প্ৰতি
মনোহৰ দত্ত
নলবাৰী, অসম
বন্ধুবৰ ~
মোৰ সাদৰ সম্ভাষণ জানিব৷
শিক্ষক দিৱস উপলক্ষে মনৰ ভাৱ জনাই কেইটিমান কথা লিখিলোঁ৷ পোনতেই এটি স্কুলীয়া দিনতে পঢ়া দোহা মনলৈ আহিছে৷
গুৰু গোবিন্দ দোনো খড়ে, কাকে লাগো পায়
বলিহাৰী গুৰু আপনে গোবিন্দ দিয়ো বতায় ৷৷
দোহাটোৰ সাৰাংশ হ'ল মোৰ সন্মুখত যদি গুৰু (শিক্ষক) আৰু গোবিন্দ (ভগৱান) দুয়ো একেলগে ঠিয় হয়;
মই তেতিয়া প্ৰথমতে মোৰ গুৰুক প্ৰণাম জনাম কিয়নো মোক ভগৱানৰ মাৰ্গ দৰ্শন গুৰুৱেই কৰালে৷
দৰাচলতে ভাৰতীয় ঐতিহ্যৰ মতে শিক্ষাগুৰুৰ স্থান সদায় ওপৰত৷ পিতৃ-মাতৃৰ দৰে শিক্ষাগুৰুৱেও আমাক কেতিয়াবা আদৰেৰে আৰু কেতিয়াবা শাসনেৰে শুদ্ধপথৰ সন্ধান দিয়ে৷
৫ চেপ্তেম্বৰ তাৰিখটো পালেহি ৷শিক্ষাবিদ, পণ্ডিত, দাৰ্শনিক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন৷ দেশে “শিক্ষক দিৱস” ৰূপে এই দিনটো পালন কৰি আহিছে৷ মই মোৰ শিক্ষাগুৰুসকলক বিশেষকৈ বাল্যকালত সঠিক পথৰ মাৰ্গদৰ্শন কৰা টি পি টেলংগজী আৰু সুধাকৰ তিৱাৰীজী চাৰক এই চেগতে পুনৰাই শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ৷
এই পবিত্ৰ দিৱস উপলক্ষে শিক্ষকসকলক উপদেশ দিয়াৰ ধৃষ্টতা মোৰ নাই৷ কিন্তু বিনয়েৰে আহ্বান জনাওঁ যে
এই বৃত্তিৰ লগত জড়িত প্ৰত্যেকজনে যেন নিজ মৰ্য্যাদা সদায় ৰক্ষা কৰি চলে৷ দেশৰ নাগৰিকক, তাতোকৈ ডাঙৰ কথা 'মানুহ' গঢ়াৰ গুৰু দায়িত্বত নিয়োজিত শিক্ষকসকল৷ এবাৰ এই বৃত্তিত সোমাই পৰাৰ পিছত নিজ আদৰ্শৰ পৰা যেন কোনো কাৰণতে কক্ষচ্যুত নহয়৷
আনহাতে সমাজৰ আৰু চৰকাৰৰো শিক্ষকসকলৰ প্ৰতি বহুতো কৰণীয় আছে৷ শিক্ষকসকলো তেজ-মঙহৰে মানুহ আমি পাহৰিলে নচলিব৷ তেওঁলোকে নিজ কৰ্তব্য নিষ্ঠাসহ নিয়াৰিকৈ পালন কৰিবলৈ যাওঁতে যাতে অন্নমুঠিৰ চিন্তাত ডুবি থাকিবলগীয়া নহয় - তালৈ সকলোৱে চকু দিব লাগিব৷
অসমত "চান্দা" নামৰ এক অপ সংস্কৃতিয়ে গা কৰি উঠিছে৷ ইয়াৰ দ্বাৰা অইন প্ৰদেশৰ মানুহৰ আগত আমি নিজকে ভিক্ষাৰী সজাইছোঁ৷ আজি এটা চেনেলত বাতৰি শুনি ব্যথিত হলোঁ ৷ শিক্ষক দিৱস পালন কৰিবলৈ কোনোবা এখন নগৰত ৰাস্তাত চান্দা তুলিছে৷ সেই নগৰখনৰ শিক্ষিত লোকসকলে,অভিভাৱকসকলে, প্ৰশাসনৰ লোকসকলে এনে কাৰ্যকলাপক লগে লগে বাধা দিব লাগে৷
"ছাত্ৰানাং অধ্যয়ণং তপ:" অৰ্থাৎ ছাত্ৰই বিদ্যা আৰ্জিবলৈ তপস্যাত ব্ৰতী হব লাগে৷ আকৌ আমাৰ অসমীয়াতো প্ৰবাদ আছে- পঢ়ে,পঢ়ায় ৰুৱে পাণ,এই তিনিয়ে নিচিন্তে আন৷গতিকে ছাত্ৰৰো শিক্ষা আৰ্জিবলৈ যাওঁতে কৰণীয় অনেক৷ আজিকালি বহু ক্ষেত্ৰত শিক্ষাৰ পৰা স্কুল পৰ্য্যায়ত নীতি শিক্ষা, ভূগোল, বুৰঞ্জী বাদ দিয়াৰ অনেক কু-পৰিনাম সমাজে ভূগিছে৷ শিক্ষা মাত্ৰ ডিগ্ৰী আহৰণ আৰু ধন-ঘটাৰ আহিলা মাত্ৰ হৈ নপৰে তালৈ সময় থাকোতেই সচেতন লোকসকলে, সমাজ- শাস্ত্ৰীসকলে চকু দিয়ে যেন৷
চিঠিখন আৰু বহল নকৰোঁ৷ মনলৈ অহা তৎক্ষাণিক ভাৱখিনি জনালোঁ মাথো৷
শেষত শিক্ষক সমাজলৈ সেৱা জনাই আৰু ছাত্ৰসকললৈ শুভকামনাৰে আজিলৈ বিদায় ললোঁ৷
ইতি ~
ডা০ ভূপেন শইকীয়া
৪-৯-০১২ ড'হা, কাটাৰ
৪-৯-০১২ ড'হা, কাটাৰ
No comments:
Post a Comment