• স্পৰ্শকাতৰ এই বিষয়টোৰ লগত বহুতো সুক্ষ্ম কথা জড়িত হৈ আছে৷ সঘনাই নহলেও মাজে  মাজে বাতৰিত পঢ়িবলৈ পোৱা যায় - অমুক নায়িকা বা মডেলে তেওঁৰ বক্ষৰ প্লাষ্টিক চাৰ্জাৰী কৰি স্তনৰ আকাৰ ডাঙৰ বা সৰু কৰি লৈছে৷ মই ইয়াত বলিউডৰ সেই মহিলাসকলৰ নাম উল্লেখ কৰি পৃষ্ঠা ভৰাবখোজা নাই৷ আপোনাসকলে হয়তো নুশুনাকৈ থকা নাই যে হলীউডৰ নায়িকাসকলে বক্ষৰ বীমাও কৰাই ৰাখে৷ এজন চিকিৎসকৰ দৃষ্টিৰে কাকো লঘু নকৰাকৈ নাৰীৰ এই গোপন অংগৰ বিষয়ে কিছু লাগতিয়াল কথা সংবেদনশীল পাঠকসকলক  আৰু বিশেষকৈ  মহিলাসকলক অৱগত কৰাৰ খুজিছোঁ৷

    চিৰন্তন কালৰ পৰা নাৰীৰ স্তনযুগল সৌন্দৰ্য্যৰ প্ৰতীক হিচাপে চিহ্নিত হৈ আহিছে৷ নালন্দাৰ খনন কাৰ্য্যত উদ্ধাৰ হোৱা নাৰী মূৰ্তিয়েই হওক, খুজৰাহোৰমন্দিৰত বা মদনকামদেৱৰ দেৱালয়তে হওক নাৰীমূৰ্তিত বক্ষযুগলক সদায় প্ৰাধান্য দি অহা হৈছে৷ সাহিত্য আৰু লোকসংগীতৰ ক্ষেত্ৰত, বিহুগীতত(বুকুত পদূমৰ চকা), ৰাসলীলাৰ চৰ্চাত, সংস্কৃতৰ কালিদাসেই হওক বা অইন কবি সকলৰেই হওক শৃঙ্গাৰ  ৰসৰ বৰ্ণনাত স্তনৰ  বিস্তৃত বিবৰণ পোৱা যায়৷উৰ্দূ শায়ৰ আৰু গজল গায়ক সকলো এই ক্ষেত্ৰত পিছ পৰি থকা নাই৷ ব্ৰিটিচ বা আইৰিচ কবিসকল যেনে শ্বেক্সপিয়েৰ, কীটচ, শ্যেলি,বাইৰণ, পাবলো নেৰুদা, অস্কাৰ ওৱাইল্ড  আদিৰ  ৰোমান্টিক ৰচনাৱলীত নাৰীৰ বক্ষৰ কথা অৱশ্যেই উল্লেখ আছে৷
    আকৌ নাৰীক মহীয়ান কৰে মাতৃত্বই৷ নাৰীয়ে নিজা স্তনৰ যোগেদি সন্তানক দুগ্দ্ধপান কৰায়৷ মাতৃত্বৰ এই পৰিতৃপ্তি, এই গৌৰৱানুভূতিৰ কোনো তুলনা নাই৷সন্তান জন্মৰ পিছৰ মাতৃ দুগ্দ্ধত শিশুক ৰোগ প্ৰতিৰোধ কৰিব পৰা অনেক তত্ব  আৰু পৰিপুষ্টিৰ যোগান ধৰা পদাৰ্থ থাকে৷  আজিৰ দিনৰ তথাকথিত 'আধুনিক'  সেইসকল মাতৃ পুতৌ আৰু গৰিহনাৰ যোগ্য  যি সকলে নিজৰ 'ফিগাৰ' বেয়া হোৱাৰ ভয়ত নিজ সন্তানক স্তনপান  নকৰায়৷ প্ৰকৃততে নিজ শিশুক 
    যিমান বেচি দিনলৈ পাৰে সিমান দিনলৈ স্তনপান কৰোৱাতো  মাতৃ আৰু শিশু উভয়ৰ পক্ষেই মংগলজনক৷

    আলোচনাটো আগবঢ়োৱাৰ আগতে তিনিটি ঘটনা পাঠকসকলক জনাওঁ৷
                      এজন যুৱকে বিয়াৰ ৬মাহ নৌহতেই গম পালে ঘৈণীয়েকৰ এটা স্তনত টিউমাৰ হৈছে৷এজন চাৰ্জনক দেখোৱাত  কলে  অপাৰেচন কৰিলে  আৰোগ্য  হব৷ দম্পত্তিহালে  ভয় খাই মোৰ ওচৰ চাপিল৷ গিৰিয়েকে কও নকওকৈ  সংকোচৰে  কলে - এনেয়ে মানুহজনীৰ স্তন দুটা সৰু, তাৰে এটাযদি কাটি পেলায় - কিটো থাকিব ! মই আশ্বাস দিলোঁ - এইটো এটা নিৰীহ টিউমাৰ ৷ কেইমাহমান দৰব খালে ভাল হব বুলি মোৰ অনুমান৷ তিনিমাহ ভিটামিন ই  ৪০০  খাবলৈ  পৰামৰ্শ  দিলোঁ৷  সঁচাকৈয়ে  ৬মাহত  টিউমাৰৰ  চিনমোকাম  নাইকীয়া হ'ল৷ ঘটনাটোৰ আজি কুৰি বছৰ পাৰ হ'ল৷ তিনিটি সন্তানৰ সৈতে  আজি তেওঁলোকৰ সুখী পৰিয়াল৷

           দ্বিতীয়টো ঘটনা আন এহাল নববিৱাহিত দম্পত্তিৰ৷ স্তনৰ টিউমাৰৰ অপাৰচনৰ এবছৰ নৌওতেই পুনৰ ৰোগে পোষা মেলাত আতংকিত হৈ মোৰ কাষ চাপিল৷ মই ডেনাজল আৰু ভিটামিন-ইৰ  সৈতে কিছু বুজনি দি মাহে মাহে শৰীৰ পৰীক্ষা কৰাবলৈ আহি থাকিবৰ পৰামৰ্শ দিলোঁ৷ দুমাহত টিউমাৰটো লুপ্ত হ'লত ডেনাজল  নামৰ ঔষধটো বন্ধ কৰিলোঁ৷ আজি দহটা বছৰে মানুহজনীৰ ৰোগৰ পুনৰাবৃত্তি হোৱা নাই৷ ডেনাজল কি পিছত জনাই আছোঁ৷
          তৃতীয়টো ঘটনা কৰুণ৷ হাজো অঞ্চলৰ ৩০ৰ ওপৰৰ এগৰাকী যুৱতীৰ বিবাহৰ পিছত স্তনৰ টিউমাৰ ধৰা পৰিল৷  টিউমাৰৰ অপাৰেচন কৰি বায়স্পি ৰিপৰ্টৰ যোগেদি কেঞ্চাৰ হোৱাতো নিশ্চিত হ'ল৷ গুৱাহাটীৰ বিৰুবাৰীৰ ভূবনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিস্থানত চিকিৎসা আৰম্ভ কৰিলে৷ চাওতে চাওতে সুন্দৰ চেহেৰাৰ ছোৱালীজনীৰ  স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিব ধৰিলে৷আঁঠুলৈকে পৰা দীঘল চুলি সৰি প্ৰায় তকলা হ'ল৷প্ৰতি দেড় দুমাহে তেজ লৈয়ো শৰীৰৰ কান্তি ঘূৰি নহিল আৰু বিয়াৰ তিনিবছৰতে ইহ সংসাৰ এৰিবলগীয়া হ'ল৷ পেছাত যুৱতীগৰাকী নাৰ্চ আছিল৷ চকুৰ আগত তিলতিলকৈ  মৃত্যুলৈ বাট চাবলগীয়া হোৱাতো কিমান বেদনাদায়ক ভূ্ক্তভোগী পৰিয়ালেহে বুজিব !

     মহিলাসকলক আতংকিত কৰা স্তনৰ দুটি ৰোগ হ'ল - কৰ্কট ৰোগ আৰু   ফাইব্ৰএডিনমা  ৷ প্ৰথমটো বিপদজনক - এবাৰ ৰোগাক্ৰান্ত হৈ চিকিৎসা লোৱাৰ পিছত ৫বছৰত পুনৰাই হয় আনটো স্তনত নাইবা একেটা স্তনত ৰোগে দেখা দিয়ে৷ উন্নতদেশসমূহত যেনে আমেৰিকা,কানাডা, অস্ত্ৰেলিয়া, ব্ৰিটেইন, নেডাৰলেণ্ড, ডেনমাৰ্ক,চুইজাৰলেণ্ড, চুইডেন, চিংগাপুৰ আদি দেশৰ প্ৰতি ৮ৰ পৰা ১০গৰাকী মহিলাৰ জীৱনকালত স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ ভাৰতবৰ্ষত প্ৰতি২২গৰাকীৰ ভিতৰত এগৰাকীৰ এই সম্ভাৱনা থাকে৷ফ্ৰান্সৰ ইন্টাৰনেশ্বনে এচোচিয়েচন অৱ কেঞ্চাৰ কেঞ্চাৰ ৰিচাৰ্চৰ প্ৰকাশিততথ্য মতে ভাৰতত প্ৰতিবছৰে ৩শতাংশকৈ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷বৰ্তমান প্ৰতি এক লাখ জনসংখ্যাৰবিপৰীতে ৮০টা কেচ দেখা যায়৷২০১৫চনত এই সংখ্যা ১৪৬জনলৈ বৃদ্ধি পোৱাৰ পূৰা সম্ভাৱনা আছে৷ ইয়াৰকাৰণ হ'ল অত্যাধুনিক লাইফষ্টাইল বা জীৱন শৈলীৰ পৰিবৰ্তন বুলি ঠাৱৰ কৰা হৈছে৷ ২০১১চনৰ ১১অক্টোবৰৰ ভাৰতৰডি০ এন০ এ০ নামৰ ইংৰাজী দৈনিকখনে ভাৰতৰ বিভিন্ন কেন্সাৰ বিশেষজ্ঞৰ উক্তিৰে এই একেটা বাতৰিকে প্ৰকাশ কৰিছে৷

    বক্ষৰ কম বিপদজনক ফাইব্ৰএডিনমাৰ কথা আলোচনা কৰাৰ আগতে স্তনৰ কৰ্কট ৰোগৰ বিষয়ে কিছু কথা জনাই লওঁ৷
    স্তনৰ কেন্সাৰ মহিলাৰ দ্বিতীয় সৰ্বসংখ্যক প্ৰাণ লোৱা কেন্সাৰ ৰোগ৷ ই দুই ধৰণৰ হব পাৰে - ডাক্টেল কাৰচিন'মা নাইবা ল'বুলাৰ কাৰচিন'মা ৷
    বয়স আৰু লিংগ- সাধাৰণতে ৫০বছৰ বয়সৰ ওচৰ চপাৰ লগে লগে কেন্সাৰৰ সম্ভাৱনা বাঢ়ে৷পুৰুষৰো স্তনৰকৰ্কট ৰোগ হয় কিন্তু পুৰুষৰ তুলনাত মহিলাৰ ১০০ভাগ সম্ভাৱনা বেচি৷
    ফেমিলি হিস্ত্ৰি ;সাধাৰণতে একে পৰিয়ালৰ লোকৰ বক্ষৰ,ক'লনৰ,অভেৰি বা জৰায়ুৰ কৰ্কট ৰোগ হলে স্তনৰকৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেচি দেখা যায়৷বি আৰ চি এ-১আৰু বি আৰ চি এ -২জিনৰ বিজুটি ঘটিলে কৰ্কট ৰোগ হোৱাৰসম্ভাৱনা ৮০শতাংশলৈ বৃদ্ধি পায়৷
    মাহেকীয়াৰ লগত সম্বন্ধ - ১২বছৰ বয়সৰ আগতে মাহেকীয়া আৰম্ভ হোৱা (Menarche)আৰু ৫০বছৰৰ পিছত মাহেকীয়াবন্ধ হোৱা(Menopause ) মহিলাৰ কৰ্কট ৰোগৰ সম্ভাৱনা বেচি দেখা গৈছে৷
    হৰম'ন ৰিপ্লেচমেন্ট, গৰ্ভনিৰোধক পিল  আৰু যি কোনো অসুখতে ৰেডিয়েচন থিৰাপি লোৱা মহিলাৰ কৰ্কটৰ সম্ভাৱনা বেচি৷
    মদ্যপাণ আৰু ধূম্ৰপাণো এনে কেন্সাৰৰ কাৰক বুলি চিহ্নিত হৈছে৷
    গৰ্ভধাৰনৰ বয়স - যিসকল মহিলা ৩০ৰ তলত বা কম বয়সত গৰ্ভৱতী হয় - তেওঁলোকৰ কেন্সাৰৰ সম্ভাৱনা কম৷
    আৰু অন্যান্য কিছু কাৰকৰ বিষয়ে পিছত আলোচনা কৰিম৷

    এতিয়া চমুকৈ স্তনৰ কৰ্কট ৰোগৰ বৰ্ণনা দিওঁ :-
    বক্ষত টেমুনা (Lump ) হোৱা - টান, খহটা, চুক-কোণবিলাক বিশৃঙ্খল আৰু সাধাৰণতে বিষ নোহোৱা৷
    স্তনৰ আকৃতি প্ৰকৃতি সলনি হোৱা - স্তন আৰু নিপ'লৰ বৰণ, স্থান আৰু দেখিবলৈ স্বাভাবিক আকৃতিৰ সলনি হোৱা৷
    স্তনাগ্ৰ অৰ্থাৎত নিপ'লৰ পৰা তৰল পদাৰ্থ নিৰ্গত হোৱা৷
    স্তনৰ পৰা তেজপূঁজ ওলালে, সেই দিশত গাঙঠি উঠিলে,বাহু ফুলি উঠিলে,বিষ অনুভৱ হলে আৰু শৰীৰ ওজন হ্ৰাস হলে কৰ্কট ৰোগৰ অৱস্থা গুৰুতৰ হোৱাতো সূচায়৷
    কেন্সাৰৰ চিকিৎসা তিনিধৰণে হয়৷অপাৰেচন,কেম'থিৰাপি আৰু ৰেডিয়েচন থিৰাপি৷ৰোগীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে চিকিৎসা পদ্ধতি ঠিৰাং কৰে৷

     এতিয়া আনবিধ স্তনৰ নিৰীহ টিউমাৰ ফাইব্ৰএডিনমা ব্ৰেষ্টৰ বিষয়ে আলোচনা কৰিম৷
    ৩০-৩৫ বছৰৰ তলৰ মহিলাৰ বক্ষত হোৱা এবিধ টিউমাৰ হ'ল ফাইব্ৰএডিনমা৷ই কৰ্কট ৰোগৰ পূৰ্বসুৰি নহয়৷বগা ছালৰ মহিলাৰ তুলনাত ক'লা ছালৰ মহিলাৰ এই ৰোগ বেচিকৈ হয়৷ নিৰ্দিষ্ট কাৰণ জ্ঞাত নহলেও অইষ্ট্ৰজেন হ'ৰমনৰ প্ৰভাৱ টিউমাৰৰ ওপৰত পৰে বুলি প্ৰমাণিত হৈছে৷ সেয়ে মাহেকীয়াৰ বিভিন্ন সময়ত,গৰ্ভধাৰণ আৰু মাহেকীয়া বন্ধ হবৰ সময়ত টেমুনাৰ আকাৰ সৰু হব ধৰে৷
     শৰীৰৰ সাধাৰণতে এটা স্তনতহে টেমুনা হয় যদিও ১৫শতাংশ মহিলাৰ ক্ষেত্ৰত দুয়োটা স্তনেই আক্ৰান্ত হয়৷১০ শতাংশ মহিলাৰ টেমুনা নিজে নিজে নাইকীয়া হয়৷আকৌ তাৰে কিছু সংখ্যকৰ টিউমাৰৰ পুনৰ আবিৰ্ভাৱ হয়৷
    বিষৰহিত টেমুনাটো মিহি, চুক-কোন সমান,লৰচৰ কৰাব পাৰি৷ সেয়ে কেতিয়াবা ইয়াক বক্ষৰ নিগনিও আখ্যা দিয়া হয়৷ টেমুনাটো ফাইব্ৰাচ কোষ আৰু গ্লেণ্ডুলাৰ কোষৰ সংমিশ্ৰণ৷ 
    সাধাৰণতে ১৫ৰ পৰা ৩৫বছৰৰ মহিলাৰ ফাইব্ৰএডিনমা হয়৷ গৰ্ভধাৰণ কৰিলে,মাতৃদুগ্দ্ধ পাণ কৰোৱা মহিলাৰ টেমুনাৰ আকাৰ হ্ৰাস পোৱা দেখা যায়৷   এ্ন্টি -এণ্ড্ৰজেনিক ঔষধ সেৱন কৰা পুৰুষৰো ফাইব্ৰএডিনমা হব পাৰে৷ৰোগত প্ৰভাৱ পেলায় বুলি প্ৰমাণিত হৈছে৷ টিউমাৰটো এটা মটৰ মাহৰ পৰা এটা নেমুৰ সমান আকৃতিৰ হব পাৰে৷
    সাধাৰণতে এটা স্তনতহে টেমুনা হয় যদিও ১৫শতাংশ মহিলাৰ ক্ষেত্ৰত দুয়োটা স্তনেই আক্ৰান্ত হয়৷
    ১০ শতাংশ মহিলাৰ টেমুনা নিজে নিজে নাইকীয়া হয়৷আকৌ তাৰে কিছু সংখ্যকৰ টিউমাৰৰ পুনৰ আবিৰ্ভাৱ হয়৷
    বিষৰহিত টেমুনাটো মিহি, চুক-কোন সমান,লৰচৰ কৰাব পাৰি৷ সেয়ে কেতিয়াবা ইয়াক বক্ষৰ নিগনিও আখ্যা দিয়া হয়৷ টেমুনাটো ফাইব্ৰাচ কোষ আৰু গ্লেণ্ডুলাৰ কোষৰ সংমিশ্ৰণ৷ 
    সাধাৰণতে ১৫ৰ পৰা ৩৫বছৰৰ মহিলাৰ ফাইব্ৰএডিনমা হয়৷ গৰ্ভধাৰণ কৰিলে,মাতৃদুগ্দ্ধ পাণ কৰোৱা মহিলাৰ টেমুনাৰ আকাৰ হ্ৰাস পোৱা দেখা যায়৷   এ্ন্টি -এণ্ড্ৰজেনিক ঔষধ সেৱন কৰা পুৰুষৰো ফাইব্ৰএডিনমা হব পাৰে৷
    ৰোগৰ চিনাক্তকৰণ - সাধাৰণতে ৰোগীক পৰীক্ষা কৰিয়েই ফাইব্ৰএডিনমা চিনাক্ত কৰিব পাৰি৷কেতিয়াবা বক্ষৰ আলট্ৰাচাউণ্ড, এম আৰ আই বা নিডল বায়স্পিৰ সহায় লোৱা হয়৷
    চিকিৎসা - কিছুসংখ্যক ৰোগীৰ অপাৰেচন কৰি ফাইব্ৰএডিনমা আতৰ কৰা হয়৷এনে কৰা হয় যদি ৰোগী কেন্সাৰৰ আশংকাত ভূগিছে নাইবা টেমুনাৰ আকাৰ ক্ৰমে খৰকৈ বাঢ়িবলৈ ধৰিলে, বিষৰ কাৰণ টেমুনাটো হলে৷
    অন্যথাই ভিটামিন-ই, প্ৰিমৰ'জ অইল খাবলৈ দি ৰোগীক নিৰীক্ষণত ৰখা হয় আৰু বহুতৰে টিউমাৰ কেইমাহমানত লুপ্ত হয়৷
    অৰমিলস্কিফেন নামৰ নন ষ্টেৰইডেল,নন হৰম'নিক টেবলেট কিছুমান ৰোগীক দি ভাল ফল পোৱা গৈছে৷
    আমাৰ দেশত সপ্তাহত এদিন খাবলৈ দিয়া সহেলি নামৰ গৰ্ভনিৰোধক পিলত অৰমিলস্কিফেন থাকে৷
    আকৌ আগতে উল্লেখ কৰা ডেনাজল হ'ল এবিধ টেষ্টষ্ট'ৰেনৰ লগত মিল থকা পুৰুষ হৰম'ন৷ইয়াক সতৰ্কতাৰে ব্যৱহাৰ কৰিব লাগে যাতে পাৰ্শ্বক্ৰিয়া যেনে ওজন বঢ়া, শৰীৰত অপ্ৰয়োজনীয়কৈ দাঢ়ি চুলি গজা, স্ত্ৰী যৌনাংগ শুষ্ক হৈ পৰা, স্তন দুটাৰ আকাৰ সৰু হৈ পৰা আদি হবলৈ নাপায় ৷ ডেনাজলক মহিলাৰ এণ্ডমেট্ৰিয়চিচ আৰু জৰায়ুৰ অকাৰণতে হোৱা ৰক্তক্ষৰণ ৰোধ কৰিবলৈও ব্যৱহাৰ কৰা হয়৷

    ইয়াৰ ওপৰিও  আলট্ৰাচাউণ্ডগাইডেড ক্ৰায়োচাৰ্জাৰী (অতি শীতলতা প্ৰদানৰে কৰা এক চিকিৎসা পদ্ধতি) নাইবা অত্যাধুনিক লেজাৰৰ সহায়ত টিউমাৰক আতৰাব পাৰি৷

    এতিয়া থুলমুলকৈ নাৰীৰ বক্ষৰ স্বাস্থ্য ৰক্ষাৰ কেইটিমান কথা উল্লেখ কৰি লিখনি সামৰিম৷
    শৰীৰৰ ওজন নবঢ়াব৷বি এম আই (মোৰ আগতে প্ৰকাশিত "সুস্বাস্থ্য ৰক্ষাৰ কিটিপ" পঢ়ক) ২৫ৰ ভিতৰত সদায় ৰাখিবলৈ যত্নপৰ হওক৷
    সুখাদ্য খাওক (এই বিষয়ে আগতে কৰা বিতং আলোচনা সাহিত্যৰ আগৰ সংখ্যাত চাওক)৷বিশেষকৈ ৰঙীন পাচলি আৰু ফলমূল (কমলা,বিলাহী,গাজৰ,ৰঙালাউ,তৰমুজ, ব্ৰুকলি,বন্ধাকবি,পালেং) খাদ্যৰ তালিকাত সলনাসলনিকৈ ৰাখক৷ এইবিলাকে কৰ্কট ৰোধ প্ৰতিৰোধতো সহায় কৰে৷সদায় বেচি আঁহ() থকা খাদ্যক অগ্ৰাধিকাৰ দিব৷ 
    মদ আৰু চিগাৰেটক চিৰদিনলৈ চায়নাৰা কৰক৷
    গৰ্ভনিৰোধক বা অইন হৰম'ন ( বিশেষকৈ মেন'পজ হলে) ৰিপ্লেচমেন্ট দৰব পৰাপক্ষত নোলোৱাকৈ চলিবলৈ চেষ্টা কৰক৷
    ভিটামিন-ই, মাল্টি ভিটামিন, এন্টিঅস্কিডেন্ট চিকিৎসকৰ লগত আলোচনা কৰি ব্যৱহাৰ কৰি নিজকে সদায় কৰ্মপটু কৰি ৰাখক৷
    নিয়মীয়াকৈ ব্যায়াম,আসন কৰক নতুবা নিতৌ ৪৷৫কিলোমিটাৰ খোজ কাঢ়ক৷
    যাৰ পৰিয়ালত কৰ্কট ৰোগ,বিশেষকৈ স্তনৰ বা জৰায়ুৰ হৈ্ছে- তেওঁৰ ভগ্নীয়ে অইষ্ট্ৰজেন ব্লকিং এজেন্ট (টেমস্কিফেন,ৰেলস্কিফেন,এস্কমিচটেন আদি) ঔষধ ব্যৱহাৰৰ প্ৰয়োজনীয়তা সম্বন্ধে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লব পাৰে৷কাৰণ এনে দৰবে কেন্সৰৰ ৰিস্ক ৬৫শতাংশৰো অধিক কমাব পাৰে বুলি প্ৰমাণিত হৈছে৷
    নিজৰ স্তনৰ নিজে পৰীক্ষা কৰক৷ সামান্য সন্দেহজনক কিবা হোৱা যেন দেখিলেই পলম নকৰি স্বাস্থ্য পৰীক্ষা কৰাওক৷

    নিজৰ স্তনৰ পৰীক্ষা কৰাৰ পদ্ধতি : -
    ১) আয়নাৰ সন্মুখত হাত দুখন সমানে ককালত থৈ লক্ষ্য কৰক -দুয়োটা স্তনৰ আকাৰ,আকৃতি আৰু বৰণ৷স্তনাগ্ৰৰ অৱস্থা৷
    ২)দুয়ো হাত সমানে দাঙিলৈ এইবাৰ একেখিনি কথা লক্ষ্য কৰক
    ৩) সোঁহাতেৰে বাওঁ স্তন আৰু বাওঁহাতেৰে সোঁ স্তন পৰীক্ষা কৰক৷হাতেৰে হেঁচি ঘূৰাই ঘূৰাই গোটেই বক্ষত কিবা অস্বাভাবিকতা দেখা দিছে নেকি, অনুভৱ কৰিবলৈ চাওক৷কাষলতি তল পৰ্য্যন্ত পৰীক্ষা কৰিব৷ 
    ৪)ঠিয়হৈ আৰু বহি পৰীক্ষা কৰা হলে শুইলৈ স্তন দুটা এইদৰে ভাল দৰে হেঁচি পৰীক্ষা কৰক৷
    ৫)স্তনাগ্ৰ অৰ্থাৎত নিপ'ল দুটা চেপি চাওক৷কিবা ওলাইছে নেকি ?

    প্ৰতিমাহত অন্তত: এবাৰ এইদৰে পৰীক্ষা কৰি নিজৰ অসুস্থতা ঠাৱৰ কৰিব৷
    কেতিয়াবা ফাইব্ৰচিষ্টিক ব্ৰেষ্ট ডিজিজত নিপ'লৰ পৰা পনীয়া পদাৰ্থ ওলোৱাটো বিপদৰ সংকেট নহয়৷কম বয়সীয়া ছোৱালীৰ এই ৰোগ হয়৷ স্তনৰ স্ব-পৰীক্ষা কৰোতে মই বৰ্ণনা কৰা ৰোগৰ লক্ষণসমূহ মনত পেলাব৷
    "নিৰীহ" ৰোগৰ অৰ্থ ই কেন্সাৰলৈ পৰিবৰ্তন নহয় (Non Cancerous)৷যেনে ফাইব্ৰএডিনমা হ'ল এবিধ নিৰীহ টিউমাৰ৷

    শেষত কম - আতংকিত নহব৷সহজ সৰল জীৱন যাপন কৰক৷ মানসিক প্ৰফুল্লতা আৰু সুখাদ্যক আপোনাৰ সংগী কৰি লওক৷ ঘৰৰ মূল মহিলাগৰাকীৰ ওপৰতে গোটেই পৰিয়ালটোৰ স্বাস্থ্য আৰু সুখ-শান্তি নিৰ্ভৰ কৰে৷

    ইমান দীঘল বিষয়টোৰ ওপৰত কবলৈ, লিখিবলৈ বহু কথাই থাকি গ'ল৷তথাপিও বিষয় বস্তুৰ এক আভাস পাঠকে পালে বুলি জানিলে সুখী হম৷

     ডা০ ভূপেন শইকীয়া 
    ড'হা, কাটাৰৰ পৰা, ২৬ নভেম্বৰ ২০১২ 
    Email~ drbksaikia@gmail.com
    Mobile 0974- 3373872

    3333333333333333333333333333333333333333333333333333333333333333333
    • Bikash Saikia তথ্যসমৃদ্ধ লেখা.......
    • Dipul Haloi সুন্দৰ লেখা | দুটা কথা অলপ বহলাই লিখা হ’লে ভাল আছিল দাদা | ১) বক্ষৰ স্বপৰীক্ষা(Self Examination of Breast) ৰেখাচিত্ৰ সহকাৰে আৰু ২) নিৰীহ শব্দটোৰ ব্যাখ্যা |
    • Konseng Borgohain প্রতিগৰাকী নাৰীয়েই পঢ়িব লগীয়াএটা লেখা।
    • DrBhupendra Saikia Dipul Haloi, সুন্দৰ পৰামৰ্শৰ বাবে ধন্যবাদ - মই কথাখিনি সংযোজন কৰিম৷
    • Jyoti Prakash Nath সুন্দৰ আৰু অতি লাগতীয়াল প্ৰৱন্ধ, মই আন এটা কথাহে আপোনাক কব বিছাৰিছো শইকীয়া খুৰা, আপুনি লিখাটো আগতে কোনো ৱৰ্ড প্ৰচেছৰৰত লিখি লৈ ইয়াতে নোট হিচাপে কপি পেষ্ট কৰা যেন লাগিছে সেয়ে শাৰী বিলাকৰ মাজত যথেষ্ট খেলিমেলিৰ সৃষ্টি হৈছে। আনকি পেৰাগ্ৰাফ বিলাকো ধৰিব নোৱা...See More
    • DrBhupendra Saikia জ্যোতি - সজ পৰামৰ্শৰ বাবে বহু ধন্যবাদ৷
      লগতে প্ৰৱন্ধ পঢ়ি ভাল পোৱা সকলকো ধন্যবাদ৷
      পেৰাগ্ৰাফৰ সমস্যাত মই প্ৰতিটো লিখনিতেই পাইছোঁ৷ প'ষ্টকৰাৰ লগে লগে পেৰাগ্ৰাফ নোহোৱা হৈ যায়চোন৷
    • Jyoti Prakash Nath সেয়ে প'ষ্ট কৰাৰ আগতে পেৰাগ্ৰাফ কেইটা ৱৰ্ড বা নোটপেডত মিলোৱাৰ দৰে মিলাই লব লাগে। সেইটো ইমান টান নহয় কেবল অলপ আমনিদায়ক। এবাৰ চেষ্টা কৰিবছোন আপুনি। ব্ল'গ আদিত লিখিলেও এনেকুৱা হয়
    • Anjana Tamuli তথ্যসমৃদ্ধ লেখাটোৰ বাবে ধন্যবাদ । প্ৰতিগৰাকী নাৰীয়ে নিশ্চয় ইয়াৰ পৰা উপকৃত হ‘ব ।
    • Dhananjay Deka "ঘৰৰ মূল মহিলাগৰাকীৰ ওপৰতে গোটেই পৰিয়ালটোৰ স্বাস্থ্য আৰু সুখ-শান্তি নিৰ্ভৰ কৰে৷" পঢ়ি উপকৃত হ’লো, ধন্যবাদ মহাশয়৷
    • Diganta Saikia জৰুৰী তথ্যসমৃদ্ধ লেখা
    • DrBhupendra Saikia কাটাৰ কেন্সাৰ ছচাইটিয়ে মহিলাসকলৰ নিজ স্তনৰ পৰীক্ষাৰ সুবিধাৰ্থে এবিধ "ব্ৰেষ্ট লাইট" লবলৈ মহিলা সকলক পৰামৰ্শ আৰু উদগণি দিছে৷ ই আলট্ৰাচাউণ্ড বা মেম'গ্ৰামৰ বিকল্প নহয়৷ কিন্তু এই শক্তিশালী লাইটৰ সহায়ত নিজৰ হাতেৰে অনুভৱ কৰিব পৰাৰ আগতেই বক্ষৰ ভিতৰত যি কোনে টেমুনা আৰম্ভ হব ধৰিলে সহজতে বা সোনকালে চিনাক্ত কৰি চিকিৎসকৰ কাষ চাপিব পাৰিব৷
    • Khirud Gogoi জৰুৰী তথ্যৰে !!! এটা সুন্দৰ লেখা !!!
    • Ajoy Gogoi প্ৰয়োজনীয় তথ্য সমৃদ্ধ..
    • Anjali Sonowal বৰ লাগতিয়াল কথা জানিলো....আনকো ক'ব পাৰিম.... ধন্যবাদ জনালো।
      19 hours ago · Unlike · 1
    • Bora Nitul নজনা বহু কথাই জানিব পাৰিলো আপোনাৰ এই বহুমূলীয়া লেখাটিৰ দ্বাৰা। আপোনাৰ এনে বহু লেখাই আগতেও অ.ক.বৰ মজিয়া চহকী কৰি আহিছে। আশাকৰো ৰাইজৰ বহুত কাম আহিব। লেখাটি ৰাইজলৈ আগবঢ়াই দিয়া বাবে আপোনাক ধন্যবাদ জনালো।
      18 hours ago · Unlike · 3