Translate

Tuesday, July 10, 2012

বন্ধুলৈ এখনি চিঠি


বন্ধুবৰ মনোহৰ দত্ত 
নলবাৰী, অসম               

প্ৰিয় বন্ধু ~
                  আশাকৰো কুশলে আছে আৰু নিয়মীয়া কৰ্মব্যস্ততাৰ মাজেৰে দিনবোৰ পাৰ কৰি আছে৷ লিখো নিলিখোকৈ নিজৰ কথাৰে দুআষাৰ লিখিবলৈ কি 'ৰ্ডত হাত ফুৰাব আৰম্ভ কৰিলোঁ৷
                  মোৰো খবৰ শাৰীৰিক ভালেই  ব্যস্তভাবে কামো কৰি  সময় অতিবাহিত কৰিছোঁ৷ চাওঁতে চাওঁতে কাটাৰত মোৰ এবছৰ পূৰ্ণ 'ল৷ আৰু তিনিবছৰ বাধ্যতামূলকভাবে থাকিবলৈ চুক্তিবদ্ধ হৈছোঁ৷ তাৰ পিছত নিজৰ ইচ্ছা ৷বিভিন্ন দেশৰ পৰা আহি এই দেশত কৰ্মৰত হোৱা মোৰ ৰোগীসকলৰ এখন জগতত মই জড়িত হৈ পৰিছোঁ ৷ তাৰ মাজতেই সুখ আৰু দুখানুভূতিৰ লুকাভাকু৷ 
                  এতিয়ালৈকে মই জনাত কমেও ৬টা অসমীয়া পৰিয়াল বৰ্তমান কাটাৰত আছে  ইয়াৰ বাহিৰেও অবিবাহিত বা পৰিয়াল নথকা ব্যক্তিও কেইবাজনো (কমেও ৬৷৭ জন) কৰ্মৰত আছে৷ তাৰে দুজন ইঞ্জিনিয়াৰে ঘৰলৈ গৈ যোৱা তিনিমাহে ঘূৰি অহা নাই৷শুকুৰ আৰু শনিবাৰৰ বন্ধৰ দিনত ডুবাইত থাকি বাকী ৫দিন কাটাৰত কাম কৰা  অসমীয়া ইঞ্জিনিয়াৰো আছে৷ মই এতিয়ালৈকে মাত্ৰ দুটা পৰিয়ালৰ সৈতেহে পৰিচিত হৈছোঁ৷ মোৰ 'কাটাৰৰ ডায়েৰী'  অসমীয়া কথা বতৰা গোটত পঢ়ি যোৱা বছৰৰ নভেম্বৰ মাহতেই এটা পৰিয়াল মোলৈ মেইল পঠিয়ালেমোক লগ ধৰিব বুলি  কিন্তু দুয়োজনে চাকৰি কৰা হেতুকে হয়তো মোক লগ পাম বোলা কথাটো পাহৰিলেই৷ আচলতে পৰিয়াল কেইটাই নিজে ধৰা নিদিলে মোৰ লগ কৰাৰ উপায় নাই৷ অসমীয়া ডাক্তৰ একমাত্ৰ ময়েই আছিলোঁ যদিও দুমাহ ' - চৌডি আৰবৰ পৰা আন এজন ডাক্তৰে যোৱা দুমাহ আগতে 'হাৰ বেলেগ এখন চিকিৎসালয়ত যোগদান কৰিলেহি৷ অহাৰ পিছত তেওঁক এটা শুকুৰবাৰে মোৰ বাসস্থানলৈ আমন্ত্ৰিত কৰিলোঁ৷ কিন্তু তাৰ পিছত যোগাযোগ শূণ্য৷ তেওঁৰ পৰিবাৰে আবু ধাবিত চাকৰি কৰে আৰু পুতেক বোৱাৰীয়েকে ওমানত চাকৰি কৰে৷  এই তিনিখন দেশৰ লগত তেওঁ সম্পৰ্ক  বৰ্তাই চলিবলগীয়া হৈছে৷
                  
           আমি সৰুতেই পঢ়িছিলোঁমানুহ সামাজিক প্ৰাণী৷ অকলে থকাতকৈ সমাজ এখনত থাকি ভাল পায়৷ আকৌ পাইছিলোঁ -মানুহে কেবল ৰুটি খায়েই জীয়াই থাকিব নোৱাৰে৷ জীয়াই থাকিবলৈ মনকো কিছু খাদ্যৰ প্ৰয়োজন৷ সোণৰ পালেঙেত শুই ৰূপৰ কাঁহিত ভাত খাব পালেই মন তৃপ্ত নহবও পাৰে৷
          ভাবৰ বুৰবুৰনিত মনলৈ যি আহিল তাকেই লিখি গলোঁ  সুখ-দুখ  মানুহৰ ব্যক্তিগত উপলব্দ্ধি  ভাৱবোৰ কাৰোবাক জনালে মনতো পাতল নিশ্চয় হয়৷ 
            আপোনাৰ মংগল কামনাৰে আজিলৈ ইমানতে সামৰিলোঁ 

                       ইতি

ডা০ ভূপেন শইকীয়া
'হা  কাটাৰৰ পৰানিশা বজাত, ৯৷৭৷২০১২

No comments:

Post a Comment

Total Pageviews