Translate

Friday, August 30, 2013

পাটিমূতুৰা ৰোগ


সহৃদয় পাঠকসকলৰ বহুতেই হয়তো পাটিমূতুৰা মাছৰ নাম শুনিছে৷ গৰৈ প্ৰজাতিৰ এই মাছ কোনো কোনোবাই হয়তো খায়ো পাইছে ? পঁইতা ভাতৰ লগত পোৰা মাছৰ পিটিকাৰ জুতিয়েই বেলেগ ! অসমৰ খাল, বিল, পথাৰ সমূহত এসময়ত এই বগা-হালধীয়া বৰণৰ দেখাত সাইলাখ গৰৈ বা চেঙেলি মাছৰ আকৃতিৰ মাছবিধ প্ৰচুৰ পোৱা গৈছিল৷ এতিয়া ই বিলুপ্ত প্ৰজাতিৰ মাছৰ ভিতৰত পৰিছে বুলি মোৰ ধাৰণা হয়৷ অসমৰ গ্ৰাম্য জীৱনৰ লোক বিশ্বাসমতে এইবিধ মাছ খালে পাটিত মূতা ৰোগ (?) আৰোগ্য হয়৷ আজি পাঠকসকলক সচৰাচৰ চৰ্চা নকৰা এইবিধ ৰোগৰ বিষয়ে দুআষাৰ কম৷ ইয়াক ঠিক ৰোগ নুবুলি এক অৱস্থা বুজাবলৈ ব্যৱহাৰ কৰিলেহে শব্দৰ সঠিক প্ৰয়োগ কৰা হব৷ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে কেঁচুৱাই দিনতে হওক বা ৰাতিয়েই হওক বাৰম্বাৰ বিছনাত প্ৰস্ৰাব কৰে৷ মাকে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত কেঁচুৱাক বিচনাৰ পৰা দাঙি প্ৰসাব কৰোৱালে বিচনাখন নিভিজাকৈ ৰাখিবলৈ বহুক্ষেত্ৰত সফল হয়৷ তাকে নকৰিলেই কেঁচুৱাই বিচনাত প্ৰসাব কৰে৷ ডাঙৰহৈ অহাৰ লগে লগে বিচনাত মূতা বা প্ৰসাব কৰাৰ পৰিমাণটো কমি আহিব ধৰে৷ শিশুৱে ৫বছৰ বয়স নোহোৱালৈকে এইদৰে নিজৰ অজ্ঞাতে কম বেচি পৰিমানে বিচনাত প্ৰসাব কৰে৷ ৫বছৰ বয়সৰ পাছত মাত্ৰ পোন্ধৰ শতাংশ শিশুৱেহে এই অভ্যাস ত্যাগ নকৰে৷ আকৌ ১০বছৰ বয়স হলে ৯৫শতাংশ শিশুৱেই বিচনাত প্ৰসাব নকৰা হয়৷ সংখ্যাগতভাবে বিচনা ভিজোৱা ল'ৰাৰ সংখ্যা বিচনা ভিজোৱা ছোৱালীৰ দুগুণ৷ পাঠকে শুনিলে আচৰিত নহব ০-৫%ৰ পৰা ২-৩% প্ৰাপ্তবয়স্কৰো বিচনাত নিজৰ অজ্ঞাতে প্ৰসাব কৰাৰ সমস্যা থাকে৷
গতিকে শিশুৱে বিচনাত প্ৰসাব কৰা-নকৰাটো বয়সৰ লগত জড়িত এক স্বাভাবিক প্ৰক্ৰিয়া৷ মূত্ৰাশয় পৰিপূৰ্ণ হোৱাৰ অনুভূতি মগজুলৈ যোৱাৰ লগে লগে শিশুৱে সাৰ নাপালে আপোনাআপুনি বিচনাতে লগে লগে প্ৰসাব নিৰ্গত হয়৷ বহু অভিভাবকে ভুল ধাৰণাৰ বশবৰ্তীহৈ নিজ সন্তানক 'এলেহুৱা' বুলি অবাবতে কটু কথা শুনাই শিশুৰ ওপৰত অপ্ৰয়োজনীয় মানসিক ছাপৰ সৃষ্টি কৰে৷
অৱশ্যে ডায়েবেটিজ, মূত্ৰ প্ৰনালীৰ সংক্ৰমন, ৰাজহাঁড়ৰ বিকাৰ, নিদ্ৰাজনিত ৰোগ আদিৰ ক্ষেত্ৰতো শিশুৰ
বিচনাত নিজ অজ্ঞাতে প্ৰসাব কৰা অৱস্থা এটা হব পাৰে৷এটেনচন ডেফিচিট হাইপাৰ এক্টিভ ডিচঅৰ্ডাৰ ( ADHD ) নামৰ মানসিক ৰোগীয়েও অন্তত: তিনিগুণ বেচিকৈ প্ৰসাব কৰে৷
কিন্তু এনে ধৰনৰ শাৰীৰিক বিজুটি থকা ৰোগীৰ সংখ্যা উল্লেখযোগ্য নহয়৷ কেইদিনমানৰ আগতে এজন আৰবী ভদ্ৰলোক নিজৰ ১২বছৰীয়া সন্তানৰ এই বিচনাত প্ৰসাব কৰাৰ সমস্যাৰ প্ৰতিকাৰ বিচাৰি আমাৰ চেম্বাৰত আহিছিল৷ইতিমধ্যে তেওঁ বিভিন্ন চিকিৎসক আৰু মনোবিজ্ঞানীৰ কাষ চাপি নিৰাশ হৈছে৷পৰীক্ষা কৰাত ল'ৰাজনৰ উল্লেখিত শাৰীৰিক বিসংগতিৰ একোৱেই চকুত নপৰিল৷ তেওঁক এতিয়া এন্টি -ডাইউৰেটিক হৰমোনৰে চিকিৎসা আৰম্ভ কৰিলোঁ৷ আশাকৰো সুফল পাব ৷ ফলাফল জানিবলৈ দুসপ্তাহমান প্ৰতীক্ষা কৰিব লাগিব৷
পাৰ্চি চিকিৎসা বিষয়ৰ লিখক এভিচনাই খৃষ্টাব্দ ১০২৫চনতেই মনোবিজ্ঞান আৰু বিচনাত প্ৰসাব কৰা ৰোগৰ সম্বন্ধৰ বিষয়ে লিখি বিজ্ঞলোকৰ দৃষ্টি আকৰ্ষন কৰিবলৈ সমৰ্থ হৈছিল৷ এগৰাকী শিশু বিশেষজ্ঞ ডাক্তৰ বৱাৰ্ড বেনেটে এই পাটিত মূতা ৰোগৰ ওপৰত অলপতে “ Waking up dry : A guide to help children overcome bed wetting” নামৰ কিতাপ এখন ৰচনা কৰি বিশ্ববাসীৰ সমাদৰ লভিবলৈ সমৰ্থ হৈছে৷
এতিয়া বিচনা ভিজোৱাৰ কাৰণ সমূহৰ বিষয়ে অলপ চৰ্চা কৰোঁ৷প্ৰমুখ কাৰণ হ'ল জেনেটিকচ অৰ্থাৎ বংশগতি ৷
লৰালি কালত যদি পিতৃ-মাতৃৰ এজনৰ এনে অসুখীয়া অৱস্থা আছিল, তেনেহলে সন্তানৰ ৪৪% সম্ভাৱনা আৰু উভয়ে যদি বিচনা ভিজাইছিল তেন্তে সন্তানৰ ৭৭%সম্ভাৱনা৷ জিনৰ ক্ৰমোজম নং ১২কিউ আৰু ৫,৮,১৩ক ইয়াৰ বাবে জগৰীয়া বুলি ঠাৱৰ কৰা হৈছে৷
শৰীৰত থকা এন্টি ডাই-ইউৰেটিক হৰমোনৰ পৰিমান কম হলেও প্ৰসাব বেচি হব৷ শৌচ-কচা থকা শিশুৰ পেটৰ মলৰ হেঁচাত প্ৰসাব লগাৰ ভাব আহিব পাৰে৷ আকৌ যাৰ টোপনি অতি গভীৰ তেনে শিশুৱে প্ৰসাব লগাৰ অনুভূতি নিজে উপলব্দ্ধি নকৰিবও পাৰে৷

চিকিৎসকৰ দ্বাৰা অভিভাৱকক কি পৰামৰ্শ দিয়া হয় ? 
-ৰাতি বিচনালৈ যোৱাৰ আগতে সন্তানক প্ৰসাব কৰোৱাব৷
- পানী বা আন জুলীয়া খাদ্য সন্ধিয়াৰ পৰা কমকৈ খাব দিব৷
- সন্তানক বিচনা নিভিজোৱা দিনৰ বাবে প্ৰসংশা কৰক আৰু সৰুসুৰা উদগণি বটাও দিয়ক৷
- কেতিয়াও ইয়াৰ বাবে আনৰ সন্তানৰ লগত তুলনা নকৰিব৷
গালি-গালাজে শিশুৰ মনত হীন ভাৱহে জগাই তুলিব৷
-মনত ৰাখিব চাহ,কফি,এলকোহলযুক্ত টনিক আদিয়ে প্ৰসাবৰ পৰিমান বৃদ্ধি কৰে৷
-প্ৰয়োজন সাপেক্ষে তুলি নিভিজাবলৈ অইল ক্লথ, ডাইপাৰ আদিৰ প্ৰয়োগ কৰিব পাৰে৷ 
- শিশুক বুজনি দিয়ক -ই একো বেমাৰ নহয়৷বয়স বঢ়াৰ লগেলগে এই ত্ৰুতি আতৰ হব৷

উপসংহাৰ :
বজাৰত এলাৰ্ম চিষ্টেম ওলোৱাৰ বাতৰি শুনিছোঁ৷ইয়াক ব্যৱহাৰ কৰিলে নিদ্ৰামগ্ন শিশুটিৰ মূত্ৰাশয় ভৰ্তি হোৱাৰ লগে লগে এলাৰ্মে তাক জগাই তুলিব, যাতে সাৰ পাই স্বাভাবিকভাবে নিজে প্ৰসাব কৰিব পাৰে৷ চিনথেটিক অৰ্থাৎ কৃত্ৰিমভাবে তৈয়াৰী কৰা ডেচমপ্ৰেচিন নামৰ এন্টিডাই-ইউৰেটিক হৰমোনৰ ব্যৱহাৰ বহুক্ষেত্ৰত ফলপ্ৰসু সিদ্ধ হব পাৰে৷
মোখনিত সাহিত্য ডট অৰ্গৰ স্বাস্থ্য আৰু মনৰ বাবে যুগুতোৱা এই লিখনিটোৱে গোটৰ কাৰোবাক উপকৃত কৰিবনে নকৰে মই অনুমান কৰিব পৰা নাই৷ কিন্তু সাধাৰণ বিজ্ঞানৰ বিষয় আৰু পৰিষ্কাৰ পৰিছন্নতাৰ বাবে জানিবলগীয়া এক প্ৰয়োজনীয় লিখনি বুলিয়েই ইয়াক ৰাইজৰ হাতত তুলি দিলোঁ৷
ধন্যবাদ৷

ডা০ভূপেন শইকীয়া
২৯আগষ্ট ২০১৩
ডোহা,কাটাৰৰ পৰা


  • Aftar Hussain Chowdhury মোৰ ভতিজা এজনে এইবাৰ দশম মান শ্ৰেনীত৷ তাৰ এই বিকাৰ আছে৷ এতিয়া দেখিছো তাক চিকিৎসা কৰি ভাল কৰিব লাগিব নহ'লে বেচেৰা..........খোলাখুলিকৈ কব গ'লে সপ্তমমানলৈকে মোৰো এই বিকাৰ আছিল৷ কিমান লাজ পাইছিলো ইয়াৰ বাবে৷
  • Abdus Sazid লেখাটো পঢ়ি কথা এটা মনলৈ আহিল৷ সিদিনা অলপতে এজনে মোৰ আগত কৈছিল, তেওঁৰ হেনো নিশা শুই থাকোঁতে বিচনাত প্ৰস্ৰাৱ হৈছে৷ ভাবিব নোৱাৰা কথা৷ আজিৰ পৰা প্ৰায় এবছৰৰ আগতেও তেনে হোৱা বুলি মোক কোৱা মনত আছে৷ বয়স প্ৰায় ৩৫৷ ডাক্তৰ শইকীয়া ডাঙৰীয়াই এই সন্দৰ্ভত কি ভাবে জনালে ভাল পাম৷
  • DrBhupendra Saikia মোৰ লিখনিত উল্লেখ আছে কমেও ০-৫ শতাংশ প্ৰাপ্তবয়স্কৰো এনে হব পাৰে৷ লিখনিৰ পৰামৰ্শ তেওঁৰ বাবে উপযোগী হব পাৰে৷তদুপৰি ব্যায়াম কৰিও ব্লাডাৰৰ প্ৰসাব ধৰি ৰখা শক্তি বঢ়াব পৰা যায়৷যোগাসনৰ অভিজ্ঞ ব্যক্তিয়ে এইক্ষেত্ৰত সহায় কৰিব পাৰিব৷
  • Abdus Sazid ধন্যবাদ, মই তেওঁক কথাখিনি জনাম৷
  • Uddip Talukdar Aftar Hussain Chowdhury, টুপী খুলি দিছোঁ। ইমান খোলাকৈ এনেকৈ ক'ব পাৰিবলৈ বহুত মানসিক সাহসৰ প্ৰয়োজন।
  • Sankar Jyoti Bora "সংখ্যাগতভাবে বিচনা ভিজোৱা ল'ৰাৰ সংখ্যা বিচনা ভিজোৱা ছোৱালীৰ দুগুণ৷" এইটো গম পাইহে দুখ পালো।লেখাটো পঢ়ি ভাল লাগিল।
  • Prasanta Kumar Borah পাটিমূতুৰা মাছৰ লগতে সকাম-নিকামত ধূপদানি হিচাপে ব্যৱহাৰ কৰা কলটোকো এই বিকাৰৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া সৰুতে দেখিছো। ইয়াৰ কিবা ব্যাৱহাৰিক যুক্তি আছেনে নাই নাজানো...

Wednesday, August 14, 2013

পিঁয়াজ, পিঁয়াজ, পিঁয়াজ !

পিঁয়াজ নোহোৱাকৈ আমাৰ এসাঁজো ভাত নচলে৷বহুতৰ প্ৰিয় খাদ্য হ'ল কেঁচা পিঁয়াজ নাইবা চালাডত
মিহলি পিঁয়াজ৷পিঁয়াজৰ ব্যৱহাৰ ৫হেজাৰৰো অধিক বছৰ পুৰণি৷ বুৰঞ্জীয়ে কোৱা মতে ইজিপ্তত পিৰামিডৰ নিৰ্মাণৰ লগত জড়িত বনুৱাসকলক কামৰ বিনিময়ত পিঁয়াজ দিয়া হৈছিল৷ এচিয়াৰ বিভিন্ন দেশ আৰু মধ্যপ্ৰাচ্যত বহু হাজাৰ বছৰৰ পৰা পিঁয়াজৰ খেতি চলি আহিছে৷ কলম্বচে পিঁয়াজৰ সঁচ বেষ্ট ইণ্ডিজ আৰু আমেৰিকালৈ লৈ যায়৷আজি বিশ্বৰ অধিক পিঁয়াজ উৎপাদনকাৰী দেশৰ তালিকাত আমেৰিকাও আছে৷আন আন দেশ হ'ল-ভাৰত,পাকিস্তান,চীন, ৰাচিয়া,স্পেইন,ইজিপ্ত৷পিঁয়াজ ডাঙৰ, মজলীয়া আৰু সৰু তিনিটা আকাৰৰ হয়, সৰহ সংখ্যক খেতি মজলীয়া বিধৰ হয়৷আকৌ সচৰাচৰ আমি দেখা ৰঙা বিধৰ বাহিৰে এবিধ বগা পিঁয়াজো আছে৷পিঁয়াজৰ ব'টানিকেল নাম হ'ল - এলিয়াম চিপা(Allium cepa)


পিঁয়াজৰ গুণাগুণ - ইয়াক এবিধ উত্তম খাদ্যৰ তালিকাত ৰাখিব পাৰি৷কাৰণ সমূহ চমুকৈ :
পিঁয়াজত এলিচিন ( Allicin )নামৰ ৰাসায়নিক তত্ব থাকে-যাৰ ফলত ই হৈ পৰে বেক্টেৰিয়া,ফাংগাচ আৰু ভাইৰাচ প্ৰতিৰোধকাৰী৷কলেষ্টৰল কমায়৷তেজৰ নলীৰ কঠোৰতা (stiffness ) কমায়,যাৰ ফলত ৰক্তচাপ কমে৷ প্লেটলেটক গোট মৰাত বাধা দিয়ে ফলত ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কমে৷ ট্ৰেচ মিনাৰেল ক্ৰমিয়াম থকাৰ ফলত ইনচুলিনে ভালদৰে ক্ৰিয়া কৰে আৰু ডায়েবেটিজৰ নিয়ন্ত্ৰণত সহায়ক হয়৷কোৱেৰচেটিন (Quertin) নামৰ এন্টিঅস্কিডেন্ট আছে যি হ'ল কেঞ্চাৰ প্ৰতিৰোধকাৰী, এন্টি-ইনফ্লেমটৰী আৰু ডায়েবেটিজ প্ৰতিৰোধকাৰী৷ভিটামিন-বি কমপ্লেস্ক থকাৰ বাবে মগজুৰ ক্ৰিয়াত সহায়ক হয়৷ভিটামিন-চি, মেংগানিজ, পটাচিয়াম আাদি থকাৰ ফলত শীতকালীন ৰোগ প্ৰতিৰোধত সহায়ক হয়৷

এজনে মানুহে দৈনিক কিমান পিঁয়াজ খাব লাগে জানেনে ? সেয়া একো চিন্তনীয় বিষয় বিষয় নহয়
- যিমান মূল্য বাঢ়িলেও সেয়া আপোনাৰ বলে পোৱাৰ ভিতৰত থাকিব বুলিয়েই মোৰ বিশ্বাস৷কিয়নো মজলীয়া চাইজৰ আধা পিঁয়াজেই দিনটোৰ বাবে যথেষ্ট ৷অসমত, গুৱাহাটীত আৰু আন আন অঞ্চলত বৰ্তমান পিঁয়াজৰ মূল্য প্ৰতি কিলোত কিমান চলি আছে বাৰু ? বাতৰিমতে দেশৰ সৰ্বাধিক পিঁয়াজ উপাদন হোৱা ঠাই মহাৰাষ্ট্ৰৰ নাচিকত ইয়াৰ মূল্য ৪০ৰ ওচৰ চাপিছেগৈ৷বতৰৰ বিধি-পথালিৰ বাবে পিঁয়াজৰ খেতি বেয়া হলে মূল্য ১০০টকালৈকে উধাব পাৰে বুলি পূৰ্বানুমান কৰা হৈছে৷দিল্লী, নয়ডাত ৪৫ৰ পৰা ৫৫টকা চলি থকা বুলি জনা গৈছে৷





Like ·  · Unfollow Post ·  · 19 hours ago
  • Gautam Pompi Bora ষাঠি টকা যদিও দুদিনতে বঢ়াৰ আশংকা আছে ।
  • DrBhupendra Saikia কাটাৰত পিঁয়াজৰ মূল্য এক ৰিয়ালৰ পৰা দুই ৰিয়ালৰ ভিতৰত৷ এক ৰিয়াল এতিয়া ভাৰতীয় ১৬টকাৰ সমান৷
    19 hours ago · Like · 1
  • Bhagat Lal Dutta মোৰ বোধেৰে পিয়াঁজ একেবাৰে নহ'লেই নোহোৱা ধৰণৰ পাচলি নহয়। পিয়াঁজ মূল খাদ্যতকৈ এক প্ৰকাৰৰ খাদ্য বিলাসবসন (luxury) হে। বিলাসী খাদ্য মৌলিক আহাৰৰ অভিন্ন অংগ হৈ পৰাটো এটা বেলেগ পৰিঘটনা। পিয়াঁজ আৰু দাইল (দালি) [বিশেষকৈ মচুৰ দাইল] অসমৰ ফালৰ মানুহৰ মৌলিক খাদ্য তালিকাৰ ভিতৰত সোমোৱাতো বেছি দিনৰ পৰিঘটনা যেন নালাগে। আগতে দাইলত কৈ মাহহে খাইছিল আৰু (থলুৱা ধৰণে ৰন্ধা) ভুৰি-ভোজন-তৰকাৰীৰ ৰন্ধন প্ৰণালীত পিয়াঁজ বৰ এটা খাপ নাখায়।
    18 hours ago · Edited · Like · 7
  • Gautam Pompi Bora পিয়াজ বিহীন ব্যঞ্জন ! কল্পনাৰো অগোচৰ ।অহা দুদিনত হয়তো অসমত পিয়াজ প্ৰথম শ্ৰেনীৰ নাগৰিকৰ পাকঘৰত অভিজাত্য ব্যঞ্জনৰ প্ৰতীক হৈ পৰিব ।
  • DrBhupendra Saikia মূল্যবৃদ্ধিয়ে পিঁয়াজক বিলাসী খাদ্য সামগ্ৰীত পৰিনত কৰাটো সঁচা কথা৷ আৰু এটা বাদ পৰা কথা যোগ দিওঁ৷
    চালফিউৰিক এচিড জাতীয় পদাৰ্থ থকাৰ বাবে পিঁয়াজ কাটিলে আমাৰ চকুপানী ওলায়৷
    কিছুমান সংবেদনশীল ছালত পোৰনিও হব পাৰে৷আকৌ এই জ্বলা-পূৰা স্বাদ বা গুণটোৰ বাবেই পিঁয়াজ বহুতৰ পচন্দৰ খাদ্য৷
    18 hours ago · Like · 2
  • Surajit Chetia অসমীয়া পিয়াজ বুলিয়ো এবিধ সৰু পিয়াজ শুনিছো, দেখিছো, নিজে ৰুইছো আৰু খাইছো | তাৰ বিষয়ে অলপ জানিলে ভাল পাম |
    18 hours ago via mobile · Unlike · 1
  • Surajit Chetia পিঁয়াজ # পিয়াঁজ # পিয়াজ ?
  • Bhagat Lal Dutta Surajit Chetia, সেই সৰু "অসমীয়া" বোলা টিকটিকিয়া ৰঙাবিধ বোধকৰো অসংকৰিত সঁচ। সেইবিধ কেইবাটাও সৰু সৰু থোপাকৈ নাথাকে জানো? আমাৰ ঘৰতো ৰোৱে। পিছে এবাৰ মোৰ শহুৰ দেউতাই চেন্নাইৰ পৰা সেইবিধকে সঁচলৈ বুলি কিনি আনিছিল, গতিকে অসমীয়া নামটোৰ ওপৰত সন্দেহ আছে। 'অসমীয়া পিয়াঁজ' আকৌ চেন্নাইৰ পৰা অনা সঁচ! 
    18 hours ago · Edited · Like · 2
  • Gautam Pompi Bora আচলতে সকলো সৰু শাক বা ফল অসমীয়া আৰু ডাঙৰ হলে বিলাতী ।
  • Mridul Kumar Borah আজি যদি ব্ৰয়লাৰ কুকুৰাৰ বা কুকুৰাৰ মাংসৰ দাম বাঢ়ি যায়...........
  • DrBhupendra Saikia পিঁয়াজৰ শুদ্ধ বানানটো জনালোকে কলে সুখী হম৷ 
    সৰু সৰু পিঁয়াজ অকল অসমতেই পোৱাটো সত্য নহয়৷ভাৰতৰ বাহিৰে ফ্ৰান্স, ব্ৰুনাই,ফিলিপাইন,মালেয়চিয়া,ভিয়েটনাম,কম্বোডিয়া,থাইলেণ্ড আদি দেশটো এই সৰু বিধ পিঁয়াজ উৎপন্ন হয়৷আমি অসমীয়া সৰু বিলাহী বুলি ভবা বিলাহী অস্ট্ৰেলিয়া,মেস্কিকো আদি দেশৰ পৰাও কাটাৰৰ মলসমূহত বিক্ৰীৰ বাবে অহা দেখিছোঁ৷সৰু, মজলীয়া বা ডাঙৰ তিনিও বিধ পিঁয়াজৰ গুণাগুণ একেই-পাৰ্থক্য মাথো টেষ্টৰ৷টেষ্ট নিৰ্ভৰ কৰে তাত থকা চাল্ফাৰৰ পৰিমাণৰ ওপৰত৷পিঁয়াজত কম কেলৰি থাকে৷১৪গ্ৰামৰ এটা পিঁয়াজত মাত্ৰ ৬কেলৰি থাকে৷
    16 hours ago · Like · 2
  • Mridul Kumar Borah পিয়াঁজ
  • DrBhupendra Saikia অসম প্ৰকাশন পৰিষদৰ "আধুনিক অসমীয়া অভিধান"মতে 'পিঁয়াজ' শুদ্ধ৷
    14 hours ago · Like · 3
  • Dhrubajyoti Bhattacharjya দক্ষিণ কোৰিয়াত মটীয়া ৰঙৰ বিধ বেছিকৈ পোৱা যায়। বেছি জাল নাই। ৰঙা বিধো পায় ইয়াত, কিন্তু দাম বেছি। তাৰোপৰি ইয়াৰ পিঁয়াজ বোৰ অতি দাঙৰ আকাৰৰ ।
    3 hours ago · Edited · Unlike · 1
  • Nilotpal Pathak Nilu মই কিন্তু আজিলৈকে 'পিঁয়াজ' লিখি আহিছোঁ...
    3 hours ago · Unlike · 1
  • Utpal Baruah আমি সকলোৱে মিলি বাৰু পিয়াজ ব্যৱহাৰ নকৰাৰ বাবে হপত ল’ব নোৱাৰোনে? আমি খোৱা বন্ধ কৰিদিলে ১৫ দিনৰ ভিতৰত পিয়াজৰ মুল্য ২০টকালৈ ক’ম হ’ব।

Total Pageviews