Translate

Friday, November 27, 2015

কঁকালৰ বিষ



     অসমীয়াত ফকৰা যোজনাতে হওক বা লিখিত সাহিত্যতে হওক কঁকালৰ উল্লেখ নানাধৰণেৰে পোৱা যায়৷ একঁকাল পানী, খামুচীয়া কঁকাল, কঁকাল পৰিল, কঁকাল ভাং, কঁকালত টঙালি বান্ধ, কঁকাল পোনাই ঠিয় হোৱা আদি অনেক৷ সেই কঁকালৰ বিষয়টো আজিৰ স্বাস্থ্য কথাৰ মাজলৈ আনিব খুজিছোঁ৷
     কঁকাল গঠন হয় হাঁড় (Vertebra), হাঁডৰ মাজৰ কুশ্বন বা ডিস্ক, লিগামেন্ট, ৰাজহাঁড়ৰ মজ্জা (Spinal cord ), স্নায়ু ,মাংসপেশি আৰু পেটৰ ভিতৰৰ অংগসমূহেৰে৷এই সকলোবোৰক ছালে আৱৰি ৰাখে৷ গতিকে এই যি কোনো অংশৰ বিজুতি হলেই কঁকালৰ বিষ হব পাৰে৷ ৬সপ্তাহলৈকে হোৱা কঁকালৰ বিষক একিউট বা হ্ৰস্বম্যাদী বুলি গণ্য কৰা হয়৷ সৰ্বাধিক ৩মাহলৈকে হোৱা বিষক চাব-একিউট বা মধ্যমীয়া আৰু তিনিমাহৰ ওপৰকালৰ কঁকালৰ বিষক ক্ৰনিক বা দীৰ্ঘম্যাদী বুলি ধৰা হয়৷ একিউটৰ তুলনাত ক্ৰনিক কঁকালৰ বিষ কমকৈ দেখা যায়৷ 'ফাইব্ৰমায়েলজিয়া' 'ল এবিধ ক্ৰনিক কঁকালৰ বিষ য'ত মাংসপেশি আৰু গাঠিৰ বিষ হয়, টোপনিৰ ব্যাঘাত জন্মে,লগত সাধাৰণতে ইৰিটেবল বাৱেল চিনড্ৰমযুক্ত থাকে৷এই ৰোগত হাঁড়,গাঠি আদিত ক'তো ইনফ্লেমেচন দেখা নাযায়৷
মেডইণ্ডিয়াৰ ৱেবচাইটত প্ৰকাশিত তথ্যমতে ভাৰতবৰ্ষত প্ৰতি ৫জন প্ৰাপ্তবয়স্কৰ ভিতৰত ৪জনৰ এটা নহয় এটা সময়ত কঁকালৰ বিষ হয়৷ আমেৰিকাৰ মেয়' ক্লিনিকৰ তথ্য মতেও ৮০শতাংশ আমেৰিকানে জীৱনকালত এটা সময়ত কঁকালৰ বিষত ভোগে৷ পুৰুষ মহিলা উভয়ৰে কঁকালৰ বিষ হোৱা দেখা যায় ৷ পুৰুষৰ তুলনাত মহিলা ভুক্তভোগীৰ সংখ্যা অধিক৷ সংখ্যাগত দিশৰ পৰা পানীলগা অসুখৰ পিছতেই কঁকালৰ বিষৰ কথা উল্লেখ কৰিব পাৰি৷ সাধাৰণতে ৩৫ৰ পৰা ৫৫বছৰ বয়সৰ লোকৰ কঁকালৰ বিষ হোৱা পৰিলক্ষিত হয়৷
 
কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা কাৰ বেচি ?
মেদবহুলতাত ভোগা শকত লোক, ধূম্ৰপান কৰোতা, এলেহুৱা জীৱন কটোৱা লোক, শাৰীৰিকভাবে অসুস্থ-দুৰ্বল লোক, গৰ্ভাৱস্থা, ড্ৰাগছসেৱনকাৰী,শৰীৰৰ কম ইমিউনিটি থকা লোক আদিৰ কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা বেচি থাকে৷ দীৰ্ঘকাল ষ্টেৰইড দৰব গ্ৰহণ কৰা লোকৰ হাঁড় দুৰ্বল হোৱা ফলত সহজে কঁকালৰ বিষ হয়৷ কিছুমান লোকৰ জেনেটিক কাৰণত হাঁড়ৰ ৰোগ (যেনে এনকাইলজিং স্পণ্ডাইলাইটিচ) হব পাৰে - তেনেলোকৰ কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা বেচি৷ অতিমাত্ৰা কষ্টকৰ শ্ৰম কৰা লোক নাইবা ঠিয় হবলৈ সুযোগ নোপোৱা দীৰ্ঘকাল সময় চকীতে বহি কটোৱা চাকৰিও কঁকালৰ বিষৰ কাৰক হব পাৰে৷ আকৌ মানসিকভাবে দু:চিন্তা আৰু ডিপ্ৰেচনত ভোগা লোকৰ কঁকালৰ বিষ বেচি হোৱা দেখা যায়৷

কঁকালৰ বিষৰ কাৰণসমূহ:
আগতে উল্লেখ কৰি অহা কঁকালৰ যি কোনো অংশৰ বিজুতি হলেই কঁকালৰ বিষ হব পাৰে৷ কিন্তু কেতিয়াবা বিষৰ কাৰণ অনুসন্ধান কৰিলেও পোৱা নাযায়৷ আগদিনালৈকে ভালে থকা মানুহ এজনৰ পিছদিনা পুৱাই হঠাতে কঁকালৰ বিষ হব পাৰে৷ বিষৰ বাবে কামৰ ক্ষতি হব পাৰে৷ যিমানে বেচি বিষ হলেও বেচি ভাগ ক্ষেত্ৰতে কঁকালৰ বিষৰ গুৰুতৰ কাৰণ নোলায়৷ কাচিৎহে পেটৰ ভিতৰৰ অংগৰ বা ৰাজহাঁড়ৰ মজ্জাৰ টিউমাৰৰ লক্ষণ হিচাবে কঁকালৰ বিষ হব পাৰে৷ মনত ৰাখিব লাগিব কিডনিৰ পাথৰ, স্পাইনেল ষ্টেনচিচ, কউডা একিউনা চিনড্ৰম, মহিলাৰ পেলভিক ইনফ্লেমেটৰি ডিজিজ, এণ্ডোমেটৰিয়াচিচ, মূত্ৰাশয়ৰ সংক্ৰমণ আদিতো কঁকালৰ বিষ হব পাৰে৷ কঁকালৰ বিষৰ অন্যান্য সচৰাচৰ দেখা দিয়া কাৰণ সমূহ হ'ল - ষ্ট্ৰে'ন বা মোচোকা খোৱা, মাংসপেশি টান খোৱা, লিগামেন্ট টান খোৱা, গধূৰ ওজন বেসঠিকভাবে লৰচৰ কৰিবৰ প্ৰয়াস কৰা, যি কোনো দূৰ্ঘটনাৰ ফলত কঁকালত কোনো আঘাত পোৱা৷ কঁকালৰ হাঁড়ৰ মাজত থকা ডিস্কে 'শ্বক এবজৰভাৰ'ৰ দৰে আমাৰ ৰাজহাঁড়ক সুৰক্ষা দিয়ে৷ এই ডিস্কৰ নানাবিধ বিজুতি ঘটিলে কঁকালৰ বিষ হয়৷ ডিস্কৰ হাৰ্ণিয়া হৈ স্নায়ুত চেপা খালে কঁকালৰ পৰা টিকা হৈ ভৰিলৈকে তীব্ৰ বিষ হোৱা অৱস্থাক চিয়াটিকা (Sciatica) বোলে৷ হাঁড়ৰ ৰোগ অষ্টিঅ'আৰ্থাইটিচ হলেও কঁকালৰ বিষ হব৷ দীৰ্ঘকাল বিশ্ৰাম নোলোৱাকৈ গাড়ী চলাই গলে হোৱা কঁকালৰ বিষৰ অভিজ্ঞতা বহুতৰে হয়তো আছে৷ একেদৰে লেপটপ বা কম্পিউটাৰত বেহিচাবে ভাজ লগাকৈ বহিও বহুতে কঁকালৰ বিষ চপাই লয়৷ হাঁড়ৰ বিসংগতি যেনে স্কলিঅ'চিচ আৰু স্পণ্ডাইললিষ্টেচিচ কঁকালৰ বিষৰ কাৰক হব পাৰে৷

কঁকালৰ বিষৰ প্ৰধান লক্ষণসমূহ: 
জ্বৰ,বিশ্ৰাম ললেও নকমা বিষ, বিষোৱা অঞ্চল ফুলি উঠা, আঠু-ভৰি পৰ্য্যন্ত বিষ বিয়পা, শৌচ-প্ৰসাৱত কষ্ট পোৱা, টিকা-শৌচদ্বাৰ-জননেন্দ্ৰিয়ৰ আশেপাশে স্বাভাৱিক অনুভূতি কমি জঠৰতা অনুভৱ হোৱা, শৰীৰৰ ওজন হ্ৰাস হোৱা ইত্যাদি৷ 
কঁকালৰ বিষত কৰিবলগীয়া পৰীক্ষাসমূহ: 
এক্সৰে, চিটিস্কেন, এমআৰআই স্কেন, 'ন স্কেন, ইলেক্ট্ৰমায়'গ্ৰাফি,তেজ-প্ৰসাৱৰ পৰীক্ষা আৰু প্ৰয়োজন সাপেক্ষে পেটৰ আলট্ৰাচাউণ্ড৷

চিকিৎসা:-
বিষৰ উপশমৰ বাবে নানাবিধ ঔষধ প্ৰয়োগ কৰা হয় - পেৰাচিটামল,এচপিৰিন,আইব্ৰুপ্ৰফেন, নেপ্ৰস্কেন, মেফেনেমিক এচিড, ইন্দোমিথাচিন, কিটপ্ৰফেন, ডাইক্লপ্ৰফেন আদি৷ মাংসপেশিৰ টান আতৰাবলৈ মাংসপেশি শিথিল কৰা দৰব৷ নানাবিধ বিষ কমোৱা মলম আৰু স্প্ৰে৷ কেতিয়াবা প্ৰয়োজন সাপেক্ষে ষ্টেৰইড বেজীও প্ৰয়োগ কৰা হয়৷ কিছুমান ৰোগীক ডায়েজেপাম আৰু এমিট্ৰিপ্টলিনজাতীয় ঔষধৰেও চিকিৎসা দিয়া হয়৷
ৰোগীৰ মনোবল বৃদ্ধিৰ বাবে কেতিয়াবা কাউঞ্চেলিংৰ প্ৰয়োজন হব পাৰে৷
একুপাংচাৰৰ দ্বাৰা চিকিৎসা কৰিলে শৰীৰত উৎপন্ন হোৱা এণ্ডৰফিনে বিষ উপশম হোৱাত সহায় কৰে৷
সাধাৰণতে ডিস্কৰ প্ৰলাপচ হলে নাইবা দুডাল হাঁড সংলগ্ন হৈ (স্পণ্ডাইল'লিষ্টেচিচ) বিষ উৎপন্ন কৰিলে অপাৰেচনৰ দ্বাৰা বিষৰ নিৰাময় কৰা হয়৷ অসতৰ্ক অপাৰেচনে পেৰালাইচিচজাতীয় স্নায়ুৰ দুৰ্বলতা সৃষ্টি কৰাৰ সম্ভাৱনা নথকা নহয়৷
কঁকালৰ বিষত ভোগাসকলৰ বাবে শেহতীয়া বৈজ্ঞানিক অগ্ৰগতিয়ে দিয়া আশাৰ বতৰা : -
বয়স হোৱাৰ লগে লগে ডিস্কৰ ক্ষয়জাতীয় ৰোগত বহু সংখ্যক লোক আক্ৰান্ত হয়৷ আমেৰিকাৰ নৰ্থ কেৰলিনাৰ ডিউক ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে গবেষনা কৰি পাইছে যে কিছুমান কোষ (যেনে ষ্টেমচেল) নিৰ্দিষ্ট অঞ্চলত বেজী দি ডিস্কৰ অবক্ষয়ৰোধ কৰাৰ ওপৰিও ডিস্কত নতুন কোষ জন্ম দিয়ে৷ অধিক জানিবলৈ আলোচনীত প্ৰকাশিত লিংকত ভুমকি মাৰিব পাৰে-
http://pratt.duke.edu/…/duke-bioengineers-develop-new-appro…

সামৰণিত দুআষাৰ 
-
সকলোধৰণৰ ব্যায়ামে কঁকালৰ মাংসপেশিক সবল কৰি কঁকালৰ বিষ প্ৰতিৰোধত সহায় কৰে৷
-
মেদবহুলতা কমাওক৷বি এম আই মতে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখক৷
-
শৃঙ্খলিত জীৱন অতিবাহিত কৰক৷
-
ধুম্ৰপান আৰু ৰাগিয়াল দ্ৰব্য পৰিত্যাগ কৰক৷
-
চিন্তামুক্ত হৈ জীৱন যাপনৰ প্ৰয়াস কৰক৷
-
তীব্ৰ বিষত কামৰ সময়ত কঁকালৰ বেল্ট বান্ধিব পাৰে কিন্তু এবাৰত সাদিনৰ বেচি দিন ব্যৱহাৰ নকৰাই ভাল৷
-
কঁকালৰ বিষত টান বিচনাত শোৱা ভাল৷
-
কঁকালৰ বিষত হাইহিল জোতা অপকাৰী৷
-
উপযুক্ত পৰিমানৰ নিদ্ৰা (দিনে ৭-৮ ঘন্টা) শৰীৰৰ বাবে অতি আৱশ্যকীয়৷
-
গধুৰ বস্তু লৰচৰ কৰোতে মনত ৰাখিব নিজৰ ফালে টনাতকৈ বিপৰীত থেলাটো অধিক নিৰাপদ৷

কঁকালৰ বিষৰ ঘৰুৱা চিকিৎসা :
-
গৰম পানীৰ বেগ আৰু বৰফৰ বেগেৰে সলনাসলনিকৈ কঁকালৰ বিষোৱা অঞ্চলত সেক দিলে বিষৰ উপশম ঘটে৷
-
কেইফুটামান নহৰু ঠেতালি মিঠাতেলত উতলাওক নাইবা অলপমান কৰ্পূৰ নাৰিকল তেলৰ সৈতে উতলাওক৷ যেই কোনো এবিধ কুহুমীয়া গৰম তেলেৰে দিনে দুবাৰকৈ কঁকালত মালিশ কৰক৷ বিষ-যন্ত্ৰণাৰ ভালেখিনি উপশম ঘটিব৷
(
এই প্ৰাথমিক ঘৰুৱা চিকিৎসাৰ পিছতো কঁকালৰ বিষ ৰৈ গ'লে চিকিৎসকৰ হতুৱাই শৰীৰটো পৰীক্ষা কৰাওক৷)


Thursday, November 5, 2015

চুলিকোচাৰ যতন কেনেকৈ ল'ব ?






নাৰীৰ সৌন্দৰ্যৰ সৈতে চুলিৰ ওতঃপ্ৰোত সম্বন্ধৰ কথা অতি পৌৰাণিক কালৰ পৰাই কবি আৰু সাহিত্যিকসকলৰ চৰ্চাৰ বিষয়-বস্তু হৈ আহিছে। ঘন কেশ বা দীঘল চুলিক কলীয়া মেঘৰ সৈতে উপমা দিয়াৰ কথা, মূৰৰ চুলিৰ সমান আয়ুস হ’বলৈ আশীৰ্বাদ দিয়াৰ কথা, ঈৰ্ষান্বিত দুই নাৰীৰ পৰস্পৰ চুলিয়াচুলিৰ কথা, কেশগুচ্ছ প্ৰতিজ্ঞা-পূৰণ নোহোৱালৈ নবন্ধাকৈ ৰখাৰ কথা আমি ন-পূৰণি আখ্যানসমূহত পাই আহিছোঁ। নাৰীৰ সৌন্দৰ্য-চৰ্চা চুলিৰ সাজ-সজ্জাৰ অবিহনে কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে। চুলি বেচিকৈ সৰা দেখিলে, সময়তকৈ আগতীয়াকৈ পকিবলৈ ধৰিলে কি মহিলা কি পুৰুষ উভয়েই সমানে চিন্তাগ্ৰস্ত হৈ পৰে। আজিৰ আলোচনাৰ মাধ্যমেৰে চুলি পাতল হোৱা আৰু সৰাৰ কিছু সহজ নিদান উৎসুক পাঠকসকলক অৱগত কৰাৰ প্ৰয়াস কৰিম। 

মানুহৰ মূৰত সচৰাচৰ একৰ পৰা ডেৰ লাখডাল চুলি থাকে। এডাল চুলিৰ আয়ুস ২ৰ পৰা ৩ বছৰ। যিকোনো সময়তেই আমাৰ মূৰৰ ৯০ শতাংশ চুলি বাঢ়ি থকা অৱস্থাত থাকে আৰু ১০ শতাংশ চুলি বিশ্ৰাম লোৱা অৱস্থাত থাকে। প্ৰতি ২-৩ মাহৰ অন্তৰালত এই বিশ্ৰাম লোৱা অৱস্থাত থকা চুলি সৰি পৰে। দৈনিক এনেদৰে ৫০ৰ পৰা ১০০ ডাল চুলি সৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। চুলি সৰিলেও তাৰ বিপৰীতে গজাৰ প্ৰক্ৰিয়াটো সমান্তৰালভাবেই চলি থাকে। বেচিকৈ চুলি সৰা তেতিয়া ধৰা পৰে, যেতিয়া গা ধোৱাৰ পিছত বাথৰুমত নাইবা মূৰ ফণিয়াওতে অধিক সংখ্যক চুলি ব্যক্তিজনে প্ৰত্যক্ষ কৰে। এটা অংশৰ চুলি সৰাক ডাক্তৰী ভাষাক ‘এলপেচিয়া এৰিয়েটা’ আৰু গোটেই মূৰৰ চুলি সৰাক ‘এলপেচিয়া টোটেলিচ’ আখ্যা দিয়া হয়। আকৌ গোটেই গাৰ চুলি-নোম সমুদায় সৰিলে এই অৱস্থাক ‘এলপেচিয়া ইউনিভাৰচেলিচ’ বোলা হয়। চুলি সৰি তপা হোৱা অৱস্থাক চিকিৎসকসকলে আকৌ দুই শ্ৰেণীত বিভক্ত কৰিছে। থুলমুলকৈ ক’বলৈ হ’লে ঘাইকৈ মূৰৰ মধ্য ভাগৰ পৰা ঘূৰণীয়াকৈ চুলি সৰাক ‘পুৰুষ পেটাৰ্ণৰ তপামূৰীয়া’ আৰু সোঁমাজৰ সেওঁতাৰ চুলি পাতলিব ধৰিলে ‘মহিলা পেটাৰ্ণৰ তপামূৰীয়া’ আখ্যা দিছে। 

কি কি কাৰণত অস্বাভাবিক ধৰণে চুলি সৰিব পাৰে ?


– শৰীৰৰ হৰমোনৰ তাৰতম্য – বিশেষকৈ থাইৰয়েড (হাইপো-থাইৰইডিজম আৰু হাইপাৰ-থাইৰইডিজম), অইষ্ট্ৰজেন আৰু টেষ্ট’ষ্টেৰন হৰমোনৰ তাৰতম্য ঘটিলে। 

-ভিটামিন, লৌহ পদাৰ্থ, জিংকৰ অভাৱ। 

-ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত – বিশেষকৈ ৰক্তচাপ, ডায়েবেটিজ, ডিচলিপিডেমিয়া (মেদবহুলতা), কৰ্কট ৰোগ, এনাবলিক ষ্টেৰইড, জন্মনিৰোধক পিল, হৰমোন থেৰাপি, এন্টিফাংগেল দৰব, মহিলাৰ প্ৰজনন ক্ষমতা বঢ়োৱা দৰব ক্লমিফেন ইত্যাদি। 

– কেমথেৰাপি, ৰেডিয়েচন থিৰাপিৰ পাৰ্শ্বক্ৰিয়া। 

– পইজনিং। 

– আঘাত – যেনে চুলিৰ ষ্টাইল সলনি কৰিবলৈ যন্ত্ৰৰ সহায়ত টনা বা ট্ৰেকচন দিয়া। বিদ্যুত বা গৰম পানীৰ উত্তাপ দিয়া। জধেমধে ভুলকৈ মূৰৰ মালিচ কৰা, চুলিত কাঢ়া ৰঙ বা আন ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা। 

– নানাধৰণৰ সংক্ৰমণ – যেনে ফলিকুলাইটিচ, চেলুলাইটিচ, চেবৰিক ডাৰ্মেটাইটিচ, ফাংগেল টিনিয়া কেপিটিচ, চেকেণ্ডেৰি চিফিলিচ, ডিমভেক্স ফলিকুলৰাম সংক্ৰমণ। 

– নানা ধৰণৰ ৰোগৰ ফলত। যেনে – লুপাচ এৰিথ্ৰমেটাচ, ছালৰ কৰ্কট, টিউমাৰ, বিভিন্ন চিষ্ট। 

– বায়ুমণ্ডল আৰু জলপ্ৰদূষণ, কৰ্মস্থলীত হোৱা প্ৰদূষণ, প্ৰচুৰ ৰ’দৰ উত্তাপ। 

– চুলিৰ গুৰিৰ ছিদ্ৰ যি কোনো ময়লা, ঘাম বা চিবামজাতীয় ৰসেৰে বন্ধ হোৱাৰ ফলৰ চুলি ভংগুৰ হৈ সৰিব পাৰে। 

– উফি, ওকনি আদি। 

– ওপৰৰ সকলো সম্ভাব্য কাৰণৰ উপৰি শাৰীৰিক, মানসিক ষ্ট্ৰেচ (Stress) হ’ল চুলি সৰাৰ অন্যতম কাৰণ। 

সন্তানে চুলিৰ ৰঙ, গঠন আদি বহু পৰিমাণে পিতৃ-মাতৃৰ পৰা আয়ত্ত কৰে। বিজ্ঞানীসকলে ঠাৱৰ কৰিছে জেনেটিক্সৰ চুলি সৰাত প্ৰভাৱ হয়তো থাকিব পাৰে। নিজৰ শৰীৰৰ অংশ বিশেষকক পৰ বুলি চিনাক্ত কৰাক অটো-ইমিউন-ডিচঅৰ্ডাৰ বোলে। চুলি বেচিকৈ সৰাৰ বা তপা হোৱাৰ কাৰণ অটো-ইমিউনিটিও হ’ব পাৰে। সাধাৰণতে দেখা যায় ২৫ শতাংশ লোকৰ চুলি ৩০ বছৰ বয়সৰ আশে পাশে সৰিবলৈ ধৰে আৰু ৭৫ শতাংশৰ চুলি ৫০ বছৰৰ ওপৰ হ’লে সৰিবলৈ ধৰে। গৰ্ভাৱস্থা আৰু মেনুপ’জৰ সময়ত শৰীৰৰ হৰমোনৰ তাৰতম্যৰ ফলত চুলি সৰে। দৰাচলতে গৰ্ভাৱস্থাত তেজত অইষ্ট্ৰজেন হৰমোনৰ পৰিমাণ বঢ়াত চুলি ডাঠ বা ঘন হ’বলৈ ধৰে আৰু প্ৰসৱৰ পিছৰ পৰা সেই হৰমোন কমি যোৱাত অতিৰিক্ত চুলিখিনি সৰি গৰ্ভৰ পূৰ্ব অৱস্থালৈ ঘূৰি যায়। 

আগতে উল্লেখ কৰা একেখিনি কাৰণতে চেলাউৰিৰ নোমো সৰিব পাৰে। বহুতো হাইপোথাইৰইড ৰোগীৰ চকুৰ চেলাউৰীৰ বাহিৰৰ ফালৰ এক তৃতীয়াংশ নোম সৰা দেখা যায়। মানুহৰ উপৰি অন্যান্য জীৱ-জন্তুৰো শৰীৰৰ নোম সৰি তপা হোৱা দেখা যায়। পশুৰ তেনে হ’লে সাধাৰণতে ই গুৰতৰ ব্যাধি হোৱা সূচায়। 

এতিয়া চুলিৰ স্বাস্থ্যৰক্ষাৰ বাবে লাগতিয়াল খাদ্যসমূহৰ সৈতে পৰিচিত হওঁ আহক: 
লৌহ পদাৰ্থযুক্ত খাদ্য : – লৌহকণিকা হ’ল তেজত অক্সিজেনৰ বাহক। গতিকে লৌহ পদাৰ্থৰ অভাৱত চুলিৰ স্বাস্থ্যত বিঘিনি ঘটিলে চুলি সৰাটো নিশ্চিত। মাংস, লিভাৰ, কণী, ডাঠ সেউজীয়া পালেং – কবিজাতীয় শাক, ড্ৰাই ফ্ৰুটচ, বীন, দাইল, বুটমাহ, চয়াবীন আদি খাদ্যত বেচি পৰিমাণৰ লৌহ পদাৰ্থ থাকে। 

ভিটামিন-চি যুক্ত খাদ্য : – খাদ্যত থকা ভিটামিন-চি লৌহ পদাৰ্থ শৰীৰে গ্ৰহণ কৰাত সহায়ক হয়। অমিতা, আনাৰস, কমলা, নেমু, আমলখি, ষ্ট্ৰবেৰী, ৰঙ-বিৰঙী কেপচিকাম, ব্ৰুকলি, বন্ধাকবি, নাৰিকল আদিত ভিটামিন-চি থাকে। 

ভিটামিন-এ যুক্ত খাদ্য : – চুলিৰ গুৰিক মজবুত কৰি ৰখা ‘চিবাম’ নামৰ তেলীয়া পদাৰ্থৰ সৃষ্টিৰ বাবে ভিটামিন-এ ৰ আৱশ্যক হয়। কিন্তু অতিমাত্ৰা ভিটামিন-এ ল’লে সৰহ পৰিমাণৰ চিবামে চুলিৰ গুৰিৰ ছিদ্ৰ বন্ধ কৰি চুলি ভংগুৰ কৰি সৰাবহে পাৰে। সেয়ে ভিটামিন-এ নিয়মীয়া পৰিমাণত গ্ৰহণ কৰাটো প্ৰয়োজনীয়। ভিটামিন-এ যুক্ত খাদ্যসমূহৰ কিছুমান হ’ল – গাজৰ, মিঠা আলু, পালেং, চালাড পাত, পূৰৈশাক, ৰঙালাউ, সৰিয়হ শাক। 

জিংকযুক্ত খাদ্য : – চুলিৰ সুস্বাস্থ্যৰ বাবে জিংক অতি লাগতিয়াল। জিংকে ডি এন এ নিৰ্মাণ কৰে। প্ৰটিন আৰু হৰমোনৰ (যেনে টেষ্ট’ষ্টৰেন) নিয়ন্ত্ৰণৰ সৈতে জিংক জড়িত। জিংকযুক্ত খাদ্য কিছুমান হ’ল – মূৰ্গী, গাহৰি আৰু গোমাংস, ঘেঁহু, সাগৰীয় অ’ষ্টাৰ আৰু কেকোঁৰা, বাদাম, আখৰুট, ৰঙালাউ, পালেং শাক। 

প্ৰটিনযুক্ত খাদ্য : – চুলি ঘাইকৈ প্ৰটিনৰে গঠিত। গতিকে খাদ্যত প্ৰটিনৰ অভাৱ ঘটিলে চুলি সৰিব আৰু সোনকালে পকিব। প্ৰটিনযুক্ত খাদ্য কিছুমান হ’ল – মাংস, কণী, গাখীৰ, পনীৰ, দৈ, সাগৰীয় মাছ, চয়াবীন, দাইল আৰু মাহজাতীয় শস্য। 

অমেগা-৩ ফেটি এচিডযুক্ত খাদ্য : – চুলি আৰু ছালৰ সুৰক্ষাৰ বাবে অমেগা-৩ ফেটি এচিড লাগতিয়াল। ই চুলিৰ গুৰি মজবুত কৰে। চুলিৰ ইলাষ্টিচিটি বঢ়ায় আৰু চুলিৰ বিকাশত সহায় কৰে। অমেগা-৩ ফেটি এচিডযুক্ত খাদ্য কিছুমান হ’ল – চলমান আৰু টুনা মাছ, অলিভ অইল, আখৰুট, ৰঙালাউ-সূৰ্যমূখীৰ গুটি।

ভিটামিন-বি কমপ্লেস্কযুক্ত খাদ্য : – বিভিন্ন শাক-পাচলি, ফলমূল, মাছ, গাখীৰ কণীত থকা ভিটামিন-বি কমপ্লেস্কে মেলানিন সৃষ্টি কৰাত সহায় কৰে। চুলি আৰু ছালৰ ৰঙৰ বাবে মেলানিন হ’ল অপৰিহাৰ্য। 

ভিটামিন-ইযুক্ত খাদ্য : – অলিভ তেল, চানফ্লাৱাৰ তেল, এলমণ্ড, গাজৰ, মিঠা আলু, বুট মাহ আদিত ভিটামিন-ই থাকে। শৰীৰৰ তেজ চলাচলৰ বাবে ভিটামিন-ই অতি লাগতিয়াল। সেয়ে ভিটামিন-ই-য়ে চুলিৰ বিকাশ ঘটায়। 

এতিয়া চুলি সৰাৰ প্ৰতিকাৰৰ বিষয়ে কিছু কথা জানো আহক: 

কেইবিধমান ঘৰুৱা প্ৰতিবিধান – পিঁয়াজ, নহৰু, আমলখি, তিল, এলভেৰা, কেষ্টৰ অইল, মেঠি, নেমু নাৰিকল, জেতুকা, জবাফুল, কণী আদিৰ সদ্যৱহাৰে কেনেকৈ চুলি সৰাৰ চিকিৎসাত উপকাৰী হ’ব পাৰে তলত দুই এষাৰ লিখিম। 

পিঁয়াজ আৰু নহৰু হ’ল চাল্ফাৰযুক্ত পদাৰ্থ। চাল্ফাৰ হ’ল ক’লাজেন বৃদ্ধিত সহায়ক যাৰ দ্বাৰা চুলিৰ শ্ৰীবৃদ্ধি হয়। প্ৰাচীন কালৰ পৰাই ভাৰতীয়সকলে এই দুবিধৰ প্ৰয়োগ চুলিৰ বিকাশৰ বাবে কৰি আহিছে। পিঁয়াজ পিঁহা লৈ ১৫-২০ মিনিট সময়লৈ মূৰত ঘঁহিব আৰু পাচত পাতল হাৰবেল শ্বেম্পুৰে চুলিখিনি ধুই পেলাব। সপ্তাহত ২-৩ বাৰ এনে কৰিব। কেইফুটামান নহৰু থেঁতালি নাৰিকল তেলৰ লগত মিহলাই উতলাব। পিছত চেঁচা হ’বলৈ দিব। সামান্য কুহুমীয়া গৰম হৈ থাকোতে মূৰত ঘঁহি ভালদৰে মালিচ কৰিব। এইদৰে সপ্তাহত ২-৩ বাৰ মালিচ কৰিলে উপকৃত হ’ব। 

নাৰিকলত প্ৰটিন থাকে। মিনাৰেল (লৌহকণিকা, পটেচিয়াম) আৰু লাগতিয়াল তেল যাৰ ফলত চুলি বিকশিত হয় আৰু ভংগুৰ নোহোৱাকৈ থাকে। নাৰিকলৰ পিঁহা মূৰত ঘঁহি নিশাটো ৰাখি পুৱা পানীৰে মূৰটো ধুই পেলাব। এইদৰে সপ্তাহত ৩-৪ দিন মাহচেৰেক লগালে ফলাফল দৃষ্টিগোচৰ হ’ব। 

ভাৰতবৰ্ষৰ প্ৰাচীন আয়ুৰ্বেদিক চিকিৎসা প্ৰণালীত এলোভেৰাৰ মহত্ব অনেক। প্ৰাচীনকালত ইজিপ্তত চুলি আৰু মূখমণ্ডলৰ প্ৰসাধনত এলোভেৰা ব্যৱহাৰ কৰিছিল বুলি জনা যায়। এলোভেৰাৰ ৰসত থকা এনজাইমে চুলিৰ গুৰিত ময়লা বা ক্লট জমা হ’বলৈ নিদিয়াকৈ ৰাখে। চুলি বাঢ়িবলৈ আৰু গজিবলৈ অনুকূল খাৰুৱা পি এইচ এলোভেৰাই নিয়ন্ত্ৰণ কৰে। এলোভেৰাৰ আধা কাপ ৰসৰ সৈতে দুচামুচ কেষ্টৰ অইল আৰু দুচামুচ মেঠিৰ পাউদাৰ মিহলোৱা মিশ্ৰণ চুলিৰ বাবে লাভজনক দেখা গৈছে। 

কেইবছৰমানৰ আগতে জনপ্ৰিয় আলোচনী ‘প্ৰান্তিক’ৰ পাতত এজনে লিখিছিল – তেওঁ মূৰৰ বিষৰ বাবে পিঁহা তিলৰ প্ৰলেপ কেইবা দিনো ঘঁহোতে লক্ষ্য কৰিলে যে তেওঁৰ চুলি নথকা তালুত চুলি গজিবলৈ ধৰিছে। আয়ুৰ্বেদিক চিকিৎসকৰ মতে চুলি গজোৱাত তিল এবিধ প্ৰমাণী ঔষধ। ব্যক্তিগতভাবেও মই তিলৰ ব্যৱহাৰ কৰি উপকৃত হোৱা কেইজনমান লোকক লগ পাইছোঁ। একে কাৰণতে ভাৰতবৰ্ষত নাৰিকল তেলৰ সমানেই জনপ্ৰিয় হ’ল তিল তেল। 

জবাফুল পিঁহা মূৰত লেপ দিলে চুলি সৰা ৰোধ হয় আৰু চুলি গজাত সহায়ক হয় বুলি আগৰ দিনৰ লোকসকলে কয় আৰু ভাৰতবৰ্ষৰ গাঁৱে-ভূঞে ই এক প্ৰচলিত চিকিৎসা পদ্ধতি। জেতুকা পাতেও চুলি মজবুত কৰে বুলি কয়। পিঁহা জেতুকাৰ সৈতে মিঠাতেল মিহলালে আৰু ভাল ফল পোৱা যায় বুলি কিছুমানে দাবী কৰে। আমলখিত থকা ভিটামিন-চি আৰু এন্টিঅস্কিডেন্ট চুলিৰ বাবে উপকাৰী। আমলখিৰ ৰসৰ সৈতে নেমু ৰস আৰু পানী মিহলাই বহুতে মূৰ-গা ধোৱে আৰু ইয়াক চুলি আৰু ছালৰ বাবে উপকাৰী বুলি কয়। 

কণীৰ বগা অংশৰ সৈতে অলিভ অইল মিহলাই চুলিত কুৰি মিনিট ঘঁহি পাছত পাতল হাৰ্বেল চেম্পুৰে মূৰ ধোৱাটোও আন এক ঘৰুৱা প্ৰাকৃতিক চিকিৎসা পদ্ধতি। কণীত চাল্ফাৰ, প্ৰটিন, লৌহপদাৰ্থ, আয়ডিন, জিংক, ফচফ’ৰাচ আদি চুলিৰ বাবে অনেক লাগতিয়াল তন্তু থাকে। 

এলোপেথিক চিকিৎসাত চুলি গজোৱা, তিনিবিধ লগোৱা দৰব বজাৰত উপলব্ধ। সেইকেইটা হ’ল মিনস্কিডিল, ফিনাষ্টেৰাইড আৰু ডুটাষ্টেৰাইড। অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈহে পাঠকে এইবিলাক প্ৰয়োগ কৰে যেন। বজাৰত বিভিন্ন ব্ৰেণ্ডৰ মিনাস্কিডিল লোচন আৰু স্প্ৰে পোৱা যায়। চুলি সৰা ঠাইত দৈনিক প্ৰয়োগ কৰিলে ৬ সপ্তাহমানত পুৰুষ মহিলা উভয়ৰে চুলি গজিবলৈ ধৰে। কিন্তু ইয়াক অনিৰ্দিষ্ট কাললৈ এৰা-ধৰাকৈ হ’লেও ব্যৱহাৰ কৰি থাকিব লাগিব – তেহে গজা চুলিখিনি ধৰি ৰাখিব পৰা যাব। পাৰ্শ্বক্ৰিয়া হিচাবে এলাৰ্জিক ডাৰ্মেটাইটিচ হ’ব পাৰে। পুৰুষৰ চুলি গজাৰ বাবে ফিনাষ্টেৰাইড আৰু ডুটাষ্টেৰাইড পিলৰ ৰূপত পোৱা যায়। মহিলা বিশেষকৈ গৰ্ভৱতীৰ বাবে এই দুবিধ দৰব নহয়। ৬ মাহৰ ভিতৰত ভাল ফল পোৱা যায়। সম্ভাব্য পাৰ্শ্বক্ৰিয়া হ’ল যৌন দুৰ্বলতা, গাইনেকোমেষ্টিয়া, মাংশপেশীৰ বিষ। 

ইয়াৰ উপৰি হেয়াৰ গ্ৰাফ্টিং চাৰ্জাৰী কৰিও চিকিৎসা দিয়া যায়। লোকেল এনাস্থেচিয়াৰ সহায়ত ‘হেয়াৰ ট্ৰান্সপ্লান্ট’ কৰা হয়। ছালৰ সৈতে চুলি মূৰৰ তপা অংশত লগোৱা হয়। অপাৰেচনৰ পিছত লগোৱা চুলিখিনি সৰি পৰিলেও পুনৰ নতুনকৈ পোখা মেলে। কেইবাবাৰো এনে অপাৰেচনৰ প্ৰয়োজন হ’ব পাৰে। চাৰ্জাৰী হ’ল ব্যয়বহুল আৰু সময় লোৱা এক চিকিৎসা প্ৰণালী। কোনো কোনো চিকিৎসকে চুলি নথকা অংশত ষ্টেৰইড বেজীৰ প্ৰয়োগ কৰিও এলপেচিয়া এৰিয়েটাৰ চিকিৎসা কৰে। 

এইবিলাক চিকিৎসা পদ্ধতিৰ উপৰি বহুতো তপা পুৰুষে গোটেই মূৰৰ চুলি নিয়মীয়াকৈ খুৰাই নিজকে লোকচক্ষুত আপচু নেদেখাকৈ ৰাখে। ইয়াৰ উপৰি আজিকালি বজাৰত পুৰুষ-মহিলা উভয়ৰে বাবে দেখনিয়াৰ ৱিগ পোৱা যায়, যাক পৰিধান কৰিলে নিজে নক’লে আনে নকল চুলি বুলি চিনাক্ত কৰা প্ৰায় অসম্ভৱ। 

এইখিনিতে পাঠকসকলক জনাব খোজোঁ যে কোনেও বাতৰিকাকতৰ আৰু টিভিৰ চুলি গজাৰ ৰঙচঙীয়া বিজ্ঞাপনত ভোল গৈ অযথা খৰছান্ত নহয় যেন। 

এই লিখনিৰ আৰম্ভণিতেই উল্লেখ কৰা, চুলি সৰাৰ কাৰণসমূহ অনুসন্ধান কৰি তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰাটো একান্ত আৱশ্যকীয়। সাধাৰণ ল’বলগীয়া চুলিৰ যতন কেইটিমান হ’ল – উপযুক্ত তেল যেনে – অলিভ অইল, তিল তেল, নাৰিকল তেল বা মিঠাতেলেৰে সপ্তাহত ৩ দিন মূৰৰ চুলিৰ মালিচ কৰাটো উপকাৰী। তিতি থকা চুলি পৰাপক্ষত কমকৈ ফণিওৱাটো বাঞ্চনীয়। শুকান চুলি মহৰ শিঙৰ ফণীৰে ফণীয়াব পাৰিলে ভাল। চুলিত বেচিকৈ টানি ফিটা বা ইলাষ্টিক বেণ্ড আদি ব্যৱহাৰ কৰিব নালাগে। ফেচন ডিজাইন বা ষ্টাইলৰ নামত চুলিৰ ওপৰত অত্যাচাৰ নচলোৱাই মংগলজনক। চুলি আৰু চৰ্মৰ উপযোগী ‘জিংকো বায়লোভা’ নামৰ বনৌষধি ঔষধ চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰে। পাতলকৈ হাৰ্বেল শ্বেম্পু সপ্তাহত দুদিন ব্যৱহাৰ কৰিব। উফি, ওকনি, ফাংগেল ডাৰ্মাটাইটিচ আদি হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ নিৰাময়ৰ ব্যৱস্থা কৰিব। 

মোখনিত কেইটিমান লাগতিয়াল কথা :
মানসিক দুঃশ্চিন্তা আঁতৰোৱাটো চুলিৰ স্বাস্থ্যৰ বাবে অতি জৰুৰী। ইয়াৰ বাবে ধ্যান, ব্যায়াম, প্ৰণায়াম, সংসৰ্গ, সুগ্ৰন্থ অধ্যয়ন আদিৰ সহায় ল’ব। জীৱনত এক নিয়মীয়া ৰুটিন মানি চলক। বিশৃঙ্খল জীৱন যাপন নকৰিব। ধূমপান এৰিব। জাংকফুডৰ লোভ পৰিত্যাগ কৰক। সজ চিন্তাৰে সুখাদ্য খাওক। সকলোৱে চুলিৰ সমস্যাৰ পৰা সকাহ পাব বুলি আশা ৰাখি এতিয়ালৈ বিদায় ললোঁ।

Total Pageviews