Translate

Friday, July 1, 2016

ছিটাৰ উদ্ভাৱন আৰু ইয়াৰ প্ৰয়োজনীয়তা

মানুহে অতীজৰ পৰা ৰোগ-ব্যাধি আৰু অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ প্ৰয়াস কৰি আহিছে৷ ইতিহাসৰ পাত লুটিয়ালে আমি জানি বিস্মিত হওঁ যে ১৭শতিকাত চীন দেশত বৌদ্ধ ভিক্ষুসকলে বিষধৰ সাপৰ বিষ ভক্ষণ কৰিছিল যাতে সৰ্পদংশন আৰু বসন্তজাতীয় ৰোগৰ পৰা সুৰক্ষা পাব পাৰে৷সাধাৰণতে এজন ব্যক্তিয়ে যি কোনো বীজাণুৰ (বেক্টেৰিয়া বা ভাইৰাছ যিয়ে নহওক) সংক্ৰমণত ভূগিলে ৰোগৰ লক্ষণসমূহ তেওঁৰ শৰীৰত প্ৰস্ফুটিতহৈ উঠে৷ সেই লক্ষণসমূহে কেতিয়াবা অতি ভয়াবহ ৰূপধাৰণ কৰিব পাৰে৷ প্ৰাণলৈয়ো সংশয় আনিব পাৰে৷ ৰোগৰ অৱসান ঘটাৰ পিছতো শৰীৰৰ অংগত ক্ষয়-ক্ষতিৰ ছাপ থৈ যাব পাৰে৷ এনে বিপদজনক অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ প্ৰয়াসতেই উদ্ভাৱন হয় ভেকচিন বা ছিটাৰ৷ যাৰ অসমীয়াত আন এটা নাম হ'ল টিকা৷অভিধানমতে ছিটা হ'ল দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সাধাৰণতে নিৰ্দ্দিষ্ট বেক্টেৰিয়া, ভাইৰাছ আদি বীজাণুৰ অসংক্ৰমী ৰূপ বা সিহঁতৰ অংশবিশেষ মানুহৰ গাত সুমুৱাই দিবৰ বাবে প্ৰস্তুত কৰা যি কোনো দ্ৰৱ্য৷

Total Pageviews