো বমিয়ে ডিহাইড্ৰেচন কৰি শৰীৰৰ পানী শুকুৱাই জীৱন বিপদাপন্ন কৰিব পাৰে৷আনহাতে বমি শৰীৰত লুকাই থকা কিছুমান গুৰুতৰ ৰোগৰ লক্ষণো হব পাৰে৷ ওকালি আৰু বমি উৎপন্ন কৰা তেনে বিপদজনক অসুখ কিছুমান হ'ল- এনকেফেলাইটিচ,মেনিনজাইটিচ, মস্তিষ্কৰ আঘাট বা টিউমাৰ, পাকপ্ৰণালীৰ অৱৰোধ (Intestinal obstruction ),এপেণ্ডিচাইটিচ আদি৷
         সঘনাই বেচি মাত্ৰাত বমি হৈ থাকিলে ৰোগীৰ ডিহাইড্ৰেচনৰ ওপৰিও পৰিপুষ্টিৰ অভাৱ (Malnutrition ) ঘটিব৷চুলি,নখ,দাঁত দু্ৰ্বল আৰু ভংগুৰ হব৷
       ওকালি আৰু বমি উৎপন্ন কৰিব পৰা অজস্ৰ ৰোগৰ ভিতৰৰ পৰা আন কিছুমানৰ নাম (আগতে উল্লেখ নকৰা) তলত উল্লেখ কৰিলোঁ : -
- ভ্ৰমণকালত হোৱা মোচন চিকনেচ নাইবা সমুদ্ৰী ভ্ৰমণত হোৱা চি-চিকনেচ৷
- ঔষধে কৰা প্ৰতিক্ৰিয়া স্বৰূপে, যেনে -হৃদৰোগীক দিয়া ডিগস্কিন,বিষৰ বাবে ব্যৱহৃত এচপিৰিন, এন এচ এ আই ডি, এন্টিবায়টিক,গৰ্ভনিৰোধক পিল৷
- মানসিক দু:চিন্তা, ভয়৷
- পিত্তত পাথৰ হোৱা আৰু লিভাৰৰ নানান অসুখ৷
- কিছুমান কৰ্কট ৰোগ৷
- ডায়েবেটিক কিট'এচিডচিচ৷
- ডায়েবেটিজ ৰোগীৰ Gastroparesis অৰ্থাৎ পাকস্থলীৰ পৰা খাদ্যৰ প্ৰবাহ লেহেমীয়া হোৱা৷
- গৰ্ভৱতী মহিলাৰ বাৰম্বাৰ, অতিপাত বমি হোৱা Hyperemesis gravidarum ৰোগ৷
- হাৰ্ট ফেইলাৰ আৰু হাৰ্ট এটেক৷
- কিছুমান পদাৰ্থৰ গন্ধ৷
- অতিপাত বিষ৷
- জ্বৰ, বিশেষকৈ শিশুৰ৷
- মাদকদ্ৰব্য আৰু ধুম্ৰপাণে কৰা পাকস্থলীৰ ক্ষতিৰ ফলস্বৰূপে৷
-এনাচথেচিয়াৰ পাৰ্শ্বক্ৰিয়া৷
- এনাফাইলেক্সিক ৰিয়েকচন৷
- বিনাইন পেৰস্কিজমেল পজিচনেল ভাইটাইগ'৷
- কাণৰ সংক্ৰমণ অটাইটিচ মিডিয়া৷
- গেষ্ট্ৰ-ইচফেজিয়েল-ৰিফ্লাস্ক ডিজিজ৷
- পেনক্ৰিয়াজৰ অসুখ৷
- হাইড্ৰকেফেলাচ৷
- থাইৰইড আৰু পেৰাথাইৰইড গ্ৰন্থিৰ অসুখ৷
- মেনিয়াচৰ ডিজিজ৷
- বদ-হজমি৷
- যি কোনো বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ মুখামুখি হোৱা৷
         চিকিৎসা : - দৰাচলতে ওকালি আৰু বমিৰ প্ৰকৃত কাৰণটো চিনাক্ত কৰি চিকিৎসাত আগবঢ়াতো বাঞ্চনীয়৷বজাৰত নানাবিধ উপশম ঘটোৱা ঔষধ সহজে উপলব্ধ৷ প্ৰাথমিক প্ৰতিকাৰৰ হেতু চিকিৎসকক সুধি ব্যৱহাৰ কৰিব পৰা কেইবিধমানৰ নাম হ'ল - ফেনাৰগান, বেনাড্ৰিল, ষ্টিমেটিল,ডমপেৰিডন,মেক্লিজিন,ড্ৰামামিন৷এইবিলাক ঔষধে ক্ৰিয়া কৰিবলৈ কমেও আধা ঘন্টা সময় লয়৷
         চিকিৎসকক কেতিয়া লগ ধৰাতো আৱশ্যকীয় ?
একেলেথাৰিয়ে বমি হৈ থাকিলে, ডায়েৰিয়া,বেচি জ্বৰ থাকিলে,বেচি মূৰৰ বিষ হলে,ডিঙি-মূৰ লৰচৰ কৰাত অসুবিধা হলে,ভ্ৰম হলে, কফি ৰঙৰ বমি হলে,পেটৰ বিষ থাকিলে, হৃদগতি খৰ হলে, নিশ্বাস খৰটকীয়া হলে আৰু বেচি দুৰ্বল অনুভৱ কৰিলে৷ ডিহাইড্ৰেচনৰ লক্ষণ হ'ল মুখ-ওঁঠ-জিভা শুকাই যোৱা,বেচি পিয়াহ লগা, প্ৰসাৱ কম বা নোহোৱাকৈ থকা, পালচ ক্ষিপ্ৰ হোৱা,চকু গোটৰত সোমাই যোৱা আদি৷বেচি ডিহাইড্ৰেচনৰ ৰোগীক ততাতৈয়াকৈ চেলাইন দি চিকিৎসা কৰাৰ প্ৰয়োজন হয়৷
প্ৰাথমিক প্ৰতিবিধান : - পৰিস্কাৰ শীতল জল লাহে লাহেকৈ খাবলৈ দিয়ক৷জুলীয়া খোৱাৰ পিছত ৰোগীয়ে একো কামত নালাগি বিশ্ৰাম কৰিব৷কামবনত লাগিলে পুনৰাই বমি হব পাৰে৷
মিঠা,ভজা,জলা,তেলেতিয়া,মছলাযুক্ত গোটা একো খাদ্যই খাব নিদিব৷গোটা একোৱেই খাব নিদিব, আনকি কিছু সময়লৈ দৰবো৷সম্ভৱহলে ৰোগীক মুকলি বতাহ সেৱন কৰিব দিব৷কফি,ক'ল্ড ড্ৰিংকচ,মদ,টিনত পৰিবেশন কৰা খাদ্য,তীক্ষ্ণ গোন্ধ থকা খাদ্য-ওকালি বমি থকা ৰোগীয়ে গ্ৰহণ কৰিব নালাগে৷এনে ৰোগীয়ে সহজে হজম হোৱা কম কম খাদ্য কম সময়ৰ ব্যৱধানত খাব৷ ৰোগীয়ে অৰেল ৰিহাইড্ৰচন চলিউচন প্ৰয়োজন সাপেক্ষে গ্ৰহণ কৰিব৷ গৰ্ভকালীন Morning sickness আতৰ কৰিবলৈ আদা মিহলি চাহ নাইবা কেবল আদাও উপকাৰী বুলি প্ৰমাণিত হৈছে৷ আদা মিহলি চাহ যি কোনো বমি আৰু ওকালি অহা লোকেই ব্যৱহাৰ কৰি উপকৃত হব পাৰে৷ বেচি টেঙা ফলৰ ৰস এনে ৰোগীয়ে নাখাব৷ওকালিৰ ভাৱ নথকাৰ সময়তহে ৰোগীয়ে নিজৰ খাদ্য গ্ৰহণ কৰিব৷
আজিলৈ ইমানেই৷ পৰৱৰ্তী সময়ত আৰু তথ্য যোগ দিয়াৰ আশা ৰাখিলোঁ৷
ডা০ ভূপেন শইকীয়া
৪ জানুৱাৰী ২০১৬
ডোহা,কাটাৰৰ পৰা
6 comments
Comments
Bidyut Sarma ছাৰ, আপোনাৰ লিখনিটোৰ পৰা উপকৃত হ'লো।মোৰ motion sickness থকা বাবে দূৰণিবটীয়া যাত্ৰাবোৰত বহুত অসুবিধা হৈছিল।যোৱা বছৰৰ পৰা এজন বন্ধুৰ পৰামৰ্শমতে Domperidom কম্প'জিচন থকা ঔষধ খোৱাত সুফল পাইছো।কিন্তু কোনোৱে কৈছে যে এই drug টোৰ হেনো পাৰ্শ্বক্ৰিয়া আছে ।কথাষাৰ হয় নেকি বাৰু?
LikeReply118 hrs
Prasanna Kumar Nath অতি মূল্যবান লিখনি ৷
UnlikeReply114 hrs
Rajib Sharma লিখনিটোৰ দ্বাৰা নজনা কথা কিছুমান জানিবলৈ দিয়াৰ বাবে ধন্যবাদ ৷
UnlikeReply112 hrs
Pranita Goswami ধন্যবাদ ছাৰ।আপোনাৰ লিখনিৰ পৰা যথেষ্ট উপকৃত হ'লো।
UnlikeReply19 hrs
Malin Majumdar উপকৃত হ'লো।

1 comment:

Total Pageviews