পঞ্চম শ্ৰেণীত থাকোতে "টেঙা দৈ" নামৰ ভূতৰ সাধুৰ কিতাপ এখন গেটেই দিন ধৰি পঢ়িলোঁ ৷ ভূতৰ বিভিন্ন প্ৰকাৰৰ সৈতে একেদিনাই অভিজ্ঞ হৈ উঠিলোঁ৷ সন্ধিয়া হোৱাৰপৰা বাহিৰলৈ চাবলৈয়ো ভয় লাগিব ধৰিল
- তাতে তেতিয়া আছিল কৃষ্ণ পক্ষ৷ সন্ধিয়াৰ সাতটামান বাজিছে৷বাহিৰত বৰকৈ কুকুৰে ভূকা শুনি মায়ে মোক ঘৰৰ বাহিৰত কি হৈছে চাব কলে৷ভয়ে ভয়ে দুৱাৰখন খুলি বাৰান্দা পায়েই মোৰ মুখৰ পৰা বিকট চিঞৰ এটা মোৰ অজানিতেই ওলাই আহিল আৰু মই মুচকছ যোৱাৰ ওপক্ৰম হ'ল৷আমাৰ পদূলি মুখৰ কৰ্পূৰ গছজোপাৰ তলত ৰঙা কাপোৰ পিন্ধা বাওনা ভূত এটাই হাতত কিবা-কিবি লৈ মোৰ ফালে আগুৱাই আহি আছে৷
ঘৰৰ সকলো মানুহ আনকি আলহীও বাহিৰলৈ ওলাই আহিল "কি হ'ল" বুলি৷মই এইবাৰ লাজত মুচকছ যাবলগীয়া হ'ল৷
আচলতে আলহীৰ বাবে বনোৱা পায়সত দিবলৈ কেইখিলামান কৰ্পূৰৰ পাত আনিবলৈ ভন্টিজনীক মায়ে পাছ দুৱাৰেদি বাহিৰলৈ পথিয়াইছিল৷
ভূত দেখা সেয়াই মোৰ প্ৰথম আৰু শেষ৷ডিব্ৰুগড়ত ভূত ওলাইছে বুলি শুনি দিগন্ত শইকীয়া আৰু অন্যান্য বন্ধুসকলক কথাখিনি জনালোঁ৷
No comments:
Post a Comment