Translate

Thursday, June 27, 2013

আমাৰ কন্যা ইতিৰ হেৰাবলৈ লোৱাৰ কাহিনী

(আগকথা - হয়তো এনেবিলাক কাহিনীৰ কোনো সাহিত্যিক মূল্য নাই৷ কিন্তু ইংৰাজী ৰিডাৰ্চ ডাইজেষ্ট, হিন্দী সৰিতা,কাদম্বিনী আৰু ধৰ্মযুগ আদি আলোচনীৰ পাতত এনে সৰু-বৰ অনেক সত্য কাহিনী প্ৰায়ে প্ৰকাশিত হৈ থাকে আৰু পাঠক সমাজেও সেইবিলাক অতি আগ্ৰহেৰে পঢ়ে৷কিছুমান লিখনিৰ শীৰ্ষক এনে ধৰনৰ - মই এতিয়া কব পাৰোঁ নাইবা মোৰ ক্ষেত্ৰত এনে ঘটিছিল, সৰু ল'ৰা-ছোৱালীৰ মূখৰ পৰা৷
অসমীয়া বিস্ময়,ৰহস্য আদিৰ কল্প কাহিনীৰ বাদে অসমীয়া প্ৰান্তিকত এনে সত্য কাহিনী কেতিয়াবা অভিজ্ঞতাৰ পৰিচয়ৰে বৰ্ণিত হয়৷'অসমীয়া কথা বতৰা গোটৰ' নিৰ্বাচিত লিখনিসমূহ মাহেকৰ মূৰত 'সাহিত্য ডট অৰ্গ'ৰ নামলৈ এক পত্ৰিকা বা ডাইজেষ্টৰ ৰূপত প্ৰকাশিত হয়৷আকৌ কৈছোঁ 'নিৰ্বাচিত লিখনিসমূহ' -ফলত বিভিন্নজনৰ সৰু-বৰ অভিজ্ঞতাৰ কথাৰে ভৰা কিছু কম মান বিশিষ্ট ৰচনাসমূহে স্থান নাপাবও পাৰে, পোৱাটো সম্ভৱপৰো নহয়৷গতিকে অকবৰ মঞ্চখনক এখনি আলোচনী বুলি গণ্য কৰাটো
ভুল বুলি নাভাবিলে ইয়াত আলোচনীত থকা সকলো স্বাদৰ ৰচনায়ে সমাদৰ পাওঁক বুলি ভবাটোও ভুল নহব চাগে ? কোনে জানে ভাৱ প্ৰকাশৰ মুকলি মঞ্চ পালে এসময়ৰ অখ্যাত লোকৰ মাজৰ পৰাই বিশিষ্ট বা জনপ্ৰিয় লিখকৰ সৃষ্টি হয়তো হব পাৰে৷অকব আজিৰ তাৰিখত দহ হেজাৰৰ অধিক লোকৰ গঠিত মঞ্চ 
- এই সকলোলোকেই ইন্টাৰনেটৰ মাধ্যমত অসমীয়াত পঢ়িব পাৰে,অসমীয়াত লিখিবলৈও নিতৌ ন ন জন আগবাঢ়ি আহিছে ৷ ই অতি শুভ লক্ষণ৷গতিকে লিখনিৰ বিষয়বস্তু বিভিন্ন হব পাৰে৷ৰসৰাজ বেজবৰুৱা
নে আন কোনোবা সাহিত্যিকে কৈছিল –“লিখি যোৱা, নৰ'বা৷ ভাল হলে থাকি যাব৷বেয়া হলে হাতৰ পুৰনি মৰিব”৷)
=====================================================

আৰু কেইদিনমানৰ পিছতে দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱা আমাৰ নুমলী জী, মাকে মৰমতে মতা নাম ইতিয়ে, কলেজত নাম লগাই ৰাজস্থানৰ জয়পুৰত পঢ়িবলৈ যাব৷এৰা, কিমান সোণকালেযে ছোৱালীবোৰ ডাঙৰ হয়৷এই আমাৰ আদৰৰ জী-জনী দুবাৰকৈ হেৰাব লৈছিল৷এবাৰ দিল্লীৰ প্ৰগতি ময়দানত আমি ঘৰৰ কেউটায়ে কিবা এখন মেলা চাব সোমাইছিলোঁ৷মেলা চাই ঘূৰিবলৈ লৈছোঁ৷গেটৰ মুখ পাই দেখা পালোঁ আমাৰ লগত ইতি নাই৷বাকী দুটি ল'ৰা ছোৱালী আছে৷ইতিহে হেৰাল৷ইফালে মাইকত বিভিন্নজনৰ নিৰুদ্দেশৰ ঘোষণা অলপ দেৰীৰ মূৰে মূৰে দিয়েই আছে৷বুকুখন চিৰিংকৈ গ'ল৷ মাকে ভাবিলে ইতিয়ে মোৰ হাতত ধৰি আছে আৰু মই ভাবিলোঁ ইতিয়ে মাকৰ হাতত ধৰি আছে ৷কেউটাই দৌৰি ঢাপলি ষ্টলবোৰৰ বাহিৰে বাহিৰে চকু ফুৰাই তাইক বিচাৰি আমি যোৱা ঠাইবোৰলৈ গলোঁ৷অৱশেষত তাইক দেখা পালোঁ এখন ৰেষ্ট্ৰোৰাৰ মুখত একান্তমনেৰে ডোচা বনোৱা চাই আছে৷আমোদৰ কথা গোটেই ঘটনাতোৰ প্ৰতি তাই মুঠেই অৱগত হোৱা নাছিল৷ তাত তাইক পাইহে আমাৰ আটাইৰে মুখলৈ পানী আহিল৷নহলে কি দশা হ'লহেতেন ভাবিলে আজিও বুকু শিঁয়ৰি উঠে৷সেই ঘটনাটোৰ সময়ত তাইৰ বয়স এঘাৰ বছৰ মান হব৷ইয়াৰ আগতেও এবাৰ আমাক তাই ভয় খোৱাই থৈছে৷এসময়ত স্কুল বাচেৰে বশিষ্ঠ চাৰিআলিৰ পৰা আমাৰ তিনিওটা ল'ৰা-ছোৱালী একেলগে পাঞ্জাবাৰীৰ গুৱাহাটীৰ পাব্লিক স্কুললৈ যায়৷তেতিয়া আমি থাকোঁ বশিষ্ঠৰ লালমাটিত৷ঘৰৰ ওচৰলৈকে স্কুলবাচ নহাত আমি তাঁহাতক বশিষ্ঠ চাৰিআলিত বাচত উঠাই দিওঁ আৰু ছুটি হলে পুনৰ একে ঠাইৰ পৰা ঘৰলৈ লৈ আহোঁ৷যাওতে তিনিওটা একেলগে গলেও ছুটিৰ সময় বেলেগ হোৱাত আনিবলৈ পিছবেলা দুবাৰ যাবলগীয়া হৈছিল৷এদিনাখন মই কিবা জৰুৰী কামত লাগি থকাত ইতিক ছুটিৰ পিছত আনিবলৈ যোৱাত অলপ পলম হ'ল৷ স্কুলবাচখনে ইতিমধ্যে সকলো ল'ৰা-ছোৱালীক লাষ্ট ষ্টপেজ পূৰ্ণিমা ষ্টুডিঅ'ত নমাই থৈ স্কুললৈ ঘূৰি গৈছে৷অভিভাৱকলৈ ৰৈ থকা ল'ৰা-ছোৱালীৰ মাজত ইতি নাই৷ ওচৰে পাজৰে বিচাৰি চালোঁ ক'তো ইতিৰ দেখাদেখি নাই৷ ঘৰলৈ ফোন কৰিলোঁ কিজানি কোনোবা চিনাকী মানুহে লৈ গৈছে নেকি ? নাই কোনো সন্ধান নাই৷ভাবিলোঁ আমি দুয়ো স্কুললৈ তাইক বিচাৰি যাম৷চিন্তাক্লিষ্ট মনলৈ মোৰ এম্বেচেডাৰ গাড়ী ঘৰলৈ বুলি ঘূৰালোঁ৷ ঠিক ঘৰৰ মূখত গাড়ী ৰখাবলৈ লওঁতে দেখিছোঁ -বেশভূষাত বিহাৰী যেন লগা ৰিক্সাৱালা এটাই চিটৰ পৰা কোলাত দাঙি স্কুলবেগসহ এজনী ছোৱালী আমাৰ ঘৰৰ পদূলিত নমাই আছে৷সেই ছোৱালীজনীয়ে হ'ল ইতি৷ আমাক আচৰিত কৰি তাই কলে - " ৰিক্সা, লালমাটি চলেগা" বুলি ইয়াতে উঠি আহিলোঁ ! তেতিয়া তাই বোধহয় প্ৰথম শ্ৰেণীৰ ছাত্ৰী৷সঠিক বয়স, দিন -বাৰ এইবোৰৰ হিচাপ মাকবোৰেহে ৰাখে দেই৷আৰু এটা কথা যি কোনো আপদ এটাৰ পৰা সাৰি অহাৰ পিছতহে সেই সংকটটোৰ গভীৰতা অনুধাৱন কৰিব পাৰি৷এটা বাক্য আছে - সময় বৰ বলবান৷সময় ভেদে আমাৰ মনৰ অনুভূতি পৃথক হব পাৰে৷সময়ে আমাক ন ন শিকনিও দি যায় ৷ কালিলৈকে একো গাত নলগা ইতিৰ আজি এই লিখাখিনি পঢ়িলে হয়তো মনলৈ লাজ ভাৱ এটা আহিব পাৰে৷

২৭ জুন ২০১৩

$$$$$$$$$$$$$$$$$$$$$$$$$$$

ইলিছ মাছ : এটি সত্য ঘটনাৰ স্মৰণ

 পূৰণিকালৰ কথাৰ আলোচনা দেখি মোৰো মাতৃৰ লগত জড়িত বহু পূৰণি কাহিনী এটি মনত পৰি 'ল৷ মাৰ ওপজা ঠাই আছিল শিৱসাগৰৰ কোঁৱৰপুৰত৷দিখৌ নৈৰ পাৰত শৈশৱ অতিবাহিত কৰা মা সাঁতোৰত বৰ পাৰ্গত আছিল৷এই সাঁতোৰ বিদ্যাই কিদৰে আমাৰ এজনী ভনীৰ জীৱন ৰক্ষা কৰিছিল তাকে কব খুজিছোঁ৷দেউতাই ডিব্ৰুগড়ত চাকৰি কৰে আৰু মায়ে কালুগাঁৱত থাকি মগৰাহাট এম ভি স্কুলত শিক্ষয়ত্ৰী কৰে৷আমাৰ বাৰীত এটা বৰ ডাঙৰ পুখুৰী আছিল৷ ককাদেউতাই (আমি বুঢ়াদেউতা বোলোখন্দোৱা পুখুৰীটোৰ পানী বছৰটোত কেতিয়াও নোশুকাইছিল৷পুখুৰীটোৰ পানী আমি খাবলৈ আৰু আন কামটো ব্যৱহাৰ কৰিছিলোঁ৷এবাৰ মায়ে পুখুৰীৰ পাৰত কাপোৰ ধুই আছিল৷মাজু ভন্টিৰ বয়স তেতিয়া দেড় নে দুই বছৰ৷তাইক মাটিত পাৰি থোৱা পিৰা এখনত বহোৱাই মায়ে ওচৰৰে বাৰীৰ ' পৰা ঠাইত ধোৱা কাপোৰখিনি খৰখেদাকৈ মেলিব 'ল৷মাত্ৰ কেইমিনিটমানৰ ভিতৰতে মায়ে পুখুৰীৰ পাৰলৈ ঘূৰি আহি দেখেভনীজনী নাই৷ পুখুৰীৰ পানীত বুৰবুৰনি দেখি মাৰ বুজিবলৈ বাকী নাথাকিল যে জীয়েক পানীৰ তলত৷লগে লগে মায়ে পানীত জপিয়াই পৰিল আৰু পুখুৰীত ডুব মাৰি পানীৰ তলৰ পৰা ভনীজনীক উদ্ধাৰ কৰি আনিলে৷তাইক উবুৰিয়াই পেটৰ পানীখিনি ওলিয়াই প্ৰাথমিক চিকিৎসা মায়েই দিলে৷ এইদৰেই আজিৰ মেজিষ্ট্ৰেট সেই ভনীজনীৰ জীৱনটো মাৰ তৎপৰতাত ৰক্ষা পৰিছিল৷ ঘটনাটো আহুকানে পহুকানে শুনি গাঁৱৰ মানুহবোৰ খবৰ লবলৈ গোট খালে৷ এজনী আইতাই (সৰুপোণা দদাইদেউৰ মাকভন্টিক সোধা মনত আছেকি দেখিলি ' আইজনী তই পানীৰ তলততাই উত্তৰ দিছিলবহুত মাছ দেখিলোঁ৷ আইতাই আকৌ সুধিলে কি মাছতাই উত্তৰ দিছিলইলিছ মাছ ! সপ্তাহে-পক্ষেকে ঘৰলৈ আহোতে দেউতাই টাউনৰ পৰা কিনি অনা মাছৰ ভিতৰত ইলিছ মাছৰ নামটোহে চাগে সেই সময় তাই জানিছিল৷

২৬--২০১৩

* টেলিগ্ৰামৰ অভিজ্ঞতা

অহা ১৫জুলাইৰ পৰা টেলিগ্ৰাম সেৱা বন্ধ হব৷ আজি প্ৰকাশিত এই বাতৰিটো আপোনালোকৰ নিশ্চয় চকুত পৰিছে৷ম'বাইল,এচ এম এচ আৰু ইন্টাৰনেট, -মেইল আদিৰ প্ৰচলন হোৱাৰ আগতে চিঠিপত্ৰ আৰু টেলিগ্ৰামৰ অনেক গুৰুত্ব আছিল৷ ডাকত অহা ব্যক্তিগত চিঠি আজি মাথো এক নষ্টালজিক অভিজ্ঞতা৷ ডাক বিভাগত এতিয়া চৰকাৰী চিঠি পত্ৰৰহে বোধকৰো আদান প্ৰদান হয়৷ আজিৰ যুৱাচামৰ বহুতৰ হাতত হয়তো এখনো ডাকত অহা এনে ঘৰুৱা আপোন আপোন লগা চিঠি নপৰিবও পাৰে৷ এটা সময়ত 'ডাকোৱাল' হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক প্ৰত্যাশা বা প্ৰতীক্ষাৰ প্ৰতীক স্বৰূপ আছিল৷একেদৰে টেলিগ্ৰামে সুসংবাদ বা দু:সংবাদো জৰুৰীভাবে প্ৰেৰকৰ পৰা প্ৰেৰিতলৈ কঢ়িয়াই আনিছিল৷ ঘৰৰ পৰা দূৰত চাকৰি কৰা সকলক এনে একোখন টেলিগ্ৰামে জৰুৰীভাবে ছুটী পোৱাত সহায়ো কৰিছিল৷ এনে বহু অভিজ্ঞতাৰ কথা গোটৰ ভালেকেইজনে জনাব পাৰিব৷ মোলৈ অহা দুখন টেলিগ্ৰামৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম৷ সেই দুখন মোৰ ট্ৰাংকৰ চুকত এতিয়াও সযতনে থোৱা আছে৷ প্ৰথমখন ' বেনাৰচৰ স্কুলৰ পৰা মোৰ প্ৰবেশিকা পৰীক্ষাৰ ফলাফল কঢ়িয়াই অনা সুসংবাদ আৰু আনখন মোৰ মেডিকেল পঢ়িবলৈ এডমিছন লবলৈ অসম চৰকাৰৰ স্বাস্থ্য সচিবৰ পৰা অহা নিৰ্দেশনাই অনা আন এক আনন্দ সংবাদ৷
টেলিগ্ৰামৰ যুগৰ অৱসান ঘটাৰ মুহূৰ্তত মোৰ অনুভৱ সহৃদয় পাঠকৰ সৈতে ভগাই ললোঁ৷

 ১৩ জুন ২০১৩, 'হা কাটাৰৰ পৰা 


Total Pageviews