Translate

Tuesday, October 6, 2015

মেদবহুলতাৰ সমস্যা : শকতলোকসকলে ক্ষীণোৱাৰ উপায়




                 


ভাৰতবৰ্ষৰ বৰ্তমান জনসংখ্যাৰ (,২৬৭,৪০১,৮৪৯ ) ভিতৰৰ এক কোটিৰো অধিক সংখ্যক লোক মেদবহুলতাৰ চিকাৰ৷ ইয়াৰ সৰহ সংখ্যক লোকৰ ওজন বৃদ্ধি  প্ৰতিৰোধ কৰিব পৰা 'লহেতেন৷ এতিয়াও  উপযুক্ত পৰামৰ্শ পালে তেওঁলোকৰ  স্বাস্থ্যৰ  উন্নতি  হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ এই জটিল বিষয়টোৰ  ভিতৰত  সোমোৱাৰ আগতে অলপ বিনোদন কৰা যাওক৷ বাতৰি কাকতত চকুত  লগাকৈ এটা বিজ্ঞাপন  ওলাল – শকতসকলৰ  ওজন কমোৱাৰ গ্যাৰেন্টিযুক্ত চিকিৎসাৰ বাবে তলৰ  ঠিকনাত  যোগাযোগ কৰক৷ প্লেন-:  দহ দিনত ৫কেজি  ওজন হ্ৰাস৫হেজাৰ টকাৰ পেকেজ৷ প্লেন-দহ দিনত ১০কেজি ওজন হ্ৰাস,  ১০হেজাৰ টকাৰ পেকেজ৷ প্লেন-দহ দিনত ১৫কেজি ওজন হ্ৰাস,২০হেজাৰ টকাৰ পেকেজ৷ এজন  শকতলোকে ফোনত প্লেন-১ৰ বাবে  অনুৰোধ  জনালে৷  নিৰ্দিষ্ট সময়ত  সেইলোকজনৰ ঘৰৰ কলিংবেল  বজালেহি এগৰাকী ট্ৰেকচুট পিন্ধ সুন্দৰী যুৱতীয়ে৷ যুৱতীয়ে জনালে  এঘন্টাৰ দৌৰত মোক  আপুনি পিছ  পেলালে মোৰ চুম্বন লব পাৰিব৷ শকত ডেকাজনে বহু চেষ্টা কৰিও এদিনো  যুৱতীক দৌৰত চেৰ পেলাব  নোৱাৰিলে কিন্তু দহ দিনত ৫কেজি ওজন ঠিকেই কমিল৷ কেইদিনমানৰ পিছত তেওঁ  দুই নম্বৰ প্লেনটো লবলৈ  মন কৰিলে৷ এইবাৰ আন এজনী আগতকৈ ধুনীয়া  মিনিস্কাৰ্ট পিন্ধা যুৱতী আহি হাজিৰ '  আৰু একেদৰেই  দৌৰাৰ প্ৰস্তাৱ দিলে৷ শকত ডেকাজনে এইবাৰো বহু চেষ্টা কৰিও যুৱতীৰ  কাষ  চাপিব নোৱাৰিলে আৰু  যথাসময়ত তেওঁৰ ১০কেজি ওজন কমিল৷  ইয়াৰ পিছত ডেকাজনে উৎসাহিত  হৈ ৩নং প্লেন লবলৈ বুলি  বিজ্ঞাপনদাতা কোম্পানীক ফোন কৰিলে৷ কোম্পানীয়ে জনালে এই প্লেনটো কিন্তু বৰ টান৷ ভাবি চিন্তিহে নং  প্লেনটো লব৷ পইচা  ৰিফাণ্ড  কোনো কাৰণত নহব৷ ৩নং প্লেনটো লবলৈ আগ্ৰহী যুৱকজন কাষত এইবাৰ  এজন ৭ফুটী হৃষ্টপুষ্ট  কৃষ্ণকায় নিগ্ৰো  আহি উপস্থিত  'ল৷   আহিয়ে তেওঁ কলে মই ৩নং প্লেনৰ ন্সট্ৰাক্টৰআপুনি যিমান পাৰে সিমাই বেগাই  দৌৰক৷ চাব মোৰ হাতত  যাতে আপুনি ধৰা নপৰে৷  মোৰ হাতত ধৰা  পৰিলে মই কিন্তু আপোনাৰ চুম্বন লম !

        কৌতুকৰ চলেৰে কথাখিনি কলেও এইটো সত্যযে দৌৰাটো শৰীৰৰ বাবে এক উপযোগী ক্ৰিয়া৷ কেবল দৌৰেই নহয়,বেগাই খোজকঢ়া, সাঁতোৰা,জপিওৱাচাইকেল চলোৱা,খেল-ধেমালি,ব্যায়াম বা আসন কৰা  এইবিলাক ' শৰীৰৰ বাবে লাগতিয়াল উপকাৰী ক্ৰিয়া৷ ইয়াৰ ফলত সঠিকভাবে ৰক্ত সঞ্চালন হয় আৰু  শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰিত হয়৷ শৰীৰৰ বাবে উপকাৰী এই ডি এল নামৰ কলেষ্টেৰলৰ বৃদ্ধি হয়৷  তেজত  চুগাৰৰ পৰিমাণ হ্ৰাস পাব ধৰে কাৰণ এইধৰণৰ যি কোনো কচৰতে শৰীৰৰ ভিতৰৰ  ইনচুলিনৰ সক্ৰিয়তা বঢ়ায়৷ কচৰতে পেটৰ চৰ্বি কমায়৷ হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে৷ কচৰত কৰিলে শৰীৰৰ ভিতৰত এণ্ডৰফিন  উৎপন্ন হয়যি আমাৰ দেহ আৰু মনক প্ৰফুল্লিত কৰে৷ গুৰুতৰ অসুখত আক্ৰান্ত লোকহাঁপানী বা শ্বাসজনিত অসুখত ভুক্তভোগী লোক,হৃদৰোগত ভোগা ব্যক্তি আৰু হাঁড়ৰ বিকাৰ থকা লোকৰ বাহিৰে 'ৰা-বুঢ়া সকলোৱেই  উল্লেখিত যি কোনো প্ৰকাৰৰ কচৰত কৰি স্বাস্থ্যক সুৰক্ষা প্ৰদান কৰিব পাৰে৷

       এতিয়া মূল বিষয়লৈ যোৱাৰ আগতে পাঠকসকলক বি এম আই (Body Mass Index ) ওলিওৱাৰ সহজ পদ্ধতিটো কম৷ পোনতে শৰীৰৰ উচ্চতা মিটাৰত জুখি লব  উদাহৰণ ১৭২চেন্টিমিটাৰ মানে হব .৭২মিটাৰ৷  এতিয়া .৭২ক .৭২ৰে পূৰণ কৰক৷ ফলাফল '  .৯৬স্কোৱাৰ মিটাৰ৷ ধৰি লওক আপোনাৰ শৰীৰৰ ওজন পালে ৭০কিলোগ্ৰাম৷ এতিয়া ৭০ক .৯৬ৰে ভাগ কৰক৷ ভাগফল হব ২৩.৬৪ কিলোগ্ৰাম প্ৰতি স্কোৱাৰ মিটাৰত৷ সহজ ভাষাত বি এম আই ওলাল ২৩.৬৪৷ ইয়াৰ ওপৰিও ইন্টাৰনেটৰ সহায়ত বি এম আই গণণা কৰা চাৰ্ট আপোনাৰ 'বাইলত ডাউনলোড কৰি লৈ তাতো বি এম আই ততালিকে জানিব পাৰিব৷ ১৮.৫ৰ পৰা  ২৪. বি এম আই ' আদৰ্শ বা স্বাস্থ্যসন্মত বি এম আই   ১৮.৫ৰ কম বি এম আই হলে আন্দাৰৱেইট৷ ২৫ৰ পৰা ২৯. ' অভাৰৱেট অৰ্থাৎ বেচি ওজন থকা লোক৷  ৩০ৰ পৰা ৩৯. ' স্থুলকায় (Obese) বি এম আই  ৪০ৰ ওপৰ হলে অতি স্থুলকায়৷ চিকিৎসাৰ বিভিন্ন নিৰ্দেশনা  দিবলৈ চিকিৎসকে প্ৰতিজন ৰোগীৰ বি এম আই জনাটো প্ৰয়োজনীয় হৈ পৰে৷ ইয়াৰ ওপৰিও  প্ৰতিজন স্বাস্থ্য সচেতন ব্যক্তিয়ে নিজৰ বি এম আই জনাটো একান্ত আৱশ্যক৷ বি এম আইৰ ওপৰিও শকত হোৱা লোকৰ কমৰৰ ঘেৰা বাঢ়িবলৈ ধৰে৷ বছৰত এবাৰ সকলোৱে  নাভিৰ ওপৰত এই ঘেৰাৰ জোখ চাব লাগে৷ নিয়মীয়া স্বাস্থ্যৰলোকৰ পুৰুষৰ ৪০ইঞ্চি আৰু মহিলাৰ  ৩৫ইঞ্চিৰ ওপৰ হব নালাগে৷

 মানুহ শকত হোৱাৰ অপকাৰিতাসমূহ:
        শকত লোকসকলে শাৰীৰিক আৰু মানসিক উভয়বিধৰ যন্ত্ৰণাৰ ুক্তভোগী হয়৷ মানসিকভাবে ডিপ্ৰেচন, হীনমনস্কতা,আত্মবিশ্বাসৰ অভাৱত ভোগে৷ শকত মানুহ অধিক কাৰ্য্যক্ষম নহয়কামৰ ক্ষতি তেওঁলোকে বেচিকৈ কৰে৷ আয়ৰ এক বুজন অংশ চিকিৎসাৰ খৰচত ব্যয় হয়৷ শৰীৰ অলপতে ভাগৰুৱা হয়৷ নানা ধৰণৰ  ৰোগত বিশেষকৈ ডায়েবেটিজ,উচ্চ ৰক্তচাপকৰ্কটৰোগ (বক্ষ, কল',জৰায়ু,প্ৰষ্টেট, কিডনি, লিভাৰ, পিত্ত, পেনক্ৰিয়াচ আদিৰ),  হৃদৰোগ (কাৰ্ডিঅ'মায়'পেথি,হাৰ্ট ফেইলাৰ), ডিচলিপিডেমিয়াপিত্তৰ পাথৰ,লিভাৰৰ অসুখহাঁড়ৰ ৰোগ (অস্তিঅ' আৰ্থাইটিচ), শ্বাস-প্ৰস্বাসৰ ৰোগ, নিদ্ৰাৰ বিকাৰ, মাহেকীয়াৰ বিসংগতি, সন্তানহীনতা  আদিত সহজে আক্ৰান্ত হয়৷ পুৰুষে জননেন্দ্ৰিয় বিকাৰত(Erectile dysfunction) ভোগে৷ একেলগে মেদবহুলতা,ডায়েবেটিজ,উচ্চৰক্তচা আৰু ডিচলিপিডেমিয়া থাকিলে তাক মেটাব'লিক চিনড্ৰম বোলে৷ এনে ৰোগী সতৰ্ক নহলে তুলনামুলকভাবে কম আয়ুসহে জীৱিত থাকে৷
       বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বত বছৰি -৮নিযুত লোক মেদবহুলতাৰ জটিলতাৰ ফলত মৃত্যুবৰণ কৰে৷ মৃত্যুৰ ৫টা প্ৰমুখ কাৰণৰ ভিতৰত মেদবহুলতাও এটা৷ এটা সময়ত ভাৰতত আৰম্ভ হোৱা এন্টি 'বেচিটি ডে (World Anti Obesity Day) আজিকালি  ২৬নভেম্বৰত  বিশ্বৰ বিভিন্ন দেশত পালিত হয়৷ ঠিক এই বছৰৰ ২১জুনত আৰম্ভ হোৱা বিশ্ব যোগ দিবসৰ দৰে৷ বিশ্বৰ ১৯২খন দেশে এই যোগ দিবস পালন কৰি স্বাস্থ্য ৰক্ষাত যোগৰ গুৰুত্ব প্ৰতিপন্ন কৰি ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিলে৷ নিয়মীয়া যোগ-ব্যায়াম কৰা লোক শকত নহয় বা মেদবহুলতাৰ চিকাৰ নহয়৷ 

 মানুহ শকত কিয় হয়
       থুলমুলকৈ একে আষাৰে কবলৈ হলে শকত হোৱাৰ কাৰণ ' অতিমাত্ৰা খোৱাৰ বিপৰীতে কৰ্মৰ নিস্ক্ৰিয়তা৷ গতিকে খাদ্যৰ পৰা আহৰণ কৰা কেলৰি খৰচ হবলৈ নাপালে সি শৰীৰত সেয়া চৰ্বিৰ ৰূপত সঞ্চিত হবলৈ ধৰে৷ গতিকে উজু সমীকৰণটো এনেকুৱা ধৰণৰ হব :
বেচি পৰিমাণৰ খাদ্যঅস্বাস্থ্যকৰ খাদ্য - শাৰীৰিক শ্ৰমশকত হোৱাৰ প্ৰক্ৰিয়া  সঘনাই বেচি পৰিমাণৰ  খাদ্যৰ অৰ্থ শৰীৰে বেচি কেলৰি পোৱা৷ আকৌ  জাংকফুডৰ দৰে অস্বাস্থ্যকৰ খাদ্যত সদায় বেচি কেলৰি থাকে৷ ইয়াৰ বিপৰীতে শ্ৰম নকৰিলেই কেলৰি খৰচ হবলৈ  নাপায়৷ এজন মানুহ শকত হোৱাৰ একাধিক কাৰণ থাকিব পাৰে৷ ইয়াৰে অধিকাংশই কিন্তু আগতীয়াকৈ বাধা দি ৰোধ কৰিব পৰা ধৰণৰ (Preventable)
     জীৱন যাত্ৰাৰ শৈলীবহুতো পৰিয়ালত এলেহুৱা লাইফষ্টাইলৰ প্ৰচলন দেখা যায়৷ তেনে পৰিয়ালৰ একেঘৰৰ  কেইবাজনক শকত হোৱা দেখা যায়৷ বহু আৰামদায়ক নিস্ক্ৰিয় জীৱনধাৰণৰ ওপৰিও এওঁলোকৰ  খাদ্যাভাসো  ত্ৰুতিপূৰ্ণ ৷অনবৰতে আৰামদায়ক বাতানুকুলিত  পৰিবেশত থাকিলে শৰীৰৰ কেলৰি কমকৈ খৰচ হলে শৰীৰত চৰ্বি জমা হয়৷
    খাদ্যৰ বিংসগতি- দৈনিক প্ৰচুৰ চৰ্বিযুক্ত অধিক েলৰিৰ খাদ্য,জাংকফুড গ্ৰহণ কৰা৷ ফল আৰু শাক পাচলি নোখোৱা বা কমকৈ খোৱা৷
    নিস্ক্ৰিয় জীৱন যাপনঘৰত এডাল কূটা দুডাল নকৰাসমূলি খোজ কঢ়া বা খেলাধূলাত ভাগ নোলোৱা৷
    বংশগতি- কোনো কোনো লোকৰ শকত হোৱাত কিছু পৰিমাণে বংশগতিৰো প্ৰভাৱ দেখা যায়৷
    ৰোগৰ ফলত শকত হোৱানানাবিধ হৰমোনৰ বিকাৰ যেনে কুশ্বিং চিনড্ৰম, হাইপোথাইৰয়ডিজম, পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম৷ বাৰডেট বিডেল, প্ৰেডাৰ ৱিলি চিনড্ৰমঅস্তিঅ'আৰ্থাইটিচ আদি ৰোগ শকত হোৱাৰ কাৰণ হব পাৰে৷
    দৰবৰ পাৰ্শ্বক্ৰিয়াৰ ফলত শকত হোৱা -  প্ৰেডনিচলন,বিটামিথাচন বা আন ষ্টেৰইড, মৃগীৰোগত ব্যৱহৃত  টেগ্ৰিটলআন কিছুমান মানসিক ৰোগৰ দৰবডায়েবেটিজৰ দৰব আৰু বিটা ব্লকাৰৰ অসতৰ্ক ব্যৱহাৰেও  এজন লোকক শকত কৰি তুলিব পাৰে৷
   সামাজিক কাৰণএখন এলেহুৱা সমাজত নিস্কৰ্মা বন্ধুবৰ্গৰ লগত গপ মাৰি সময় অবাবতে কটোৱা লোকো শকত হোৱা পৰিলক্ষিত হয়৷
   কমকৈ বা বেচিকৈ শোৱা লোকসকলে সাধাৰণতে বেচি খাদ্য গ্ৰহণ কৰি শকত হোৱা দেখা যায়৷      
   কিছুমান মানসিক ৰোগীয়েও বাৰম্বাৰ খাই থাকি শকত হোৱা দেখা যায়৷
   গৰ্ভাৱস্থাত আৰু মেনুপ'জৰ সময়ত হৰমোনৰ প্ৰভাৱত কিছুমান মহিলাক শকত হোৱা দেখা যায়৷প্ৰসৱ হোৱাৰ লগে লগে মহিলাসকল সতৰ্ক হব লাগে৷ সামান্য পেটৰ আকাৰ বঢ়া যেন দেখিলে সতৰ্কতামূলক ব্যৱস্থা হিচাবে  এবডমিনেল বেল্ট ব্যৱহাৰ কৰিব পাৰে৷ কাৰণ এবাৰ পেট  বেচিকৈ ওলাই গলে তাক পুনৰ আগৰ অৱস্থালৈ অনাটো বেচ কঠিন৷

মেদবহুলতাৰ চিকিৎসা-
           পোনতে নিৰ্ণয় কৰি লব লাগে যে ব্যক্তিজন আন ৰোগত আক্ৰান্ত হয়নে নহয়৷যদি আন ৰোগ আছে তাৰ উপযুক্ত চিকিৎসা কৰিব লাগিব৷ ছমাহৰ ভিতৰত  ওজন কমোৱাৰ লক্ষ্য শৰীৰৰ মুঠ ওজনৰ ন্যুনতম  ৫শতাংশৰ পৰা সৰ্বোচ্চ ৩০শতাংশলৈ ব্যক্তিভেদে চিকিৎসকে ঠাৱৰ কৰে৷ ইয়াৰ বাবে ব্যক্তিজনৰ সদিচ্ছা,   আগ্ৰহ আৰু সহযোগিতাৰ একান্ত আৱশ্যক৷
            খোৱাৰ পৰিমাণ দৈনিক মহিলাৰ ১২০০আৰু পুৰুষৰ ১৫০০ কেলৰিত সীমাবদ্ধ ৰাখিব পাৰিলে ভাল৷ এইদৰে কেলৰি কমোৱাৰ ওপৰিও খাদ্যত বাচনি কৰি চলিব লাগিব৷ শাক পাচলি,ফল মূল,বেচি ফাইবাৰ থকা শস্য,দাইল, বীন, চয়াবীনমাছ,কণীৰ বগা অংশ,অলিভ বা চানফ্লাৱাৰ তেল গ্ৰহণ কৰিব৷ বীনত কলিষ্টিকাইনিন নামৰ হজম ক্ৰিয়াত সহায় কৰা এনজাইম থাকে৷ কণীত থকা প্ৰটিনে সহজে ভোক লাগিবলৈ নিদিয়ে গতিকে কণী ওজন কমোৱাত এইদৰে সহায়ক৷ খাহী মাংস,বইলাৰ মাংসৰ ওপৰিও  মাংসৰ তেল বিশেষকৈ  বইলাৰ মূৰ্গীৰ  ছালখন কেতিয়াও নাখাব৷ ডায়েৰী প্ৰডাক্টঘিউ,মাখন,পনীৰ,ক্ৰিম ত্যাগ কৰিব৷ কেক,পেষ্ট্ৰি আৰু শীতল পানীয় নাখাব৷ডালডা জাতীয় অপকাৰী ট্ৰান্সফেটত ভজা ফ্ৰেন্স ফ্ৰাই নাখাব৷  গাখীৰ আৰু দৈ চৰ্বিবিহীনহে  লব৷ নিমখ আৰু মিঠা দুয়োটাই কমকৈ লব৷ মদ আৰু ধূম্ৰপান  বৰ্জন কৰিব৷ বেচি ফাইবাৰ থকা খাদ্যই উদৰটো বেচি সময়লৈ পৰিপূৰ্ণ কৰি ৰাখে আৰু ফলত সোণকালে ভোক নালাগে৷
       পদীনা মিহলি চাহ, গ্ৰীণ টি আৰু নেমু  মৌজোলৰ কুহুমীয়া পানী ওজন কমোৱাত সহায়ক৷ আয়ুৰ্বেদৰমতে কেঁচা বিলাহী আৰু পিঁয়াজ,  বুটৰ দাইল আৰু মৌজোল শকত লোকৰ ওজন কমোৱাৰ  বাবে  লাগতিয়াল সিদ্ধ হৈছে৷ ক্ষীণাবলৈ ইচ্ছুকসকলে দৈনিক দুবাৰকৈ  তিঁয়হ, গাজৰ,বীট,বিলাহী,পিঁয়াজমূলা,ালাড পাত আদিৰ চালাড অৱশ্য খাব লাগে' ভিটামিন-চিভিটামিন-,ফলিকএচিড,,লাইকোপেন আৰু কেৰোটিনেইড  প্ৰচুৰ থাকে৷
       চেকাৰিন আৰু এচপাৰটেমৰ ব্যৱহাৰে এচামুচ চেনিত থকা ৩৩কেলৰিৰ খৰচ বচাব পাৰে৷কিন্তু  ফিনাইলকিটনইউৰিয়া নামৰ জেনেটিক ৰোগ থকা লোকৰ বাবে এচপাৰটেমৰ ব্যৱহাৰ বিপদজনক৷
        নিয়মিত কচৰতৰ (Exercise) আৱশ্যকযাতে কেলৰি খৰচ হয়৷ সপ্তাহত ১৫০মিনিটৰে আৰম্ভ কৰি সপ্তাহত ৩০০মিনিটলৈ অনুশীলনৰ সময় বঢ়াব পাৰি৷

       আজিকালি বিশ্বৰ বিভিন্ন ঠাইৰ লগতে ভাৰততো ওজন কমোৱা নানাবিধ দৰব উপলব্ধ  বেলেগ বেলেগ দৰবৰ কাম কৰাৰ  পদ্ধতি  আৰু পাৰ্শ্বক্ৰিয়া বেলেগ বেলেগ৷ চিকিৎসকৰ তত্বাবধানত গ্ৰহণ কৰি দৰবৰ দ্বাৰা উপকৃত হব পাৰি৷ ৰচনা দীঘলীয়া নকৰি দৰববিলাকৰ  নাম মাত্ৰ তলত উল্লেখ কৰিলোঁ - Oristat (Xenical), Losaserin (Belvique), Phentermine (Adirex-P), Bupropion, Naltrexone(Contravene), Ifraglutide (Saxenda), Sibutramine (Medidia), Nupuntia, Hoodia, Ephedra (Mahuang) যিবিলাক ৰোগীৰ বি এম আই যথেষ্ট বেচি আৰু  লগত আনুসংগিক ৰোগ ডায়েবেটিজ বা উচ্চ ৰক্তচাপ আদি  আছে - তেনে লোকক  ক্ষীণোৱা দৰব প্ৰয়োগ কৰা হয়৷






       বি এম আই ৩৫,৪০বা তাৰো ওপৰ হলে অপাৰেচনৰ ( Bariartic surgery) সহায় লোৱা হয়৷ অপাৰেচন নিম্নধৰণৰ হব পাৰে
       1-Gastric Bypass 2-Laparoscopic adjustable gastric beaching 3- Bilopancreatic diversion with duodenal switch 4- Gasrtic sleeve 5- Vagal nerve blockade. ৰোগীয়ে অপাৰেচনৰ পিছতো খাদ্যাভাস আৰু জীৱন শৈলীৰ প্ৰতি সতৰ্ক নহলে পুনৰাই শকত হব পাৰে৷

        মোখনিত ইমানেই কম যে শকত হোৱা আৰু মেদবহুলতা ' আজিৰ যুগৰ লাইফষ্টাইলৰ লগত জড়িত ৰোগ৷ পুনৰাই সোঁৱৰাই দিওঁ- ওজন কমাবলৈ আগ্ৰহীসকলে বাচি খাওক, কমাই খাওক, নিয়মীয়া কচৰৎ কৰক, স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰক, মনৰ দৃঢ়তাৰে যত্নপৰ হওক আৰু এলেহুৱা ব্যক্তিৰ সংগ পৰিত্যাগ কৰক৷  কোনো কাৰণত নিৰাশাক প্ৰশ্ৰয় নিদিব আপোনাৰ স্বাস্থ্যৰ চাবিকাঠি আপোনাৰ হাতত৷

1 comment:

  1. উপকাৰী পৰাৰ্মশ পালো মহাশয়, ধন্যবাদ

    ReplyDelete

Total Pageviews