Translate

Wednesday, November 26, 2014

* শৈশৱৰ তিনিঠেঙেীয়া দৌৰৰ স্মৃতি

স্কুলৰ বাৰ্ষিক খেল-ধেমালি প্ৰতিযোগিতাত প্ৰতিবছৰে এখন চিল্কৰ বগা ৰঙৰ প্ৰকাণ্ড ফ্লেগ খেলপথাৰৰ ভিক্ট্ৰি ষ্টেণ্ডৰ কাষত বতাহৰ সৈতে ঢৌ খেলি নাচি থাকে৷ উজ্বল ক'লা বৰণৰ আখৰেৰে তাত লিখা কথাকেইটিৰ সাৰাংশ হ'ল - "খেলত জিকা-হৰাটো মহত্বপূৰ্ণ কথা নহয়৷ লাগতিয়াল কথা হ'ল খেল-ভাৱনাৰে ইয়াত অংশগ্ৰহণ কৰাটোহে"৷একেই শিক্ষা আমাক স্কুলৰ পাঠদানৰ সময়তো দিয়া হৈছিল-"প্ৰতিযোগিতা আনৰ সৈতে নহয়, নিজৰ সৈতে কৰিবা৷ ইবাৰতকৈ সিবাৰ ভাল ফলাফল কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰি যোৱা"৷
ষষ্ঠ শ্ৰেণীৰ পৰা মোৰ ৩৫জনীয়া সহপাঠীৰ ভিতৰৰ সুৰেন্দ্ৰপাল সিং চৌহানৰ সৈতে মোৰ বেচ ঘনিষ্ঠতা গঢ়লৈ উঠিছিল৷সপ্তম,অষ্টম আৰু নৱম শ্ৰেণীৰ স্কুলৰ বাৰ্ষিক খেল-ধেমালিৰ তিনিঠেঙেীয়া দৌৰ প্ৰতিযোগিতাৰ মোৰ সৈতে পাৰ্টনাৰ হৈছিল সুৰেন্দ্ৰ৷ আমি এবাৰ দ্বিতীয় আৰু দুবাৰ প্ৰথম হৈছিলোঁ৷ কাপ বা মেডেলৰ সলনি অংশ গ্ৰহণকাৰী আৰু বিজয়ীসকলক একোখন প্ৰমাণপত্ৰ দিয়া হৈছিল,যাতে ভবিষ্য জীৱনত কামত আহে৷
অষ্টম শ্ৰেণীৰ ছাত্ৰ হৈ থাকোতে তিস্তা নৈৰ দলং বানপানীয়ে উটুৱাই নিয়াত অসমৰ যোগাযোগ অৱশিষ্ট ভাৰতৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল৷গতিকে গৰমৰ বন্ধত বেনাৰচৰ স্কুলৰ পৰা ডিব্ৰুগড়লৈ যোৱাটো অসম্ভৱ আছিল৷ সুৰেন্দ্ৰই মোক তাৰ ঘৰলৈ লগ ধৰিলে৷পোনতে ৰেলেৰে গৈ ওলালোগৈ দিল্লী৷ দিল্লীত নামিয়েই ৰেলষ্টেচনৰ বাহিৰৰ প্ৰকাণ্ড হোৰ্ডি এখনত লিখা বিজ্ঞাপন চকুত পৰিল : Quick Fix – Joins everything except broken hearts !
দিল্লীত সুৰেন্দ্ৰৰ মৰমিয়াল বায়েক ভিনিহিয়েক আমাক এসপ্তাহমান আদৰ সাদৰ কৰি ৰাখিলে আৰু গোটেই দিল্লীখন তন্ন তন্নকৈ ফুৰালে৷তাৰ পিছত বাছেৰে দিল্লীৰ পৰা মেৰঠ হৈ মৱানালৈ আহিলোঁ৷ মৱানা হ'ল এখন উন্নত গাওঁ৷ এখন হাইস্কুল আৰু এটা চিনেমাহল তেতিয়াই আছিল৷ বেণ্ডপাৰ্টি বজাই মাইকেৰে চিনেমাহলৰ চিনেমাৰ প্ৰচাৰ চলায়৷ প্ৰায়বিলাক ঘৰেই পকী-বাটপথসমূহ পকা৷ খেতিৰ বাবে বহুতৰ ঘৰত ট্ৰেক্টৰ আৰু ঘৰে ঘৰে বিজুলি বাতি ৷সুৰেন্দ্ৰৰ লগত তাঁহাতৰ কুঁহিয়াৰ আৰু গোমধানৰ পথাৰলৈ গলোঁ আৰু পথাৰতেই দুয়োবিধৰ মধুৰ স্বাদ ললোঁ৷
সুৰেন্দ্ৰৰ ডাঙৰ ককায়েক বীৰেন্দ্ৰ বিবাহিত, এটা চৰকাৰী বিভাগৰ চাকৰিয়াল৷ সৰু ককায়েক বিজয়ে কৃষি বিভাগৰ স্নাতক শিক্ষা সাং কৰি দেউতাৰ কৃষি কৰ্মত সহযোগ কৰে৷ এদিন ৰাতিপুৱা তিনি বজাতেই গোটেই পৰিয়ালৰ সৈতে নানা সা-সৰঞ্জামসহ ঘৰৰ গৰুগাড়ীত উঠি গংগাসাগৰ মেলালৈ বুলি ৰাৱণা হলোঁ৷ অন্তত: পোন্ধৰমাইল বাট এইদৰে গৰু গাড়ীৰে গৈ বেলি ওলোৱাৰ আগতেই গংগাৰ পাৰ পালোঁগৈ৷ তাত পবিত্ৰ মেলা উপলক্ষে দূৰ -দূৰণিৰ অনেক সমাগম ঘটিছিল৷দুদিনীয়া মেলাত লোকগীত গাই মহিলাসকলে সূৰ্য পূজন কৰে আৰু সৰুল'ৰা ছোৱালীবিলাকে নানা ধৰণৰ খেল-ধেমালি কৰি ৰং ৰহইছ কৰে৷গংগাৰ বালিত কোনোবাই ঢাপ বনায়, আকৌ কোনোবাই চিত্ৰ অঁকাৰ প্ৰয়াস কৰে৷ গৃহিণীসকলে নানাবিধ সুস্বাদু ব্যঞ্জন পৰিবেশন কৰে৷ মোৰ বাবে আছিল সেয়া এক অগতানুগতিক পৰিবাৰিক পিকনিক ! টেন্টৰ তলত জোনাক ৰাতি গংগাৰ বালিৰ ওপৰত শয়নৰ ৰোমাঞ্চকৰ অভিজ্ঞতা বন্ধুৰ পৰিয়ালৰ সৈতে৷
এইখিনিতে এটা প্ৰচলিত ৰগৰ মনত পৰিছে৷ এজন বিদ্যাৰ্থীয়ে বছেৰেকীয়া পৰীক্ষাৰ বাবে মুখস্থ কৰি গ'ল জৱাহৰলাল নেহৰুৰ বিষয়ে ৰচনা৷কিন্তু পৰীক্ষাত ৰচনাৰ বিষয় আহিল -নৌকা ভ্ৰমণ৷হাৰ নমনা সেই ছাত্ৰজনে ৰচনা আৰম্ভ কৰিলে এইদৰে- ১৪নভেম্বৰ তাৰিখে জৱাহৰলাল নেহৰুৰ জন্মদিনৰ দিনাখন মই এজন বন্ধুৰ সৈতে নৌকা বিহাৰত ওলালোঁ৷ নাঁৱত বহি মই তেওঁক নেহেৰুজীৰ জীৱন কথা শুনালোঁ এইদৰে-----৷ আৰু এনেদৰেই আমাৰ নৌকা ভ্ৰমণৰ সুখদ সামৰণি পৰিল৷
খেলৰ বিষয়ে মোৰ এই ৰচনাখনো অবিকল এই উপমাটোৰ দৰেই হৈছে৷ মোৰ তিনিঠেঙীয়া দৌৰৰ একান্ত অভিন্ন হৃদয় সংগীয়ে আজি অকলেই দৌৰি বহু দূৰ অতিক্ৰম কৰিলে৷ তেওঁকলৈ মই আজি গৌৰৱান্বিত৷ তেওঁ আজি আমেৰিকাৰ এজন বিশিষ্ট আৰু সফল নাগৰিক৷এজন নিউক্লিয়াৰ চাইন্টিষ্ট৷ কেইবাখনো নিজৰ বিষয়ৰ গ্ৰন্থৰ প্ৰণেতা৷ সময়ত বিচিত্ৰতাৰ মাজত আমাৰ মাজত সাময়িকভাবে ছিন্ন হোৱা সম্পৰ্কক আকৌ ফেচবুকে লগ লগাই দিলে !

ডোহা,কাটাৰৰ পৰা
-----------------------
নভেম্বৰ ২০১৪

বিষন্নতাৰ স্বাদ !




বিষন্নতাৰ স্বাদ !

অলপ শৰীৰৰ অসুস্থতা
অলপ মানসিক অৱসাদ
অলপ নিৰাশাৰ ডাৱৰ
অলপ অভাৱ মনৰ প্ৰফুল্লতাৰ
………………………….
এয়াই নেকি বিষন্নতাৰ স্বাদ ?
১৫নভেম্বৰ ২০১৪
ডোহা কাটাৰত

* আজিৰ বাতৰিবোৰ !



বাতৰিবোৰ বৰ যন্ত্ৰণাদায়ক
ৰাজনীতিৰ পাশা খেলত পণবন্দী ৰাইজ
চলিছে শাসন ধৃতৰাষ্টৰ;
সুসংবাদ বিচাৰোতে
পাওঁ মাথো বিষাদ আৰু বিষাদ !

৬- নভেম্বৰ ২০১৪

যাত্ৰা ৰছিৰ ওপৰত !




যাত্ৰা ৰছিৰ ওপৰত !

জীৱন নামৰ
চাৰ্কাচত
ৰছিত খেল দেখুৱা মানুহৰ দৰে
অতিবাহিত হয়
এটি এটি পল
এয়াই যে দৈনন্দিন !

২৩-১১-২০১৪

প্ৰবাসত চাকৰিৰ মৰীচিকা

     মোৰ সহায়কাৰী ফিলিপিনো মেল নাৰ্চ দুজনৰ সামান্য বাধা নেওচি এজন ত্ৰিশ বছৰীয়া স্বাস্থ্যবান ডেকা 'ৰা চুচুক-চামাককৈ মোৰ চেম্বাৰৰ কোঠালৈ সোমাই আহিল৷ ডেকাজনৰ মুখত অনেক চিন্তাৰ ৰেখা৷ চালাম জনাই বাংলা ভাষাতে যিখিনি কথা জনালে তাৰ সাৰাংশ 'কাটাৰৰ "ফ্ৰি ভিছা"লৈ চাকৰিৰ সন্ধানত এই দেশলৈ আহিবৰ  প্ৰায় এবছৰেই ' কিন্তু কোনো সংস্থাপন আজিলৈ লগা নাই৷ ("ফ্ৰি ভিছা" বুলি আইনত কোনো  ভিছাৰ প্ৰবিধান নাই৷ যি কোনো এটা ট্ৰেড (যেনে ড্ৰাইভাৰকাৰপেন্টাৰ,পেইন্টাৰ আদিলিখি ভিছা এখন ওলিওৱা হয়৷ সেই ভিছাখন এজেন্টে মনে বিচৰা মূল্যত বিদেশলৈ চাকৰিৰ সন্ধানত আহিব বিছৰা অশিক্ষিত বা অৰ্ধশিক্ষিত লোকক বিক্ৰী কৰে৷ভিছালৈ অহালোকজনে স্পঞ্চৰৰ ছাঁটোও দেখিবলৈ নাপায়৷ বিদেশত আহি ' ' চাকৰি বিচাৰি হাবাথুৰি খাই ঘূৰি ফুৰে৷কাচিৎ কোনোবা স্থানীয় দয়ালু লোকৰ  সংস্পৰ্শলৈ আহিলে  ৱৰ্ক ভিছা বা নিগাজি  ৰেচিডেন্ট ভিছা পালে থানথিত লাগে৷ অন্যথাই আজি এঠাইত কাইলৈ এঠাইত মনে মনে হাজিৰা কাম যেনে  হোটেলত বাচন ধুৱামলত গাড়ী চাফা কৰা, কাৰোবাৰ ঘৰুৱা কাম কৰা আদি কৰি যেনে তেনে পেট প্ৰৰ্বতায়৷ কাটাৰী পুলিচৰ হাতত ধৰা পৰিলে জেল-জৰিমনাও হয় গতিকে  ঘৰলৈ টকা পঠোৱাৰ প্ৰশ্নই নুঠে৷ বাংলাদেশ, নেপালৰ বাহিৰে কিছুমান দুখীয়া আফ্ৰিকান দেশৰ পৰাও এনেদৰে ভাগ্যৰ সন্ধানত অহা অহা লোক মই লগ পাইছোঁ৷ এনে অদৃষ্ট ভাগ্যান্বেষী লোকৰ তুলনাত তেনেই কম বেতনত কাম কৰিবলৈ অহা লোকসকলক ভাগ্যশালী বুলিয়েই কব লাগিব৷ কম দৰ্মহা পালেও বিনামূলীয়া থকা আৰু খোৱাৰ সুবিধালগতে আইনী নিৰাপত্তা পোৱাতো ডাঙৰ কথা৷ নিজ দেশত  মিস্ত্ৰী, কাৰ্পেন্টাৰ, ড্ৰাইভাৰ, মেকানিকইলেক্ট্ৰিচিয়ান সকলোবোৰেই ইয়ালৈ আহি হৈ পৰে 'লেবাৰ'- কাৰণ অনুষ্ঠানিক প্ৰমাণ পত্ৰ তেওঁলোকৰ কাৰোৱেই হাতত নাথাকে৷ আৰু যি সকলৰ তেনে অনুষ্ঠানিক প্ৰমাণপত্ৰ থাকে তেওঁলোকৰ বেতনো ভাল আৰু অভিজ্ঞতাৰ ভিত্তিত চাকৰিত  চুপাৰভা্ইজাৰ,'ৰমেন আদি পদপিলৈ পদোন্নতিও হয়৷ এইখিনি লিখাৰ উদ্দেশ্য 'প্ৰত্যেক ট্ৰেডৰে পলিটেকনিক জাতীয় অনুষ্ঠানৰ শিক্ষাগত প্ৰমাণপত্ৰ নোহোৱাকৈ কোনেও যেন প্ৰবাসত চাকৰি বিচাৰি নাহে৷ চাকৰি বিচৰালোকসকলক এজেন্টে নানা প্ৰলোভনেৰে অৰ্ধ সত্যকৈ তেওঁলোকৰ পৰা কষ্টেৰে বা ধাৰ ঋৃণেৰে সংগ্ৰহ কৰা লাখ লাখ টকা আত্মসাত কৰে৷)
     পুনৰ বাংলাদেশী যুৱকজনৰ কথালৈ ঘূৰি আহিছোঁ৷ নিজৰ দেশত এজেন্টক ৫লাখ টকা দি কাটাৰ পালেহি৷ ঘৰত আছে মাক পৰিবাৰ আৰু তিনিটি সন্তানৰ সৈতে ঘৈণীয়েক৷ পৈত্ৰিক সম্পত্তি বেচি টকাখিনি এজেন্টক দিলে৷ এতিয়া ঘৰ কেনেকৈ চলিছে সোধাত জনালে মাটি-সম্পত্তি বেচাৰ কিছু টকা ঘৰত খোৱা খৰছ হিচাবে দি থৈ আহিছে৷ পঢ়াশুনা মেট্ৰিক ফেল, বাংলাদেশী ড্ৰাইভিং লাইচেঞ্চ আছে৷ সেইখন ইয়াত অচল  প্ৰশিক্ষণলৈ কাটাৰী ড্ৰাইভিং লাইচেঞ্চ ওলিয়াবলৈ কমেও ৩হাজাৰ ৰিয়ালৰ আৱশ্যক৷  আন একো বিদ্যাত তেওঁৰ অৰ্হতা নাই৷ মোৰ ওচৰলৈ অহাৰ উদ্দেশ্য ' ইয়াত ' কিডনি ট্ৰান্সপ্লান্ট হয়; মানুহে এটা কিডনিৰে জীয়াই থাকিব পাৰেনে নোৱাৰে চিকিৎসকৰ পৰা ভালদৰে জনাকিডনি বিক্ৰী কৰিলে কিমান ৰিয়াল পাব ইত্যাদি৷ মই জনালোঁ ইয়াৰ চৰকাৰী হামাড হস্পিতালতত মাহে মাহে দুটা এটা কিডনি ট্ৰান্সপ্লান্ট অপাৰেচন হয়৷ কিন্তু সেয়া সম্পূৰ্ণ বিনামূলীয়া৷ কিডনি দাতায়ো একো ধন-বিত নাপায়৷  ভাৰতত একোটা কিডনিৰ বৰ্তমান বিক্ৰী মূল্য ৫ৰ পৰা ১০লাখ টকা বা ততোধিক৷ বাংলাদেশী যুৱকজনে কিডনি বেচি নিজে একেকোবে ঋৃণমুক্ত হোৱাৰ বাসনা পুঁহিছে৷ ভিছা পালে সেই উদ্দেশ্যৰে ভাৰতলৈ যাব বুলি জনাই মোৰ ওচৰৰ পৰা বিদায় ললে৷ (মই যুৱকজনক নজনালোঁ যে অসমৰ উন্মুক্ত সীমান্তই দি ভিছা নোহোৱাকৈ অসম হৈ ভাৰতত অনায়াসে প্ৰবেশ কৰিব পাৰি আৰু যিমান দিনলৈ মন যায় সিমান দিনলৈ ভাৰতত থাকি যাব পাৰে !)
    জীৱন আৰু জীৱিকাৰ তাড়নাত মানুহৰ কিমান ধৰণৰ মতিভ্ৰম হয় আৰু তাৰ পৰিণাম কিমান ভয়ংকৰ হব পাৰে -এইটো এটা তাৰ সামান্য উদাহৰণ সহৃদয় অকবৰ পাঠকসকলৰ আগত দাঙি ধৰিলোঁ৷


ডোহা,কাটাৰৰ পৰা

২৫ নভে্ম্বৰ ২০১৪

Total Pageviews