Translate

Sunday, October 25, 2015

মধুমেহ বা বহুমূত্ৰ ৰোগৰ বিষয়ে আলোচনা

            মধুমেহ বা বহুমূত্ৰ ৰোগৰ বিষয়ে ভাৰতবৰ্ষৰ চিকিৎসকসকল খৃষ্টপূৰ্ব ১৫০০বা তাৰো আগৰ পৰা অৱগত আছিল বুলি জনা যায়৷ প্ৰসাৱত মধু বা মিঠা পদাৰ্থ নিৰ্গত হোৱাত আৰু সেই প্ৰসাৱত পিপৰা জাতীয় কীটৰ আগমণেই ৰোগৰ প্ৰাৰম্ভিক পৰিচয় আৰু 'মধুমেহ' নামাকৰণৰ কাৰক হৈ পৰে৷ বৰ্তমান ভাৰতৰ্ষত এই ৰোগীৰ সংখ্যা ৬৭ নিযুত (মিলিয়ন) ৷ ইয়াৰ লগত ৩০ নিযুত প্ৰি-ডায়েবেটিক লোকৰ সংখ্যাকো ওলাই কৰিব নোৱাৰি৷ ২০৩০চনত ভাৰতবৰ্ষ বিশ্বৰ ডায়েবেটিজৰ ৰাজধানী হৈ উঠিব বুলি আশংকা কৰা হৈছে৷ কেবল 
           তেজত চুগাৰৰ পৰিমাণ বৃদ্ধিতেই ডায়েবেটিজ সীমাবদ্ধ বুলি ভাবিলে ভুল হব কাৰণ এই ৰোগে কিডনি, হৃদযন্ত্ৰ,  চকুৰ ৰেটিনা, স্নায়ুতন্ত্ৰ  আদিৰ গুৰুতৰ বিসংগতি কৰাৰ ওপৰিও ডায়েবেটিক ক'মালৈ নি ৰোগীৰ প্ৰাণৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে৷ আজিৰ আলোচনাত থুলমুলকৈ বহুমূত্ৰ বা ডায়েবেটিজ ৰোগৰ কাৰণ, প্ৰকাৰ,  লক্ষণসমূহ, লবলগীয়া সতৰ্কতা আৰু খাদ্যৰ বিষয়ে দুআষাৰ চৰ্চা কৰিম৷ পশু বিজ্ঞানীসকলৰ মতে কুকুৰ আৰু মেকুৰীৰো বহুমূত্ৰ ৰোগ হয়৷
         মানৱৰ শৰীৰৰ পেটৰ (Abdomen) ভিতৰত অৱস্থিত পেনক্ৰিয়াজ নামৰ গ্ৰন্থিয়ে কেইবাবিধো হৰমোন নিৰ্গত কৰে৷ সেইবিলাকৰ ভিতৰত আইলেটচ অৱ লেংগাৰহেনৰ বিটা চেলৰ পৰা ওলোৱা ইনচুলিন নামৰ হৰমোনে আমাৰ তেজৰ চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি ৰাখে৷ যদি পেনক্ৰিয়াজ গ্ৰন্থিৰ পৰা যথেষ্ট  পৰিমাণৰ ইনচুলিন নোলায় নাইবা শৰীৰৰ কোষবিলাকত ইনচুলিনৰ প্ৰভাৱ কমি যায়, তেতিয়া মানৱ দেহৰ তেজত চুগাৰৰ পৰিমাণ বৃদ্ধি পায় যাৰ ফলত ৰোগৰ লক্ষণসমূহ দেখা দিয়ে৷ ঘাইকৈ বেচি প্ৰসাৱ লগা, বেচি  পিয়াহ লগা আৰু ভোক বেচিকৈ লগা -এই  তিনিটা বহুমূত্ৰ ৰোগৰ প্ৰমুখ লক্ষণ৷
       ঘাইকৈ ডায়েবেটিজ তিনি প্ৰকাৰৰ৷ পেনক্ৰিয়াজ  গ্ৰন্থিয়ে ইনচুলিন উৎপাদন কৰাত ব্যৰ্থ হলে টাইপ-১বা ইনচুলিন নিৰ্ভৰশীল ডায়েবেটিজ হয়৷ সাধাৰণতে কিশোৰ অৱস্থাতে এই ৰোগ ধৰা পৰে বাবে ইয়াক জুভেনাইল ডায়েবেটিজ আখ্যা দিয়া হয়৷ বিজ্ঞানীসকলে অনুমান কৰা মতে ভাইৰাচ (যেনে কস্কেকি বি-৪) বা কোনো বিষাক্ত পদাৰ্থ (টস্কিন) নাইবা অটোইমিউন ডিজিজৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত পেনক্ৰিয়াজ গ্ৰন্থিৰ অহিত হোৱাৰ ফলত ইনচুলিনৰ উৎপাদন বিঘ্নিত হয়৷সাধাৰন অৱস্থাত ইনচুলিন হৰমোনে শৰীৰৰ গ্লুকোজক  শক্তিলৈ ৰূপান্তৰিত কৰি কোষক যোগান ধৰে৷ এতিয়া ইনচুলিন উৎপাদন বিঘ্নিত হোৱাত তেজত গ্লুকোজ বা চুগাৰৰ পৰিমাণ বাঢ়ি যায় আৰু ৰোগৰ লক্ষণসমূহ পৰিস্ফুট হবলৈ ধৰে৷
        প্ৰাপ্তবয়স্কৰ (সাধাৰণতে ৪০বছৰৰ অধিক বয়সৰ) হোৱা টাইপ-২ডায়েবেটিজ বা ইনচুলিন  অনিৰ্ভৰশীল ডায়েবেটিজ : ইনচুলিনৰ কোষসমূহৰ ওপৰত কাৰ্যকৰী ক্ষমতা কমি গলে নাইবা পেনক্ৰিয়াজ   গ্ৰন্থিয়ে ইনচুলিন উৎপাদন কমকৈ কৰিলে, নহলে বা  Insulin resistance হলে  এনে প্ৰকাৰৰ ডায়েবেটিজ  হব পাৰে৷

     টাইপ-২ডায়েবেটিজ হোৱাৰ সম্ভাৱনা কাৰ বেচি ?
নিষ্ক্ৰিয় জীৱন যাপন, কোনো কচৰৎ বা ব্যায়াম নকৰালোক
উচ্চ ৰক্তচাপ থাকিলে
মেদবহুলতা আৰু চৰ্বিজনিত ৰোগ  (ডিচলিপিডেমিয়া)
ধূম্ৰপাণ
অতিমাত্ৰা টেনচন
মানসিক ৰোগ
পৰিয়ালৰ বংশানুগতি

    ডায়েবেটিজ নথকা কিছুমান মহিলাৰ গৰ্ভধাৰণ কৰাৰ লগে লগে বহুমূত্ৰৰ লক্ষণ দেখা দিয়ে- এনে অৱস্থাক  প্ৰসৱকালিন 
ডায়েবেটিজ (Gestational Diabetes ) বোলে৷
    এই তিনিবিধৰ ওপৰিও জেনেটিক বিসংগতিৰ ফলতো জন্মগত ডায়েবেটিজ ৰোগ হব পাৰে৷   ষ্টেৰইডৰ অপপ্ৰয়োগেও ডায়েবেটিজ ৰোগ কৰিব পাৰে৷
টাইপ-১ ডায়েবটিজৰ লক্ষণসমূহ হ'ল:
       বেচি প্ৰসাৱ হোৱা, বেচি পিয়াহ লগা, বেচি ভোক লগা, অকাৰণত ক্ষীণাবলৈ ধৰা, চেতনাৰ তাৰতম্য অনুভৱ হোৱা, দৃষ্টিশক্তি হ্ৰাস হোৱা, যি কোনো ঘা শুকাওতে পলম হোৱা, হাত-ভৰি জিন-জিনোৱা, ভৰিৰ তলুৱাৰ চেতনা হ্ৰাস হোৱা, মুড সঘনে সলনি হোৱা, স্বভাৱ খিংখিঙিয়া হোৱা, শুষ্ক চৰ্ম, পেট বিষ,বমি হোৱা, মুখ শুকাই থকা, নিশ্বাসত ফলৰ ঘ্ৰাণ পোৱা আদি৷

     টাইপ-2 ডায়েবটিজৰ লক্ষণসমূহ হ'ল : ওপৰৰ লক্ষণসমূহৰ ওপৰিও এইকেইটা লক্ষণ টাইপ-২ দেখা যাব পাৰে - সঘনাই যিকোনো ৰোগৰ সংক্ৰমণ সৰুসুৰা খহুৰ পৰা আৰম্ভ কৰি টি বি ৰোগত এনে ৰোগী সহজে ভুক্তভোগী হব পাৰে৷ জননেন্দ্ৰিয়ৰ খজুৱতি৷ অলপতে ভাগৰ লগা৷
     এনে ৰোগীয়ে মনত ৰখা উচিত টাইপ-২ ডায়েবেটিজ এবিধ জীৱনজোৰা ক্ৰনিক ব্যাধি হলেও ইয়াক উপযুক্ত দৰব আৰু পৰিচালনাৰে
 ৰাখি সাধাৰণ স্বাভাবিক জীৱন যাত্ৰা অব্যাহত ৰখাটো সম্পূৰ্ণ সম্ভৱপৰ৷ পুনৰাই উল্লেখ কৰিছোঁ - তেজৰ বৰ্দ্ধিত গ্লুকোজে বিভিন্ন ৰক্তপ্ৰবাহী নলী আৰু স্নায়ুতন্ত্ৰৰ গুৰুতৰ বিজুটি ঘটোৱাৰ ফলতেই নানাধৰণৰ জটিলতাসমূহে দেখা দিয়ে৷ ফলত চকু, কিডনি, মগজু, হৃদযন্ত্ৰ, স্নায়ুতন্ত্ৰৰ 
নানা উপসৰ্গ দেখা দিয়ে৷ হাড়ৰ অষ্টিঅ'পৰোচিচ, ভৰিত ঘা-গেংগ্ৰিন, ছালত-মূখমণ্ডলত বেক্টেৰিয়া-ফাংগাচৰ সংক্ৰমণ হব পাৰে৷ গৰ্ভৱতীৰ সন্তান মৃত প্ৰসৱ বা বিনষ্ট হব পাৰে৷ মুঠতে এই জটিলতাসমূহ গাই শেষ কৰিব নোৱাৰি৷ এটা কথা উল্লেখ নকৰিলে
 লিখনিটো অপূৰ্ণ হব - কেতিয়াবা একো একোজন লোক লক্ষণবিহীনো থাকিব পাৰে৷ চাকৰি বা ইঞ্চুৰেঞ্চ সংক্ৰান্তত তেজ পৰীক্ষা কৰাওতেহে তেজত উচ্চ পৰিমাণৰ গ্লুকোজ ধৰা পৰে৷এনে লোকেও নিজৰ তেজৰ গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাটো বাঞ্চনীয়৷
 ৰোগৰ চিকিৎসা - টাইপ-১ত ডায়েবেটিজত ইনচুলিন আৰু টাইপ-২ৰ বাবে চুগাৰ নিয়ন্ত্ৰণ কৰা খোৱা ঔষধ (Oral Hypoglycemic Agent)৷ কিন্তু এটা বাক্যতে ইয়াক শেষ কৰিব নোৱাৰি৷ ডায়েবেটিজৰ চিকিৎসা এক বৃহৎ অধ্যায়৷ ৰোগী ভেদে ইনচুলিন আৰু দৰবো ভিন্ন ভিন্ন হয়৷  জীৱন ৰক্ষাকাৰী ইনচুলিন বেজীৰ আবিস্কাৰ ১৯২১চনত হয়৷ ইয়াক বেজীৰ সলনি খোৱাৰ ঔষধলৈ সলনি কৰাৰ প্ৰয়াস 
ভাৰতবৰ্ষৰ বিজ্ঞানীসকলে কৰি আছে আৰু তেওঁলোকে সোণকালেই এই প্ৰয়াসত সফল হব বুলি জনাইছে৷ আনহাতে আজিকালি যথেষ্ট সংখ্যক  চুগাৰ নিয়ন্ত্ৰণ কৰা খোৱা ঔষধ বজাৰত উপলব্দ্ধ হৈছে৷ চুগাৰ নিয়ন্ত্ৰণ কৰা খোৱা ঔষধৰ প্ৰধান বিপদ (পাৰ্শ্বক্ৰিয়াস্বৰূপে)
 হাইপোগ্লাইচেমিক ক'মা এই নতুন দৰববিলাকৰ ক্ষেত্ৰত অতি কম৷ হাইপোগ্লাইচেমিক ক'মা হ'ল তেজত চুগাৰৰ পৰিমাণ বিপদজনকভাবে কমি ৰোগীক অচেতন কৰি দিয়া৷ আনহাতে ডায়েবেটিক ক'মা বা হাইপাৰগ্লাইচেমিক ক'মাত তেজত চুগাৰৰ পৰিমাণ সাংঘাটিকভাবে  বাঢ়ি ৰোগীক অচেতন কৰি দিয়া৷ হাইপোগ্লাইচেমিক ক'মা তুনামুলকভাবে বেচি বিপদজনক৷ যি কোনো জৰুৰীকালিন অৱস্থাত (যেনে অপৰেচনৰ প্ৰয়োজন হলে, কোনো গুৰুতৰ সংক্ৰমণ হলে)  টাইপ-২ ডায়েবেটিজৰ ৰোগীকো হ্ৰস্বকালিনভাবে ইনচুলিনেৰে চিকিৎসা কৰা হয়৷ শেহতীয়া সংবাদমতে মেদবহুল বহুমূত্ৰ ৰোগীৰ অপাৰেচন কৰি (Gastric bypass and biliopancreatic diversion) সুফল লাভ কৰাটো প্ৰমাণিত হোৱাত এই চিকিৎসাৰ প্ৰতি দিন দিনে অধিকলোক আকৰ্ষিত হব ধৰিছে৷
    চমুকৈ কেইটিমান লাগতিয়াল কথা পাঠকসকলক জনাব খুজিছোঁ৷ ৰোগ চিনাক্ত হলে ভীতিগ্ৰস্ত নহৈ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লবলৈ হেলা নকৰিব৷ আপোনাৰ জীৱনধাৰণৰ পদ্ধতিত প্ৰয়োজনীয় সংশোধনী আনিবলৈ  প্ৰয়াস কৰক৷ফাষ্টফুড, শীতল ড্ৰিংকচ,
 ধূম্ৰপাণ,মদ্যপাণ বৰ্জন কৰক৷ এটা গ্লুকোমিটাৰ কিনি সময়ে সময়ে  নিজৰ চুগাৰ পৰীক্ষা কৰি লিখি ৰাখক আৰু আপোনাৰ চিকিৎসকক সময়ত অৱগত কৰাওক৷ডায়েবেটিজ ৰোগীয়ে ভৰিকেইটা আঘাত নোপোৱাকৈ পৰিস্কাৰ কৰি সযতনে ৰাখিব৷সময়ে সময়ে চকু পৰীক্ষা কৰাব নাপাহৰিব৷ খাদ্যত নিয়ন্ত্ৰণ  আৰু ব্যায়ামৰ দ্বাৰা শৰীৰ ওজন নৰ্মাল বি এম আইৰ ওচৰত ৰাখিবলৈ যত্নপৰ হওক৷ বিজ্ঞাপণত ভোল গৈ কবিৰাজ বা পাবত গজা তথাকথিত ডাক্তৰৰ (Quake )কাষ চাপি জীৱন বিপদাপন্ন নকৰিব৷ এটি উদাহৰণ দিওঁ৷ কেইমাহমানৰ আগতে এজন কুৰি বছৰীয়া নেপালী যুৱকৰ টাইপ-১ ডায়েবেটিজৰ চিকিৎসা ইনচুলিন বেজীৰে আৰম্ভ কৰিলোঁ৷তেজত চুগাৰৰ পৰিমাণ ৫৬৮মিলিগ্ৰাম%ৰ পৰা কমি ২০০মিলিগ্ৰাম%ৰ তললৈ আহিল৷ৰোগ নিয়ন্ত্ৰণত অহাত লক্ষণসমূহ নোহোৱা হ'ল আৰু স্বাস্থ্যৰ উন্নতি হব ধৰিলে৷ তেনে এটা অৱস্থালৈ যুৱকজনে দুমাহৰ ছুটীত ঘৰলৈ গ'ল৷ ছুটীৰ শেষত ঘৰৰ পৰা ঘূৰি আহিল ৪কেজী ক্ষীণাই গাত কেইটিমান খহুলৈ৷ তেজ পৰীক্ষা কৰিলত ওলাল চুগাৰ ৪৪৪মিলিগ্ৰাম%৷ ঘৰত হেনো ইনচুলিন নোলোৱাকৈ চুগাৰ ১২০ৰ তলত আছিল৷ কি চিকিৎসা কৰিছিল দেখোৱালে চাৰে ৭হেজাৰ টকীয়া ব্ৰেণ্ডেড কেইটিমান প্লাষ্টিকৰ বটলত থকা কেইবিধমান আয়ুৰ্বেদিক দৰব৷ 'পুন: মুচিক: ভৱ' হোৱা যুৱকজনৰ  ভ্ৰান্তি দূৰ কৰিবলৈ মই আধাঘন্টাৰো অধিক সময় খৰছ কৰিবলগীয়া হ'ল৷ প্ৰত্যেকজন ডায়েবেটিজ ৰোগীয়ে কেইটিমান  নৰ্মাল লেভেল জনাৰ আৱশ্যক৷ খালি পেটত (ফাষ্টিং)চুগাৰ হ'ল ৭০-১১০, আকস্মিক (ৰেণ্ডম) চুগাৰ হ'ল ১৪০-১৬৫,  খোৱাৰ পিছত (পিপি) ১৬৫- ১৮০৷ ডায়েবেটিজ ৰোগীৰ গ্লাইক'চাইলেটেডহিমগ্লবিন (Hb A 1 C)  ৬.৫% ৰ ওপৰত থাকে৷
     এইবাৰ খাদ্যৰ বিষয়ে দুআষাৰকৈ লিখনি সামৰিম৷ কি কি খাব - যি খাদ্যই কাৰ্বোহাইড্ৰেটৰ শৰীৰত প্ৰবেশত বিলম্ব ঘটায় তেনে খাদ্য প্ৰচুৰ পৰিমাণে খাব লাগে৷ উদাহৰণ গাজী বুট বা মাহ,বীন,মটৰ,চালাদৰ পাত, পচলা,কলডিল আৰু আন আন আঁহ থকা শাক পাচলি৷ দুটা ভেণ্ডি ডোখৰ ডোখৰকৈ কাটি ৰাতি আধা গিলাচ পানীত তিয়াই থৈ তাৰ পানী পুৱা খালে কাৰ্বোহাইড্ৰেটৰ শৰীৰত প্ৰবেশত বিলম্ব ঘটে আৰু ফলত তেজত চুগাৰ নিয়ন্ত্ৰণত সহায়ক হয়৷ কেইবছৰমানৰ আগলৈকে ভাৰতবৰ্ষৰ জগত ফাৰ্মা নামৰ কোম্পানীয়ে  'কাৰবোটাৰ্ট' নামৰ এবিধ পাউদাৰ বজাৰত উপলব্দ্ধ কৰিছিল৷ ছুজিৰ নিচিনা সেই পাউদাৰ পানীত মিহলাই  ভাত খোৱাৰ আধাঘন্টা আগতে খালে চুগাৰ নিয়ন্ত্ৰণত সহায়ক হৈছিল৷ একেদৰেই বিহাৰীসকলৰ প্ৰিয় খাদ্য চাটুগুৰি আৰু ডলিয়াই কাম কৰে৷ মধুমেহৰ ৰোগীয়ে খালে লাভবান হব৷  ঢেকীয়া,লাই,মৰীচা, কলডিল, পচলা, গোমধান বা আন আঁহ থকা শাক পাচলি ডায়েবেটিজ ৰোগীয়ে নিয়মীয়াকৈ খোৱা উচিত৷ আৰৈ চাউলৰ পৰিবৰ্তে উখোৱা চাউলৰ ভাত খাব লাগে৷ এজাস ভাত এসাজ ৰুটি খোৱাৰ অভ্যাস কৰিব লাগে৷ মাছ, মাংস, কণী খাব পাৰিব৷ ৰন্ধনত অলিভ অইল নহলে চানফ্লাৱাৰ তেল ব্যৱহাৰ কৰিব৷  যি কোনো চৰ্বীজাতীয় খাদ্য পৰিত্যাগ কৰিব৷ কম চৰ্বীযুক্ত গাখীৰহে খোৱা ভাল৷দৈ খাব, ক্ৰিম খোৱা বাদ দিব৷ মদ্যপাণ আৰু ধূম্ৰপাণ বৰ্জনীয়৷ডায়েবেটিজ ৰোগীয়ে চকলেট,আইচক্ৰিম আৰু সকলোধৰণৰ শীতল পানীয়ৰ মোহ পৰিত্যাগ কৰিব৷
আজিলৈই ইমানতে সামৰিলোঁ৷

ডা০ভূপেন শইকীয়া
১১ জানুৱাৰী ২০১৪
ডোহা,কাটাৰ
Like   Comment   
Comments
Sultan Saleh Ahmed লিখনি টোর বাবে বহুত বহুত ধন্যবাদ
Abdus Sazid আপুনি আলোচনা কৰা কথাখিনি এইমাত্ৰ পঢ়িলোঁ৷ ধন্যবাদ দাদা৷ আধুনিক জীৱন-শৈলীয়ে মানুহৰ মাজলৈ অধিক হাৰত লৈ অহা এটা ৰোগ এইটো বুলি ক'ৰবাত আগতে পঢ়িছিলোঁ৷ 'কাটাৰৰ ডায়েৰী'ত আপুনি কাটাৰীসকলৰ মাজতো এই ৰোগৰ প্ৰাদূৰ্ভাৱৰ কথা লিখিছিল৷ সৰু থাকোঁতে আমি এইবোৰ ৰোগৰ নামেই শুনা নাছিলোঁ৷ আজিকালি পিছে যেনি-তেনি... কেৱল এইটোৱেই৷ 'নিষ্ক্ৰিয় জীৱন যাপন' ...কম শব্দত ডাঙৰ কথা এটাই কৈ দিছে দেই আপুনি৷
DrBhupendra Saikia ডায়েবেটিজ ৰোগীৰ সংখ্যা বৰ্তমান সমগ্ৰ বিশ্বত ১৫০ নিযুত৷ তাৰে প্ৰায় অৰ্ধেক ভাৰতবৰ্ষৰ - চিন্তনীয় বিষয়৷ 'নিষ্ক্ৰিয় জীৱন যাপন' এটা নিৰ্দিষ্ট কাৰক বা ফেক্টৰ,যাক কোনেও ওলাই কৰিব নোৱাৰে৷

কলখাৰৰ বিষয়ে কিছু কথা


অতীজৰে পৰা অসমীয়া জনজীৱনত কলখাৰে বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে৷ 'খাৰখোৱা' শব্দৰ প্ৰয়োগ অসমীয়া সাহিত্যত অতি প্ৰাচীনকালৰ পৰা বাৰম্বাৰ কৰি অহা হৈছে৷ প্ৰতিজন অসমীয়াৰ আখলত কলখাৰ এক অপৰিহাৰ্য্য খাদ্য৷ কলৰ খাৰেৰে নানাবিধ জুতিলগা ব্যঞ্জন অসমীয়া গৃহিনীয়ে তৈয়াৰ কৰিব পাৰে৷ 'খাৰখোৱা' বুলিলে নিৰ্দিষ্টকৈ অসমীয়া জাতিটোকে বুজায়৷আজি খাৰখোৱা অসমীয়া গোটেই বিশ্বতে নানানটা কৰ্মক্ষেত্ৰত বিয়পি আছে৷ খাৰখোৱা অসমীয়াৰ এসময়ত অতিথিপৰায়ণ, পৰাক্ৰমী, সাহসী জাতি বুলি সুনাম আছিল৷ চীনা পৰিব্ৰাজক হিউৱেনচাঙে আৰু মোগল সেনাপতি ৰামসিংহৰ বিবৃতিয়ে এসময়ৰ অসমীয়াৰ শৌৰ্য্য বীৰ্য্যৰ গৰিমা বুৰঞ্জীত লিপিবদ্ধ কৰি থৈ গৈছে৷ ইয়াৰ বিপৰীতে আজি এচাম অসমীয়া কৰ্মবিমুখ, এলেহুৱা, সুবিধাবাদী, বিনা শ্ৰমে ধনী হব খোজা লোক বুলি পৰিচয় দাঙি ধৰিবলগীয়া হোৱাটো অতিকৈ দূৰ্ভাগ্যজনক৷
কলখাৰ হ'ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা ছাইত পানী দি থৈ পিছত তাৰ পৰা নিগৰি ওলোৱা খাৰ পানী । সাধাৰণতে ভীমকল গছৰ পৰা কলখাৰ বনোৱা হয়৷ কেতিয়াবা কলৰ গছ অংশও (পাত,পটুৱা আৰু কলগছৰ মাজৰ ডিলা অংশও) ৰ'দত শুকুৱাই পুৰি কলখাৰ বনোৱা হয় ।
অতীতত অসমীয়াসকলে, বিশেষকৈ অনাৰ্যসকলে নিমখৰ সলনি আঞ্জাত খাৰ দি খাইছিল৷ "খাৰ খোৱা অসমীয়া" বাক্যটিৰ প্ৰচলনৰ উৎস তেনেকৈয়ে হোৱা বুলি ভবাৰ থল আছে৷ আঞ্জাত খাৰ ব্যৱহাৰ কৰা হয় প্ৰধানকৈ দুটা কাৰণত৷ প্ৰথমটো কাৰণ, নিমখৰ বিকল্প হিচাপে খাদ্যত খাৰ ব্যৱহাৰ কৰা হৈছিল৷ দ্বিতীয় কাৰণটো হ'ল- সততে নিসিজা শাক-পাচলিত খাৰ দিলে সোনকালে সিজে৷
কল খাৰক আলোচনাৰ বিষয় বস্তু কৰি ইতিমধ্যে সাহিত্য ডট অৰ্গত প্ৰকাশিত কেইবাটিও লিখনি মোৰ দৃষ্টিগোচৰ হৈছে৷ ১৪আগষ্ট ২০১২ৰ সংখ্যা সাহিত্যত নিতুল বৰাই 'সংস্কৃতিৰ ইটো সিটো' প্ৰৱন্ধত এটা সময়ত অসমীয়া সমাজত প্ৰচলিত কলখাৰেৰে কাপোৰ ধোৱা প্ৰথাৰ বিষয়ে বিতংকৈ লিখিছে৷ তেওঁ জনাইছে - কলাখাৰত উতলোৱা কাপোৰ অতি চাফা হয়। বেমাৰৰ বীজাণু আদিও খাৰৰ পানীত মৰি যায়। আগৰ দিনত কলাখাৰেৰে কাপোৰ ধোৱা কাৰ্য্যই আছিল অসমৰ প্ৰথম কাপোৰ ধোৱা প্ৰথা। তেতিয়াৰ দিনত কলাখাৰেৰে মানুহে গা-মূৰ আদিও ধুইছিল। কলখাৰ প্ৰস্তুত কৰাৰ পদ্ধতি আছিল এনেকুৱা- কলগছ একোডাল, বিশেষকৈ ভীমকলৰ গা-গছ আগৰ পৰা গুৰিলৈকে টুকুৰা-টুকুৰ কৰি কাটি লৈ দুহাতমান দীঘল কৰি পাতল পাতল কৰি চিৰিয়া চিৰিকৈ ফালি ৰদত শুকুৱাব লাগে। অন্ততঃ সাত দিন মান ৰদত শুকুৱাই জুই জ্বলাই পুৰিব লাগে। ছাই হোৱাৰ পিছত জাতি লাউৰ খোলাৰ তলত এটা বিন্ধা কৰি লৈ ভিতৰত কলাখাৰ ভৰাই লৈ পানী ভৰাই দিব লাগে। লাউটোৰ তলৰ ফুটাটোৰে বা বিন্ধাটোৰে টোপ টোপকৈ পানী বাহিৰ হৈ পৰিব আৰু আন এটা পাত্ৰত টোপটোপকৈ পৰা খাৰৰ পানীখিনি সংগ্ৰহ কৰিব লাগে।
জুন ২০১৫ৰ সংখ্যা সাহিত্যত ৰাজীৱ বৰাই লিখিছে- আটাইতকৈ সৰল অথচ প্ৰায়োগিক ‘অসমীয়াৰ সংজ্ঞাটো’ হ’ব এনেকুৱা : “অসম ভূ খণ্ডত বসবাস কৰি থকা যিয়েই কলাখাৰ খায় আৰু খাই ভাল পায়, সিয়েই অসমীয়া”৷ তেওঁ আৰু লিখিছে - আমি জনাত পৃথিৱীৰ আনবোৰ অঞ্চলৰ মানুহৰ কলাখাৰ খোৱাৰ অভ্যাস নাই। প্ৰয়োজন উদ্ভাৱনৰ মূল। অসমৰ মানুহেও খুব সম্ভৱত বাধ্যত পৰিহে কলাখাৰৰ উদ্ভাৱন কৰিছিল আৰু খাবলৈ লৈছিল শৰীৰত প্ৰয়োজন হোৱা সাধাৰণ লৱণৰ পৰিপূৰক হিচাপে, কিয়নো এই ভূখণ্ডত লোণৰ আকৰ নাই তথা ওচৰত লৱণ উৎপাদন কৰিব পৰা সাগৰো নাই। বহুত পিছতহে অসমলৈ লৱণৰ আমদানি হৈছিল। মানৱৰ শৰীৰত লৱণৰ প্ৰয়োজন আছে, গতিকে সহজে উপলব্ধ নোহোৱা সাধাৰণ লৱণৰ প্ৰয়োজন পূৰাবলৈকে এই ভূখণ্ডৰ বাসিন্দাসকলে এসময়ত কলাখাৰৰ উদ্ভাৱন কৰি লৈছিল। কলখাৰৰ ‘ৰাসায়িনক নাম হ’ল প’টাছিয়াম-বাই-কাৰ্বনেট(KHCO3) । খাদ্যৰ পাচনৰ বাবে মানৱ পাকস্থলীত হাইড্ৰক্ল’ৰিক এচিড থাকে। পাচন প্ৰক্ৰিয়াত এই এচিড সম্পূৰ্ণৰূপে ব্যৱহৃত নহ’লে এচিডিটিৰ উদ্ভৱ হয়। কলাখাৰে হাইড্ৰক্ল’ৰিক এচিডৰ লগত ৰাসায়িনক বিক্ৰিয়া কৰি লৱণৰ (KCl) উৎপাদন কৰে, অৰ্থাৎ এচিডিটি নাইকিয়া কৰে। এই বিক্ৰিয়াত লৱণৰ লগতে কাৰ্বন ডাই অক্সাইড (CO2) আৰু পানী(H2O) উৎপন্ন হয়— উৎপাদিত কাৰ্বন ডাই অক্সাইড শৰীৰৰ পৰা ওলাই যায়, উৎপাদিত পানীক শৰীৰে ব্যৱহাৰ কৰে অথবা প্ৰস্ৰাৱৰ লগত বাহিৰ কৰি দিয়ে।(KHCO3 + HCl = KCl + CO2 + H2O)৷ এইদৰে উৎপাদন হোৱা লৱণ (KCl) সাধাৰণ লৱণতকৈ(NaCl) শৰীৰৰ বাবে বেছি উপকাৰী।
(কলখাৰৰ বিষয়ে জনাবলৈ আমাৰ লিখনিত উপৰুক্ত দুই লিখকৰ উদ্ধৃতি হুবহু তুলি দিয়া হৈছে৷ এই চেগতে দুয়োজন লিখকক ধন্যবাদ জনালোঁ৷)
ৱিকিপিডিয়াৰ মতে কলৰ প্ৰতি ১০০ গ্ৰাম ছাইত নিম্ন লিখিত উপাদানসমূহ থাকে - পটেচিয়াম ২৫৫ মিলিগ্ৰাম, মেগনেচিয়াম ২৭মিলিগ্ৰাম, ফচফৰাচ ৩৩মিলিগ্ৰাম, চডিয়াম ৫১মিলিগ্ৰাম আৰু কেলচিয়াম ৬.৬মিলিগ্ৰাম৷
কলত পটেচিয়াম নামৰ শৰীৰৰ বাবে অতি লাগতিয়াল খনিজ তত্ব থাকে৷ আমাৰ শৰীৰক দৈনিক প্ৰায় ১০০মিলিগ্ৰামপটেচিয়ামৰ আৱশ্যক হয়৷ শৰীৰৰ বাবে আন লাগতিয়াল খনিজ তত্ব কেইবিধ হ'ল কেলচিয়াম,মেগনেচিয়াম,চডিয়াম,চালফাৰ, ক্লৰাইড, আৰু ফচফৰাচ৷ পটেচিয়ামে শৰীৰক উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰক হোৱাৰ পৰা সুৰক্ষা দিয়ে৷ কিডনিৰ পাথৰ হোৱা প্ৰতিৰোধ কৰে আৰু হাড়ৰ ঘনত্ব বজাই ৰখাত সহায় কৰে৷
কলৰ ছাইৰ পৰা চাবন নিৰ্মাণ কৰা হয় আৰু কলৰ ছাইৰ পৰা উৎকৃষ্ট অৰ্গেনিক বা জৈবিক সাৰ উৎপাদন কৰা হয়৷মোৰ মনত পৰে ল'ৰালি কালত মোৰ শিক্ষয়ত্ৰী মাতৃয়ে ঘৰৰ এৰীচাদৰ,মূগাৰ কাপোৰ সদায় কলখাৰেৰে ধুইছিল৷ সপ্তাহে -পক্ষেকে আমাক কলখাৰেৰে গা-মূৰো ধুব দিছিল৷
বহুতৰ মনত শংকা উৎপন্ন হোৱাটো স্বাভাবিক গৰ্ভৱতী মহিলাই কলখাৰ বা আন খাৰুৱা খাদ্য খোৱাটো ভালনে স্বাস্থ্যৰ বাবে অপকাৰী ? চীন,জাপান,আমেৰিকাৰ দৰে উন্নত দেশত গৰ্ভাৱস্থাত খাৰুৱা পানীৰ প্ৰয়োজনীয়তাৰ ওপৰত বহু বছৰ ধৰি গবেষণা চলিল৷ অৱশেষত সকলোৱে এই সিদ্ধান্তত আহিল -
১-খাৰে গৰ্ভৱস্থাত দেখা দিয়া মৰ্ণি চিকনেচ আতৰ কৰে৷
২- খাৰ খোৱা মহিলাৰ প্ৰসৱ সহজে হয়৷
৩- খাৰ খোৱা মহিলাৰ যথেষ্ট মাতৃদুগ্ধ উৎপন্ন হয়৷
৪- নৱজাতকৰ জণ্ডিচৰ সম্ভাৱনা হ্ৰাস পায়৷
এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে কলখাৰৰ ওপৰত নহলেও খাৰুৱা পানীৰ ওপৰত দীৰ্ঘকালীন গবেষণা বিশ্বৰ বিভিন্ন উন্নত দেশত হৈছে৷তাৰ এটি লিংক হ'ল -http://harmoniouskangenwater.com/prevent-morning.../
গৰ্ভকালত মাতৃৰ শৰীৰৰ পৰা নানান লাগতিয়াল তত্ব বিশেষকৈ খাৰুৱা খনিজ পদাৰ্থসমূহ গৰ্ভস্থ সন্তানলৈ সময়ে সময়ে –Umbilical cordৰ মাধ্যমেৰে প্ৰেৰিত হৈ থাকে৷ যাৰ ফলত মাকৰ তেজৰ খাৰুৱা তত্ব কমি অম্লৰ দিশে গতি কৰিবলৈ ধৰে- যাৰ ফলত তেজৰ স্বাভাবিক পি এইচ ৭.৪ ৰ তললৈ আহিব ধৰে আৰু গৰ্ভৱতী মহিলাৰ বমি,ওকালি আহিব আৰম্ভ হয়-যাক Morning sickness বোলে৷ আকৌ গৰ্ভস্থ সন্তানৰ এচিডিক পেলনীয়া তত্বসমূহ Umbilical cordৰ মাধ্যমেৰে প্লেচেন্টালৈ নিৰ্গত হয়৷ সেই সময়ত গৰ্ভৱতী মহিলাৰ প্ৰয়োজন হয় খাৰ বা খাৰুৱা পানীৰ যাক কলখাৰে পূৰণ কৰিব পাৰে৷
খাদ্য হিচাবে কলখাৰৰ অনেক উপকাৰিতাৰ ভিতৰত উল্লেখযোগ্য হ'ল - ই পেটৰ অম্ল বা এচিডিটিৰ উপশম ঘটায়৷খাদ্যৰ প্ৰতি ৰুচি বঢ়ায়৷আভোক আতৰায়৷ খাদ্য সহজে হজম কৰায়৷ কলখাৰে শৌচ খোলোচা হোৱাত সহায় কৰে৷গতিকে কৌষ্ঠ কাঠিন্যৰ বাবে ই এবিধ লাগতিয়াল পথ্য৷গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত হব পৰা উপকাৰিতাৰ বিষয়ে ইতিমধ্যে আলোচনা কৰা হৈছে৷
কলখাৰৰ ইমানবোৰ গুণাগুণ থকা সত্বেও বিগত কিছু বছৰৰ পৰা চৰ্চাৰ বিষয় হৈ আছে - ইয়াৰ অতিমাত্ৰা সেৱনে খাদ্যনলীৰ কৰ্কটৰোগ কৰিব পৰা সম্ভাৱনা৷ অসমীয়া খাদ্যাভাসত অন্তৰ্ভুক্ত তামোল পাণৰ ওপৰিও কলখাৰ কৰ্কট ৰোগৰ কাৰক হবও পাৰে -এই বিষয়ে অধিক গবেষণাৰ প্ৰয়োজন আছে৷ কিন্তু যদিহে কলখাৰৰ এন্টি অক্সিডেন্ট গুণ থকাটো প্ৰমাণিত হয় তেতিয়াহলে ই কৰ্কট ৰোগৰ প্ৰতিষেধকহে হব৷
আনহাতে 'কেঞ্চাৰৰ ৰিস্ক আৰু ভাৰতীয় খাদ্য'ৰ ওপৰত হোৱা আলোচনাত কেইজনমান বিশেষজ্ঞই কলাখাৰ দৈনিক ব্যৱহাৰ কৰিলে খাদ্যনলীৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলি আশংকা ব্যক্ত কৰিছে৷লিংকটো হ'ল -
https://www.scgcorp.com/pdf/scg_written_11.pdfhttps:
গতিকে আমাৰ মতে সপ্তাহত বা ৫দিনৰ ব্যৱধানত খাৰ খোৱাটো স্বাস্থ্যসন্মত হব৷

(পাঠকৰ অনুৰোধত খৰখেদাকৈ লিখা এই লিখনিটোত ভুল-ভ্ৰান্তি কিছু ৰৈ গলে - সহৃদয় পাঠকে আঙুলিয়াই দিলে কৃতজ্ঞ হম - ডা০ভূপেন শইকীয়া)
২৫অক্টোবৰ ২০১৫
ডোহা,কাটাৰৰ পৰা

Thursday, October 15, 2015

থাইৰয়ড গ্ৰন্থিৰ বিকাৰৰ বিষয়ে আলোচনা









মানুহৰ ডিঙিৰ অগ্ৰভাগত তলৰ ফালে অৱস্থিত থাইৰয়ড গ্ৰন্থিৰ মূল বিকাৰসমূহৰ বিষয়ে আজি কিছু লাগতিয়াল কথা সহজভাবে আলোচনা কৰিম৷মানুহৰ শৰীৰত সংঘটিত ৰাসায়নিক লাগতিয়াল ক্ৰিয়াসমূহক মেটাবলিজম বোলে৷মেটাবলিজম হ'ল দুই প্ৰকাৰৰ ক্ৰীড়াৰ সমষ্টি৷কেটাবলিজম - অৰ্থাৎ শক্তি উৎপাদনৰ বাবে কোষৰ বিঘটন ঘটোৱা৷এনাবলিজম - কোষৰ বাবে লাগতিয়াল তত্বসমূহ উৎপন্ন কৰা৷এই মেটাবলিজমক নিয়ন্ত্ৰণ কৰে থাইৰয়ড হৰমোনে৷থাইৰয়ড গ্ৰন্থিয়ে  কেলচিটচিন নামৰ আৰু এবিধ হৰমোন উৎপাদন কৰাৰ ওপৰিও প্ৰটিন সৃষ্টি কৰে৷থাইৰয়ড নামৰ উৎপত্তি গ্ৰীক শব্দৰ পৰা হৈছে,যাৰ অৰ্থ হ'ল ঢাল আৰু থাইৰয়ড গ্ৰন্থিৰ আকৃতি দৰাচলতে এখন ঢালৰ দৰেই৷মস্তিষ্কৰ পিটিউটেৰি  গ্ৰন্থিৰ পৰা ওলোৱা থাইৰয়ড ষ্টিমুলেটিং হৰমোনে (টি এচ এইচ)  থাইৰয়ডৰ  হৰমোনৰ উৎপাদনক নিয়ন্ত্ৰণ কৰে৷ আকৌ হাইপোথেলামাচৰ পৰা নিৰ্গত হোৱা থাইৰোট্ৰপিন ৰিলিজিং হৰমোনে (টি আৰ এইচ) পিটিউটেৰিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে৷থাইৰয়ডৰ পৰা নিৰ্গত হোৱা থাইৰয়ড হৰমোন দুবিধৰ নাম হ'ল- ট্ৰাইআয়োডোথাইৰোনিন (টি-৩) আৰু টেট্ৰাআয়োডোথাইৰোনিন (টি-৪ বা থাইৰস্কিন)৷আয়োডিন আৰু টাইৰোচিন নামৰ এমাইনো এচিডৰ দ্বাৰা টি-৩ আৰু টি-৪ সৃষ্টি হয়৷ইয়াৰে টি-৩ হ'ল সক্ৰিয় ৰূপ, আৰু টি-৪ৰে টি-৩লৈ ৰূপান্তৰিত হৈহে ক্ৰিয়া কৰে৷থাইৰয়ড হৰমোন কমি গলে পিটিউটেৰীৰ পৰা থাইৰয়ড ষ্টিমুলেটিং হৰমোন (টি এচ এইচ) বেচিকৈ উৎপন্ন হয় আৰু ইয়াৰ বিপৰীতে থাইৰয়ড হৰমোন বাঢ়ি গলে থাইৰয়ড ষ্টিমুলেটিং হৰমোন (টি এচ এইচ) কমকৈ উৎপন্ন হয়৷গতিকে থাইৰয়ডৰ ৰোগ চিনাক্ত কৰিবলৈ তেজত টি এচ এইচৰ পৰিমাণ পৰীক্ষা কৰাটো অপৰিহাৰ্য্য৷

হায়পোথাইৰয়ডিজম

শৰীৰত থাইৰয়ড হৰমোনৰ কম উৎপাদন হলে আৰু টি এচ এইচ বেচি হলে হায়পোথাইৰয়ডিজম ৰোগৰ লক্ষণে দেখা দিয়ে৷
সাধাৰণতে তলৰ কাৰণসমূহৰ বাবে হাইপোথাইৰয়ডিজম হয় : -
১) থাইৰয়ডৰ জন্মগত বিকৃতি
২) অট' ইমিউন বিজুতি যেনে হাচিমট'চ থাইৰয়ডাইটিচ, প'ষ্টপাৰ্টাম থাইৰয়ডাইটিচ
৩) থাইৰয়ডৰ কেঞ্চাৰ বা আন অসুখত  অপাৰেচন কৰি থাইৰয়ডৰ অংশ কাটিলে
৪) বিভিন্ন ঔষধ - মানসিক ৰোগৰ বাবে ব্যৱহৃত লিথিয়াম, হৃদৰোগত ব্যৱহৃত এমিঅ'ডাৰন, হায়পাৰথাইৰয়ডিজমৰ বাবে  ব্যৱহৃত  মেথিমাজল আৰু প্ৰপাইলথায়োইউৰাচিল, হাঁপানি-ব্ৰংকাইটিচ আৰু থাইৰয়ডৰ বিভিন্ন চিকিৎসাত ব্যৱহৃত  পটেচিয়াম আয়োডায়েড
৫) মস্তিষ্ক,ডিঙি আৰু থাইৰয়ডৰ কেঞ্চাৰত ৰেডিঅ'থিৰাপি ললে
৬) খাদ্যত আয়ডিনৰ অতিমাত্ৰা অভাৱ হলে (উদাহৰণ -হিমালয়ৰ পাদদেশ, জাইৰে, দক্ষিণ আমেৰিকাৰ চাইল, এণ্ডিচ আদি অঞ্চল)
৭) শ্বিহান চিণ্ড্ৰমত গৰ্ভৱতী মহিলাৰ ৰক্তস্ৰাৱ হয় আৰু পিটুইটেৰিৰ বিজুতি ঘটে
৮) পিটুইটেৰিৰ টিউমাৰ
৯) কাচিৎ হাইপোথেলামাচৰ বিজুতি হলে
১০) শেহতীয়াকৈ সংযোজন হৈছে - অতিমাত্ৰা ষ্ট্ৰেচ (Stress)
অটো-ইমিউনিটি (অৰ্থাৎত শৰীৰৰ নিজৰ অংশকে শৰীৰে পৰ বুলি ভবা ক্ৰিয়া), জেনেটিকচ্ আৰু পাৰিপাৰ্শ্বিক পৰিবেশৰ ওপৰত থাইৰয়ডৰৰোগ (হাইপো আৰু হাইপাৰ-দুয়োটাই ) বহু পৰিমাণে নিৰ্ভৰশীল৷সেই কাৰণে একেটা পৰিয়ালত কেইবাজনকো বা যমজ সন্তানৰ উভয়কে একেটা ৰোগত ভোগা দেখা যায়৷সংখ্যাগত দিশৰ পৰা হাইপোথাইৰয়ডিজমত মহিলাই বেচিকৈ ভোগা দেখা যায়৷
অধিক টেনচনে হায়পোথাইৰয়ডিজম কৰে বুলি প্ৰমাণিত হৈছে৷শাৰীৰিক আৰু মানসিক ষ্ট্ৰেচ উভয়েই এড্ৰিনেল গ্লেণ্ডৰ ওপৰত ক্ৰিয়া কৰাৰ কৰ্টিচন হৰমোন ওলোৱা কথাটো সকলোৱে জানে৷ হৰমোনৰ অস্থিৰতাই হায়পোথেলামাচ আৰু পিটুইটৰিৰ সম্বন্ধত ব্যাঘাত জন্মায়, তদুপৰি টি-৪ক সক্ৰিয় টি-৩লৈ ৰূপান্তৰিত হোৱাত বাধা দিয়ে আৰু অটো-ইমিউনিটিৰ সম্ভাৱনা বঢ়ায়-যাৰ ফলত হাইপোথাইৰয়ডিজম উৎপন্ন হয়৷

হাইপোথাইৰয়ডিজমৰ লক্ষণসমূহ

  • শীত সহ্য কৰিব নোৱৰা
  • শৌচ কচা হোৱা
  • অলপতে ভাগৰুৱা হোৱা,শাৰীৰিক দূৰ্বলতা
  • ওজন বঢ়া
  • ঘাম কমকৈ ওলোৱা
  • হৃদগতি কমি যোৱা
  • হাঁডৰ আৰু মাংসপেশিৰ বিষ হোৱা,
  • ডিপ্ৰেচন,মানসিক অৱসাদগ্ৰস্ততা, অমনোযোগিতা, স্মৃতিহ্ৰাস
  • শেঁতা শুকান ডাঠ ছাল, ভংগুৰ নখ আৰু চুলি, পাতল চেলাৱৰি(হাৰ্টোঘি চাইন)
  • ভৰি ফুলা
  • অনিয়মীয়া মাহেকীয়া বা অতিস্ৰাব
  • বেচি টোপনি অহা
  • কোনো কাৰণ নোহোৱাকৈ হঠাতে গাতো বেয়া লগা
  • মাত ভঙা
  • পুৰুষৰ যৌনশক্তি কমি যোৱা, গায়ন'কোমেষ্টিয়া
  • যি কোনো কামৰ গতি লেহেমীয়া হোৱা
  • খোৱাৰ ৰুচি আৰু ঘ্ৰাণ শক্তি হ্ৰাস পোৱা
  • তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পোৱা
  • লো ভল্টেজ ইচিজি
  • তেজৰ চুগাৰৰ পৰিমাণ কমি যোৱা
  • শ্ৰবণশক্তি কমি যোৱা
  • জিভাখন ডাঠ শকত হোৱা

চিকিৎসাৰ লাগতিয়াল কথা

  • ৰোগ চিনাক্ত হোৱাৰ পিছত থাইৰয়ড হৰমোনৰ পিল (যেনে থাইৰোনৰ্ম,এলট্ৰস্কিন) চিকিৎসকে নিৰ্ধাৰিত কৰি দিয়া পৰিমাণত নিয়মীয়াকৈ খাই থাকিব লাগিব৷
  • থাইৰয়ড হৰমোনৰ ঔষধ পুৱা খালি পেটত খোৱা ভাল৷ অন্য ঔষধ কমেও এঘন্টাৰ পিছতহে খাব৷
  • চিকিৎসকে সাধাৰণতে নিম্নতম পৰিমাণৰ থাইৰয়ড হৰমোন ব্যৱহাৰ কৰাটো বিচাৰে,কিন্তু তাৰ ড'জ নিৰ্ধাৰণ কৰিবলৈ পোনতে ২৷৩মাহৰ মূৰে মূৰে তেজৰ হৰমোনৰ পৰিমাণ পৰীক্ষা কৰিবলগীয়া হয়৷পিছলৈ বেচি সময়ৰ ব্যৱধানত পৰীক্ষা কৰিলেও চলিব৷কিন্তু আপুনি আপোনাৰ চিকিৎসকৰ নজৰত পৰাপক্ষত সকলো সময়তে থাকিব৷
  • কিছুমান ঔষধে (যেনে এন্টাচিড,কলচিয়ম,আইৰন) থাইৰয়ড হৰমোন পিলৰ ক্ৰিয়াত ব্যাঘাট জন্মায় -গতিকে চিকিৎসকৰ অজ্ঞাতে একো দৰব নাখাব৷
  • হাইপোথাইৰয়ডিজমৰ চিকিৎসা কৰি থাকোতে বুকুৰ ধপধপনি হলে,বৰ্দ্ধিত ওজন অতিদ্ৰুতভাবে হ্ৰাস হলে,বেচিকৈ ঘামিলে,কঁপনি বা অস্থিৰতা অনুভৱ কৰিলে লগে লগে চিকিৎসকক জনাওঁক - আপুনি জোখতকৈ বেচিকৈ দৰব সেৱন কৰাৰ ফলত এনে হৈছে৷
  • হাইপোথাইৰয়ডিজমৰ চিকিৎসা নকৰিলে তেজত কলেষ্টৰল আৰু এল ডি এল নামৰ অপকাৰী চৰ্বি বাঢ়ি গৈ থাকিলে হৃদৰোগ উৎপন্ন হব৷গৰ্ভৱতী মহিলাৰ বিকলাংগ শিশু জন্ম হব৷ৰোগ একেবাৰে গৰুতৰ হলে মিস্কিডিমা ক'মা হৈ প্ৰাণৰ সংশয় হব৷
  • ভয় নাখাব বিশ্বৰ তিনিৰ পৰা পাঁচ শতাংশ লোক হাইপোথাইৰয়ডিজমত ভূগি আছে৷ৰোগৰ সঠিক চিকিৎসাত সহজতেই সুফল লাভ কৰিব পাৰি৷কিছুমান ৰোগী আকৌ লক্ষণবিহীনো থাকিব পাৰে৷কিবা কাৰণত যেনে কোনো অস্ত্ৰোপচাৰৰ বাবে ফিটনেচ চাওঁতে হাইপোথাইৰয়ডিজম ধৰা পৰে৷
  • বহু অধ্যয়নত প্ৰকাশ পাইছে যে পুৰুষতকৈ মহিলাৰ আৰু সৰু ল'ৰা-ছোৱালীতকৈ আদহীয়া, বুঢ়া মানুহৰ থাইৰ'ইডৰ সমস্যাত ভোগাৰ আশংকা বেছি। বিশেষকৈ ৪০ বছৰতকৈ বেছি বয়সৰ মহিলা আৰু ৬০ বছৰতকৈ বেছি বয়সৰ পুৰুষৰ এই আশংকা বেছি। কিছুমান অধ্যয়নে অৱশ্যে এই কথাটো নাকচ কৰিছে।
  • মেন'পজ (মাহেকীয়া বন্ধ) হোৱা মহিলাৰ ভাগৰ লগা, বিষণ্ণতা, মুড ঘনাই সলনি হোৱা, টোপনি বেয়া হোৱা আদি লক্ষণ দেখা দিব পাৰে - ইয়াক 'মেনপজেল চিনড্ৰম' বোলা হয়৷
সেই একেকেইটা লক্ষণ আকৌ হাইপ'থাইৰ'ডিজমতো হ'ব পাৰে। গতিকে মেন'পজ হোৱা মহিলাই থাইৰ'ইডৰ পৰীক্ষা কৰাব লাগে বুলি চিকিৎসকসকলে মত পোষণ কৰে।এক সমীক্ষামতে বিশ্বৰ ৬শতাংশ গৰ্ভপাতৰ কাৰণ হ'ল হাইপোথাইৰয়ডিজম৷গতিকে সঘনাই বা একাধিকবাৰ গৰ্ভপাত হোৱা মহিলাই থাইৰয়ড হৰমোনৰ পৰীক্ষা কৰোৱাটো বাঞ্চনীয়৷
হায়পাৰথাইৰয়ডিজম (আন নাম থাইৰোট'স্কিকোচিচ) : থাইৰয়ড হৰমোন বেচি হোৱা অৱস্থাৰ কাৰণসমূহ হ'ল -
১) অটোইমিউন গ্ৰেভচ ডিজিজ
২) টস্কিক এডিনমা
৩) টস্কিক মাল্টি-নডিউলাৰ গয়টাৰ বা বিষাক্ত গৰল
৪) থাইৰয়ডাইটিচ -হাচিমটচ,পষ্টপাৰ্টাম আৰু চাব-একিউট
৫) বেচিকৈ থাইৰয়ড হৰমোন সেৱন কৰা
৬) হৃদৰোগত ব্যৱহৃত দৰব যেনে এমিডাৰন

হায়পাৰথাইৰয়ডিজমৰ লক্ষণসমূহ

  • ভোক বেচি কিন্তু ওজন হ্ৰাস হোৱা
  • অস্থিৰতা
  • গৰম সহ্য কৰিব নোৱৰা
  • কঁপনি
  • বুকুৰ ধপধপনি
  • চুলি সৰা
  • ভাগৰ,দূৰ্বলতা
  • গাৰ বিষ
  • প্ৰসাৱ বেচি হোৱা আৰু পিয়াহ বেচি লগা
  • অনিয়মীয়া মাহেকীয়া
  • পুৰুষৰ স্তন ডাঙৰ হোৱা (গায়ন'কমেষ্টিয়া)
  • তেজৰ চুগাৰ আৰু কলেষ্টৰলৰ পৰিমাণ কমি যোৱা
  • চকু দুটা টেলেকাহৈ বাহিৰলৈ ওলাই অহা
ৰোগ চিনাক্ত হলে চিকিৎসাৰ বাবে এন্টিথাইৰয়ড দৰব (যেনে কাৰবিমাজল, মেথিমাজল, প্ৰপাইলথায়োইউৰাচিল)লগত বিটা ব্লকাৰ ঔষধেৰে ৰোগীক চিকিৎসা কৰা হয়৷কিছুমানৰ অপাৰেচন কৰি থায়ৰয়ডৰ অংশ কাটি পেলোৱা হয় আকৌ কিছুমানক ৰেডিঅ'আয়ডিনেৰে চিকিৎসা দিয়া হয়৷
এতিয়া থাইৰয়ডৰ ৰোগত খাদ্যৰ বিষয়ে কিছু লাগতিয়াল কথা আলোচনা কৰিম৷
হাইপো আৰু হাইপাৰথাইৰয়ডিজম দুয়োটাৰে খাদ্য তালিকাত নিষেধাজ্ঞা পৃথক পৃথক ৷
চমুকৈ হায়পোথাইৰয়ডিজমৰ ৰোগীৰ বাবে বন্ধাকবি,ফুলকবি,ব্ৰুকলি,বীন,মটৰ,মিঠা আলু, কাঠ আলু, গোমধান, চালগোম,চালাড পাত,কটাৰী ডবুৱা মাহ,বাজৰা,সৰিয়হ পাত, মূলা, পালেংশাক, বাঁহগাজ অপকাৰী৷এইবিলাকত গয়টাৰোজেনিক তত্ব থাকে৷অৰ্থাৎ গৰল বা গয়টাৰ উৎপন্ন কৰাৰ সম্ভাৱনা থকা পদাৰ্থ থাকে যাৰ ফলত থাইৰয়ডে আয়ডিন আহৰণ কৰাত বাধা পায়৷উল্লেখিত খাদ্যসমূহত থকা চালফাৰেও আয়ডিন আহৰণত বিজুতি ঘটায়৷ আয়ডিনৰ অভাব হলে থাইৰয়ড হৰমোনৰ উৎপাদন বাধাপ্ৰাপ্ত হয় আৰু হাইপোথাইৰয়ডিজমে দেখা দিয়ে৷ এই খাদ্যসমূহ সিজাই খালে অনিষ্টকাৰী প্ৰভাৱ কিছু কমিব পাৰে৷কিন্তু যিমানে বেচিকৈ সিজাব সিমানে এইবিলাকৰ খাদ্যগুণ হ্ৰাস পাব৷
অট' ইমিউনিটিৰ থাইৰয়ড ৰোগৰ লগত সম্বন্ধ আছে বুলি আগতে উল্লেখ কৰা হৈছে৷ঘেঁহু, বাৰ্লিজাতীয় গ্লুটেনযুক্ত খাদ্য কিছুমান বাবে এলাৰ্জিৰ কাৰক৷তেনেলোকৰ বাবে এনে খাদ্যই অট' ইমিউনিটি উৎপন্ন কৰিব পাৰে৷
চয়াবীন আৰু চয়াবীনৰ পৰা বনোৱা গাখীৰ, কটাৰী ডবোৱা মাহত থকা ৰাসায়নিক পদাৰ্থই আয়ডিন
থাইৰয়ডলৈ যোৱাত বাধা দিয়ে৷ ইয়াৰ ওপৰিও এইবিলাকত থকা আইচ'চায়ানাইডৰ বাবে থাইৰয়ড মেটাবলিজমত ব্যাঘাট জন্মোৱা আন খাদ্যৰ তালিকাত আছে - আহোমবগৰী, প্লাম, ষ্ট্ৰবেৰী, পাইনৰ গুটি, মটৰমাহ৷
আনহাতে হাইপাৰথাইৰয়ডিজম ৰোগীৰ বাবে চাহ,কফি,চকলেট,নাৰিকল,আভাকাডো হ'ল অপকাৰী৷
অধিক টেনচনে হায়পোথাইৰয়ডিজম কৰে বুলি প্ৰমাণিত হৈছে৷ মাংস বিশেষকৈ ৰঙামাংস আৰু কণীত চিষ্টিন নামৰ এমাইনো এচিড থাকে৷ চিষ্টিনযুক্ত খাদ্য হায়পাৰথায়ৰইডিজমৰ ৰোগীয়ে পৰিহাৰ কৰি চলিব লাগে৷
মোখনিত ইমানেই কম যে থায়ৰয়ড গ্ৰন্থিৰ বিকাৰসমূহৰ এইয়া এক চমু টোকাহে পাঠকৰ জ্ঞাতাৰ্থে প্ৰস্তুত কৰিলোঁ৷সময় সুবিধা পালে পাঠকৰ মনৰ সংশয় বা ব্যক্তিগত প্ৰশ্নৰ যথাযথ উত্তৰ দিবলৈ নিশ্চয় প্ৰয়াস কৰিম৷

 ৰচনাকাল মাৰ্চ ২০১৩

Monday, October 12, 2015

'স্বাস্থ্যৰ সুৰক্ষাৰ বাবে কণী'



শিৰোনামাটো পঢ়ি কোনো কোনোজন হয়তো সচকিত হৈ উঠিব পাৰে৷ প্ৰেচাৰ, চুগাৰ, কলেষ্টৰ'ল, মেদবহুলতা,গাউট (বৰ্ধিত ইউৰিক এচিড থকা) থকা লোকে কণী খোৱাটো সমীচিন হয়নে ? আন নিয়মীয়া স্বাস্থ্যৰ লোকে দিনে কেইটা কণী খোৱা উচিত ? 'চানডে হো য়া মনডে ৰোজ খাৱো অণ্ডে' নাইবা 'ৱান এগ এ ডে কিপচ ডা ডক্তৰ এৱে'- এনে শ্লোগান কিমানদূৰ সত্য ? হাফ বইল বা কেঁচা কণী খোৱাটো নিৰাপদনে ? কণীৰ বগাখিনি ভালনে ভিতৰৰ হালধীয়াখিনি ভাল ? আকৌ দেখিবলৈ বগা কণীতকৈ মুগা বৰণৰ কণী বেচি গুণবত্ত নেকি ? ফ্ৰাই, সিদ্ধ, গুড়ি ভাজি নে প'চড (poached) - কণী কেনেদৰে খোৱাটো বেচি স্বাস্থ্যসন্মত ? খোৱাৰ বাহিৰে আন কি কি কামত কণীৰ প্ৰয়োগ হয় ? কণীৰে বনোৱা কেক কাষ্টাৰ্ড বা পুডিং আপুনি খাই কেনে পায় ? কণীৰ খোলাটো কিবা কামত আহেনে ? কণীৰ ভাল বেয়া কেনেকৈ চিনাক্ত কৰিব ? বইল কণীৰ বাকলি কেনেকৈ সহজতে গুচাব ? মূৰ্গীৰ কণী আৰু হাঁহৰ কণীৰ ভিতৰত কোনবিধ বেচি ভাল ? কণীত স্বাস্থ্যৰ উপযোগী কি কি তত্ব থাকেনো ? পাঠকৰ মনত সচৰাচৰ উদয় হোৱা এই সম্ভাব্য কৌতুহলসমূহ সাঙুৰি এই আলোচনাটো আগবঢ়াব খুজিছোঁ৷
পোনতে কণীৰ বিষয়ে বুৰঞ্জীৰ পাত লুটিয়াই চাওঁ আহক৷ যুগ যুগান্তৰ পৰা মানুহে বিভিন্ন পক্ষীৰ কণী ভক্ষণ কৰি আহিছে বুলি জনা যায়৷ অনুমানিক খৃষ্টপূৰ্ব ৭৫০০ৰ পৰা ভাৰত আৰু দক্ষিণ পূৱ এচিয়াত সভ্যতাৰ ক্ৰম বিকাশৰ লগত সংগতি ৰাখি চিকাৰী আদিম মানুহে লাহে লাহে পক্ষী আৰু জীৱক পোহনীয়া কৰি পালিবলৈ আয়ত্ত কৰিলে৷চীন আৰু ইজিপ্তত খৃষ্টপূৰ্ব ১৫০০,গ্ৰীচ আৰু ইউৰোপত খৃষ্টপূৰ্ব ৮০০ৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হয়৷ কলম্বচে ১৪৯৩চনত আমেৰিকাত ভাল প্ৰজাতিৰ মূৰ্গীৰ সঁচ মেলিছিল বুলি জনা যায়৷ বৰ্তমান বিশ্বত ২০০বিধ কুকুৰাৰ প্ৰজাতি আছে৷তাৰে সৰ্বোত্তম বিধ পক্ষীয়ে বছৰত ২৫০ৰ পৰা ২৮০টা কণী পাৰে৷ ১৭শতিকাত ফ্ৰান্সত কণী আৰু ফলৰ ৰসৰ মিশ্ৰণ এটা সময়ত জনপ্ৰিয় খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত হৈছিল৷ ১৯ শতিকাৰ পৰা কণীৰ ঔদ্যোগীকৰণ আৰম্ভ হয়৷ কানাডাৰ ব্ৰিটিচ কলম্বিয়াৰ জোচেফ কয়'লে ১৯১১চনত ভঙা কণী বিষয়লৈ বিক্ৰেতা আৰু গ্ৰাহকৰ মাজৰ বিবাদ সমাপ্ত কৰিবলৈ কণীৰ কাৰ্টন আবিস্কাৰ কৰে৷ আজি বিশ্বত শীৰ্ষস্থানত থকা কণী উৎপাদনকাৰী দেশকেইখন হল- চীন,আমেৰিকা,ভাৰত,জাপান আৰু ৰাচিয়া৷ কেবল চীনৰ উৎপাদন ক্ষমতা বাকী চাৰিখন দেশৰ যোগফলৰ প্ৰায় দুগুণ৷ বিজ্ঞানীসকলে কণীৰ গুণাগুণ সম্পৰ্কে নিৰন্তৰ গবেষণা চলাই আহিছে আৰু নানান তথ্য অৱগত কৰি কণীৰ বিষয়ে সামাজিক সচেতনতা বৃদ্ধি কৰিছে৷ ২০১২চনৰ পৰা অক্টোবৰ মাহৰ দ্বিতীয় শুকুৰবাৰে 'বিশ্ব ডিম্ব দিবস' দেশে-বিদেশে পালিত হৈ আহিছে৷
আপুনি শুনি বিস্মিত হব কণীৰ খোলাটোত আমি খালি চকুৰে মনিব নোৱৰা কেইবা শ (প্ৰায় ১৭০০) ক্ষুদ্ৰ ছিদ্ৰ থাকে৷ এই ছিদ্ৰইদি কাৰ্বন ডাইঅস্কাইডৰ বহিৰ্গমণ হয় অৰ্থাৎত জীৱন্ত কণীয়ে ইয়াৰ মাধ্যমেৰে শ্বাস প্ৰস্বাস লয়৷ খোলাৰ তলত দুখন পাতল জাল (মেমব্ৰেন) থাকে৷ মেমব্ৰেন দুখনৰ মাজত কিছু পৰিমানে বায়ুকোষ থাকে৷ ইয়াৰ ভিতৰলৈ ক্ৰমে বগা এলবুমিনৰ তৰপ আৰু হালধীয়া কুহুমৰ তৰপ থাকে৷ কাচিৎ দুটা কুহুম নাইবা বিনা কুহুমৰো কণী ওলায়৷ সেয়া বিসংগতি৷
জলৰ বাহিৰে আমাৰ শৰীৰে আহৰণ কৰা আন খাদ্য তত্বসমূহক দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি৷ ১-মেক্ৰনিউট্ৰিয়েন্ট * প্ৰটিন, কাৰ্বোহাইড্ৰেট আৰু ফেট ২- মাইক্ৰনিউট্ৰিয়েন্ট * ভিটামিন, মিনাৰেল আৰু ট্ৰেচ এলিমেন্টট৷ কণী হ'ল এনে এবিধ প্ৰাকৃতিক উপাদন য'ত এই সকলোবোৰ তত্ব থাকে৷ এতিয়া পৃথকে পৃথকে কণীৰ ভিন্ন ভিন্ন অংশত কি থাকে জানো আহক৷
কণীৰ বাহিৰৰ গোটা অংশটো অৰ্থাৎ খোলাটো কেলচিয়াম কাৰ্বনেটেৰে গঠিত৷ কুকুৰাৰ কণীতকৈ হাঁহৰ কণীৰ খোলা বেচি ডাঠ৷ গতিকে তুলনামূলকভাবে হাঁহৰ কণীৰ ভালে থকাৰ ম্যাদ বেচি৷ কণীৰ ভিতৰখন খাদ্য হিচাবে ব্যৱহাৰ হোৱাৰ পিছত খোলাটোৰে নানাবিধ ঘৰত সজোৱা বস্তু কলা সন্মতভাবে তৈয়াৰ কৰিব পাৰি৷কণীৰ খোলাৰ ৰং বগাই হওক বা মূগাই হওক, তাৰ গুণগত মান একেই থাকে৷
কণীৰ জুলীয়া বগা অংশটোৰ ৯০শতাংশ হ'ল পানী৷ এই জুলীয়াখিনি হ'ল ৰাসায়নিকভাবে এলকেলাইন৷ বাকী ১০শতাংশ প্ৰটিন হ'ল এটা কণীত থকা মুঠ প্ৰটিনৰ অৰ্ধেক৷ কণীত ৪০বিধ ভিন্ন ধৰণৰ প্ৰটিন থাকে৷কণীৰ এই প্ৰটিন হজম হবলৈ সময় লাগে৷ সেয়ে কণী খোৱাৰ পিছত আমাৰ উদৰ বেচ কিছু সময়লৈ পূৰ হৈ থকা যেন লাগে৷ গতিকে কণীয়ে আমাক অতি-ভোজনৰ (overeating) পৰা ৰক্ষা কৰে৷ কণীৰ এই বগা অংশত ফেট মুঠেই নাথাকে৷ কাৰ্বোহাইড্ৰেটত থাকে এক শতাংশৰো কম ৷ এটা ৫০গ্ৰামৰ কণীত এই বগা এলবুমিন অংশৰ ওজন হব ৩৩ গ্ৰাম৷
এটা ৫০গ্ৰামৰ কণীৰ হালধীয়া অংশটোৰ (কুহুমৰ) ওজন হব ১৭ গ্ৰাম ৷ কণীৰ কুহুমৰ হালধীয়া বা ৰঙচুৱা বৰণটো লেচেথিন, জিয়াজেনথিন নাইবা জেনথোফাইলিন নামৰ তত্বৰ বাবে হয়৷ এই লেচিথিন নানাবিধ কচমেটিকত ব্যৱহৃত হয়৷ কুহুমত থাকে ফেট,কলেষ্টৰল আৰু ফেট চলিবল ভিটামিনসমূহ (ডি,ই,কে,এ)৷এটা কণীত থকা ৮০কেলৰিৰ ৬০কেলৰি আহে কুহুমৰ পৰা আৰু ২০কেলৰি আহে এলবুমিন অংশৰ পৰা৷
কণীৰ উপকাৰিতাসমূহ :
প্ৰটিন আমাৰ মাংসপেশীৰ শ্ৰীবৃদ্ধিৰ বাবে লাগতিয়াল৷গৰ্ভৱতী মহিলাৰ ভ্ৰুণৰ বিকাশত কণী অতি উপকাৰী৷ কণীৰ এমাইন এচিডে শৰীৰৰ ষ্টেমিনা বঢ়ায়৷
আমেৰিকাৰ কেমিকেল চ'চাইটিয়ে ২০১৩চনতে এটা বিজ্ঞপ্তিযোগে জনাইছিল কণীৰ এলবুমিনত থকা এবিধ তত্ব ৰক্তচাপ কমোৱাত সহায়ক হয় - ঠিক কম পৰিমাণৰ কেপ্তপ্ৰিল নামৰ দৰবৰ ক্ৰিয়াৰ নিচিনাকৈ৷গতিকে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত কণী সহায়ক বুলি সিদ্ধ হৈছে৷
কণীত ভিটামিন-এ থকা বাবে চকুৰ দৃষ্টিশক্তিৰ নানাধৰণেৰে সহায়ক হয়৷ভিটামিন-ডিয়ে হাঁড়,চুলি আৰু নখক উপকৃত কৰে৷ বেচিকৈ শালমন লোৱাৰ লোকৰ বাবেও কণী উপকাৰী বুলি জনা যায়৷
অমেগা ৩ ফেটি এচিডে স্বাস্থ্যৰ উপকাৰী এইচ ডি এল বৃ্দ্ধি কৰে৷
হাভাৰ্ড স্কুল অৱ পাব্লিক হেল্থৰ অধ্যয়ণমতে কণীত থকা কেৱলিন নামৰ তত্বই তেজ চলাচল সুচাৰু ৰাখি ষ্ট্ৰক (stroke ) হোৱাত বাধা দিয়ে৷ এটা কণীত থাকে৩০০মাইক্ৰগ্ৰাম কেৱলিন৷
কণীত থকা ৱাটাৰ চলিবল ভিটামিন-বি গোটৰ কলিন শৰীৰৰ বাবে অত্যন্ত উপকাৰী সিদ্ধ হৈছে৷ কলিনে শৰীৰত হ'মচিষ্টিন নামৰ শৰীৰৰ বাবে ক্ষতিকাৰক তত্ব বিধ সৃষ্টিত বাধা দিয়ে৷ হ'মচিষ্টিনৰ আধিক্যই আমাৰ শৰীৰৰ বিভিন্ন কোষৰ ইনফ্লেমেচন কৰি ক্ষতিসাধন কৰে৷ গতিকে কণীত থকা কলিন আমাৰ স্নায়ুতন্ত্ৰ আৰু ৰক্তপ্ৰবাহী প্ৰণালীৰ বাবে সহায়ক৷ কণী খোৱা ৪৪শতাংশ মহিলাই বক্ষৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা লভে৷ এটা কণীত থাকে ১০০মাইক্ৰগ্ৰাম কলিন৷
কণীৰ ট্ৰেচ এলিমেন্টসমূহে শৰীৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷
এটা কণীৰ কুহুমত থাকে ১৮৬ মিলিগ্ৰাম কলেষ্টৰল৷ সাধাৰণতে মানৱ দেহক দৈনিক প্ৰয়োজন হোৱা ৩০০মিলিগ্ৰাম কলেষ্টৰল শৰীৰে নিজেই উৎপাদন কৰি লয়৷ শৰীৰক কলেষ্টৰলৰ প্ৰয়োজন হয় হৰমোন আৰু নানাবিধ এনজাইমৰ সৃষ্টিৰ বাবে৷
এতিয়া প্ৰশ্ন হয় আমি নিতৌ কেইটা কণী খোৱা উচিত ?
সৰ্বসাধাৰণ লোকে সপ্তাহত ৬টা কণী খোৱাটো ভাল৷৷ এই পৰিমাণত গোটা কণী খালেও শৰীৰত কলেষ্টৰল নাবাঢ়ে৷ অন্যথাই তেজৰ বেচি কলেষ্টৰল থকালোকে কণীৰ বগা অংশটো নিৰ্ভয়ে খাব৷ খাদ্যত সঠিক পৰিমাণৰ কণীয়ে মেদবহুলতা নকৰে৷ মনত ৰাখিব এদিনত একেলগে ২টাৰ বেচি কণী খালে কিডনি আৰু লিভাৰৰ কষ্ট হয়৷ আগতে বিশেষজ্ঞসকলে হৃদৰোগীসকলক সপ্তাহত ২টা কণী খাবলৈ পৰামৰ্শ দিছিল এতিয়া সেই পৰিমাণ ৪টালৈ বঢ়োৱা হৈছে৷ কিডনি ভালে থকা ডায়েবেটিজৰ ৰোগীয়ে সপ্তাহত ৫টা কণী খাব পাৰে৷বহুতৰ ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপ একেলগে থাকে৷তেনে লোকসকলে কণীৰ বগা অংশটো সপ্তাহত ৫দিন খাব পাৰিব৷
যেহেতু কণীত বিশেষ পিউৰিন নাথাকে- তেজত বৰ্ধিত ইউৰিক এচিড থকলোকেও কণী খাব পাৰে৷বৰঞ্চ কণীৰ অমেগা-৩ গাউট ৰোগীৰ বাবে লাভজনক৷ বাত ৰোগীৰ বাবে কণীত থকা ভিটামিন-ডি আৰু অমেগা-৩ দুয়োটাই লাগতিয়াল উপকাৰী তত্ব৷
সুখৰ বিষয় আজিকালি স্বাস্থ্যৰ বাবে কণীৰ উপযোগিতা বহুলাংশে জনসাধাৰণৰ জ্ঞাত হোৱাত এক শ্ৰেণীৰ নিৰামিষ ভোজীলোকেও কণীক সহজভাবে খাদ্য-তালিকাত অন্তৰ্ভুক্ত কৰি লৈছে৷
কণী কেনেকৈ খোৱাটো বেচি স্বাস্থ্যসন্মত ?
কোনো কাৰণতে কেঁচা বা আধা সিজোৱা কণী খাব নালাগে৷ কণীত (বিশেষকৈ হাঁহৰ) চালমোনেলা এন্টাৰাইটিডিচ বেক্টেৰিয়া থাকিব পাৰে- এই জীৱাণু ভালদৰে গৰম পালেই বিনষ্ট হয়৷
ৰুচি অনুসৰি মানুহে কণী সিদ্ধ বা বইল, প'চ, আমলেট নাইবা গুড়ি ভাজি ( আজিকালিৰ প্ৰচলিত শব্দ ‘ভূজিয়া’) কৰি খায়৷ কেক,পুডিং নাইবা কাষ্টাৰ্ড বনোৱাতো কণী ব্যৱহৃত হয়৷ কণীৰ ৰোল,কণীৰ চপ আৰু কণীৰ বিৰিয়ানি বহুতৰ প্ৰিয় খাদ্য৷ আলুৰ দমৰ লগত ভজা সিদ্ধ কণী বহুতে খাই ভাল পায়৷ কিন্ত এই সকলোবোৰ বনোৱা পদ্ধতিৰ ভিতৰত সৰ্বত্তম হ'ল সিদ্ধ কৰা কণী - য'ত কণীৰ গুণসমূহ সম্পূৰ্ণ অটুট থাকে৷ ঘিউ (অপকাৰী ট্ৰান্সফেট) বা তেল দি ভজাৰ লগে লগে কণীৰ গুণ হ্ৰাস পায়৷
কণীৰ ভাল বেয়া পৰীক্ষা কৰাৰ সহজ পদ্ধতি :
এটা পাত্ৰত লুনীয়া পানীত কণীটো দি চাওক৷ পানীত নুডুবি ওপঙা কণীটো বেয়া৷ ফ্ৰিজত কণী ৩সপ্তাহলৈ ভালে থাকে৷ বেচি গৰম পৰিলে ফ্ৰিজৰ বাহিৰত থকা কণী ২৪ ঘন্টাতে বেয়া হব পাৰে৷ কণী সহজে বেয়া হয় আৰু দূষিত কণী শৰীৰৰ পাক প্ৰণালীৰ বাবে ক্ষতিকাৰক৷ কণী সেয়ে পৰাপক্ষত বাতানুকুলিত দোকানৰ পৰা কিনাটো ভাল৷উন্নত দেশসমূহৰ উৎপাদিত প্ৰতিটো কণীৰ ওপৰত বেচ নম্বৰ, উৎপাদনৰ তাৰিখ, ম্যাদ ওকলাৰ তাৰিখ আৰু প্ৰস্তুতকৰ্তাৰ নাম মোহৰ মাৰি উল্লেখ কৰা থাকে৷
বইল কণীৰ বাকলি গুচোৱাৰ সহজ পদ্ধতি :
১) কণীকেইটা উতলোৱাৰ আগতে বেজীৰে সৰু ছিদ্ৰ একোটাকৈ কৰি দিয়ক৷
২) নাইবা সিদ্ধ কণীকেইটা ৫মিনিট ঠাণ্ডা পানীত ডুবাই থব৷
কণীৰ প্ৰয়োগৰ বিষয়ে আমি নজনা কেইটিমান কথা :
প্ৰায় সকলোৱে জানে কণীৰে নানাবিধ সৌন্দৰ্য্যৰ উপাদান প্ৰসাধন,শ্বেম্পু আদি তৈয়াৰ হয়৷ঘৰুৱাভাবে আজিও মহিলাসকলে দৈ, জেতুকা,জবাফুলৰ পাত নাইবা নেমুৰ ৰস আদিৰ সৈতে কণী মিহলাই বা অকলে কণীৰ চুলিত প্ৰলেপ লগায়৷ কিন্ত আমোদৰ কথা বহুতবোৰ মদৰ উজ্বলতা আহে মদত কণীৰ এলবুমিন মিহলোৱাৰ পিছতহে৷ ইনফ্লুৱেঞ্জা ভেকচিন বনাবলৈ কণীৰ এলবুমিনৰ ব্যৱহাৰ হয়৷ আহোম ৰজাসকলে কাৰেংঘৰ,তলাতল ঘৰৰ নিৰ্মাণত কণীৰ ব্যৱহাৰ কৰিছিল নেকি সেয়া বুৰঞ্জীবিদসকলে সঠিককৈ কব পাৰিব৷এটা সময়ত বুক বাইণ্ডিঙত কিতাপৰ বেটুপাতত উজ্বলতা আনিবলৈ কণী ব্যৱহাৰ কৰা হৈছিল৷হাঁহৰ কণী কুকুৰাৰ কণীতকৈ আকাৰত ডাঙৰ হোৱাত তাত প্ৰটিন, ফেট,কলেষ্টৰল, মিনাৰেল, ভিটামিন আৰু কেলৰিৰ পৰিমাণ অধিক৷ ১০০গ্ৰাম হাঁহৰ কণীত ১৮৫ কেলৰি থাকে৷হাঁহৰ কণীত চালমোনেলাৰ সম্ভাৱনা বেচি৷হাঁহৰ কণী খালে নানা পুৰণি বেমাৰে উক দিয়ে বুলি গ্ৰামাঞ্চলত এটা বিশ্বাস প্ৰচলিত আছে৷ এই কথাটোৰ সত্যতা নাই৷ মাত্ৰ ভালকৈ নিসিজা বা কেঁচা কণীৰ যোগেদি চালমোনেলাৰ সংক্ৰমণ হব পাৰে৷ হাঁহৰ কণী কাৰোবাৰ বাবে এলাৰ্জিৰ কাৰকো হব পাৰে৷লক্ষ্যনীয় কথাটো হ'ল- হাঁহৰ কণীত যিদৰে প্ৰটিন, ভিটামিন বেচি থাকে- একেদৰে কলেষ্টৰলো বেচি থাকে৷গতিকে যাৰ ইতিমধ্যে তেজত কলেষ্টৰলৰ আধিক্য তেওঁৰহে হাঁহৰ কণীয়ে অপকাৰ কৰিব৷ কণীৰ এলাৰ্জি কণীত থকা প্ৰ'টিনৰ বাবে কিছুমান মানুহৰ হব পাৰে। এলাৰ্জিৰ লক্ষণ হিচাবে খজুৱতি, ছালত ডবৰা বন্ধা,হাপানি আদি দেখা দিব পাৰে৷ হাঁহৰ কণী ডাঙৰ, গতিকে তাত প্ৰটিনো বেছি আৰু এলাৰ্জিৰ সম্ভাৱনাও বেছি।
কণীৰ অপকাৰিতা –
সকলো খাদ্যৰে অতিমাত্ৰাই ক্ষতিকাৰক৷অনিয়ন্ত্ৰিতভাবে কণী গ্ৰহণ কৰিলে হব ডিচলিপিডেমিয়া,মেদবহুলতা, সন্তানহীনতা,ভৰিৰ বিষ আদি বিকাৰ৷
কিছুমান শিশু বা প্ৰাপ্তবয়স্কৰো হাঁহৰ নাইবা কুকুৰাৰ কণীৰ এলাৰ্জি, বদহজমি আদি দেখা যায় - তেনেলোকে সেইবিধ পৰিহাৰ কৰি চলাই মংগলজনক৷
এতিয়া চালমোনেলা বেক্টেৰিয়াৰ অপকাৰিতাৰ বিষয়ে দুআষাৰ যোগ দিওঁ৷
চালমোনেলা এন্টাৰাইটিডিচ বেক্টেৰিয়াৰ স্বাভাৱিক বসতিস্থল হ'ল সকলো চৰাইৰে পাক প্ৰণালী৷চৰাইৰ কণীৰ ভিতৰত এইবিধ বেক্টেৰিয়া থাকে৷কণী ফ্ৰিজত নথলে উষ্ণ বতৰত কণীৰ ভিতৰত বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি হবলৈ ধৰে৷কিন্তু সিজালে বেক্টেৰিয়া সমুলঞ্চে নষ্ট হয় আৰু কণী খোৱাৰ বাবে এশ শতাংশ নিৰাপদ হৈ পৰে৷চালমোনেলা এন্টাৰাইটিডিচত আক্ৰান্ত হলে ৰোগীৰ হাগনি,জ্বৰ,বমি আৰু পেটৰ বিষ হয়৷ৰোগীৰ চিকিৎসালয়ত ভৰ্তি হবলগীয়া অৱস্থা হয়৷ শিশু আৰু বৃদ্ধলোকৰ ক্ষেত্ৰত ৰোগৰ লক্ষণ সাধাৰণতে গুৰুতৰ হৈ দেখা দিয়ে৷
কণী কেনেকৈ চালমোনেলাৰ দ্বাৰা প্ৰদূষিত হয় ?
প্ৰথমতে চৰাইজনীৰ (হাঁহ বা কুকুৰা) বিষ্ঠা যদি কণীৰ খোলাত লাগে৷ কণীৰ খোলাত কেনেবাকৈ ফাঁক থাকিলে বেক্টেৰিয়াই কণীৰ ভিতৰত প্ৰবেশ কৰাৰ সম্ভাৱনা আৰু বৃদ্ধি পায়৷ আকৌ তেনে দূষিত কণী স্পৰ্শ কৰা হাতেৰে খাদ্য পৰিবেশন কৰিলে মানুহৰ শৰীৰত চালমোনেলাৰ প্ৰবেশ ঘটে৷ দ্বীতিয়তে বিজ্ঞানীসকলৰ এটা কথাত দ্বিমত নাই যে চৰাইৰ পেটত কণীৰ খোলাটো সৃষ্টি হোৱাৰ আগতেই চালমোনেলাই কণীৰ অন্তৰ্ভাগত থিতাপি লব পাৰে৷ গতিকেই মানুহে কেঁচা বা আধা সিজা কণী ভক্ষণ কৰিব নালাগে৷
উপসংহাৰ -
মোখনিত ইমানেই কম যে আজিকালি আমাৰ বহুতৰ দৈনন্দিন ব্যৱহাৰৰ খাদ্য তালিকাত কণী থাকেই৷ বহুতে পুৱাটো আৰম্ভ কৰে কণীৰে৷শীতকালত কণীৰ উত্তাপে ঠাণ্ডাৰ অনুভৱ কমকৈ হবলৈ দিয়ে৷ গতিকে জাৰকালি দিনে ২৷ ৩টা কণী খোৱাটো ভাল বুলি ভাবে ৷ বহুতে এবাৰত কেইটা কণী ভক্ষণ কৰিব পাৰে তাৰ বাজি মাৰে৷ সৰু ল'ৰা ছোৱালীক বহু অভিভাৱকে স্বাস্থ্যৰ উন্নতি হওক বুলি চলে-কৌশলে কণী খোৱায়৷ কিন্তু কিমান পৰিমাণত কণী শৰীৰৰ বাবে লাগতিয়াল সেই বিষয়ে অজ্ঞ৷ বলপূৰ্বক বেচিকৈ কণী খুউৱাৰ ফলত কম বয়সতে তেজত কলেষ্টৰল বঢ়াৰ উদাহৰণ দেখা যায়৷ আৰু বহুত কথাই হয়তো লিখিবলৈ থাকি গ'ল, তথাপিও এই লিখনিটোৰ উদ্দেশ্য পাঠকক কণীৰ বিষয়ে এক সম্যক আভাস দিয়াৰ প্ৰয়াস৷

ডা০ ভূপেন শইকীয়া, ৬ জুন ২০১৫
ডোহা,কাটাৰৰ পৰা প্ৰেৰিত

Total Pageviews