Translate

Thursday, March 20, 2014

বাৰে বাৰে কুৰুক্ষেত্ৰ

বাৰে বাৰে কুৰুক্ষেত্ৰ


দিনবোৰ 'ঠিকে-ঠাকেই' চলি আছিল

কিন্তু দূৰ্যোধন তেতিয়া আছিল ব্যস্ত

শকুনিৰ সৈতে গুপুত মন্ত্ৰণাত


জনতা দ্বিধাগ্ৰস্ত 

পৰা নাই চিনিব জনতাই শিবিৰ 

কৌৰৱৰ শিবিৰকেই ভুল কৰে

ন্যায়যোদ্ধাৰ শিবিৰ বুলি


সমৰৰ দিন বাৰ ঠিৰাং হ'ল

দূৰ্যোধনৰ প্ৰত্যাহ্বান

প্ৰতিহত কৰাৰ বাবে

জনতা সজাগ হোৱাৰ

এয়েই সময় !




১৯ মাৰ্চ ২০১৪

ডোহা, কাটাৰৰ পৰা


বাৰে বাৰে কুৰুক্ষেত্ৰ

দিনবোৰ 'ঠিকে-ঠাকেই' চলি আছিল
কিন্তু দূৰ্যোধন তেতিয়া আছিল ব্যস্ত
শকুনিৰ সৈতে গুপুত মন্ত্ৰণাত

জনতা দ্বিধাগ্ৰস্ত 
পৰা নাই চিনিব জনতাই শিবিৰ 
কৌৰৱৰ শিবিৰকেই ভুল কৰে
ন্যায়যোদ্ধাৰ শিবিৰ বুলি

সমৰৰ দিন বাৰ ঠিৰাং হ'ল
দূৰ্যোধনৰ প্ৰত্যাহ্বান
 প্ৰতিহত কৰাৰ বাবে 
জনতা সজাগ হোৱাৰ
এয়েই সময় !

১৯ মাৰ্চ ২০১৪
ডোহা, কাটাৰৰ পৰা



# হাইড্ৰোনেফ্ৰচিচ ! (এটি চুটি গল্প)

হাঁহি-মাতি থকা ৰাংঢালি ফিলিপিনো নাৰ্চজনী হঠাতে অসুস্থ হৈ পৰিল৷
তাইৰ অসহ্য পেটৰ বিষ আৰু প্ৰসাৱ ৰঙচুৱা হৈছে৷
নিমিষতে মোৰ তাইৰ প্ৰতি থকা কঠুৱা মনোভাৱ সলনি হ'ল৷
ইমানদিনে ৰোগীৰ প্ৰতি তাই যন্ত্ৰৱত আচৰণ কৰাৰ বাবে
মোৰ ডাক্তৰী মনটোৱে তাইক বেয়া পাই আছিল৷
নিজে আলট্ৰাচাউণ্ড কৰি দেখা পালোঁ - তাইৰ জন্মগতভাবে এটাই কিডনি আছে
আৰু তাত বিভিন্ন চাইজৰ কেইটিমান পাথৰ হৈছে ৷
পাথৰৰ ফলত প্ৰসাৱৰ নিয়মীয়া প্ৰবাহ বাধাপ্ৰাপ্তহৈ কিডনিটো ফুলি উঠিছে ৷
এই হাইড্ৰোনেফ্ৰচিচ আৰু পাথৰৰ ফলত তাই এতিয়া আকস্মিকভাবে
এক জটিল পৰিস্থিতিৰ মুখামুখি হবলগীয়া হ'ল৷
২০মাৰ্চ ২০১৪
ডোহা, কাটাৰ
Like ·  · 

Total Pageviews