Translate

Thursday, June 27, 2013

আমাৰ কন্যা ইতিৰ হেৰাবলৈ লোৱাৰ কাহিনী

(আগকথা - হয়তো এনেবিলাক কাহিনীৰ কোনো সাহিত্যিক মূল্য নাই৷ কিন্তু ইংৰাজী ৰিডাৰ্চ ডাইজেষ্ট, হিন্দী সৰিতা,কাদম্বিনী আৰু ধৰ্মযুগ আদি আলোচনীৰ পাতত এনে সৰু-বৰ অনেক সত্য কাহিনী প্ৰায়ে প্ৰকাশিত হৈ থাকে আৰু পাঠক সমাজেও সেইবিলাক অতি আগ্ৰহেৰে পঢ়ে৷কিছুমান লিখনিৰ শীৰ্ষক এনে ধৰনৰ - মই এতিয়া কব পাৰোঁ নাইবা মোৰ ক্ষেত্ৰত এনে ঘটিছিল, সৰু ল'ৰা-ছোৱালীৰ মূখৰ পৰা৷
অসমীয়া বিস্ময়,ৰহস্য আদিৰ কল্প কাহিনীৰ বাদে অসমীয়া প্ৰান্তিকত এনে সত্য কাহিনী কেতিয়াবা অভিজ্ঞতাৰ পৰিচয়ৰে বৰ্ণিত হয়৷'অসমীয়া কথা বতৰা গোটৰ' নিৰ্বাচিত লিখনিসমূহ মাহেকৰ মূৰত 'সাহিত্য ডট অৰ্গ'ৰ নামলৈ এক পত্ৰিকা বা ডাইজেষ্টৰ ৰূপত প্ৰকাশিত হয়৷আকৌ কৈছোঁ 'নিৰ্বাচিত লিখনিসমূহ' -ফলত বিভিন্নজনৰ সৰু-বৰ অভিজ্ঞতাৰ কথাৰে ভৰা কিছু কম মান বিশিষ্ট ৰচনাসমূহে স্থান নাপাবও পাৰে, পোৱাটো সম্ভৱপৰো নহয়৷গতিকে অকবৰ মঞ্চখনক এখনি আলোচনী বুলি গণ্য কৰাটো
ভুল বুলি নাভাবিলে ইয়াত আলোচনীত থকা সকলো স্বাদৰ ৰচনায়ে সমাদৰ পাওঁক বুলি ভবাটোও ভুল নহব চাগে ? কোনে জানে ভাৱ প্ৰকাশৰ মুকলি মঞ্চ পালে এসময়ৰ অখ্যাত লোকৰ মাজৰ পৰাই বিশিষ্ট বা জনপ্ৰিয় লিখকৰ সৃষ্টি হয়তো হব পাৰে৷অকব আজিৰ তাৰিখত দহ হেজাৰৰ অধিক লোকৰ গঠিত মঞ্চ 
- এই সকলোলোকেই ইন্টাৰনেটৰ মাধ্যমত অসমীয়াত পঢ়িব পাৰে,অসমীয়াত লিখিবলৈও নিতৌ ন ন জন আগবাঢ়ি আহিছে ৷ ই অতি শুভ লক্ষণ৷গতিকে লিখনিৰ বিষয়বস্তু বিভিন্ন হব পাৰে৷ৰসৰাজ বেজবৰুৱা
নে আন কোনোবা সাহিত্যিকে কৈছিল –“লিখি যোৱা, নৰ'বা৷ ভাল হলে থাকি যাব৷বেয়া হলে হাতৰ পুৰনি মৰিব”৷)
=====================================================

আৰু কেইদিনমানৰ পিছতে দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱা আমাৰ নুমলী জী, মাকে মৰমতে মতা নাম ইতিয়ে, কলেজত নাম লগাই ৰাজস্থানৰ জয়পুৰত পঢ়িবলৈ যাব৷এৰা, কিমান সোণকালেযে ছোৱালীবোৰ ডাঙৰ হয়৷এই আমাৰ আদৰৰ জী-জনী দুবাৰকৈ হেৰাব লৈছিল৷এবাৰ দিল্লীৰ প্ৰগতি ময়দানত আমি ঘৰৰ কেউটায়ে কিবা এখন মেলা চাব সোমাইছিলোঁ৷মেলা চাই ঘূৰিবলৈ লৈছোঁ৷গেটৰ মুখ পাই দেখা পালোঁ আমাৰ লগত ইতি নাই৷বাকী দুটি ল'ৰা ছোৱালী আছে৷ইতিহে হেৰাল৷ইফালে মাইকত বিভিন্নজনৰ নিৰুদ্দেশৰ ঘোষণা অলপ দেৰীৰ মূৰে মূৰে দিয়েই আছে৷বুকুখন চিৰিংকৈ গ'ল৷ মাকে ভাবিলে ইতিয়ে মোৰ হাতত ধৰি আছে আৰু মই ভাবিলোঁ ইতিয়ে মাকৰ হাতত ধৰি আছে ৷কেউটাই দৌৰি ঢাপলি ষ্টলবোৰৰ বাহিৰে বাহিৰে চকু ফুৰাই তাইক বিচাৰি আমি যোৱা ঠাইবোৰলৈ গলোঁ৷অৱশেষত তাইক দেখা পালোঁ এখন ৰেষ্ট্ৰোৰাৰ মুখত একান্তমনেৰে ডোচা বনোৱা চাই আছে৷আমোদৰ কথা গোটেই ঘটনাতোৰ প্ৰতি তাই মুঠেই অৱগত হোৱা নাছিল৷ তাত তাইক পাইহে আমাৰ আটাইৰে মুখলৈ পানী আহিল৷নহলে কি দশা হ'লহেতেন ভাবিলে আজিও বুকু শিঁয়ৰি উঠে৷সেই ঘটনাটোৰ সময়ত তাইৰ বয়স এঘাৰ বছৰ মান হব৷ইয়াৰ আগতেও এবাৰ আমাক তাই ভয় খোৱাই থৈছে৷এসময়ত স্কুল বাচেৰে বশিষ্ঠ চাৰিআলিৰ পৰা আমাৰ তিনিওটা ল'ৰা-ছোৱালী একেলগে পাঞ্জাবাৰীৰ গুৱাহাটীৰ পাব্লিক স্কুললৈ যায়৷তেতিয়া আমি থাকোঁ বশিষ্ঠৰ লালমাটিত৷ঘৰৰ ওচৰলৈকে স্কুলবাচ নহাত আমি তাঁহাতক বশিষ্ঠ চাৰিআলিত বাচত উঠাই দিওঁ আৰু ছুটি হলে পুনৰ একে ঠাইৰ পৰা ঘৰলৈ লৈ আহোঁ৷যাওতে তিনিওটা একেলগে গলেও ছুটিৰ সময় বেলেগ হোৱাত আনিবলৈ পিছবেলা দুবাৰ যাবলগীয়া হৈছিল৷এদিনাখন মই কিবা জৰুৰী কামত লাগি থকাত ইতিক ছুটিৰ পিছত আনিবলৈ যোৱাত অলপ পলম হ'ল৷ স্কুলবাচখনে ইতিমধ্যে সকলো ল'ৰা-ছোৱালীক লাষ্ট ষ্টপেজ পূৰ্ণিমা ষ্টুডিঅ'ত নমাই থৈ স্কুললৈ ঘূৰি গৈছে৷অভিভাৱকলৈ ৰৈ থকা ল'ৰা-ছোৱালীৰ মাজত ইতি নাই৷ ওচৰে পাজৰে বিচাৰি চালোঁ ক'তো ইতিৰ দেখাদেখি নাই৷ ঘৰলৈ ফোন কৰিলোঁ কিজানি কোনোবা চিনাকী মানুহে লৈ গৈছে নেকি ? নাই কোনো সন্ধান নাই৷ভাবিলোঁ আমি দুয়ো স্কুললৈ তাইক বিচাৰি যাম৷চিন্তাক্লিষ্ট মনলৈ মোৰ এম্বেচেডাৰ গাড়ী ঘৰলৈ বুলি ঘূৰালোঁ৷ ঠিক ঘৰৰ মূখত গাড়ী ৰখাবলৈ লওঁতে দেখিছোঁ -বেশভূষাত বিহাৰী যেন লগা ৰিক্সাৱালা এটাই চিটৰ পৰা কোলাত দাঙি স্কুলবেগসহ এজনী ছোৱালী আমাৰ ঘৰৰ পদূলিত নমাই আছে৷সেই ছোৱালীজনীয়ে হ'ল ইতি৷ আমাক আচৰিত কৰি তাই কলে - " ৰিক্সা, লালমাটি চলেগা" বুলি ইয়াতে উঠি আহিলোঁ ! তেতিয়া তাই বোধহয় প্ৰথম শ্ৰেণীৰ ছাত্ৰী৷সঠিক বয়স, দিন -বাৰ এইবোৰৰ হিচাপ মাকবোৰেহে ৰাখে দেই৷আৰু এটা কথা যি কোনো আপদ এটাৰ পৰা সাৰি অহাৰ পিছতহে সেই সংকটটোৰ গভীৰতা অনুধাৱন কৰিব পাৰি৷এটা বাক্য আছে - সময় বৰ বলবান৷সময় ভেদে আমাৰ মনৰ অনুভূতি পৃথক হব পাৰে৷সময়ে আমাক ন ন শিকনিও দি যায় ৷ কালিলৈকে একো গাত নলগা ইতিৰ আজি এই লিখাখিনি পঢ়িলে হয়তো মনলৈ লাজ ভাৱ এটা আহিব পাৰে৷

২৭ জুন ২০১৩

$$$$$$$$$$$$$$$$$$$$$$$$$$$

ইলিছ মাছ : এটি সত্য ঘটনাৰ স্মৰণ

 পূৰণিকালৰ কথাৰ আলোচনা দেখি মোৰো মাতৃৰ লগত জড়িত বহু পূৰণি কাহিনী এটি মনত পৰি গ'ল৷ মাৰ ওপজা ঠাই আছিল শিৱসাগৰৰ কোঁৱৰপুৰত৷দিখৌ নৈৰ পাৰত শৈশৱ অতিবাহিত কৰা মা সাঁতোৰত বৰ পাৰ্গত আছিল৷এই সাঁতোৰ বিদ্যাই কিদৰে আমাৰ এজনী ভনীৰ জীৱন ৰক্ষা কৰিছিল তাকে কব খুজিছোঁ৷দেউতাই ডিব্ৰুগড়ত চাকৰি কৰে আৰু মায়ে কালুগাঁৱত থাকি মগৰাহাট এম ভি স্কুলত শিক্ষয়ত্ৰী কৰে৷আমাৰ বাৰীত এটা বৰ ডাঙৰ পুখুৰী আছিল৷ ককাদেউতাই (আমি বুঢ়াদেউতা বোলো) খন্দোৱা পুখুৰীটোৰ পানী বছৰটোত কেতিয়াও নোশুকাইছিল৷পুখুৰীটোৰ পানী আমি খাবলৈ আৰু আন কামটো ব্যৱহাৰ কৰিছিলোঁ৷এবাৰ মায়ে পুখুৰীৰ পাৰত কাপোৰ ধুই আছিল৷মাজু ভন্টিৰ বয়স তেতিয়া দেড় নে দুই বছৰ৷তাইক মাটিত পাৰি থোৱা পিৰা এখনত বহোৱাই মায়ে ওচৰৰে বাৰীৰ ৰ'দ পৰা ঠাইত ধোৱা কাপোৰখিনি খৰখেদাকৈ মেলিব গ'ল৷মাত্ৰ কেইমিনিটমানৰ ভিতৰতে মায়ে পুখুৰীৰ পাৰলৈ ঘূৰি আহি দেখে - ভনীজনী নাই৷ পুখুৰীৰ পানীত বুৰবুৰনি দেখি মাৰ বুজিবলৈ বাকী নাথাকিল যে জীয়েক পানীৰ তলত৷লগে লগে মায়ে পানীত জপিয়াই পৰিল আৰু পুখুৰীত ডুব মাৰি পানীৰ তলৰ পৰা ভনীজনীক উদ্ধাৰ কৰি আনিলে৷তাইক উবুৰিয়াই পেটৰ পানীখিনি ওলিয়াই প্ৰাথমিক চিকিৎসা মায়েই দিলে৷ এইদৰেই আজিৰ মেজিষ্ট্ৰেট সেই ভনীজনীৰ জীৱনটো মাৰ তৎপৰতাত ৰক্ষা পৰিছিল৷ ঘটনাটো আহুকানে পহুকানে শুনি গাঁৱৰ মানুহবোৰ খবৰ লবলৈ গোট খালে৷ এজনী আইতাই (সৰুপোণা দদাইদেউৰ মাক) ভন্টিক সোধা মনত আছে - কি দেখিলি অ' আইজনী তই পানীৰ তলত ?  তাই উত্তৰ দিছিল - বহুত মাছ দেখিলোঁ৷ আইতাই আকৌ সুধিলে কি মাছ ? তাই উত্তৰ দিছিল - ইলিছ মাছ ! সপ্তাহে-পক্ষেকে ঘৰলৈ আহোতে দেউতাই টাউনৰ পৰা কিনি অনা মাছৰ ভিতৰত ইলিছ মাছৰ নামটোহে চাগে সেই সময় তাই জানিছিল৷

২৬-৬-২০১৩

* টেলিগ্ৰামৰ অভিজ্ঞতা

অহা ১৫জুলাইৰ পৰা টেলিগ্ৰাম সেৱা বন্ধ হব৷ আজি প্ৰকাশিত এই বাতৰিটো আপোনালোকৰ নিশ্চয় চকুত পৰিছে৷ম'বাইল,এচ এম এচ আৰু ইন্টাৰনেট, ই-মেইল আদিৰ প্ৰচলন হোৱাৰ আগতে চিঠিপত্ৰ আৰু টেলিগ্ৰামৰ অনেক গুৰুত্ব আছিল৷ ডাকত অহা ব্যক্তিগত চিঠি আজি মাথো এক নষ্টালজিক অভিজ্ঞতা৷ ডাক বিভাগত এতিয়া চৰকাৰী চিঠি পত্ৰৰহে বোধকৰো আদান প্ৰদান হয়৷ আজিৰ যুৱাচামৰ বহুতৰ হাতত হয়তো এখনো ডাকত অহা এনে ঘৰুৱা আপোন আপোন লগা চিঠি নপৰিবও পাৰে৷ এটা সময়ত 'ডাকোৱাল' হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক প্ৰত্যাশা বা প্ৰতীক্ষাৰ প্ৰতীক স্বৰূপ আছিল৷একেদৰে টেলিগ্ৰামে সুসংবাদ বা দু:সংবাদো জৰুৰীভাবে প্ৰেৰকৰ পৰা প্ৰেৰিতলৈ কঢ়িয়াই আনিছিল৷ ঘৰৰ পৰা দূৰত চাকৰি কৰা সকলক এনে একোখন টেলিগ্ৰামে জৰুৰীভাবে ছুটী পোৱাত সহায়ো কৰিছিল৷ এনে বহু অভিজ্ঞতাৰ কথা গোটৰ ভালেকেইজনে জনাব পাৰিব৷ মোলৈ অহা দুখন টেলিগ্ৰামৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম৷ সেই দুখন মোৰ ট্ৰাংকৰ চুকত এতিয়াও সযতনে থোৱা আছে৷ প্ৰথমখন হ'ল বেনাৰচৰ স্কুলৰ পৰা মোৰ প্ৰবেশিকা পৰীক্ষাৰ ফলাফল কঢ়িয়াই অনা সুসংবাদ আৰু আনখন মোৰ মেডিকেল পঢ়িবলৈ এডমিছন লবলৈ অসম চৰকাৰৰ স্বাস্থ্য সচিবৰ পৰা অহা নিৰ্দেশনাই অনা আন এক আনন্দ সংবাদ৷
টেলিগ্ৰামৰ যুগৰ অৱসান ঘটাৰ মুহূৰ্তত মোৰ অনুভৱ সহৃদয় পাঠকৰ সৈতে ভগাই ললোঁ৷

 ১৩ জুন ২০১৩, ড'হা কাটাৰৰ পৰা ৷


Total Pageviews