Translate

Tuesday, October 29, 2013

মনে মনক দিয়ে বেথা

মনে মনক দিয়ে বেথা

সলনি হয় কিয় জানো মানুহৰ মনবোৰ ?

আছে জানো কোনো তৰাজু 
মানুহৰ অন্তৰ জোখা ?

জীৱন মানেই যে
পোৱা, নোপোৱা
আৰু পাই হেৰুৱাৰ সমষ্টি,
তথাপিও হেৰাই যোৱাৰ দুখবোৰে
কিয় বাৰু কৰে বাৰে বাৰে আমনি ?

আৰু নুবুজোঁ
মানুহৰ সলনি হোৱা মনবোৰে
কিয় বাৰু দিয়ে বেথা !

২৭-১০-২০১৩
ডোহা, কাটাৰ
Like ·  · Unfollow Post · 27 October at 22:31
  • Nandan Aatreya জীৱন মানেই যে
    পোৱা, নোপোৱা
    আৰু পাই হেৰুৱাৰ সমষ্টি.......


    সকলো পোৰ পিছতো পাবলগীয়া বহু কিবাকিবি ৰৈ যায় জীবনটোত ৷ দাৰ্র্শনিক বা ভাবাবেগ মনটোৱে যে বিচাৰি ফুৰে অলেখ কিবাকিবি ৷ কবিতাটোও পঢ়ি তেনেকুৱাই লাগিল ৷
  • DrBhupendra Saikia Nandan Aatreya আৰু কবিতাটো পঢ়ি ভাল পোৱা সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ৷

Total Pageviews