Translate

Wednesday, October 31, 2012

দুটি পঢ়ি ভাল লগা গল্পৰ সংকলন :


(1) "অদৃশ্য ঘা"

  (বহুদিনৰ আগতে পঢ়া গল্প এটি পাঠকসকললৈ আগবঢ়াইছোঁ৷ বহুতে হয়তো ইয়াক আগতে পঢ়িছে৷ গল্পটো বোধহয় ৰুচ লিখকৰ আছিল৷)

   এহাল দম্পত্তিৰ মাজত গভীৰ ভালপোৱা আছিল৷ পৰস্পৰৰ মাজত সুন্দৰ বুজাপৰা আছিল৷এবাৰ পত্নীয়ে দীঘলীয়া সময়ৰ বাবে মাকৰ ঘৰলৈ যাবলগীয়া 'ল৷ এদিন পতিয়ে নিজৰ কিবা এটা বস্তু বিচাৰি পত্নীৰ আলমাৰী খুচৰিবলগীয়া 'ল৷ তাত অকস্মাতে এটি ভালকৈ মেৰিয়াই থোৱা কাগজৰ টোপোলা তেওঁৰ চকুত পৰিল৷ কৌতুহলবশতখুলি চালত যেন আকাশখনহে তেওঁৰ মূৰৰ ওপৰত ভাঙি পৰিল৷  কি কথা ? এই সোপাচোন প্ৰেমপত্ৰইমান মৰমৰ,বিশ্বাসী ঘৈণীজনীয়ে তেনেহলে মোৰ ওচৰত প্ৰেমৰ অভিনয়হে কৰি আহিছিল !
   দুখত মানুহজন ভাঙি পৰিল আৰু মনতে এটি কঠোৰ সিদ্ধান্তলৈ পেলালে৷ পত্নী এটা সময়ত ঘূৰি আহিল৷পত্নীৰ আদৰ সাদৰবোৰ যেন কৃত্ৰিম তেওঁৰ এনে অনুভৱ 'ল৷ এদিনাখন পুৱতি নিশা যেতিয়া পত্নী গভীৰ নিদ্ৰাত লালকাল তেওঁ মনতে ভাবি ৰখা কামটো কৰি পেলালে৷ দুয়োহাতেৰে পত্নীৰ ডিঙি কঠোৰভাবে হেঁচি ধৰিলে৷ এটা সময়ত পত্নীৰ দেহাটো নিথৰ হৈ পৰিল আৰু কেইটোপালমান তপত তেজ মুখেৰে নিগৰি আহি তেওঁৰ সোঁহাতৰ মণিবন্ধৰ ওপৰত পৰিলহি৷ তেওঁ কামটো কৰি উঠি এটি স্বস্তিৰ নিশ্বাস এৰিলে৷
         দিন বাগৰিল৷ এদিন এগৰাকী ভদ্ৰমহিলাই তেওঁক পত্নী বিয়োগৰ সমবেদনা জনাই কলেমই তেওঁৰ বান্ধবী৷ মোৰ এটা সৰু কাগজ টোপোলা এটা থব দিছিলোঁ৷ আপুনি সেইটো মোক ঘূৰাই দিলে মই লৈ যাব খুজিছোঁ 
     পত্নীৰ বান্ধৱী ঘূৰি যোৱাৰ পিছৰ পৰা মানুহজনে অসহ্য বিবেকৰ দংশণত ভূগিব ধৰিলে৷তেওঁ কৰা ভুলৰ কোনো শুধৰণি নাই, নাই কোনো প্ৰায়শ্চিত্ত৷ পিছদিনা ৰাতিপুৱাৰ পৰা নিজৰ সোঁ মণিবন্ধত বিষ অনুভৱ কৰিব ধৰিলে৷ ক্ৰমে বিষ বাঢ়িবলৈ ধৰিলে৷ দুদিন চিকিৎসকৰ দৰব খায়ো বিষ নকমাত এজন চাৰ্জনৰ ওচৰ চাপি অপাৰেচন কৰি বিষোৱা ঠাইৰ কিছু অংশ কটাই পেলালে৷
      কেইদিনমান বিষটো পাতলি থাকিল৷ ইয়াৰ পাচৰ পৰা তেওঁ মাহেকে পষেকে চাৰ্জনৰ ওচৰলৈ গৈ অপাৰেচন কৰাই অহাটো এটা নিয়মত পৰিনত 'ল৷
      অৱশেষত এদিন সেই চাৰ্জন চিকিৎসক বন্ধুৰ ওচৰত তেওঁ মুখ খুলি কলে যে মণিবন্ধৰ এই ঠাইতেই মোৰ প্ৰিয়মতা পত্নীৰ কেইটোপালমান তপত তেজ বাগৰি আহিছিল !




(2)"তোমাক মই সদায়েই ভাল পাই থাকিম মোৰ ডাৰ্লিং" !!

নেটত পঢ়া গল্প এটিৰ স্বাদ নপঢ়া সকলে লব পাৰে৷
এগৰাকী মহিলাৰ হীৰাৰ আঙুঠি এটি বৰ পচন্দ 'ল৷
নিজৰ আগন্তুক জন্মদিনত সেইটো পতিৰ পৰা উপহাৰ লোৱাৰ কথা ভাবিলে৷
উপহাৰটো পতিৰ সামৰ্থ্যৰ ভিতৰত, সেয়ে পতিদেৱক কাণ চুৱালে৷
স্বামীয়ে একো নামাতি মাথো মিচিকিয়াই থলে৷
জন্মদিনৰ দিনা উদগ্ৰীৱ পত্নীক পতিয়ে অকলে লগ ধৰি তেওঁৰ বহুতবোৰ গুণৰ শলাগ ললে আৰু সুন্দৰকৈ বন্ধা উপহাৰৰ পেকেটটি হাতত তুলি দিলে৷
মহিলাগৰাকীয়ে খুলি চাই দেখে এখন বাইবেল পুথিত সোণোৱালী আখৰেৰে তেওঁৰ নাম লিখা আছে৷
তেওঁ উঠি অহা খং কোনোমতে বাহিৰত প্ৰকাশ নোহোৱাকৈ ৰাখিলে৷
দিন বাগৰিল - দম্পত্তিহালৰ বিচ্ছেদৰ কেইবা বছৰ বাগৰাত এদিন মহিলা গৰাকীৰ পূৰ্ব স্বামীলৈ মনত পৰিল৷
লগ ধৰিব আহি গম পালে অলপপতে তেওঁ ঢুকাইছে৷
মহিলাগৰাকীয়ে নিজৰ কোঠালিলৈ আহি দেখে স্বামীয়ে দিয়া বাইবেলৰ পেকেটটো একেদৰেই আছে
পেকেটো এইবাৰ হাততলৈ ভালদৰে মেলি চাই দেখে ভিতৰত এটা লেফেফাত এখন চিঠি আৰু লগত আছে হীৰাৰ আঙুঠি এটি !
চিঠিখন চমু , তাত সুন্দৰ আখৰেৰে লিখা আছিল- "তোমাক মই সদায়েই ভাল পাই থাকিম মোৰ ডাৰ্লিং" !!


Total Pageviews