Translate

Tuesday, July 24, 2012

জীৱনাদৰ্শ


আজীৱন
দুখত প্ৰতিপালিত
ছোৱালীজনীক
জিৰনিৰ 
আশ্ৰয় এডুখৰি
আঙুলিয়াই দিয়াটো
আছিল নেকি বাৰু ভুল ?

আগবঢ়া খোজবোৰ
পদূলিতে থমকি ',
সেইয়া কিহৰ নিনাদ ?

জীৱনেই শিকালে
বজ্ৰ কঠোৰ হবলৈ
আৰু কোনো দুখে
স্পৰ্শ কৰিব নোৱৰা হৈ !











১২৷৩৷২০১২ 

No comments:

Post a Comment

Total Pageviews