Translate

Tuesday, July 31, 2012

কালচক্ৰ












পুৱাবোৰ  আবেলি হয় 
দিনবোৰ নিশা হয়
মাহবোৰ বছৰ হয়
এনেকৈয়ে আমিবোৰ পুৰণি হওঁ

পোৱা-নোপোৱাৰ 
পোৱা আৰু পাই হেৰুৱাৰ হিচাব
কালৰ দিনপঞ্জীত  লিপিবদ্ধহৈ

বাস্তৱবোৰ সপোন হৈ
আগুৱাই গৈ থাকে অহৰ্নিশ,
আগুৱাই গৈ থাকে অহৰ্নিশ !

১৪মে,২০১২
'হা,কাটাৰ

No comments:

Post a Comment

Total Pageviews