Translate

Friday, July 6, 2012

ভাৰত পাকিস্তানৰ মাজৰ সম্বন্ধ

                ভাৰত পাকিস্তানৰ মাজৰ সম্বন্ধ সদায় উত্তেজনাপূৰ্ণ  হৈ থকাটো বিচাৰে ৰাজনীতি কৰা আৰু শাসনত থকা ৰাজনেতা সকলেহে৷ বিদেশত থকা ভাৰত আৰু পাকিস্তানৰ  লোকসকলৰ মাজৰ সম্পৰ্ক  সাধাৰণতে সদায় বন্ধুত্বপূৰ্ণ৷ অৱশ্যে ব্যতিক্ৰম থাকিব পাৰে৷ মোৰ  নিজস্ব অভিজ্ঞতা শ্বেয়াৰ কৰিব খুজিছোঁ ৷
               মালদ্বীপত কাৰ্য্যৰত থাকোতে ডেংগু হিমৰেজিক ফিভাৰত আক্ৰান্ত হৈছিলোঁ৷ মোৰ তেজত  প্লেটলেটৰ পৰিমাণ কমি ৫০হেজাৰৰ তললৈ যোৱাত মোক ৪০০মিলিলিটাৰ তেজ দি বিপদমুক্ত কৰিছিল সহকৰ্মী এজন  পাকিস্তানী ডাক্তৰে৷ সাধাৰণতে মানুহৰ তেজত দেড়লাখৰ পৰা চাৰে চাৰি লাখ প্লেটলেট কোষ (প্ৰতি মাইক্ৰলিটাৰ তেজত) থাকিব লাগে৷ তেওঁৰ লগত মোৰ এতিয়াও বন্ধুত্ব অটুত আছে৷ আয়াৰলেণ্ডত পঢ়িব যাওঁতে এজন হিন্দু পাকিস্তানী  ডাক্তৰৰ লগত বন্ধুত্ব গঢ় লৈ উঠিছিল৷ তেওঁলোকৰ  কেইজনমান আত্মীয়ৰ ঘৰ ভাৰতত৷ ভাৰতৰ প্ৰতি তেওঁৰ অন্তৰৰ টান আৰু ভাৰতলৈ আহিব নোৱৰাৰ যি দুখ দেখিলোঁ তাক ইয়াত লিখি বুজাব নোৱাৰোঁ৷
             লিবিয়াত চাকৰি কৰোতেও মোৰ লগত ঘনিষ্ঠতা আছিল এটি খৃষ্টান পাকিস্তানী পৰিয়ালৰ সৈতে৷ দম্পত্তি হালেই আছিল চিকিৎসালয়ৰ কৰ্মচাৰী৷ ভাৰতীয়ৰ লগত বন্ধুত্ব কৰা এই  সকলৰ কাৰোৱেই মনত কিন্তু দেশপ্ৰেমৰ ভাৱ কম নাছিল৷ সকলোৱেই  ভাৰত আৰু পাকিস্তানৰ প্ৰকৃত মিলা প্ৰীতি হোৱাতো বিচৰা বুলি মই অনুভব কৰিছিলোঁ৷

No comments:

Post a Comment

Total Pageviews