Translate

Monday, December 28, 2015

এজন প্ৰবাসী ভাৰতীয়ৰ দৃষ্টিত প্ৰধানমন্ত্ৰী মোডীৰ পাকিস্তান ভ্ৰমণ –.


প্ৰবাসী জীৱন যাপন কৰাৰ এৰাধৰাকৈ এটা দশকতকৈয়ো অধিক কাল অতিবাহিত হ'ল৷ মোৰ কৰ্মভূমি হোৱা দেশসমূহৰ ভিতৰত লিবিয়া, মালদ্বীপ,সংযুক্ত আৰব আমীৰাট আৰু কাটাৰৰ নাম উল্লেখযোগ্য৷ বিশ্বৰ নানা দেশৰ,নানা বৰণৰ,নানা সংস্কৃতিৰ, নানা ভাষা-ভাষীলোকৰ সংস্পৰ্শলৈ আহি নিতৌ ন ন অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ৷ ডাবলিনৰ ৰয়েল কলেজ অৱ চাৰ্জনচ্ ইন আয়াৰলেণ্ডত এসময়ত সহপাঠী হোৱা শৰ্মা উপাধিৰ পাকিস্তানী ডাক্তৰৰ ভাৰতলৈ ভ্ৰমণলৈ আহিবলৈ কি তীব্ৰ ইচ্ছা আৰু দুবাৰকৈ ভিছা নোপোৱাৰ দুখ, নিজ দেশৰ ইপাৰে ভাৰতত পৰিয়ালৰ বহুকেইজনক তেতিয়ালৈ লগ নোপোৱাৰ বেদনা আৰু অনেক কাহিনী বন্ধু হিচাবে মোৰ ওচৰত ব্যক্ত কৰিছিল৷ লিবিয়াত লগ পাই বেচ ঘনিষ্ঠ হৈ পৰিছিলোঁ পাকিস্তানী মেল নাৰ্চ এজন আৰু তেওঁৰ পৰিয়ালটোৰ সৈতে৷ ধৰ্মত খৃষ্টান হোৱা হেতুকে তেওঁৰ ঘৰৰ মানুহে পাকিস্তানত দূৰ্গতিৰ সন্মুখীন হবলগীয়া হলেও এওঁলোকৰ দেশপ্ৰেম শলাগিবলগীয়া৷ আনকি আগতে উল্লেখ কৰা পাকিস্তানী ডাক্তৰ শৰ্মাৰো তেজত দেশৰ প্ৰতি অনুৰাগ পৰিপূৰ্ণ৷ আনহাতে কাৰো মনত ভাৰত-বিদ্বেষ নাই৷ মালদ্বীপত পাকিস্তানী ডাক্তৰ ইমৰাণ হাচান মোৰ সহকৰ্মী আছিল৷ পৰিয়াল তেওঁৰ লগতে মালদ্বীপত আছিল৷ মোৰ লগত এক প্ৰকাৰ ঘৰুৱা সম্পৰ্ক গঢ়লৈ উঠিছিল৷ ই-মেইলযোগে আমাৰ যোগাযোগ এতিয়াও অব্যাহত আছে৷ মই নিজে ডেংগু হিমৰেজিক ফিভাৰত ভূগি চিক ৰুমত চিকিৎসাধীন হৈ থাকোতে মোক ঘৰৰ মানুহৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল৷ আনকি মোৰ তেজত প্লেটলেটৰ পৰিমাণ কমি পঞ্চাচ হাজাৰৰ তললৈ অহাত মোক ৪০০মিলিলিটাৰ তেজ ভাতৃসম ডাক্তৰ ইমৰাণে দি মোৰ জীৱন ৰক্ষা কৰিছিল৷ মোৰ দেহত পাকিস্তানীৰ তেজ আছে কাৰণেই নেকি মই পাকিস্তান আৰু পাকিস্তানীক ভাল পাওঁ! আনহাতে মোক বাংলা ভাষা কবলৈ, শিকিবলৈ বাধ্য কৰিলে মোৰ বাংলাদেশী ৰোগীসকলেই আৰু আজি তেওঁলোকে মোক নিজৰ 'আপোনজন' বুলি ভাবে - সেয়া এক অন্য অধ্যায় ৷ প্ৰবাসত মোৰ দৰে আন বহুতৰ উপলব্ধি হব - ভাৰত,পাকিস্তান আৰু বাংলাদেশ এই তিনিও দেশৰ নাগৰিকে নিজৰ ভিতৰত একো ভেদাভেদ নৰখাকৈ ভাল বন্ধুৰ দৰে সমিল মিলেৰে থাকে৷ তেওঁলোকৰ সৰহ সংখ্যক লোকেই ৰাজনৈতিক প্ৰদূষণৰ পৰা সম্পূৰ্ণ মু্ক্ত৷

Thursday, December 3, 2015

অসহিষ্ণুতাৰ মাজতো আশাৰ বতৰা

অসহিষ্ণুতাৰ মাজতো আশাৰ বতৰা
যোৱা বছৰৰ তুলনাত আমাৰ দেশত ৪-৫% বিদেশী পৰ্য্যটকৰ সংখ্যা বৃদ্ধি৷ অৱশ্যে বিদেশী পৰ্য্যটক আটাইতকৈ বেচি ফ্ৰান্স আৰু আমেৰিকালৈ যায়- ভাৰতৰ স্থান ৪১নম্বৰতহে৷ নভেম্বৰ মাহৰ প্ৰথম কুৰিটা দিনৰ বিশ্বৰ নানান দেশৰ পৰা ভাৰতলৈ অহা ৬হাজাৰ বিদেশী পৰ্য্যটকৰ দৰ্শনাৰ্থীৰ বহী অধ্যয়ণ কৰিলত অনেক সন্তোষজনক মন্তব্য পৰিলক্ষিত হয়৷ তাৰে কিয়দাংশ:
উদয়পুৰলৈ অহা আমেৰিকাৰ নৰ্থ কেৰ'লিনাৰ ইলিজ বেংকচিলেই লিখিছে- মই ভাৰতত দুমাহ থাকি বুজিলোঁ এই দেশ আমেৰিকাতকৈ বহুত ভিন্ন৷ ইয়াৰ মানুহবিলাকে প্ৰতিটো পল আনন্দৰে অতিবাহিত কৰে আৰু নিজে দেশৰ বাবে কিবা এটা কৰাৰ মানসিকতা ৰাখে৷
জয়পুৰৰ পৰা আৰ্জেন্টিনাৰ ফ্ৰেংকোই লিখিছে - ইয়াৰ মানুহে নিজৰ আৰু আনৰো সংস্কৃতিৰ সন্মান কৰিব জানে৷ কেলিফৰ্ণিয়াৰ মাৰ্গেনে লিখিছে- মই বহু দেশ ভ্ৰমিছোঁ কিন্তু ভাৰতীয়সকলৰ নিচিনা পজিটিভ স্পিৰিট কাৰো দেখা নাই। ৰাজস্থানীসকলে বৰ আন্তৰিকতাৰে বিদেশীৰ সৈতে সংগ দিয়ে৷
সোনপুৰ মেলা চাবলৈ যোৱা ইংলেণ্ডৰ মিচ জন স্মিথৰ ভাষ্য : ইণ্ডিয়া ইজ মাই হাৰ্ট - মই যোৱা ৩০বছৰ ভাৰতত কটালোঁ৷ ইয়াৰ প্ৰতিটো বস্তুৱেই মোৰ প্ৰিয়৷ ইয়াৰ সংস্কৃতিক দেখি মই আনন্দিত হও্ঁ আৰু ভাৰতীয়সকলক মই সৌভাগ্যবান বুলি ভাবোঁ৷
লক্ষ্ণৌৰ ইমামবাৰা চাই ব্ৰিটেইনৰ ডেভিড আৰু এলিজাবেথে লিখিছে- ভাৰতৰ সাংস্কৃতিক পৰম্পৰা মহান৷ এই দেশৰ লোকসকল হৃদয়বান৷
চীনৰ শংঘাইৰ পৰা অহা এডনিনে লিখিছে - ভাৰতবৰ্ষত মুছলিম সংস্কৃতি আৰু আৰ্কিটেস্কাৰ চাই আমি পৰম আশ্চৰ্য্যচকিত৷
জাৰ্মেনীৰ ইডেভৰ মতে ভাৰতীসকলে অতিথিক ভগবানৰ সমতুল্য বুলি ভাবে৷
স্পেইনৰ মাৰিয়াৰ মতে ভাৰতৰ সংস্কৃতি অতুলনীয়৷
ইণ্ডোনেচিয়াৰ পেট্ৰিকৰ মতে - ভাৰতবৰ্ষ এনে এখন দেশ য'লৈ বাৰে বাৰে আহিবৰ মন যায়৷
গোৱালিয়ৰৰ দূৰ্গ চাই নিউজিলেণ্ডৰ ৱেনিচাই মতামত ব্যক্ত কৰিলে - ভাৰতীয় নাৰীৰ ইমানেই
শক্তিমন্ত যে তেওঁৰ বাবে পৃথককৈ মহল বনোৱা হৈছিল৷
কজকিস্তানৰ কুচনৌভ অবলগাজিয়ে লিখিছে- মহাত্মা গান্ধীৰ বিষয়ে জানিবলৈ সাবৰমতী আশ্ৰমলৈ আহিলোঁ৷ভাৰতীয়সকল গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত৷ তেওঁলোকৰ বাৰ্তালাপত আৰু ব্যৱহাৰত যি প্ৰেম ফুটি উঠে সেয়া বিশ্বত বিৰল৷
কম্বোডিয়াৰ চাৰাহে বোধগয়া দৰ্শন কৰি লিখিছে -ভাৰতীয়সকল বৰ মিলনপ্ৰিয় লোক৷
অজৰবেইজানৰ লেইলা এলিয়েভাই ৰাজস্থান পৰিভ্ৰমী লিখিছে - ভাৰত সঁচাই বিস্ময়কৰ দেশ৷
('দৈনিক ভাস্কৰ'ৰ সৌজন্যত ) ৩০-১১-২০১৫
Comments
DrBhupendra Saikia ওপৰৰ ছবিখনেও বহু কথাই কব খোজে৷
Hiranmoy Goswami পোষ্টটোৰ কাৰণে কৃতজ্ঞতা
Rajib Sharma নিজৰ মৰমৰ দেশ খনৰ বিষয়ে বিদেশী লোকে এনেদৰে ক'লে বুকুখন এহাত মান বহল হৈ যায় দেখোন ৷
Dhananjoy Nath সুন্দৰ মেচেজ
Santanu N Bora অসহিষ্ণুতা এটা বিশেষ ৰাজনৈতিক দলে সৃষ্টি কৰা শব্দ
LikeReply1Yesterday at 17:00
Pankaj Thakuria ককাইদেউ প্ৰথম শাৰীটোত থকা ডাটাখিনি চাই লবচোন, Indiaspend এ ডাটাখিনি ধুনীয়াকৈ দেখুৱাইছে।http://factchecker.in/tourism-ministry-unexceptional-claims/
DrBhupendra Saikia তথ্য সূত্ৰটোৰ বাবে ধন্যবাদ৷ ইয়াৰ মতে বিদেশী টুৰিষ্টৰ বৃদ্ধি ৮.১শতাংশ (যদিও এভাৰেজ বাৰ্ষিক বৃদ্ধি ১০.১ৰ তুলনাত কম)৷ সেই অনুপাতে দেশখনৰ আয়ো বাঢ়িছে৷ দৈনিক ভাস্কৰৰ নিজা অনুসন্ধানত মতে ৪.৫শতাংশ বুলি লিখনিটোত উদ্ধৃতি দিয়া হৈছিল৷
LikeReply1Yesterday at 20:03

ডিজিটেল ৰোগীৰ বতৰা (অনুভৱৰ পাত লুটিয়াই)


লিখিবলৈ বহিয়েই এটা ৰহঘৰা মনলৈ আহিছে৷ চিকিৎসকে এজন ৰোগীক কলে কাইলৈ আপোনাৰ ইউৰিন টেষ্ট কৰিব লাগিব৷ ৰোগীয়ে বাৰম্বাৰ জোৰ দি সুধিলে - আপুনি নিজেই টেষ্ট কৰিবনে ? চিকিৎসকে উত্তৰ দিলে - হয়, মই নিজেই টেষ্ট কৰিম৷ আপুনি ৰাতিপুৱাই এইটো বটলত প্ৰসাৱ ভৰাইলৈ আহিব৷ পিছদিনা ৰাতিপুৱাতেই ৰোগী চিকিৎসকৰ ওচৰত হাজিৰ৷ প্ৰসাৱ ভৰ্তি বটলৰ সৈতে এপেকেট বিকাজী ভূজিয়া চিকিৎসকলৈ আগবঢ়াই দিলে৷ চিকিৎসকৰ চকুত বিস্ময় দেখি ৰোগীয়ে মাত লগালে -চাৰ, মই ভাবিলোঁ অলপ নিমখীয়াৰ সৈতে আপুনি টেষ্ট কৰিবলৈ ভাল পাব !
আকৌ প্ৰায় তিনি দশকৰ আগৰ কথা৷ নকৈ মুকলি হোৱা পানবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ মেডিচিন বিভাগৰ বহিৰ্বিভাগত ৰোগী চাই আছোঁ৷ নাম মতাত দেখাত এজন ফিটফাট ডেকা কোঠাটোলৈ সোমাই আহিল৷ আহিয়েই পাতনি নেমেলি কবলৈ ধৰিলে- চাৰ, কালি আপুনি ষ্টুল টেষ্ট কৰোৱাৰ কথা কৈছিলে সেয়ে আজি চেম্পুল লৈ আহিছোঁ৷ কৈয়ে জেপৰ পৰা পণ্ডছ স্নো জাতীয় বহল মুখনিৰ বটল এটা ওলিয়াই টেবুলৰ ওপৰত থলে আৰু সমানে ক্ষিপ্ৰ গতিৰে বটলৰ সাফৰখন খুলি দিলে৷ লগে লগে ১২ x ১৬ফুটী চাইজৰ গোটেই কোঠালিটো গোন্ধৰে আমোলমোলাই পৰিল৷ আচম্বিতে ঘটা এই ঘটনাটোত বিস্মিত ৩৷৪জন চিকিৎসক, কেইবাজনীও নাৰ্চ, ৱাৰ্ডবয়, কেইজনমান আন ৰোগী, ৰোগীৰ অভিভাৱক সকলোৱে নাকত ৰুমাললৈ বাহিৰলৈ ভিৰাই দৌৰ মাৰিলে৷ পিছত চুইপাৰে আহি টেবুল-কোঠা মচিকাচি দিয়াতহে পৰিস্থিতি শাম কাটিল৷ ঘটনা বিষম যেন দেখি মূল নায়ক সেই ৰোগীজনেও পলাই পত্ৰং দিলে আৰু দুনাই এম এম চি হস্পিতেলত ভৰি নিদিলেহি৷
চিৰিয়াচ কথালৈ যোৱাৰ আগতে আৰু অলপ বিনোদনৰ মাজলৈ আহোঁ৷ ডেকা ডা্ক্তৰে অলপতে জাপানত এটা প্ৰশিক্ষণলৈ আহিছে৷ সেয়ে তেওঁ প্ৰত্যেকজনৰ ৰোগীৰ অসুখৰ খৰচি মাৰি হিস্ত্ৰী লয়৷ এবাৰ এজন পেটৰ অসুখৰ ৰোগীক সুধিলে - আপোনাৰ হজমটো কেনেকুৱা ? মানে বিলাহী, গাজৰ, তিঁয়হ,পিঁয়াজ আদি কেঁচাই খাব পাৰেনে ? গহীনকৈ ৰোগীয়ে উত্তৰ দিলে - হজমটোৰ বিষয়ে কি কম আৰু চাৰ, সেইবিলাক পাচলি পেটৰ পৰা ওলোৱাৰ পিছত এবাৰ আওখালি আকৌ টেবুলত দিব পৰা যাব, এনেকুৱা !
এহাল দম্পত্তি ফাৰ্মাচীত সোমাল৷ মহিলা গৰাকীয়ে ভেনিটি বেগৰ পৰা এটা দৰবৰ বটল ওলিয়াই ফাৰ্মাচীৰ ঔষধ বিক্ৰি কৰা ডেকা এজনক কলে- এই জুলীয়াখিনি মিঠা হয়নে নহয় চাই দিয়াচোন৷ ডেকাজনে এঘুটি টেষ্ট কৰি কলে-নাই মিঠা নহয়৷ ভদ্ৰমহিলাই গিৰিয়েকক কলে- সেয়া মই নকৈছিলোঁ চুগাৰ নাই বুলি ? সোনকালে 'লা ডাক্তৰক ইউৰিনৰ ৰিপৰ্টটো দিওঁগৈ !
ডাক্তৰৰ দৈনন্দিত জীৱনত এনেধৰণৰ মিঠা, টেঙা, কেঁহা ঘটনা ঘটিয়েই থাকে৷ মই আজি কবলৈ ওলাইছোঁ- আপেক্ষিকভাবে খুব কম সময়ৰ ভিতৰত ৰোগী আৰু চিকিৎসকৰ মাজৰ সম্বন্ধত ডিজিটেল প্ৰযুক্তিৰ প্ৰচুৰ বা ব্যাপক ব্যৱহাৰ হবলৈ ধৰিছে৷ মোৰ দৰে অভিজ্ঞতা নিশ্চয় আন আন প্ৰান্তত কৰ্মৰত চিকিৎসকৰো হব৷ কেইটিমান সাধাৰণ উদাহৰণ- আজি এজন ৰোগীয়ে মোক তেওঁৰ নিজা 'বাইল তোলা ভিডিঅ' দেখুৱালে ' দেখা গৈছে প্ৰসাৱৰ তেজ ৰঙা প্ৰবাহ৷ আলট্টাচাউণ্ড কৰি তেওঁৰ এটা কিডনিত পাথৰ থকা গম পালোঁ৷ কালি আন এজন ৰোগীয়ে 'বাইল তুলি অনা দুয়োখন ভৰিৰ ফটো দেখুৱাই মোক বুজালে কি দৰে তেওঁ ভৰি দুখনত পানী জমা হৈ ফুলি গৈছিল আৰু জোতা পিন্ধিব নোৱৰা অৱস্থা হৈছিল৷
দুদিনমানৰ আগতে আন এজন পাইলচৰ ৰোগীয়ে তেওঁৰ শৌচদ্বাৰৰ ফুলি থকা অংশৰ ফটো 'বাইলত আবদ্ধ কৰি আনিছিল৷ একেদৰে বহুতো ৰোগীয়ে নিজৰ ছালৰ খজুৱতিৰ, এলাৰ্জিৰ তুলি অনা ফটো মোক দেখুৱাইহি৷ মোৰ ধাৰণা মতে ৰোগীয়ে নিজৰ শৰীৰৰ গোপন অংগ কাপোৰ খুলি প্ৰদৰ্শন কৰিবলৈ লজ্জা কৰিলেও 'বাইলত নিজৰ সেই ৰঙীন ফটো বা ভিডিঅ' দেখুৱাবলৈ সংকোচ নকৰে৷
আজিকালি বহু ৰোগীয়ে নিজৰ লগত থকা ডিজিটেল ব্লাড প্ৰেচাৰ জোখা যন্ত্ৰ, তেজৰ চুগাৰ পৰীক্ষা কৰা গ্লুকোমিটাৰ ক্লিনিকলৈ লৈ আহে৷ তাৰে দুই এজনৰ সামঞ্জস্য নথকা যন্ত্ৰ বাদ দিবলৈও কেতিয়াবা আমি পৰামৰ্শ দিবলগীয়া হয়৷ অন্যথাই সচেতন ৰোগীসকলে এইবিলাকৰ সদ ব্যৱহাৰ শিকি বুজি ললে চিকিৎসাত যথেষ্ট সহায়ক হয়৷ বিশেষকৈ ৰক্তচাপ আৰু চুগাৰৰ দৰবৰ পৰিমান ঠিৰাং বা সালসলনি কৰাৰ ক্ষেত্ৰত৷
ডিজিটেল প্ৰযুক্তিৰ সহায় চিকিৎসকে নানা সময়ত লবলগীয়া হয়৷ কোনো এটা ৰোগৰ বিষয়ে ভুক্তভোগী বা অভিভাৱকক বুজাবলৈ কম্পিউটাৰৰ চিত্ৰ বা ভিডিঅ' সহায় লবলগীয়া হয়৷ নানান ৰোগীৰ অসুখৰ বিভি্ন্ন পৰ্য্যায়ৰ ফটো পৰৱৰ্তী সময়ত জুকিয়াই চাবলৈ তুলি ৰাখিবলগীয়া হয়৷ আকৌ দূৰ্লভ ৰোগ হলে তাৰ দৃশ্য আন কনিষ্ঠ চিকিৎসকক দেখুৱাবলৈও তুলি ৰাখিবলগীয়া হয়৷
মোখনিত কব খোজোঁ যে যোৱা প্ৰায় ৫বছৰে প্ৰবাসত থাকিও প্ৰায় দৈনিক অসমৰ, মেঘালয়ৰ আৰু ভাৰতৰ বিভিন্ন ঠাইৰ লোকৰ লগত চিকিৎসাৰ বিনামূলীয়া যি যোগসূত্ৰ বৰ্তাই ৰাখিবলৈ সক্ষম হৈছোঁ তাৰ আঁৰতো আছে এই ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ৷ তাৰ বিভিন্ন মাধ্যমসমূহ ' টেলিফোন, ইন্টাৰনেট,স্কাইপ', ৱাটচএপ, ভাইবাৰ, ফেচবুকৰ ইনবস্কত মেছেজ, -মেইল ইত্যাদি৷ খবৰ কাকতলৈ -মেইলযোগে বিভিন্ন স্বাস্থ্য বিষয়ক লিখনি প্ৰেৰণ কৰাৰ ওপৰিও অলপতে www.drbhupensaikia.com নামেৰে ইংৰাজীত এটি মেডিকেল ৱেবচাইট আৰম্ভ কৰা হৈছে৷ ইয়াৰ ওপৰিও www.bhupensaikia.blogspot.qa নামেৰে অসমীয়া ব্লগত আগৰে পৰাই স্বাস্থ্য, সাহিত্য আৰু আন আন বিষয়ৰ লিখনি প্ৰকাশিত হৈ আহিছে৷ পাঠকৰ আশীষ পালে অহা কেইমাহমানৰ ভিতৰত অসমীয়াত তিনিকুৰিটাৰো অধিক স্বাস্থ্যবিষয়ৰ প্ৰৱন্ধৰ এখনি ৰঙীন সচিত্ৰ সংকলন প্ৰকাশ কৰাৰ মনস্থ কৰিছোঁ৷
ডা০ ভূপেন শইকীয়া
ডিচেম্বৰ ২০১৫
ডোহা, কাটাৰৰ পৰা
Comments
Basanta Hira
Basanta Hira সুন্দৰ পদক্ষেপ ছাৰ
পিছে কৌতুক কেইটা পঢ়িও আমোদ পালো
Apurba Junak Dutta
Apurba Junak Dutta ছাৰ, ডিজিটেল চিকিৎসা আগবঢ়াইছেনে
Like · Reply · 22 hrs

Imtiazur Rahman
Imtiazur Rahman হজমটোৰ বিষয়ে কি কম আৰু চাৰ, সেইবিলাক পাচলি পেটৰ পৰা ওলোৱাৰ পিছত এবাৰ আওখালি আকৌ টেবুলত দিব পৰা যাব, এনেকুৱা !
Like · Reply · 22 hrs

ৰুৱাদ লঃয়ৃং
ৰুৱাদ লঃয়ৃং ছাৰ,মোৰ বয়স ২১।মই প্ৰায় কথা পাহৰো।স্মৃতি শক্তি কমাৰ কাৰণ কি ' পাৰে বাৰু?
Like · Reply · 21 hrs

লক্ষ্য জ্যোতি নাথ
লক্ষ্য জ্যোতি নাথ বৰ হাঁহিলো দেই ছাৰ প্রথম তিনিটা অভিজ্ঞতা পঢ়ি... grin emoticon grin emoticon "চাৰ, মই ভাবিলোঁ অলপ নিমখীয়াৰ সৈতে আপুনি টেষ্ট কৰিবলৈ ভাল পাব !" grin emoticon grin emoticon
Unlike · Reply · 2 · 21 hrs
Bj Ranjan
Bj Ranjan ভাল লাগিল পঢ়ি।পৰবৰ্তী কাৰ্য্যসূচীলৈ শুভেচ্ছা থাকিল ছাৰ
Unlike · Reply · 1 · 5 hrs

Raj Kumar Gogoi
Raj Kumar Gogoi ভাল লাগিল পঢ়ি চাৰ 
Like · Reply · 5 hrs


বৰা নিতুল আপোনাৰ ৰহঘৰা নামেৰে প্ৰকাশ কৰা অভিজ্ঞতাখিনি পঢ়ি বৰ ভাল লাগিল সুন্দৰ হৈছে
Unlike · Reply · 1 · 20 hrs
https://fbcdn-profile-a.akamaihd.net/hprofile-ak-xat1/v/t1.0-1/p32x32/12033207_1041674009186554_1965331959633166528_n.jpg?oh=5415825796efcc8505a62e6ee38a8095&oe=56DF8824&__gda__=1458119432_86abfe355e0960b0adf5b89c9407e0f6

Manika Das
Manika Das পঢ়ি ভাল লাগিল দাদা
Unlike · Reply · 1 · 7 hrs


Total Pageviews