Translate

Saturday, January 17, 2015

প্ৰবাসত উৰুকা

প্ৰবাসত উৰুকা

উৰুকাৰ সন্ধ্যা
স্বদেশত
আপোনজনৰ মাজত চলিছে
উলাহেৰে
আয়োজন মহা ভোজৰ,

নেটত দেখিছোঁ
সঘনে সলনি হোৱা
নানান আয়োজনৰ
লোভনীয় ৰঙীন ছবি,

তল পৰি যায়
কাজিৰঙাৰ
গঁড়ৰ বিপন্ন জীৱন
আৰু শীতত ভয়াৰ্ত
শৰণাৰ্থীৰ ক্ৰন্দন,

আৰু মই ?
এমুঠি প্ৰবাসী
আপোনজনৰ মাজত
ভাতৰ পাতত লৈ নানাবিধ ব্যঞ্জন
বহি আছোঁ
উচপিচাই
অবাবত !!

২৯পুহ, ১৯৩৫শক
ইং ১৪জানুৱাৰী ২০১৪
ডোহা, কাটাৰৰ পৰা

চক্ৰব্যুহ !

চক্ৰব্যুহ !

জীৱনটো 
হয়তো
একোটা চক্ৰব্যুহ
পৃষ্ঠভংগ নে সমুখ সমৰত ৰণ
সেয়া নিজৰ পচন্দ

অভিমন্যুসম
যুঁজি যুঁজি
বীৰগতি নে
বিলাসী-বৈভৱৰ আৰামদায়ক
শংকাবিহীন নিৰ্লিপ্ত নিৰুদ্বেগ
অখ্যাত জীৱন ?

১৮৷১৷২০১৫


Total Pageviews