Translate

Tuesday, July 31, 2012

এজাক মানুহৰ মাজত মই






মানুহ দেখিছো মাথোন মানুহ
বিনন্দীয়া বিশাল বিশ্বৰ
বিভিন্ন প্ৰান্তৰ
সাগৰ মহাসাগৰ পাৰ হৈ 
অনেক গিৰি লঙ্ঘি অহা,
কিহৰ সন্ধানত  ?

হ’ব পাৰে 
ছালৰ বৰণ বগা ক’লা বা কজলা
একেই কিন্তু পেটৰ ক্ষুধা
একেই তেজৰ ৰং
একেই চকুৰ ভাষা

অনন্য সৃষ্টিৰ এই দৃশ্যত 
বিস্মিত মই !

২২৷৩৷২০১২
'হাকাটাৰ

2 comments:

  1. সুন্দৰ মানৱীয় অনুভব| পৃথিৱীখন এনে চিন্তাৰে উজলি উঠক|

    ReplyDelete
    Replies
    1. লিপিঘৰৰ সুন্দৰ মন্তব্যৰ বাবে ধন্যবাদ৷

      Delete

Total Pageviews