Translate

Thursday, January 24, 2013

সম্বন্ধ


সম্বন্ধ

নকৰোঁ আশা, নকৰোঁ অভিমান
আজি বুজিছোঁ
কিছুমান সম্বন্ধ
সমান্তৰাল ৰেলৰ লাইনৰ দৰে
গৈ থাকে, গৈয়ে থাকে
নালাগে কাহানিও লগ !

সেয়ে কোনো খেদ নাই !

২৪ জানুৱাৰী ২০১৩

Like ·  ·  · 59 minutes ago


আহ্বান !


আহ্বান !

হে বন্ধু মোৰ
মোহাচ্ছন্ন নহবা
নহওঁ
মই বিশিষ্ট
সৰ্ব গুণাকৰ
তোমাৰ কল্পনাৰ আদৰ্শ ব্যক্তি৷

মই যে তেনেই নিচ্ছ
এক ভাবুক
আনৰ মৰমত পমি যোৱা
মুখাবিহীন চৰিত্ৰহে৷

ইমান উচ্চতালৈ তুলি নিদিবা মোক
ভয় লাগে মোহভংগ হলে
যেতিয়া হাত এৰি দিবা
দুখ মই কলিজাতহে পাম !

২২জানুৱাৰী ২০১৩
ডহা, কাটাৰৰ পৰা
Like ·  ·  · Tuesday at 9:53am

পৰিচয় অচল টকা


পৰিচয় অচল টকালৈ
সলনি হবলৈ নালাগে পৰ৷
কালিৰ সম্ৰাট
আজি হঠাতে হলোঁ নি:কিন৷

প্ৰতিদান আশা কৰাটোৱেই ভুল
যি যেনেকৈ আছে তেনেকৈয়ে থাকিব দিয়া৷
বিচাৰিলেই পাবা দুখৰ ওপৰি দুখ৷

মৰীচিকাৰ ভ্ৰমত পৰি
হলোঁ আজি মই অচল টকা৷

২১ জানুৱাৰী, ২০১৩

Like ·  ·  · Monday at 10:33pm



Tuesday, January 15, 2013

‘নৱবৰ্ষ, ভোগালী আৰু জ্যোতিপ্ৰসাদ’


সাহিত্য ডট অৰ্গৰ সম্পাদক ৰণজিৎ কুমাৰ বৰাৰ আগ্ৰহত দুআষাৰ লিখিবলৈ কি ব'ৰ্ডত হাত বুলাব লৈছোঁ৷
 নাজানোঁ মোৰ লিখনিয়ে থীমৰ বিষয় বস্তুৰ কিমান কাষ চাপিব পাৰিব৷ বিগত বছৰটোৰ অন্তিম মাহৰ নিৰ্লজ্জ দানবীয় ঘটনাৱলীয়ে দেশে-বিদেশে ভাৰতবৰ্ষৰ মান-সন্মান ভূলুণ্ঠিত কৰিলে আৰু সৃষ্টি কৰিলে এক অভূতপূৰ্ব  জন প্ৰতিবাদৰ ঢৌ, যাৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত৷ এই বিষয়ে অধিক চৰ্চাই মনলৈ দুখ আৰু হতাশাৰ ভাৱহে আনে বাবে সদ্যহতে বিষয়টো সামৰিছোঁ৷

            ৰাতিপুৱাই টিভিত দেশৰ বাতৰি শুনাৰ আৰু ইন্টাৰনেটৰ মাধ্যমেৰে অসমৰ বাতৰিকাকতসমূহত চকু ফুৰোৱাৰ  মোৰ  নিয়মীয়া অভ্যাস৷ এনে কৰোতে বেয়া বাতৰিৰ পয়োভৰত ভাল বাতৰি বিচাৰি হাবাথুৰি খাবলগীয়া হয়৷ ভাবিলে আচৰিতেই লাগে চকুৰ আগত চাওতে চাওতে কেনেকৈযে দিনবোৰ সলনি হ'ল৷
এটা দিন আছিল যেতিয়া জানুৱাৰীলৈ পক্ষেক থাকোতেই বগা বাৰঙীণ ড্ৰয়িং পেপাৰ কিনি আনি সৰু সৰুকৈ কাটি তাত ছবি
 আঁকি ৱাটাৰ কালাৰ বা পেষ্টেল কালাৰৰে ৰঙ কৰিছিলোঁ৷ শুভেচ্ছা বাৰ্তা শুৱলাকৈ সাজি ওলিয়াই ধুনীয়াকৈ ৰঙীন আখৰেৰে লিখিছিলোঁ৷ লেফেফাও প্ৰায় নিজে সাজিছিলোঁ আৰু ডাক টিকট লগাই নিজ হাতেৰে ৰঙা চিঠিৰ বাকচত প'ষ্ট কৰিছিলোঁ৷ ডিচেম্বৰৰ শেষ সপ্তাহৰ পৰা জানুৱাৰীৰ মধ্য ভাগলৈ  ডাকোৱালৰ আৰু ডাকোৱালে কঢ়িয়াই 
অনা  চিঠিৰ অতীব আগ্ৰহেৰে প্ৰতীক্ষা কৰিছিলোঁ৷  দুই এখন গ্ৰিটিংচ টেলিগ্ৰামো কেতিয়াবাহাতত পৰিছিল৷ আমাৰ শিক্ষা গুৰুসকলকো নিজে বনোৱা গ্ৰিটিংচ যাচি আনন্দিত হৈছিলোঁ৷ নিজলৈ অহা  গ্ৰিটিংচ কাৰ্ড সমূহেৰে নিজৰ
 কোঠা শুৱনি কৰি এক বুজাব নোৱৰা তৃপ্তি পাইছিলোঁ৷

…….সময়ৰ বিবৰ্তনৰ লগে লগে কিনা বা হাতেৰে বনোৱা গ্ৰিটিংচ কাৰ্ডৰ চাহিদা নোহোৱা হ'ল৷ টেলিফোনত আৰু এচ এম এচত মবাইল ফোনত আৰু এতিয়া ফেচবুকত মানুহে শুভেচ্ছাৰ বিনিময় কৰা হ'ল৷. মৃদুল সন্ধিকৈ নামৰ এজন  ভাৱ বিভোৰলোকে সেয়ে জনসাধাৰণ বাতৰি কাকতত লিখিছে -"নৱবৰ্ষ আহিল, নাহিল ডাকোৱাল" ! এই নষ্টালজিয়াৰ মাজত সোমাই থাকোতে টিভিৰ পৰা অহা মন্দিৰ নামঘৰৰ শংখ ঘন্টাৰ ধ্বনিয়ে পহিলা জানুৱাৰীৰ প্ৰভাতী পুৱাটোত মন মোৰ ফৰকাল কৰি তুলিলে৷ মোৰ সহৃদয় পাঠকসকলে জানে যে বৰ্তমান মই নিজৰ জনমভূমিৰ পৰা চাৰি হেজাৰ কিলোমিটাৰ দূৰত্বৰ এক মৰুৰ দেশত কৰ্মৰত৷ সেয়ে পূজা-পাঠৰ শব্দ শুনিয়ে মনলৈ পবিত্ৰ ভাৱ এটা আহিল৷ নৱবৰ্ষৰ প্ৰথম দুদিনৰ মোৰ চকুত দেখা দিয়া কেইটিমান বাতৰি ইয়াত উল্লেখ কৰিব খুজিছোঁ৷ গুৱাহাটীত নৱবৰ্ষৰ দিনা ৫ কোটি টকাৰ মদ বিক্ৰীৰ বিপৰীতে গ্ৰন্থ বিক্ৰী হয় দহ লাখ টকাৰ৷ গুৱাহাটীৰ চিৰিয়াখানাত এক জানুৱাৰী দিনাখন ২২ হেজাৰৰো অধিক দৰ্শণাৰ্থীয়ে প্ৰৱেশ কৰে৷ পৰিতাপৰ বিষয় চিৰিয়াখানাৰ বনস্পতি উদ্যান যুৱক-যুৱতীৰ অশালীন আচৰনৰ ৰম্যভূমিত পৰিণত হোৱাত কেইবা মাহৰ পৰা কৰ্তৃপক্ষই এই বনস্পতি উদ্যানত তলা মাৰি থৈছে৷  
             আজিৰ মানুহৰ জীৱনৰ এক অপৰিহাৰ্য অংগত পৰিণত হোৱা ইন্টাৰনেটৰ শুভাৰম্ভ হৈছিল ১৯৮৩ চনৰ  এক জানুৱাৰীৰ দিনা৷গতিকে ২০১৩ চনত ইন্টাৰনেটে তিনিটা দশক সম্পূৰ্ণ কৰিলে৷ আৰক্ষীৰ তৎপৰতাত নতুন বছৰৰ প্ৰথম দুটা দিনত গুৱহাটী মহানগৰীত মটৰ দূৰ্ঘটনা আৰু  সুৰাপায়ীৰ অতপালি হ্ৰাস এক উল্লেখযোগ্য ঘটনা বুলি চিহ্নিত হৈছে৷
      চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত নিশ্চিতকৈ সহায়কাৰী হব পৰা তেজপুৰৰ বিহগুৰিত নিৰ্মাণৰত তেজপুৰ মেডিকেল কলেজৰ ৮০ ভাগৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱাটো নি:সন্দেহে এক আশাপ্ৰদ বাতৰি৷একে সময়তে তেজপুৰ বিশ্ববিদ্যালয়ে 
ক্ৰমে অসমবাসীৰ মনলৈ নতুন আশাৰ সঞ্চাৰ কৰিব সমৰ্থ হৈছে৷ অলপতে সেই প্ৰতিস্থানত এসময়ৰ অসমৰ এজন মেধাবী ছাত্ৰ ডা০বিপুল চন্দ্ৰ শৰ্মাই আমেৰিকাৰ লোভনীয় চাকৰি ত্যাগ কৰি তেজপুৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰাটো সঁচাকৈয়ে এক সুখবৰ৷ আনহাতে তিনিচুকীয়াৰ যুৱক ডা০মুকুট গোঁহায়ে বৰ্তমান দক্ষিণ আফ্ৰিকাত বিজ্ঞানীৰূপে সুনাম আৰ্জিবলৈ সক্ষম হোৱাৰ খবৰ অসমৰ বাতৰিকাকতত প্ৰকাশিত হৈছে৷ আৰু বহু কেইটা
 সৰু-বৰ ভাল লগা খবৰ হ'ল : 
অসম কৃষি বিশ্ববিদ্যালয়ে স্বাইন ফিভাৰৰ ছিটা উদ্ভাৱন কৰিছে আৰু 'আসাম মিস্ক' নামৰ সূলভ মূল্যৰ শিশু খাদ্যৰ উৎপাদন আৰম্ভ কৰিছে৷ 
অসম এচচিয়েচন, গুড়গাঁৱে দিল্লীলৈ চিকিৎসাৰ বাবে অসমৰ পৰা যোৱা ৰোগীৰ সুবিধাৰ্থে সহজতে ৰক্ত সংগ্ৰহৰ ব্যৱস্থা কৰিছে৷
 এইয়া নিশ্চয় প্ৰয়োজনীয় লোকসকলৰ বাবে সকাহ দিয়া বাৰ্তা৷ স্কুলীয়া শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰা বিশ্বনাথ চাৰিআলিৰ স্তুতি খাউণ্ডৰ নাছা ভ্ৰমণ অভিজ্ঞতাৰ বিষয়ে সাক্ষাৎকাৰো পঢ়ি ভাল লাগিল৷ 
আৰু ভাল লাগিল জানি অসমীয়া ডি টি পিৰ চফ্টৱেৰ নিৰ্মাতা লক্ষীমপুৰৰ অনিল বৰুৱাৰ সংগ্ৰামৰ আৰু উৎথানৰ কাহিনী পঢ়ি৷ মন ভৰি উঠিল যেতিয়া অৱগত হলোঁ জীৱিকাৰ সংগ্ৰামত 
তেওঁ এটা সময়ত ৬০টকা হাজিৰাৰ ৰাজমিস্ত্ৰীৰ কাম কৰিবলগীয়া হৈছিল৷ ইন্টাৰনেটত জনসাধাৰণৰ বাতৰি পঢ়ি দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই অনিল বৰুৱালৈ 
এক লাখ টকাৰ সাহাৰ্য্য প্ৰেৰণ কৰিছে - সিও এক সুসংবাদ৷ 
 আন এজন যুৱ অভিযন্তা সমাজ সচেতন ব্যক্তি ডা০বুলজিৎ বুঢ়াগোঁহাই অহৰ্নিশ ব্ৰতী হৈ আছে - অসমীয়া সমাজৰ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰৰ পথ নিৰ্দেশনা দিয়াত৷ বিভিন্ন সংবাদপত্ৰত চিঠি পত্ৰৰ মাধ্যেমেদি তেওঁৰ অসমৰ প্ৰতি কিবা এটা কৰাৰ মানসিকতা প্ৰকাশ পাই  আহিছে ৷
 অভিযন্তা অনুপম বৰ্মনৰ এক লিটাৰ পেট্ৰলেৰে ১১৯ কিলোমিটাৰ দূৰত্বলৈ গাড়ী দৌৰাব পৰাৰ উপায় উদ্ভাৱনৰ উৎসাহী বাতৰিৰ লগতে 
উদ্ধৱ ভৰালীৰ নবতম কঁকাল বেকা নকৰাকৈ কঠিয়া ৰোৱা যন্ত্ৰ আবিস্কাৰৰ সংবাদেও দিলে মনত অশেষ আনন্দ৷
পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰীৰে নীলিম কুমাৰ ভূঞাৰ উদ্যোগ স্থাপন, টেঙা পুখুৰীৰ অজিত শৰ্মা বৰুৱাৰ "ভোগালী জলপান" উদ্যোগ প্ৰতিস্থাৰ কাহিনী,
 এটকাৰো কাৰো সহায় নোপোৱা প্ৰীমল নাৰ্জাৰীৰ ৩০০বিঘা মাটিত ৰবৰ খেতি কৰি কেইবাটিও পৰিয়ালক সংস্থাপন দিয়াৰ আশাপ্ৰদ বাতৰিৰ ওপৰিও ভাল লাগিল
 "লা মেজু দি আনন্দ" শীৰ্ষকেৰে অসমীয়া প্ৰতিদিনত  প্ৰকাশিত বাতৰি৷চমুকৈ কবলৈ হলে মাজুলীত পৰ্য্যটনৰ বিকাশৰ বাবে ডেনী গাম আৰু 
তেওঁৰ সহযোগী দুলাল, নিতুল, জ্যোতিৰ সহযোগত ওলাই অহা এদল উদ্যমী যুৱকৰ  কৃচ্ছ্ৰসাধনাৰ  কাহিনী  প্ৰতিদিনত 
সুন্দৰকৈ বৰ্ণনা কৰা হৈছে৷ দুখন কবিতা পুথি ৰচনা কৰা আৰু ‘গাইড’ হিচাবে জীৱন আৰম্ভ কৰা ডেনী গাম বৰ্তমান এজন টুৰিষ্ট  অফিচাৰ৷ এইসকলৰ পৰিচালনাত মাজুলীলৈ এতিয়া দেশ বিদেশৰ ভ্ৰমণকাৰীৰ আগমন ঘটিবলৈ লোৱাটো  আশাৰ বতৰা৷

ভাল লগা খবৰ হ'ল গ্ৰন্থমেলাত আৰু আন অনুষ্ঠানতো ১২টা ভাষাত (আদি,নাগমিজ,গাৰো,বড়ো, কাৰ্বি,ৰাজবংশী,হাজং,ৰাভা,চাহ জনগোষ্ঠীয় বাগানীয়া, হিন্দী,বাংলা আৰু অসমীয়া ) 'অ' মোৰ আপোনাৰ
 দেশ' পৰিবেশন হোৱাটো৷ একে সময়তে প্ৰকাশিত হোৱা এটি উল্লেখযোগ্য বাতৰি হ'ল শিৱসাগৰৰ 'উত্তৰণ' যাদুঘৰৰ প্ৰতিষ্ঠাতা দূৰ্লভ বৰাৰ বিষয়ে৷ মোৰ সমবয়সী দূৰ্লভ বৰা আমাৰ দেউতাৰ নলে গলে লগা বাল্য  বন্ধু স্বৰ্গীয় কুলধৰ বৰাৰ সুপুত্ৰ৷ এটা সময়ত কালুগাঁৱৰ বৰপাত্ৰ দ'ল হাইস্কুলত দেউতাই তাৱৈদেউৰ সৈতে একেলগে শিক্ষকতা কৰিছিল৷ আমি দূৰ্লভ বৰাৰ পিতৃ-মাতৃক "তাৱৈ -আমৈ" বুলিছিলোঁ৷ আজিকালি "আংকল"ৰ হেঁচাত এই সম্বোধনটো দূস্প্ৰাপ্য হৈ পৰিছে৷ ব্যক্তিগত যাদুঘৰ উত্তৰণৰ দিনক দিনে উত্তৰণ ঘটক ইয়াকে  অন্তৰেৰে কামনা কৰোঁ৷

 নৰৱেত বিজ্ঞানৰ গবেষণা কৰাৰ লগতে একনিষ্ঠভাবে অসমীয়া ভাষাৰ উত্তৰণত লাগি থকা পংকজ বৰাই নেটত খবৰ দিছে - সৌৰভ চলিহাৰ 'অশান্ত ইলেকট্ৰন' আৰু কেইবাটিও গল্পৰ ইংৰাজী অনুবাদ ইন্টাৰনেটত উপলব্দ্ধ হৈছে৷ আৰু এটা ভাল খবৰ হ'ল - ডা০সঞ্জীৱ কুমাৰ বৰকটকীৰ মহপুৰুষ শংকৰদেৱৰ অৱদানৰ ওপৰত লিখা এখনি ইংৰাজী গ্ৰন্থ জাৰ্মানীৰ লেমবাৰ্ট 
একাডেমিক পাব্লিচিঙে প্ৰকাশ কৰি ওলোৱাটো৷ ভাল খবৰৰ বাবে তৃষ্ণাতুৰ থকা অৱস্থাত খবৰ আহিছে তিতাবৰৰ পৰা - শুভ্ৰবস্ত্ৰ,মূৰত পাগুৰি আৰু গলত গামোছালৈ  প্ৰায় ১৫ হেজাৰ শিল্পীয়ে একেলগে খোলবাদন কৰি এক বিশ্ব অভিলেখ গঢ়িলে৷

এইবাৰ প্ৰসংগ সলনি কৰিব খুজিছোঁ৷ বিগত বছৰতটোৰ পৰ্যলোচনা কৰাতকৈ অলপ সুকীয়াকৈ ভাবিব খুজিছোঁ৷ সবাক চিন্তন (Loud thinking ) কৰিব লৈছোঁ৷ মনলৈ বাধাহীন ভাবে যি আহে আহিব দিছোঁ - মাথো কথাখিনিয়ে আত্মশ্লাঘাৰ ৰূপ নললেই হ'ল৷ কিতাপৰ জগতখনৰ সৈতে মোক পৰিচয় কৰাই দিছিল দেউতাই৷ দেউতাই এফালে চতুৰ্থ শ্ৰেণীত ডিব্ৰুগড় চৰকাৰী হাইস্কুলত মোৰ নাম লগালে আনফালে ৫ টকা দি  মোক জিলা পুথিভৰালত সদস্য ভৰ্তি কৰি দিলে৷ চৌকিডিঙিৰ জিলা পুথিভৰালৰ ওচৰত ৰেবতী পেহীদেউ আৰু হৰেশ পেহাদেউৰ ঘৰ৷ সোমবাৰে লাইব্ৰেৰী বন্ধ থাকে৷ লাইব্ৰেৰীৰ পৰা এবাৰত দুখনকৈ কিতাপ ঘৰলৈ নিবলৈ দিয়ে৷ মই সপ্তাহত ৪৷৫দিনেই লাইব্ৰেৰীলৈ যাওঁ আৰু প্ৰায়েই পেহীৰ ঘৰত সোমাওঁ৷ মোৰ কিতাপ পঢ়াৰ আগ্ৰহটোৰ বাবেই পেহী আৰু পেহাই মোক বিশেষ স্নেহৰ চকুৰে চাইছিল৷ পাফু চিৰিজ,দস্যু ভাস্কৰৰ পৰা আৰম্ভ কৰি হেম বৰুৱাৰ নানান ভ্ৰমণ কাহিনী, অনুবাদ সাহিত্য বিলুপ্ত জগত, টলষ্টয়ৰ সাধু, এণ্ডাৰচনৰ সাধু  আদি এফালৰ পৰা গ্ৰাস কৰি গৈছিলোঁ৷ এটা সময়ত পাঠ্যপুথিৰ বাহিৰৰ কিতাপৰ এটা অংশ নপঢ়িলে মোৰ টোপনি নহা হ'ল৷ ডাক্তৰ হোৱালৈকে মোৰ এই অভ্যাসটো বাহাল আছিল৷ ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই ভাৰত চৰকাৰৰ এটি জলপানি পাই বেনাৰচৰ 'ৰাজঘাট বেচেন্ত স্কুল'ত পঢ়িবলৈ গুছি গলোঁ৷ বিদ্যালয়ৰ অসমীয়া পঢ়াৰ সেয়ে সিমানতে অন্ত পৰিল৷ ইয়াৰ বাবেই মোৰ লিখনিত বানানৰ  বহুতবোৰ ভুল হয়৷ জীৱনৰ সৰ্বোত্তম ৫টা বছৰ বেনাৰচত কটোৱাৰ পিছত এটা সময়ত ডাক্তৰ হলোঁ৷ চৰকাৰী চাকৰি ১৬টা বছৰ কৰাৰ পিছত এৰা-ধৰাকৈ যোৱা দহটা বছৰে বিদেশত কৰ্মৰত৷ মৰুৰ দেশ কাটাৰলৈ আহি যোৱা বছৰটোত কম্পিউটাৰত নিজে নিজে অসমীয়া লিখিবলৈ শিকিলোঁ৷ ভাৱ প্ৰকাশ  কৰিবলৈ এখন মঞ্চ পালোঁ - 'অসমীয়া কথা বতৰা' গোট৷ অলপতে মোৰ ৰচিত কেইটিমান কবিতা দুখন কবিতা পুথিৰ সংকলনত প্ৰকাশিত হ'ল৷--- আৰু এতিয়া মই নিজে সপোন দেখিব পৰা হলোঁ৷ কাটাৰৰ ডায়েৰী,এখনি কবিতাৰ কিতাপ আৰু এখন খুহুতীয়া কথাৰ সংকলন প্ৰকাশ কৰাৰ সপোন দেখিব আৰম্ভ কৰিছোঁ৷ ফেচবুকৰ মাধ্যেমেৰে বিগত বছৰটোত বহু কেইজন বন্ধু পালোঁ৷ দূৰৈত থাকিও মাতৃভাষাত ভাব ব্যক্ত কৰিবলৈ এখন আপোন সমাজ পালোঁ৷ কাকো দুখ নিদিওঁ বুলি মই ভাবিলেও মোৰ ওচৰত ক্ষুন্নহৈ কোনো কোনোবাই মোৰ বন্ধু্ত্ব ত্যাগ কৰাটো মোৰ বাবে দুখৰ বিষয়৷

ভোগালীৰ তাৎপৰ্য্য অসমৰ বাহিৰত থাকিয়েই বাল্যকালৰ পৰা ভালকৈ বুজি উঠিছিলোঁ৷ উৰুকাৰ আগনিশাৰ চুৰিকাৰ্য্যক পোনতে বিস্ময়ৰে প্ৰত্যক্ষ কৰিছিলোঁ যদিও মনটোৱে ইয়াক কাহানিও সমৰ্থন জনোৱা নাছিল৷ আনৰ চকুত আমাৰ বেয়া পৰম্পৰা এটা সদায় কিয় ধৰা দিব লাগে ? একেই কথা বহাগত বিহু হুঁচৰিৰ নামত বাৰে ভচহু দল এটা পাতি অনা অসমীয়াৰ পদূলিত বিকৃতভাবে গাই-বাই ফুৰাৰো দূৰ্ঘোৰ গৰিহনা দিওঁ৷ এইখিনিতে কব খুজিছোঁ সৰুকালতে পিতৃ - মাতৃয়ে দিয়া এটি শিক্ষা ৷ মেজিৰ জুই বৰ পবিত্ৰ ৷ গা ধুই বিশুদ্ধ মনেৰে অগ্নিদেৱতাক সেৱা জনাইহে মেজিৰ জুইৰ উত্তাপ লব লাগে৷ আজিলৈ সেই নিয়ম মই ভংগ কৰা নাই৷ মেজিৰ জুইৰ উমলৈ পোনতে নামঘৰৰ মাহ-প্ৰসাদ গ্ৰহণ কৰাৰ পিছতহে চাহ-জলপানৰ সৈতে পিঠা-পনা খোৱাটো নিয়ম বুলি মানি আহিছোঁ৷

ভাৰতৰ চতুৰ্থখন সবাক বোলছবিৰ নিৰ্মাণ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে৷ অসমত ষ্টুডিঅ' নথকাত তেওঁৰ চাহ বাগিচাখনকেই ষ্টুডিঅ'লৈ ৰূপান্তৰিত কৰিছিল৷ সেই সময়ৰ ৰক্ষণশীল সমাজখনৰ মাজৰ পৰা আইদেউ সন্ধিকৈৰ দৰে নাৰীক বোলছবিত অভিনয়ৰ বাবে বিচাৰি ওলিয়াইছিল৷আৰ্থিক লাভ লোকচানৰ কথা চিন্তা নকৰি মাত্ৰ অসমীয়া সমাজৰ সুনাম আৰু যশ বৃদ্ধিৰ বাবে তেতিয়াৰ দিনতে চিত্ৰনিৰ্মাণৰ দু:সাহস কৰিছিল৷বহুমুখী প্ৰতিভাধৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংগ্ৰামী জীৱনটো আছিল সাধুকথাৰ কাহিনীৰ দৰে৷ জ্যোতিপ্ৰসাদৰ বিষয়েনো অধিক কি লিখিম ? গোটত অনেকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে সাৰুৱা কথা লিখিছে আৰু লিখিব৷মই মাথো উপলব্দ্ধি কৰোঁ এইজনা মনীষি অল্পায়ুতে নুঢুকুৱা হলে অসমৰ সাহিত্য সংস্কৃতিৰ জগতখন আৰু সমৃদ্ধিশালী হ'লহেতেন৷

মুখনিত ইমানেই কম যে মনলৈ অহা বেবেৰিবাং সকলো লিপিবদ্ধ কৰা বাবে পাঠকসকলে দায়-দোষ নধৰে যেন৷বেয়াখিনি অগ্ৰাহ্য কৰি লাগতিয়াল যেন লগা কথাখিনিতহে পাঠকে মনোযোগ দিয়ে৷ লিখনিৰ শিৰোনামাটোও হয়তো মই দিয়া সঠিক
নহ'ল৷ সকলোকে ধন্যবাদ আৰু নৱবৰ্ষৰ শুভকামনা জনাই আজিলৈ বিদায় মাগিলোঁ৷


  ডা০ ভূপেন শইকীয়া 
৮ জানুৱাৰী ২০১৩,
 ড'হা কাটাৰৰ পৰা Email ~ drbksaikia@gmail.com






Total Pageviews