Translate

Friday, July 6, 2012

বিশ্ব পৰিবেশ দিবস


            ১৯৭২ চনত  স্বিডেনৰ  ষ্টকহোম  নগৰীত  পৰিবেশ  সজাগতা সম্পৰ্কীয়  এক  মহা সন্মিলনত  বিশ্বৰ ভালেকেইখন দেশে অংশগ্ৰহণ কৰিছিল৷ তাতেই সিদ্ধান্ত লোৱা হয় যে প্ৰতিবছৰে ৫ জুনত "বিশ্ব পৰিবেশ দিবস" পালন কৰি মানৱ জাতিক  আমাৰ ধৰিত্ৰীৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা সোঁৱৰাই দিয়া হব আৰু আমাৰ পাৰিপাৰ্শ্বিকতাক জীৱৰ প্ৰতি উপযোগী কৰি ৰাখিবলৈ ন-ন আঁচনি যুগুতোৱা হব৷ ইয়াৰ পিছত চাৰিটা দশক পাৰ হ'ল৷ প্ৰত্যেক বছৰেই এটা নতুন শ্লোগানেৰে এই দিবস বিশ্বৰ নানা ঠাইত উলহ-মালহেৰে উদযাপিত হৈ আহিছে৷  ইয়াৰ  মূল অনুষ্ঠানৰ বাবে কেন্দ্ৰীয়ভাবে বিশ্বৰ কোনো এখন মহানগৰীক বাচি লোৱা হয় ৷ যোৱা বছৰ এই দায়িত্ব ভাৰতৰ দিল্লী মহানগৰীয়ে পালন কৰিছিল৷ থিম আছিল -"হাবি বননী: মানুহৰ সেৱাত প্ৰকৃতি"৷ এই বছৰৰ  কেন্দ্ৰীয় অনুষ্ঠানৰ দায়িত্ব  ব্ৰাজিলে লৈছে৷ থিম হৈছে -"সেউজীয়া অৰ্থনীতি : আপুনি ইয়াত জড়িত হৈছেনে  ?"
            এতিয়া আহোঁ এই বিষয়ৰ মূল আলোচনালৈ৷ এটা সময়ত এই পৃথিবী প্ৰাণীবিহীন আছিল৷  জলবায়ুৰ  এক অনুকুল পৰিবৰ্তন হোৱাৰ লগে লগে এককোষী জীৱ এমিবাৰ সৃষ্টি হ'ল৷ তাৰ পিছত ক্ৰমে আহিল জলচৰ, উভচৰ, স্থলচৰ প্ৰাণী৷ ধৰিত্ৰীলৈ আহিল সেউজীয়া গছ, লতা, তৰু, তৃণ৷ আৰু আহিল চাৰিঠেঙীয়া, দুঠেঙীয়া প্ৰাণী, চৰাই-চিৰিকতি৷ আমাৰ পূৰ্বজ বান্দৰ আছিল বুলিয়েই ডাৰৱিউনৰ  থিয়ৰিয়ে কয়৷ বিদ্বানলোকে হিন্দুশাস্ত্ৰত লিখা দশাৱতাৰে এই বিবৰ্তনৰ থিয়ৰিকে বুজাইছে বুলি কয়৷  বৰ্তমান আমাৰ বিনন্দীয়া ধৰিত্ৰী হ'ল-জল ,স্থল, হাবি-বন, পৰ্বত, জলচৰ প্ৰাণী, নানান বিধ পশু পক্ষী আৰু ভিন্ন ভিন্ন অসংখ্য প্ৰাণীৰ এক অপূৰ্ব সমাহাৰ ৷  আৰু এই সকলোৰে ওপৰত আছে জীৱ শ্ৰেষ্ঠ মানৱ৷ মহাকাশ বা ব্ৰহ্মাণ্ডত  পৃথিবীৰ নিচিনা প্ৰাণী থকা আন এটা   গ্ৰহ বা নক্ষত্ৰৰ সন্ধান বিজ্ঞানীসকলে আজিলৈ আমাক দিব পৰা নাই৷ বিশ্বৰ এই গৰিমাক আমি প্ৰত্যেকজন নৰ-মনীচে অন্তৰেৰে উপলব্দ্ধি কৰা উচিত৷ আকৌ এই ধৰিত্ৰীত থকা প্ৰতিটো জীৱই  পৰস্পৰৰ মাজত এক সন্তোলন বৰ্তাই আহিছে৷ শুনিবলৈ আচহুৱা লাগিলেও এটা কথা উল্লেখ কৰা ভাল- মানুহ নাথাকিলেও হয়তো এই ধৰিত্ৰী তাৰ আন আন জীৱসমূহৰ সৈতে চলি থাকিব পাৰিব;  কিন্তু জীৱ-জন্তু,গছ-গছনি নোহোৱা হলে মানুহৰ অস্তিত্ব বিপদাপন্ন হোৱাটো ধূৰূপ৷
            বিজ্ঞানী সকলে  গণনা    কৰি ওলিওৱা মতে  বৰ্তমান এই পৃথিবীত ১৭ লাখ প্ৰজাতিৰ জীৱ আছে৷ তাৰ  ভিতৰত ৮০,০০০ ৰাজহাঁড থকা, ১৩ লাখ ৰাজহাঁড নথকা আৰু গছ-গছনি আদিৰ সংখ্যা হ'ল ৩,২০,০০০ বিধ ৷ (এই তালিকাত বেক্টেৰিয়াক ধৰা হোৱা নাই ৷)
    অত্যন্ত  পৰিতাপৰ কথা যোৱা চাৰিটা দশক জুৰি গোটেই বিশ্বজুৰি  চলা এই  নীৰব  আন্দোলনৰ  আশানুৰূপ  সুফল দৃষ্টিগোচৰ হোৱা নাই৷ ফলত গোলকীয়  উষ্ণতা বৃদ্ধি, সমুদ্ৰপৃষ্ঠৰ  উচ্চতা বৃদ্ধিয়ে উপকুলীয় অঞ্চল আৰু সমুদ্ৰ দ্বীপসমূহলৈ কৰা অনেক  ভাবুকিৰ  সৃষ্টি, মানৱ সৃষ্ট  কল-কাৰখানাৰ দ্বাৰা পৰিবেশ  দূষিত  হোৱাৰ ফলত  উদ্ভৱ হোৱা আহুকাল,  জৈৱ  ভাৰসম্যৰ বিসংগতি আদি ন-ন  সমস্যাৰ  জন্ম হৈছে৷
      আমেৰিকাৰ স্থপতিবিদ ফ্ৰেংক লয়ড ৰাইটে (১৮৬৭-১৯৫৯) কৈছিল - এই ধৰণীত  মানুহৰ  সৰ্ব শ্ৰেষ্ঠ  বন্ধু হ'ল  গছ৷ আমি যদি গছক  সন্মানপূৰ্বক  আৰু অৰ্থনীতিৰ  উপযোগীকৈ ব্যৱহাৰ কৰিব  শিকোঁ, তেনেহলে ই হব  পৃথিবীৰ  আটাইটকৈ মূল্যবান সম্পদ৷ আকৌ মাৰ্টিন লুথাৰ কিংঙে কৈছিল এজোপা সেউজীয়া গছ  এজোপা ৰূপৰ বা সোণৰ গছতকৈ মূল্যবান৷ গছ  হ'ল  ধৰিত্ৰীৰ  হাওঁফাওঁ ৷ বায়ু মণ্ডলৰ পৰা গছে কাৰ্বন ডাইঅক্সাইড লৈ আমালৈ  বিশুদ্ধ অস্কিজেন  এৰি দিয়ে৷ গছে নিজৰ চৌপাষে শীতলতা বিয়পাই পৃথিবীৰ  উত্তাপ  নিয়ন্ত্ৰিত  কৰি ৰাখে৷ মাটিৰ তললৈ সোমাইগৈ  শিপাই  মাটিৰ  ক্ষয় ৰোধ কৰে৷ গছে শব্দ প্ৰদূষণক বাধা দিয়ে৷ গছে চৰাই- চিৰিকতিকে ধৰি শ শ বিধ  জীৱৰ  প্ৰজাতিক  আশ্ৰয় আৰু সুৰক্ষা দিয়ে৷ ইয়াৰ পৰা আমি নানাবিধ  উপযোগী ফল-ফুল পাওঁ৷ গছৰ ডাল পাত গাৰে আমি ঘৰ সাজোঁ, ফাৰ্নিচাৰ তৈয়াৰ কৰোঁ, কাগজ, প্লাইৱুড  আদি বনাওঁ৷ গছৰ পৰা তেল, ঔষধ আৰু  কয়লা মানুহে তৈয়াৰ কৰে৷ আমি পিন্ধা বস্ত্ৰৰ  এটা উৎস হ'ল  গছ৷ গছ গছনিয়ে সৰ্বদা আমাক  নানা বিধ  খাদ্যৰ  যোগান  ধৰি আহিছে৷ নকলেও হব এই ধৰিত্ৰীক  মানুহৰ  চকুত মোহনীয়  কৰি ৰাখিছে নানা বিধ গছ-গছনিয়ে৷
      চীনা যোজনা এটাত কৈছে - যদি গীত গোৱা চৰাই এজনী তোমাৰ  জীৱনত প্ৰবেশ কৰাটো বিচৰা, তেনেহলে হিয়াত ঠাই দিয়া এজোপা সেউজী বৃক্ষক৷ আমাৰ অসমীয়াটো প্ৰবাদ নাই জানো - এক বৃক্ষ  দহ পুত্ৰ সম৷ অমৰ শিল্পী ড০ ভূপেন হাজৰিকাই  অসমক চায়েই প্ৰকৃতিৰ বন্দনা এইদৰে কৰা  নাই জানো -   অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ. ভাৰতৰে পূৰ্ব্ব দিশৰ সূৰ্য্য উঠা দেশ. গোটেই জীৱন  বিচাৰিলেও আলেখ দিবস ৰাতি অসম দেখৰ দৰে নাপাওঁ ইমান ৰসাল মাটি. চিৰ বিনন্দীয়া  তোমাৰ সেউজ পৰিবেশ ভাৰতৰে পূৰ্ব্ব দিশৰ সূৰ্য্য উঠা দেশ---!
       প্ৰকৃতিক মানুহৰ  বাসোপযোগী কৰি ৰখাত  বন্যপ্ৰাণী আৰু জীৱ-জন্তুৰো অনেক উল্লেখনীয় অৱদান আছে৷ মৌ মাখিয়ে যদি  মৌচাক সাজি  আমাক  মৌজোল  দিছে৷ পখিলা আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ চৰাইয়ে আনকি বাদুলিয়েও  পলিনেশ্বন  সহায় কৰি ফুলৰ পৰা ফল,ফলৰ পৰা বীজ আৰু বীজৰ পৰা বৃক্ষ হোৱাত সহায় কৰি আহিছে৷
      আজি অত্যন্ত পৰিতাপৰ  কথা দৃষ্টিগোচৰ  হৈছে বিশেষকৈ আমাৰ অসম ভূমিত৷ প্ৰকৃতিৰ  কমনীয়তাৰ ওপৰত  যিদৰে পাশবিক অত্যাচাৰ  এই অঞ্চলত  চলিছে - তাৰ দ্বীতিয়টো উদাহৰণ  ভাৰত বাদেই বিশ্বৰ  কোনো ঠাইতেই পোৱা নাযাব৷ এফালে দেখিবলৈ পাইছোঁ বৃহত্তৰ আৰব  দেশসমূহত  মৰু অঞ্চলক  দিনে-নিশাই  মৰুদ্যান কৰাৰ কষ্টকৰ সৎ প্ৰচেষ্টা চলি আছে আৰু আনফালে আমি অসমত হাতৰ  কুঠাৰ  নিজেই ভৰিত মাৰিছোঁ৷ প্ৰকৃতিৰ  অতুলনীয় অনবদ্য অৱদানক  ধংস কৰি দিনক দিনে ন ন  বিপদ  চপাই আনিছোঁ৷ প্ৰকৃতি ধংসত  বহু শাসক ৰাজনেতাৰ  ক্ষুদ্ৰ  স্বাৰ্থ অন্তৰ্নিহিত  থকাটোও   জাতিৰ এক  পৰম  দূৰ্ভাগ্য৷গছ বন  তহিলং কৰি, পাহাৰৰ বুকুৰ  মাটি কাটি, বক্ষৰ শিল ভাঙি আমি কৰা অত্যাচাৰৰ ফলত  বনৰীয়া বাঘ,হাতী,অজগৰ  আদি প্ৰাণীয়ে ৰাজপথত বিচৰণ কৰি মানুহৰ অবিবেকী আচৰনৰ  প্ৰতিবাদ কৰিবলৈ (?) ওলাই আহিছে৷ পাহাৰ কাটি, জলাশয় পুতি যধেমধে বাসগৃহ বনোৱাৰ ফলত  সৃষ্টি হৈছে অবতৰীয়া বানপানী আৰু ভূমিস্খলনৰ ফলত  অনেক জনৰ প্ৰাণহানি৷ আৰু এটা কথা এই প্ৰসংগতে উল্লেখ কৰিব খুজিছোঁ -নদী বান্ধ ৰ প্ৰয়োজনীয়তা সম্বন্ধে৷ জলবিদ্যুত সচাকৈয়ে প্ৰয়োজনীয়৷ কিন্তু উত্তৰ পূৰ্বাঞ্চলত  যি হাৰত প্ৰকৃতিক নেওচি বৃহৎ  নদীবান্ধৰ আঁচনি লোৱা হৈছে সি অদূৰ ভবিষ্যতৰ বাবে অশণি সংকেতৰ বতৰা কঢ়িয়াই অনাৰ পূৰ্ণ সম্ভাৱনা  আছে৷
   ৫ জুন ২০১২ তাৰিখে ভাৰতৰ নানা ঠাইৰ লগতে অসমতো  বিশ্ব পৰিবেশ দিবস হয়তো নানান ঠাইত  বিভিন্ন  কাৰ্যসূচীৰে পালিত হব৷ সভা সমিতি,আলোচনা চক্ৰত  বহুতো বৰ বৰ কথাই  ৰাইজে শুনিবলৈ পাব৷কিন্তু পৰিসাহ আৰু পৰিতাপৰ কথা সেই ভাষণ সমূহৰ  কিয়দাংশোও যদি  কাৰ্যকৰী কৰা হ'লহেতেন-তেতিয়া হলে এই দিবস পালন কৰাটো  প্ৰকৃততে সাৰ্থক  হ'লহেতেন৷

  :  ড'হা, কাটাৰৰ পৰা,  তাৰিখ  ৫ জুন ২০১২
                                                                             drbksaikia@gmail.com      Phone- 0974-33738722

No comments:

Post a Comment

Total Pageviews