স্পৰ্শকাতৰ এই বিষয়টোৰ লগত বহুতো সুক্ষ্ম কথা জড়িত হৈ আছে৷ সঘনাই নহলেও মাজে মাজে বাতৰিত পঢ়িবলৈ পোৱা যায় -অমুক নায়িকা বা মডেলে তেওঁৰ বক্ষৰ প্লাষ্টিক চাৰ্জাৰী কৰি স্তনৰ আকাৰ ডাঙৰ বা সৰু কৰি লৈছে৷ মই ইয়াত বলিউডৰ সেই মহিলাসকলৰ নাম উল্লেখ কৰি পৃষ্ঠা ভৰাবখোজা নাই৷ আপোনাসকলে হয়তো নুশুনাকৈ থকা নাই যে হলীউড ৰ নায়িকাসকলে বক্ষৰ বীমাও কৰাই ৰাখে৷ এজন চিকিৎসকৰ দৃষ্টিৰে কাকো লঘু নকৰাকৈ নাৰীৰ এই গোপন অংগৰ বিষয়ে কিছু লাগতিয়াল কথা সংবেদনশীল পাঠকসকলক আৰু বিশেষকৈ মহিলাসকলক অৱগত কৰাৰ খুজিছোঁ৷ চিৰন্তন কালৰ পৰা নাৰীৰ স্তনযুগল সৌন্দৰ্য্যৰ প্ৰতীক হিচাপে চিহ্নিত হৈ আহিছে৷ নালন্দাৰ খনন কাৰ্য্যত উদ্ধাৰহোৱা নাৰী মূৰ্তিয়েই হওক, খুজৰাহোৰমন্দিৰত বা মদনকামদেৱৰ দেৱালয়তে হওক নাৰীমূৰ্তিত বক্ষযুগলক সদায় প্ৰাধান্য দি অহা হৈছে৷ সাহিত্য আৰু লোকসংগীতৰ ক্ষেত্ৰত, বিহুগীতত(বুকুত পদূমৰ চকা), ৰাসলীলাৰ চৰ্চাত, সংস্কৃতৰ কালিদাস েই হওক বা অইন কবি সকলৰেই হওক শৃঙ্গাৰ ৰসৰ বৰ্ণনাত স্তনৰ বিস্তৃত বিবৰণ পোৱা যায়৷উৰ্দূ শায়ৰ আৰু গজল গায়ক সকলো এই ক্ষেত্ৰত পিছ পৰি থকা নাই৷ ব্ৰিটিচ বা আইৰিচ কবিসকল যেনে শ্বেক্সপিয়েৰ, কীটচ, শ্যেলি,বাইৰণ, পাবলো নেৰুদা, অস্কাৰ ওৱাইল্ড আদিৰ ৰোমান্টিক ৰচনাৱলীত নাৰীৰ বক্ষৰ কথা অৱশ্যেই উল্লেখ আছে৷ আকৌ নাৰীক মহীয়ান কৰে মাতৃত্বই৷ নাৰীয়ে নিজা স্তনৰ যোগেদি সন্তানক দুগ্দ্ধপান কৰায়৷ মাতৃত্বৰ এই পৰিতৃপ্তি, এই গৌৰৱানুভূতিৰ কোনো তুলনা নাই৷সন্তান জন্মৰ পিছৰ মাতৃ দুগ্দ্ধত শিশুক ৰোগ প্ৰতিৰোধ কৰিব পৰা অনেক তত্ব আৰু পৰিপুষ্টিৰ যোগান ধৰা পদাৰ্থ থাকে৷ আজিৰ দিনৰ তথাকথিত 'আধুনিক' সেইসকল মাতৃ পুতৌ আৰু গৰিহনাৰ যোগ্য যি সকলে নিজৰ 'ফিগাৰ' বেয়া হোৱাৰ ভয়ত নিজ সন্তানক স্তনপান নকৰায়৷ প্ৰকৃততে নিজ শিশুক যিমান বেচি দিনলৈ পাৰে সিমান দিনলৈ স্তনপান কৰোৱাতো মাতৃ আৰু শিশু উভয়ৰ পক্ষেই মংগলজনক৷আলোচনাটো আগবঢ়োৱাৰ আগতে তিনিটি ঘটনা পাঠকসকলক জনাওঁ৷এজন যুৱকে বিয়াৰ ৬মাহ নৌহতেই গম পালে ঘৈণীয়েকৰ এটা স্তনত টিউমাৰ হৈছে৷এজন চাৰ্জনক দেখোৱাত কলে অপাৰেচন কৰিলে আৰোগ্য হব৷ দম্পত্তিহালে ভয় খাই মোৰ ওচৰ চাপিল৷ গিৰিয়েকে কও নকওকৈ সংকোচৰে কলে - এনেয়ে মানুহজনীৰ স্তন দুটা সৰু, তাৰে এটাযদি কাটি পেলায় - কিটো থাকিব ! মই আশ্বাস দিলোঁ - এইটো এটা নিৰীহ টিউমাৰ ৷ কেইমাহমান দৰব খালে ভাল হব বুলি মোৰ অনুমান৷ তিনিমাহ ভিটামিন ই ৪০০ খাবলৈ পৰামৰ্শ দিলোঁ৷ সঁচাকৈয়ে ৬মাহত টিউমাৰৰ চিনমোকাম নাইকীয়া হ'ল৷ ঘটনাটোৰ আজি কুৰি বছৰ পাৰ হ'ল৷ তিনিটি সন্তানৰ সৈতে আজি তেওঁলোকৰ সুখী পৰিয়াল৷ দ্বিতীয়টো ঘটনা আন এহাল নববিৱাহিত দম্পত্তিৰ৷ স্তনৰ টিউমাৰৰ অপাৰচনৰ এবছৰ নৌওতেই পুনৰ ৰোগে পোষা মেলাত আতংকিত হৈ মোৰ কাষ চাপিল৷ মই ডেনাজল আৰু ভিটামিন-ইৰ সৈতে কিছু বুজনি দি মাহে মাহে শৰীৰ পৰীক্ষা কৰাবলৈ আহি থাকিবৰ পৰামৰ্শ দিলোঁ৷ দুমাহত টিউমাৰটো লুপ্ত হ'লত ডেনাজল নামৰ ঔষধটো বন্ধ কৰিলোঁ৷ আজি দহটা বছৰে মানুহজনীৰ ৰোগৰ পুনৰাবৃত্তি হোৱা নাই৷ ডেনাজল কি পিছত জনাই আছোঁ৷তৃতীয়টো ঘটনা কৰুণ৷ হাজো অঞ্চলৰ ৩০ৰ ওপৰৰ এগৰাকী যুৱতীৰ বিবাহৰ পিছত স্তনৰ টিউমাৰ ধৰা পৰিল৷ টিউমাৰৰ অপাৰেচন কৰি বায়স্পি ৰিপৰ্টৰ যোগেদি কেঞ্চাৰ হোৱাতো নিশ্চিত হ'ল৷ গুৱাহাটীৰ বিৰুবাৰীৰ ভূবনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিস্থানত চিকিৎসা আৰম্ভ কৰিলে৷ চাওতে চাওতে সুন্দৰ চেহেৰাৰ ছোৱালীজনীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিব ধৰিলে৷আঁঠুলৈকে পৰা দীঘল চুলি সৰি প্ৰায় তকলা হ'ল৷প্ৰতি দেড় দুমাহে তেজ লৈয়ো শৰীৰৰ কান্তি ঘূৰি নহিল আৰু বিয়াৰ তিনিবছৰতে ইহ সংসাৰ এৰিবলগীয়া হ'ল৷ পেছাত যুৱতীগৰাকী নাৰ্চ আছিল৷ চকুৰ আগত তিলতিলকৈ মৃত্যুলৈ বাট চাবলগীয়া হোৱাতো কিমান বেদনাদায়ক ভূ্ক্তভোগী পৰিয়ালেহে বুজিব !মহিলাসকলক আতংকিত কৰা স্তনৰ দুটি ৰোগ হ'ল - কৰ্কট ৰোগ আৰু ফাইব্ৰএডিনমা ৷ প্ৰথমটো বিপদজনক - এবাৰ ৰোগাক্ৰান্ত হৈ চিকিৎসা লোৱাৰ পিছত ৫বছৰত পুনৰাই হয় আনটো স্তনত নাইবা একেটা স্তনত ৰোগে দেখা দিয়ে৷ উন্নতদেশসমূহত যেনে আমেৰিকা,কানাডা, অস্ত্ৰেলিয়া, ব্ৰিটেইন, নেডাৰলেণ্ড, ডেনমাৰ্ক,চুইজাৰলেণ্ড, চুইডেন, চিংগাপুৰ আদি দে শৰ প্ৰতি ৮ৰ পৰা ১০গৰাকী মহিলাৰ জীৱনকালত স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ ভাৰতবৰ্ষত প্ৰতি২২গৰাকীৰ ভিতৰ ত এগৰাকীৰ এই সম্ভাৱনা থাকে৷ফ্ৰান্সৰ ইন্টাৰনেশ্বনে এচোচিয়েচন অৱ কেঞ্চাৰ কেঞ্চাৰ ৰিচাৰ্চৰ প্ৰকাশিততথ্য মতে ভাৰতত প্ৰতিবছৰে ৩শতাংশকৈ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷বৰ্তমান প্ৰতি এক লাখ জনসংখ্যাৰবিপৰীতে ৮০টা কেচ দেখা যা য়৷২০১৫চনত এই সংখ্যা ১৪৬জনলৈ বৃদ্ধি পোৱাৰ পূৰা সম্ভাৱনা আছে৷ ইয়াৰকাৰণ হ'ল অত্যাধুনিক লাইফষ্টাইল বা জীৱন শৈলীৰ পৰিবৰ্তন বুলি ঠাৱৰ কৰা হৈছে৷ ২০১১চনৰ ১১অক্টোবৰৰ ভাৰতৰডি০ এন০ এ০ নামৰ ইংৰাজী দৈনিকখনে ভাৰতৰ বিভিন্ন কেন্সাৰ বিশেষজ্ঞৰ উক্তিৰে এই একেটা বাতৰিকে প্ৰকাশ কৰিছে৷ বক্ষৰ কম বিপদজনক ফাইব্ৰএডিনমাৰ কথা আলোচনা কৰাৰ আগতে স্তনৰ কৰ্কট ৰোগৰ বিষয়ে কিছু কথা জনাই লওঁ৷স্তনৰ কেন্সাৰ মহিলাৰ দ্বিতীয় সৰ্বসংখ্যক প্ৰাণ লোৱা কেন্সাৰ ৰোগ৷ ই দুই ধৰণৰ হব পাৰে - ডাক্টেল কাৰচিন'মা নাইবা ল'বুলাৰ কাৰচিন'মা ৷ বয়স আৰু লিংগ- সাধাৰণতে ৫০বছৰ বয়সৰ ওচৰ চপাৰ লগে লগে কেন্সাৰৰ সম্ভাৱনা বাঢ়ে৷পুৰুষৰো স্তনৰকৰ্কট ৰোগ হয় কিন্তু পুৰুষৰ তুলনাত মহিলাৰ ১০০ভাগ সম্ভাৱনা বেচি৷ ফেমিলি হিস্ত্ৰি ;সাধাৰণতে একে পৰিয়ালৰ লোকৰ বক্ষৰ,ক'লনৰ,অভেৰি বা জৰায়ুৰ কৰ্কট ৰোগ হলে স্তনৰকৰ্কট ৰোগ হোৱাৰসম্ভাৱনা বেচি দেখা যায়৷বি আৰ চি এ-১আৰু বি আৰ চি এ -২জিনৰ বিজুটি ঘটিলে কৰ্কট ৰোগ হোৱাৰসম্ভাৱনা ৮০শতাংশলৈ বৃদ্ধি পায়৷ মাহেকীয়াৰ লগত সম্বন্ধ - ১২বছৰ বয়সৰ আগতে মাহেকীয়া আৰম্ভ হোৱা (Menarche)আৰু ৫০বছৰৰ পিছত মাহেকীয়াবন্ধ হোৱা(Menopause ) মহিলাৰ কৰ্কট ৰোগৰ সম্ভাৱনা বেচি দেখা গৈছে৷হৰম'ন ৰিপ্লেচমেন্ট, গৰ্ভনিৰোধক পিল আৰু যি কোনো অসুখতে ৰেডিয়েচন থিৰাপি লোৱা মহিলাৰ কৰ্কটৰ সম্ভাৱনা বেচি৷মদ্যপাণ আৰু ধূম্ৰপাণো এনে কেন্সাৰৰ কাৰক বুলি চিহ্নিত হৈছে৷গৰ্ভধাৰনৰ বয়স - যিসকল মহিলা ৩০ৰ তলত বা কম বয়সত গৰ্ভৱতী হয় - তেওঁলোকৰ কেন্সাৰৰ সম্ভাৱনা কম৷আৰু অন্যান্য কিছু কাৰকৰ বিষয়ে পিছত আলোচনা কৰিম৷এতিয়া চমুকৈ স্তনৰ কৰ্কট ৰোগৰ বৰ্ণনা দিওঁ :-বক্ষত টেমুনা (Lump ) হোৱা - টান, খহটা, চুক-কোণবিলাক বিশৃঙ্খল আৰু সাধাৰণতে বিষ নোহোৱা৷স্তনৰ আকৃতি প্ৰকৃতি সলনি হোৱা - স্তন আৰু নিপ'লৰ বৰণ, স্থান আৰু দেখিবলৈ স্বাভাবিক আকৃতিৰ সলনি হোৱা৷স্তনাগ্ৰ অৰ্থাৎত নিপ'লৰ পৰা তৰল পদাৰ্থ নিৰ্গত হোৱা৷স্তনৰ পৰা তেজপূঁজ ওলালে, সেই দিশত গাঙঠি উঠিলে,বাহু ফুলি উঠিলে,বিষ অনুভৱ হলে আৰু শৰীৰ ওজন হ্ৰাস হলে কৰ্কট ৰোগৰ অৱস্থা গুৰুতৰ হোৱাতো সূচায়৷কেন্সাৰৰ চিকিৎসা তিনিধৰণে হয়৷অপাৰেচন,কেম'থিৰাপি আৰু ৰেডিয়েচন থিৰাপি৷ৰোগীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে চিকিৎসা পদ্ধতি ঠিৰাং কৰে৷এতিয়া আনবিধ স্তনৰ নিৰীহ টিউমাৰ ফাইব্ৰএডিনমা ব্ৰেষ্টৰ বিষয়ে আলোচনা কৰিম৷৩০-৩৫ বছৰৰ তলৰ মহিলাৰ বক্ষত হোৱা এবিধ টিউমাৰ হ'ল ফাইব্ৰএডিনমা৷ই কৰ্কট ৰোগৰ পূৰ্বসুৰি নহয়৷বগা ছালৰ মহিলাৰ তুলনাত ক'লা ছালৰ মহিলাৰ এই ৰোগ বেচিকৈ হয়৷ নিৰ্দিষ্ট কাৰণ জ্ঞাত নহলেও অইষ্ট্ৰজেন হ'ৰমনৰ প্ৰভাৱ টিউমাৰৰ ওপৰত পৰে বুলি প্ৰমাণিত হৈছে৷ সেয়ে মাহেকীয়াৰ বিভিন্ন সময়ত,গৰ্ভধাৰণ আৰু মাহেকীয়া বন্ধ হবৰ সময়ত টেমুনাৰ আকাৰ সৰু হব ধৰে৷শৰীৰৰ সাধাৰণতে এটা স্তনতহে টেমুনা হয় যদিও ১৫শতাংশ মহিলাৰ ক্ষেত্ৰত দুয়োটা স্তনেই আক্ৰান্ত হয়৷১০ শতাংশ মহিলাৰ টেমুনা নিজে নিজে নাইকীয়া হয়৷আকৌ তাৰে কিছু সংখ্যকৰ টিউমাৰৰ পুনৰ আবিৰ্ভাৱ হয়৷বিষৰহিত টেমুনাটো মিহি, চুক-কোন সমান,লৰচৰ কৰাব পাৰি৷ সেয়ে কেতিয়াবা ইয়াক বক্ষৰ নিগনিও আখ্যা দিয়া হয়৷ টেমুনাটো ফাইব্ৰাচ কোষ আৰু গ্লেণ্ডুলাৰ কোষৰ সংমিশ্ৰণ৷সাধাৰণতে ১৫ৰ পৰা ৩৫বছৰৰ মহিলাৰ ফাইব্ৰএডিনমা হয়৷ গৰ্ভধাৰণ কৰিলে,মাতৃদুগ্দ্ধ পাণ কৰোৱা মহিলাৰ টেমুনাৰ আকাৰ হ্ৰাস পোৱা দেখা যায়৷ এ্ন্টি -এণ্ড্ৰজেনিক ঔষধ সেৱন কৰা পুৰুষৰো ফাইব্ৰএডিনমা হব পাৰে৷ৰোগত প্ৰভাৱ পেলায় বুলি প্ৰমাণিত হৈছে৷ টিউমাৰটো এটা মটৰ মাহৰ পৰা এটা নেমুৰ সমান আকৃতিৰ হব পাৰে৷সাধাৰণতে এটা স্তনতহে টেমুনা হয় যদিও ১৫শতাংশ মহিলাৰ ক্ষেত্ৰত দুয়োটা স্তনেই আক্ৰান্ত হয়৷১০ শতাংশ মহিলাৰ টেমুনা নিজে নিজে নাইকীয়া হয়৷আকৌ তাৰে কিছু সংখ্যকৰ টিউমাৰৰ পুনৰ আবিৰ্ভাৱ হয়৷বিষৰহিত টেমুনাটো মিহি, চুক-কোন সমান,লৰচৰ কৰাব পাৰি৷ সেয়ে কেতিয়াবা ইয়াক বক্ষৰ নিগনিও আখ্যা দিয়া হয়৷ টেমুনাটো ফাইব্ৰাচ কোষ আৰু গ্লেণ্ডুলাৰ কোষৰ সংমিশ্ৰণ৷সাধাৰণতে ১৫ৰ পৰা ৩৫বছৰৰ মহিলাৰ ফাইব্ৰএডিনমা হয়৷ গৰ্ভধাৰণ কৰিলে,মাতৃদুগ্দ্ধ পাণ কৰোৱা মহিলাৰ টেমুনাৰ আকাৰ হ্ৰাস পোৱা দেখা যায়৷ এ্ন্টি -এণ্ড্ৰজেনিক ঔষধ সেৱন কৰা পুৰুষৰো ফাইব্ৰএডিনমা হব পাৰে৷ৰোগৰ চিনাক্তকৰণ - সাধাৰণতে ৰোগীক পৰীক্ষা কৰিয়েই ফাইব্ৰএডিনমা চিনাক্ত কৰিব পাৰি৷কেতিয়াবা বক্ষৰ আলট্ৰাচাউণ্ড, এম আৰ আই বা নিডল বায়স্পিৰ সহায় লোৱা হয়৷চিকিৎসা - কিছুসংখ্যক ৰোগীৰ অপাৰেচন কৰি ফাইব্ৰএডিনমা আতৰ কৰা হয়৷এনে কৰা হয় যদি ৰোগী কেন্সাৰৰ আশংকাত ভূগিছে নাইবা টেমুনাৰ আকাৰ ক্ৰমে খৰকৈ বাঢ়িবলৈ ধৰিলে, বিষৰ কাৰণ টেমুনাটো হলে৷অন্যথাই ভিটামিন-ই, প্ৰিমৰ'জ অইল খাবলৈ দি ৰোগীক নিৰীক্ষণত ৰখা হয় আৰু বহুতৰে টিউমাৰ কেইমাহমানত লুপ্ত হয়৷অৰমিলস্কিফেন নামৰ নন ষ্টেৰইডেল,নন হৰম'নিক টেবলেট কিছুমান ৰোগীক দি ভাল ফল পোৱা গৈছে৷আমাৰ দেশত সপ্তাহত এদিন খাবলৈ দিয়া সহেলি নামৰ গৰ্ভনিৰোধক পিলত অৰমিলস্কিফেন থাকে৷আকৌ আগতে উল্লেখ কৰা ডেনাজল হ'ল এবিধ টেষ্টষ্ট'ৰেনৰ লগত মিল থকা পুৰুষ হৰম'ন৷ইয়াক সতৰ্কতাৰে ব্যৱহাৰ কৰিব লাগে যাতে পাৰ্শ্বক্ৰিয়া যেনে ওজন বঢ়া, শৰীৰত অপ্ৰয়োজনীয়কৈ দাঢ়ি চুলি গজা, স্ত্ৰী যৌনাংগ শুষ্ক হৈ পৰা, স্তন দুটাৰ আকাৰ সৰু হৈ পৰা আদি হবলৈ নাপায় ৷ ডেনাজলক মহিলাৰ এণ্ডমেট্ৰিয়চিচ আৰু জৰায়ুৰ অকাৰণতে হোৱা ৰক্তক্ষৰণ ৰোধ কৰিবলৈও ব্যৱহাৰ কৰা হয়৷ইয়াৰ ওপৰিও আলট্ৰাচাউণ্ডগাইডেড ক্ৰায়োচাৰ্জাৰী (অতি শীতলতা প্ৰদানৰে কৰা এক চিকিৎসা পদ্ধতি) নাইবা অত্যাধুনিক লেজাৰৰ সহায়ত টিউমাৰক আতৰাব পাৰি৷এতিয়া থুলমুলকৈ নাৰীৰ বক্ষৰ স্বাস্থ্য ৰক্ষাৰ কেইটিমান কথা উল্লেখ কৰি লিখনি সামৰিম৷শৰীৰৰ ওজন নবঢ়াব৷বি এম আই (মোৰ আগতে প্ৰকাশিত "সুস্বাস্থ্য ৰক্ষাৰ কিটিপ" পঢ়ক) ২৫ৰ ভিতৰত সদায় ৰাখিবলৈ যত্নপৰ হওক৷সুখাদ্য খাওক (এই বিষয়ে আগতে কৰা বিতং আলোচনা সাহিত্যৰ আগৰ সংখ্যাত চাওক)৷বিশেষকৈ ৰঙীন পাচলি আৰু ফলমূল (কমলা,বিলাহী,গাজৰ,ৰঙালাউ,তৰমুজ, ব্ৰুকলি,বন্ধাকবি,পালেং) খাদ্যৰ তালিকাত সলনাসলনিকৈ ৰাখক৷ এইবিলাকে কৰ্কট ৰোধ প্ৰতিৰোধতো সহায় কৰে৷সদায় বেচি আঁহ() থকা খাদ্যক অগ্ৰাধিকাৰ দিব৷মদ আৰু চিগাৰেটক চিৰদিনলৈ চায়নাৰা কৰক৷গৰ্ভনিৰোধক বা অইন হৰম'ন ( বিশেষকৈ মেন'পজ হলে) ৰিপ্লেচমেন্ট দৰব পৰাপক্ষত নোলোৱাকৈ চলিবলৈ চেষ্টা কৰক৷ভিটামিন-ই, মাল্টি ভিটামিন, এন্টিঅস্কিডেন্ট চিকিৎসকৰ লগত আলোচনা কৰি ব্যৱহাৰ কৰি নিজকে সদায় কৰ্মপটু কৰি ৰাখক৷নিয়মীয়াকৈ ব্যায়াম,আসন কৰক নতুবা নিতৌ ৪৷৫কিলোমিটাৰ খোজ কাঢ়ক৷যাৰ পৰিয়ালত কৰ্কট ৰোগ,বিশেষকৈ স্তনৰ বা জৰায়ুৰ হৈ্ছে- তেওঁৰ ভগ্নীয়ে অইষ্ট্ৰজেন ব্লকিং এজেন্ট (টেমস্কিফেন,ৰেলস্কিফেন,এস্কমিচটেন আদি) ঔষধ ব্যৱহাৰৰ প্ৰয়োজনীয়তা সম্বন্ধে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লব পাৰে৷কাৰণ এনে দৰবে কেন্সৰৰ ৰিস্ক ৬৫শতাংশৰো অধিক কমাব পাৰে বুলি প্ৰমাণিত হৈছে৷নিজৰ স্তনৰ নিজে পৰীক্ষা কৰক৷ সামান্য সন্দেহজনক কিবা হোৱা যেন দেখিলেই পলম নকৰি স্বাস্থ্য পৰীক্ষা কৰাওক৷নিজৰ স্তনৰ পৰীক্ষা কৰাৰ পদ্ধতি : -১) আয়নাৰ সন্মুখত হাত দুখন সমানে ককালত থৈ লক্ষ্য কৰক -দুয়োটা স্তনৰ আকাৰ,আকৃতি আৰু বৰণ৷স্তনাগ্ৰৰ অৱস্থা৷২)দুয়ো হাত সমানে দাঙিলৈ এইবাৰ একেখিনি কথা লক্ষ্য কৰক৩) সোঁহাতেৰে বাওঁ স্তন আৰু বাওঁহাতেৰে সোঁ স্তন পৰীক্ষা কৰক৷হাতেৰে হেঁচি ঘূৰাই ঘূৰাই গোটেই বক্ষত কিবা অস্বাভাবিকতা দেখা দিছে নেকি, অনুভৱ কৰিবলৈ চাওক৷কাষলতি তল পৰ্য্যন্ত পৰীক্ষা কৰিব৷৪)ঠিয়হৈ আৰু বহি পৰীক্ষা কৰা হলে শুইলৈ স্তন দুটা এইদৰে ভাল দৰে হেঁচি পৰীক্ষা কৰক৷৫)স্তনাগ্ৰ অৰ্থাৎত নিপ'ল দুটা চেপি চাওক৷কিবা ওলাইছে নেকি ?প্ৰতিমাহত অন্তত: এবাৰ এইদৰে পৰীক্ষা কৰি নিজৰ অসুস্থতা ঠাৱৰ কৰিব৷কেতিয়াবা ফাইব্ৰচিষ্টিক ব্ৰেষ্ট ডিজিজত নিপ'লৰ পৰা পনীয়া পদাৰ্থ ওলোৱাটো বিপদৰ সংকেট নহয়৷কম বয়সীয়া ছোৱালীৰ এই ৰোগ হয়৷ স্তনৰ স্ব-পৰীক্ষা কৰোতে মই বৰ্ণনা কৰা ৰোগৰ লক্ষণসমূহ মনত পেলাব৷"নিৰীহ" ৰোগৰ অৰ্থ ই কেন্সাৰলৈ পৰিবৰ্তন নহয় (Non Cancerous)৷যেনে ফাইব্ৰএডিনমা হ'ল এবিধ নিৰীহ টিউমাৰ৷শেষত কম - আতংকিত নহব৷সহজ সৰল জীৱন যাপন কৰক৷ মানসিক প্ৰফুল্লতা আৰু সুখাদ্যক আপোনাৰ সংগী কৰি লওক৷ ঘৰৰ মূল মহিলাগৰাকীৰ ওপৰতে গোটেই পৰিয়ালটোৰ স্বাস্থ্য আৰু সুখ-শান্তি নিৰ্ভৰ কৰে৷ইমান দীঘল বিষয়টোৰ ওপৰত কবলৈ, লিখিবলৈ বহু কথাই থাকি গ'ল৷তথাপিও বিষয় বস্তুৰ এক আভাস পাঠকে পালে বুলি জানিলে সুখী হম৷ডা০ ভূপেন শইকীয়াড'হা, কাটাৰৰ পৰা, ২৬ নভেম্বৰ ২০১২Email~ drbksaikia@gmail.comMobile 0974- 33738723333333333333333333333333333333333333333333333333333333333333333333
Articles in Assamese on various topics like health,travel, literature etc. are available in this blog.
Translate
Friday, November 30, 2012
আজিৰ স্বাস্থ্য কথাত নাৰীৰ বক্ষৰ সমস্যা :
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment