Translate

Thursday, December 6, 2012

কাটাৰৰ শিক্ষা ব্যৱস্থা


কাটাৰৰ ডায়েৰী -১৯



  • আজিৰ কাটাৰৰ ডায়েৰীৰ যোগেদি বিশ্বৰ আটাইতকৈ চহকী দেশ কাটাৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে পাঠকসকলক মই অৱগত কৰিবলৈ প্ৰয়াস কৰিম৷
                 
     পোনতেই কাটাৰৰ বিষয়ে দুটিমান আগকথা জনাই লওঁ৷কাটাৰ হ'ল এখন সৰু দেশ- যাৰ আয়তন অসমৰ পাঁচ ভাগৰ এভাগ৷ ইয়াৰ বৰ্তমান জনসংখ্যা হ'ল ১৬  লাখ, তাৰে ১২ লাখ পুৰুষ আৰু ৪ লাখ মহিলা৷ কিন্তু তাৰে প্ৰায়  শতকৰা আশী ভাগেই হ'ল বহিৰাগত৷আকৌ দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ড'হাত৷দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ চেপ্তেম্বৰ, ১৯৭১চনত৷কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকুলীয় চহৰ দোহ্কানত ১৯৪০চনত  পোন প্ৰথম বাৰৰ বাবে খাৰুৱা তেলৰ আবিস্কাৰ হয়৷ দেশৰ অৰ্থনীতি খাৰুৱা তেলেই টনকিয়াল কৰি ৰাখিছে৷ শিক্ষাৰ ক্ষেত্ৰত স্বাধীনোত্তৰ কালত উন্নতি ক্ষিপ্ৰতৰ হব ধৰিলে৷
                   কাটাৰত প্ৰথম চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৫২ চনত৷ ১৯৫৪ চনত আৰম্ভ হয় প্ৰাপ্ত বয়স্ক শিক্ষা আচনি৷উদগণি স্বৰূপে তেতিয়া চাৰি বছৰীয়া শিক্ষাৰ প্ৰমাণ-পত্ৰসহ এটি মাহেকীয়া মাননি দিয়া হৈছিল৷বৰ্তমান দেশখনত আছে ১১৩ খন চৰকাৰী বিদ্যালয়৷ তাৰে ৬০ খন লৰাৰ আৰু ৫৩ খন ছোৱালীৰ৷
                     ইয়াত প্ৰাথমিক শিক্ষা ৬ বছৰৰ৷ তাৰ পিছত পোনতে ৩ বছৰীয়া মধ্যমীয়া, আকৌ ৩ বছৰীয়া চেকেন্দৰী শিক্ষা৷চেকেন্দৰী পৰ্য্যায়ত বিজ্ঞান বা কলা শাখা বাচি লব লাগে৷১৯৬৭ চনত শিক্ষকৰ বাবেও  ট্ৰেইনিং অনুস্থানৰ শুভাৰম্ভ হয়৷১৯৭৩ চনত ড'হাত কাটাৰ বিশ্ববিদ্যালয় মুকলি হয়৷ যোৱা দুই দশকৰ ভিতৰত ড'হাত বিশ্বৰ কেইবাটিও আগশাৰীৰ বিশ্ববিদ্যালয়ে নিজৰ শাখা মুকলি কৰিছে৷
                      চৰকাৰী শিক্ষানুস্থানৰ ওপৰিও আছে এই দেশত অনেক উচ্চমানৰ ব্যক্তিগত শিক্ষানুস্থান৷আমেৰিকা, ব্ৰিটেইন, ভাৰত,  পাকিস্তান,ফিলিপিনি, চুডানী, লেবানিজ আদিৰ দ্বাৰা এইবিলাক স্থাপিত৷তাত অনেক কাটাৰীয়েও শিক্ষা লাভ কৰে৷চৰকাৰে ষ্টেচনাৰী,বিদ্যুত,পানী ইত্যাদিৰ সুবিধা দি ব্যক্তিগত শিক্ষানুস্থান সমূহক সহায় কৰে৷ চৰকাৰী শিক্ষানুস্থানত কাটাৰীৰ ওপৰিও ৰেচিডেন্ট ভিছা থকা অইন দেশৰ ছাত্ৰৰো মাছুল নালাগে৷ব্যক্তিগত শিক্ষানুস্থানসমূহৰ মাছুল বেচ উচ্চ হাৰৰ৷স্কুলত খেল-ধেমালি,সংগীত, লাইব্ৰেৰী, কম্পিউটাৰ, চুইমিংপুল, কেন্টিন আদিৰ সকলো সুবিধা থাকে৷প্ৰাইভেট টিউচন কাটাৰত বিশেষ নচলে৷ বিশেষকৈ স্কুলৰ শিক্ষকে টিউচন নলয়৷তেওঁলোকৰ দা-দৰমহা বেচ ভাল৷ স্কুল ভেদে বেলেগ হলেও আমাৰ ভাৰতীয় একলাখ টকাৰ কম নহয়৷
              আমাৰ দেশৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলে নিজৰ লৰা-ছোৱালীক চি বি এচ ইৰ অধীনত থকা ব্যক্তিগত শিক্ষানুস্থানত পঢ়োৱায়৷ইয়াৰ ভিতৰত প্ৰমুখ হ'ল - ড'হা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল, এম ই এচ ইণ্ডিয়ান স্কুল, ডি পি এচ ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল ৷ 
                           কিছুমান উল্লেখযোগ্য অনুষ্ঠানৰ নাম হ'ল  - কেমব্ৰিজ স্কুল, ড'হা ইংলিছ স্পিকিং স্কুল, ড'হা কলেজ : এই তিনিওখনত ব্ৰিটিছ কেৰিকুলাম চলে৷আমেৰিকান স্কুল অৱ ড'হাত চলে আমেৰিকাৰ কেৰিকুলাম৷
    এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হব৷ ১৯৯৫চনত চৰকাৰী সাহাৰ্য্যৰে কাটাৰ ফাউণ্ডেচন অৱ এডুকেশ্বন,চাইন্স এণ্ড কমিউনিটি ডেভেলপমেন্ট নামৰ এটি সংস্থা গঢ় লৈ উঠে ৷কাটাৰ ফাউণ্ডেচনৰ তিনিটা লক্ষ্য হ'ল- শিক্ষা,বিজ্ঞান আৰু গবেষণাৰ দিশত অৰিহনা যোগোৱা৷ কাটাৰ এডুকেশ্বন চিটিৰ বিশাল পৰিসৰৰ কেম্পাচত আমেৰিকা, কানাডা,ফ্ৰান্সকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ  কমেও ৮খন বিশ্ববিদ্যালয়ে নিজৰ শাখা ড'হাত মুকলি কৰিছে৷ তাৰ ভিতৰত উল্লেখযোগ্য হ'ল -   ভাৰ্জিনিয়া কমনৱেল্থ ইউনিভাৰ্চিটি (১৯৯৮), ৱেল মেডিকেল কলেজ (২০০২),টেস্কাচ এ এম ইউনিভাৰ্চিটি (২০০৩), কাৰ্ণেজি মেলন ইউনিভাৰ্চিটি (২০০৪),জৰ্জ টাউন ইউনিভাৰ্চিটি অৱ ফৰেইন চাৰ্ভিচেজ (২০০৫), নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি (২০০৮),  এইচ ই চি পেৰিচ (২০১১), ইউনিভাৰ্চিটি কলেজ অৱ লণ্ডন(২০১১) , ষ্টেনডেন ইউনিভাৰ্চিটি, কলেজ অৱ নৰ্থ আটলান্টিক আদি৷ সাংবাদিকতা,ডিজাইন,মিউজিয়াম,পূৰাতত্ব আৰু নানা বিষয়ৰ শিক্ষা এই বিশ্ববিদ্যালয় সমূহে দিয়ে৷ ইয়াৰ ওপৰিও চৰকাৰে নিজা খৰচত উপযুক্ত কাটাৰী ছাত্ৰক বিদেশত বিভিন্ন বিষয়ত উচ্চ শিক্ষা লবলৈ পঠিযায়৷              
      কাটাৰ ইউনিভাৰ্চিটি দৰ্শনৰ কথা যোৱা বাৰৰ ডায়েৰীত লিখিছিলোঁ৷ আজি তাৰ বিষয়ে আপোনালোকক কিছু কথা জনাওঁ৷বিশ্ববিদ্যালয়খন ১৯৭৩চনত ৫৭জন ছাত্ৰ আৰু ৯৩জনী ছাত্ৰীলৈ শুভাৰম্ভ হয়৷ ৩বছৰ পিছত ২৬০০জন শিক্ষাৰ্থীৰে ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম আৰম্ভ হয়৷আজি বিশ্ববিদ্যালয়খনত থকা আন বিষয়সমূহ হ'ল - ক'লা,বিজ্ঞান,আইন,শিক্ষা, বাণিজ্য,অৰ্থনীতি,ইচলামিক ষ্টাডি আৰু ফাৰ্মাচী ৷ ২০০৬চনত ফাৰ্মাচীৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ হৈছে৷ বিশ্ববিদ্যালয়ৰ মুঠ শিক্ষাৰ্থীৰ  সংখ্যা ৮০০০ৰঅধিক৷আমোদজনক কথা ইয়াৰে ৭৩শতাংশই হ'ল মহিলা৷ইংৰাজী আৰু আৰবী দুয়োটা ভাষাতে পাঠদান কৰা হয়৷বিশ্ববিদ্যালয়ৰ পৰিবেশ অতিকে মোহনীয়৷(লিখনিৰ লগৰ ছবিয়েই সবিশেষ কব৷)

    দেশখনৰ সকলো শিক্ষানুষ্ঠানৰ গতিবিধি নিয়ন্ত্ৰণ কৰে চুপ্ৰিম কাউঞ্চিল অৱ এডুকেশ্বনে৷ 
    ইউনেস্কোৰ তথ্যমতে কাটাৰত পুৰুষৰ শিক্ষিতৰ হাৰ ৯০শতাংশৰ বিপৰীতে মহিলাৰ ৯৮শতাংশ৷

    ডায়েৰী সামৰি আজিলৈ আহোঁ৷ মোৰ ডায়েৰী পঢ়ি ভাল পোৱা আৰু নিৰন্তৰ উদগণি যোগোৱা পাঠকসকলক ধন্যবাদ জনাই পুনৰাই এই শিতানত আপোনাসবক লগ পোৱাৰ আশাৰে বিদায় ললোঁ৷

    ডা০ ভূপেন  শইকীয়া                              
    তাৰিখ  ২৪ নভেম্বৰ ২০১২ :  ড'হা, কাটাৰ :                        
    ম'বাইল - 0974-33738722
     E mail ~ drbksaikia@gmail.com
     ******************************************************************************
    • Pratim Pratap Baruah পঢ়ি ভাল পালোঁ । কিতাপৰ কথাটো নাপাহৰিব । 
      আৰু কাটাৰৰ স্থানীয় মানুহৰ সামাজিক জীৱন-যাত্ৰাৰ বিষয়ে এই শিতানতে আৰু জানিবলৈ আশা ৰাখিছোঁ ।
    • Bidul Boruah ভাল লাগিল পঢ়ি।
    • Pranab Nath কাটাৰ দেশৰ ক্ষুদ্ৰ আকাৰ/ তথাপি আছে শিক্ষাৰ বাহাৰ// ভাল লাগিল আপোনাৰ ডায়েৰী/ লিখিবচোন কেতিয়াবা সেইদেশৰ শ্যায়েৰী//
    • DrBhupendra Saikia কাটাৰৰ ডায়েৰী নিয়মীয়াকৈ পঢ়ি ভাল পোৱা, উদগণি যোগোৱা আৰু পঢ়িবলৈ আগ্ৰহেৰে বাট চোৱাসকললৈ অশেষ ধন্যবাদ জনালোঁ৷
    • Dhananjay Deka খুব ভাল লাগিল

আৰ্নেষ্ট হেমিংৱেৰ জীৱনৰ এটি সৰু ঘটনা :


    
 স্কুলীয়া দিনত এবাৰ এখন ৰচনা প্ৰতিযোগিতা হৈছিল৷ ছাত্ৰসকলক এমাহৰ সময় দিয়া হৈছিল৷মেধাবী ছাত্ৰ আৰ্নেষ্ট হেমিংৱেই ভাবি আচৰিত হ'ল -এইটো বিষয়ৰ ওপৰত দুঘন্টাতেই ৰচনা এখন লিখিব পাৰিচোন৷ তেওঁ দিনবোৰ অবাবতে যাব দিলে আৰু শেষৰ দুদিনত ৰচনাখন লিখি জমা দিলে৷ মনতে ভাবিলে প্ৰথম পুৰস্কাৰ নিশ্চয় পাম৷ কিন্তু কোনো এটা পুৰস্কাৰ নাপাই বৰ ব্যথিত হ'ল৷ তেতিয়া তেওঁৰ বিদূষী বায়েকে বুজালে- চোৱা, এইটো হ'ল এমাহৰ কাম এদিনত কৰাৰ পৰিণাম ৷নিজৰ ৰচনাক যিমানে সময় দি ঘঁহিবা পিহিবা, সিমানে সেইয়া উজ্জ্বল হব৷

     (১৮৯৯চনত আমেৰিকাৰ চিকাগোৰ ওচৰৰ এখন সৰুগাঁৱত জন্ম গ্ৰহণ কৰা আৰ্নেষ্ট হেমিংৱেই ১৯১৮চনৰ প্ৰথম বিশ্বযুদ্ধৰ সময়ত  ইটালিয়ান সৈন্যবাহিনীৰ এম্বুলেঞচৰ ড্ৰাইভাৰৰ চাকৰি কৰি সাহসিকতাৰ বাবে ৰূপৰ পদক পাইছিল৷যুদ্ধৰ শেষত আমেৰিকালৈ ঘূৰি গৈ সাংবাদিকতাৰ বৃত্তিত যোগদান কৰে আৰু নতুন কৰ্মক্ষেত্ৰ পেৰিচলৈ বদলিহৈ আহে৷১৯৫১চনত "অ'ল্ডমেন এণ্ড দি চি" নামৰ জীৱনৰ আটাইতকৈ বিখ্যাত  উপন্যাসখন লিখি  ১৯৫৩চনৰ পুলিটজাৰ বঁটা লাভ কৰে ৷ তেওঁ আফ্ৰিকালৈ যাওঁতে দুবাৰকৈ বিমান দূৰ্ঘটনা আৰু শাৰীৰিক ব্যাধিৰ সন্মুখীন হয়৷আৰ্নেষ্ট হেমিংৱেই ১৯৫৪ চনত সাহিত্যৰ বাবে নবেল বঁটা পাইছিল৷১৯৬১চনৰ ২ জুলাইত শাৰীৰিক আৰু মানসিকভাবে ভাগি পৰা আৰ্নেষ্ট হেমিংৱেই আত্মহত্যা কৰি এই সংসাৰ ত্যাগ কৰে৷)

मेरी ज़िंदगी



एक खुली किताब जैसी
हैं मेरी  ज़िंदगी
न सीखा  दिखलाना  झूठी  शान
न जाना  दूनियादारी

अदृश्य  डोरो  से  बँधी  हुई  है
 मेरी  सत्वा  आपस में  सब  रिश्तो  को  जोड्रती

न  तो  मैं  रत्नाकर  न  बाल्मिकी
फिर  भी तप पर बैठा हूँ
न जाने क्यौं

কাটাৰৰ চিকিৎসা ব্যৱস্থা



     কাটাৰৰ চিকিৎসা ব্যৱস্থাৰ মানদণ্ড বিশ্বমানৰ৷ এই দেশে স্বাধীনতা লভিবৰ চাৰিটা দশক সম্পূৰ্ণ হৈছে মাথো ৷কিন্তু চিকিৎসাৰ দিশত সৰ্বতোপ্ৰকাৰে অভাৱনীয় উন্নতি পৰিলক্ষিত হৈছে৷চৰকাৰৰ তত্বাবধানত সৰ্ব -সাধাৰণৰ বাহিৰেও   শিশু,  নবজাতক, মহিলা, মানসিক ৰোগী, কেঞ্চাৰ ৰোগী, দন্ত চিকিৎসাৰ, অস্থিৰোগৰ, ক্ৰীড়াৰ ফলত হোৱা আঘাতৰ ৰোগীৰ বাবে পৃথক পৃথক  চিকিৎসালয় স্থাপিত হৈছে৷আৰু আছে ৰোগ  পৰীক্ষাৰ অত্যাধুনিক সা-সৰঞ্জামযুক্ত লেবৰেটৰী৷ স্বাস্থ্যখণ্ডত উন্নতিৰ প্ৰধান কাৰণ মই ভবাত  তিনিটা৷ প্ৰথমটো হ'ল বছেৰেকীয়া স্বাস্থ্য বাজেটত এক বুজন ধনৰ বিনিয়োগ৷দ্বীতিয়তে এই দেশলৈ অহা নবাগত সকলৰ কঠোৰ স্বাস্থ্য পৰীক্ষা, যাৰ বিষয়ে আগলৈ বহলাই বৰ্ণনা  কৰিম৷তৃতীয়তে  দেশখনৰ সীমিত জনসংখ্যা ৷ তদুপৰি পৰিস্কাৰ-পৰিছন্ন পৰিবেশও ৰোগ বৃদ্ধি নোহোৱাৰ এক উল্লেখযোগ্য কাৰণ৷
      বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত দেশখনৰ ৩৩% চৰকাৰী সেৱাৰ বিপৰীতে , ৬৭ % সেৱা ব্যক্তিগত  খণ্ডই প্ৰদান কৰি আছে৷প্ৰসৱজনিত মাতৃৰ মৃত্যুহাৰ এই দেশত তেনেই নগণ্য্৷ 
              মেডিকেল শিক্ষাৰ ক্ষেত্ৰত কাটাৰ অৱশ্যে নবাগত৷২০০১ চনত আমেৰিকাৰ ৱেল কৰ্ণেল মেডিকেল কলেজে ড'হাত তেওঁলোকৰ কলেজৰ এটি শাখা খোলে৷ইয়াত মেডিকেল আৰু পেৰা-মেডিকেল শিক্ষাৰ ব্যৱস্থা আছে৷৩৮০খন বিচনা মেডিকেল কলেজত পৰিসৰৰ ভিতৰত অলপতে মুকলি হব৷বৰ্তমান শিক্ষাৰ্থী সকলে কাটাৰৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় (হামাড মেডিকেল কৰ্পৰেচনত) প্ৰেক্টিকেল শিক্ষা লয়৷মেডিকেল কলেজখন কাটাৰ ফাউণ্ডেচনৰ এডুকেশ্বনেল চিটিৰ ভিতৰত অৱস্থিত৷৷মুঠ ৬ বছৰৰ শিক্ষাৰ অন্তত আমেৰিকাৰ বিশ্ববিদ্যালয়ে ছাত্ৰসকলক এম,ডি ডিগ্ৰী প্ৰদান কৰে৷
     ১৯৫৭ চনত ২০০খন বিচনাযুক্ত ৰুমেইলা হস্পিতেল ৰাজধানী চহৰ ড'হাত মুকলি হয়৷১৯৭৭ চনত চৰকাৰে ইয়াৰ অন্তৰ্গাথনিৰ প্ৰভূত উন্নতি সাধে৷ ১৯৮২ চনত ৬২১খন  বিচনাযুক্ত হামাদ মেডিকেল কৰ্পৰেচনৰ শুভাৰম্ভ হয়৷
১৯৮৮চনত মুকলি হয় ৩৩৪ খন বিচনাযুক্ত (চৰকাৰী) মহিলা হস্পিতেল৷২০০৪ চনত মুকলি হয় অল-অমল কেঞ্চাৰ হস্পিতেল৷ ইয়াত জাৰ্মানীৰ সহযোগত কেঞ্চাৰ ৰোগৰ অত্যাধুনিক চিকিৎসা আৰু বিভিন্ন প্ৰশিক্ষণ দিয়া হয়৷লাহে লাহে দেশখনৰ আন ঠাইটো বিভিন্ন চৰকাৰী  চিকিৎসালয় মুকলি হ'ল৷যোৱা দশকটোত চৰকাৰৰ উদগনি পাই ভালেকেইখন উন্নতমানৰ ব্যক্তিগত চিকিৎসালয়, ক্লিনিক আৰু লেবৰেটৰীৰ শুভাৰম্ভ হ'ল৷এইসকলো বিলাকৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে  আমাৰ দেশৰ মেডিকেল কাউঞ্চিলৰ সমকক্ষ - "চুপ্ৰিম কাউঞ্চিল অৱ হেল্থে" –৷
       কাটাৰত সঘনাই হৈ থকা অন্তৰাষ্ট্ৰীয় খেল- ধেমালিৰ প্ৰতি লক্ষ্য ৰাখি ড'হাত ২০০৯ চনত মুকলি কৰা হৈছে - অৰ্থপেডিক আৰু্ স্পৰ্টচ মেডিচিনৰ "এচপিটাৰ হস্পিতেল"৷২০০৬ চনত য'ত এচিয়ান গেমছ হৈছিল- তাতেই চিকিৎসালয়খন স্থাপিত হৈছে৷ এইখিনিতে উল্লেখ কৰিলে ভাল হব যে ২০২২চনত ফুটবলৰ বিশ্বকাপৰ আয়োজক দেশ হ'ল কাটাৰ৷
        এতিয়া ৰোগ আৰু ৰোগীৰ বিষয়ে কিছু আলোচনা কৰিম৷মই মোৰ ৰোগী বিলাকক অসুখৰ বাহিৰেও দুই চাৰিটা অন্য কথা সোধো ৷ বাংলাদেশীক বঙালীত আৰু হিন্দী জনা ভাৰতীয় সকলৰ লগত হিন্দীত ভাৱ বিনিময় কৰো৷ এদিন  অসমীয়াত ৰোগী এজনৰ লগত কথা পাতিবলৈ পাইছিলো ৷ ২৪ বছৰীয়া পটেল উপাধিৰ লৰা এজনে চাকৰি সংক্ৰান্তত মোৰ ওচৰত স্বাস্থ্য পৰীক্ষা কৰাব আহিছিল৷মোৰ নামটোৰ পৰা মোৰ পৰিচয় পাই সি জনালে তিনিচুকীয়াৰ পৰা মেট্ৰিক পাচ কৰাৰ কথা ৷ইয়াৰ ওপৰিও মাজে মাজে  অসমীয়া জনা নেপালী দুই এজন নোপোৱা নহয়৷এতিয়ালৈ মই লগ পোৱা  কাটাৰী প্ৰায় কেইজনেই ইংৰাজী জনাৰ বাবে মই চিকিৎসা দিবলৈ কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই ৷
      পোনতেই এই দেশত মোৰ যোৱা ছমাহৰ অভিজ্ঞতাৰ কথাৰে আৰম্ভ কৰো৷মেডিচিন বিভাগৰৰ ডাক্তৰ হিচাবে মই সচৰাচৰ চোৱা ৰোগ সমূহ হ'ল- ডায়েবেটিজ, উচ্চ-ৰক্তচাপ, তেজত অধিক চৰ্বি হোৱা ৰোগ, কাঁহ আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগ, বিভিন্ন উদৰৰ বিকাৰ, বাত বা গাঠিৰ বিষ, জ্বৰ-মূৰৰ বিষ, খহু-খজুৱতি আদি চৰ্ম ৰোগ৷প্ৰথম তিনি বিধ অসুখৰ ৰোগী সদায়েই চাওঁ৷ তিনিও বিধ অসুখৰ পৰাই বিভিন্ন উপসৰ্গ আৰু জটিলতা, হৃদৰোগ, কিডনিৰ অসুখ আদি দেখা দিব পাৰে৷উদৰৰ বিকাৰৰ ভিতৰত ঘাইকৈ বুকু জ্বলা-পুৰা কৰা, টেঙাপানী বমি হোৱা, পেটফুলা, গেছ হোৱা আৰু ভোক কমকৈ লগা আদিয়েই প্ৰমুখ উপসৰ্গ ৷কেতিয়াবা এপেণ্ডিচাইটিচ, পিত্তত পাথৰ, কিডনিত  পাথৰ হোৱাৰ ফলত পেটৰ বিষলৈয়ো ৰোগী আহে৷থাইৰড হৰম'নৰ পৰিমান কম থকা আৰু য়ুৰিক এচিড বেচি থকা ৰোগীও মাজে-মাজে পাওঁ৷কাঁহ-চৰ্দি-ডিঙিৰ বিষ ঘাইকৈ টনচিল বা ফেৰিংচত বীজানুৰ সংক্ৰমণৰ ফলত শীত কালত বেচিকৈ  হয়৷ভবামতে কাটাৰত হাঁপানী ৰোগী বেচি দেখা নাই৷ইয়াৰ জলবায়ু শুকান৷ বায়ুত আদ্ৰতা কম৷ ভিজা কাপোৰ সোণকালে শুকায় আৰু শুকান খোৱা বস্তু (যেনে পাপৰ) বহু দেৰীলৈকে সেমেকি নাযায়৷ ৷জলবায়ুৰ প্ৰভাৱ শ্বাসৰ ৰোগ আৰু বিভিন্ন এলাৰ্জিজনিত ৰোগৰ ক্ষেত্ৰত অৱশ্যই পৰে৷
     কাটাৰত ভাইৰেল ফিভাৰৰ ৰোগী পোৱা নাই৷ প্ৰদূষিত পানীৰ ব্যৱহাৰৰ ফলত হোৱা হেপাটাইটিচ এ জণ্ডিচ, টাইফয়েড, কলেৰা, গেষ্ট্ৰএন্টাৰাইটিচ আদি ৰোগ দেখা পাবলৈ নাই৷ডেংগু নাই৷ মেলেৰিয়া ৰোগীও নাই৷অৱশ্যে ছুটীত ঘৰলৈ গৈ ঘূৰি আহোতে দুই এজনে মেলেৰিয়া  জণ্ডিচ, টাইফয়েড, ডিচেন্ট্ৰিত আক্ৰান্ত হৈ অহাৰ কথাতো সুকীয়া৷ মহ ইয়াত নাই৷ মাখি কাচিৎ কৰবাত দুই এটা দেখা যায়৷মিনাৰেল ৱাটাৰৰ বাহিৰে ইয়াত অইন কোনো পানী  খোৱাৰ বাবে ব্যৱহাৰ নহয়৷ 
মদৰ প্ৰচলন সীমিত বাবে মদৰ ফলত হোৱা নানা  লিভাৰৰ অসুখ চিৰচিচ, পেনক্ৰিয়াটাইিচ, মেলিনা, হিমাটেমেচিচ আদি ৰোগো তেনেই কম৷ড্ৰাগছ নিসিদ্ধ বাবে তাৰ ফলত হব পৰা ৰোগ সমূহৰ পৰাও দেশখন মুক্ত৷

  কাটাৰৰ চিকিৎসা ব্যৱস্থা (দ্বিতীয় খণ্ড)

                 এইখিনিতে ৰেচিডেন্ট ভিছা পাবৰ বাবে কৰনীয়খিনিৰ কথা জনাই লব খুজিছো৷ কাটাৰত কাম কৰিবলৈ অহা নাইবা এমাহৰ অধিক দিন লগত থাকিব খোজা পৰিয়ালৰ লোকক ৰেচিডেন্ট ভিছাৰ প্ৰয়োজন৷ এনে প্ৰতিজন ব্যক্তিৰ কাটাৰৰ ফৰেনচিক বিভাগে নিজাকৈ কম্পিউটাৰত ফটো লয়, চকুৰ স্কেন কৰে আৰু হাতৰ দহোটা আঙুলিৰ ফিংগাৰ প্ৰিন্ট সংৰক্ষণ কৰে৷মেডিকেল কমিশ্বন নামৰ চৰকাৰী স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষা কৰে ; তেজৰ নমুনা লয় আৰু বুকুৰ এক্সৰে লয়৷ইয়াৰ দ্বাৰা আবেদনকাৰী ব্যক্তিজন টিবি, হেপাটাইটিচ-বি, হেপাটাইটিচ-চি, এইচ আই ভি আৰু এচ টি ডিৰ  ৰোগমুক্ত বুলি প্ৰমাণিত হলেহে ৰেচিডেন্ট ভিছাৰ বাবে যোগ্য হব৷ ইয়াৰ ওপৰি  হেপাটাইটিচ -বিৰ ছিতা লোৱাৰো প্ৰয়োজন হয়৷  ৰেচিডেন্ট ভিছা পোৱাৰ পিছত এজন ব্যক্তিয়ে ৰেহাই মূল্যত চৰকাৰী চিকিৎসালয়ৰ সুবিধা পাবলৈ হলে ১০০ৰিয়াল খৰচ কৰি এখন "হেল্থ কাৰ্ড" বনাই লব পাৰে৷আকৌ  প্ৰতি দুবছৰৰ মূৰে-মূৰে স্বাস্থ্য পৰীক্ষাৰ স্বাভাৱিক ৰিপৰ্ট পালেহে ভিছাৰ নবীকৰণ হয়৷গতিকে এনে নিয়ম সমূহে দেশৰ নাগৰিকক বিভিন্ন মাৰাত্মক  ৰোগৰ পৰা মুক্ত কৰি ৰাখিছে৷
               ৰন্ধন বৃত্তিৰ লগত লোক সকলে স্বাস্থ্য পৰীক্ষা কৰাওতে শৌচ পৰীক্ষা কৰাতো বাধ্যতামূলক৷তেনে ৰান্ধনি বা পাকঘৰত কাম কৰিব অহা লোকৰ শৌচত কৃমি, জিয়াৰ্ডিয়া, এন্টামিবা আদি ধৰা পৰিলে তাক নিৰ্মূল কৰিবলৈ আমি মেডিচিনৰ চিকিৎসকে বিধান দিওঁ৷
    কাটাৰকে ধৰি সমূহ গাল্ফ দেশতেই মানুহৰ  খাদ্যাভাসত এটা কথাত  কিছু মিল থকা দেখা যায় - সেইটো হ'ল  খাদ্যত মাংস,কণী, মাখন, চীজ,পনীৰ, গাখীৰ , ড্ৰাই ফ্ৰুইটচ্ ,বিভিন্ন ক'ল্ড ড্ৰিংকচ্ আদিৰ প্ৰাচুৰ্য্য ৷ শাক-পাচলিৰ তুলনাত আমিষ খাদ্যৰ মূল্য কম৷ইয়াত ৰন্ধনৰ বাবে ৰিফাইন ভিজিটেবল তেল, চানফ্লাৱাৰ, কৰ্ণঅইল আদি সচৰাচৰ ব্যৱহাৰ হয়৷অলিভ তেল স্বাস্থ্যৰ বাবে আটাইতকৈ ভাল যদিও ই মহঙা ৷ লিবিয়া আৰু উত্তৰ আফ্ৰিকাৰ   প্ৰচুৰ  অলিভ তেল  উৎপাদন হোৱা দেশসমূহতহে  অলিভ তেল  আটাইতকৈ সুলভ৷ডায়েবেটিজ, উচ্চ ৰক্তচাপ, ডিচলিপিডেমিয়া (তেজত চৰ্বিৰ আধিক্য), গাওত আৰু বিভিন্ন হৃদৰোগ জীৱনধাৰণৰ পদ্ধতিৰ ফলত হোৱা বুলিয়েই চিকিৎসা বিজ্ঞানে কয়৷  আনহাতে টুনা, চালমন মাছ  আদি সাগৰীয় মাছত স্বাস্থ্যৰ উপযোগী  অমেগা- ৩ ফেটি এচিড থাকে৷ অমেগা- ৩ ফেটি এচিড হৃদৰোগৰ প্ৰতিৰোধকাৰক, মস্তিষ্ক আৰু স্নায়ুৰ বাবে পৰম উপকাৰী ৷
    মই এতিয়ালৈকে ইয়াত কোনো কাটাৰী চিকিৎসকক লগ পোৱা নাই৷ বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসকৰ মাজত ভাৰতীয় চিকিৎসকৰ এক সুকীয়া স্থান আছে৷ কাটাৰত এক বুজন সংখ্যক চিকিৎসকেই হ'ল ভাৰতীয় ৷ইয়াত নতুনকৈ কামত যোগদান কৰিবলৈ অহা ডাক্তৰ,নাৰ্চ, টেকনিচিয়ান সকলোৱে চুপ্ৰিম কাউঞ্চিল অব হেল্থৰ লাইচেঞ্চ প্ৰাপ্তিৰ বাবে পৰীক্ষা দিব লাগে৷তাৰ পিছতো মাজে মাজে বিভিন্ন বাধ্যতামূলক প্ৰশিক্ষণ লৈ থাকিব লাগে৷
             দেশখনৰ ব্যয়বহুল চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন অন্তৰাষ্ট্ৰীয় ইঞ্চিওৰেঞ্চ কোম্পনীৰ অৱদানৰ কথা অস্বীকাৰ কৰিব নোৱাৰি৷ দেশখনৰ  বহুসংখ্যক কৰ্মচাৰীৰেই চিকিৎসা বীমা কৰোৱা থাকে৷
     এইখিনিতে মই যোৱা বছৰ নভেম্বৰৰ পৰা আৰম্ভ হোৱা "কাটাৰ চেন্টাৰ ফৰ অৰ্গেন ট্ৰান্সপ্লান্টেচন" অনুষ্ঠানৰ বিষয়ে পাঠকসকলক অৱগত কৰাব খুজিছোঁ৷ চুপ্ৰিম কাউন্সিল অৱ হেল্থৰ তত্বাবধানত হামাড মেডিকেল কৰ্পৰেচনৰ ভিতৰত এই কেন্দ্ৰটোৱে কাটাৰত বসবাস কৰা কাটাৰী আৰু অইন সকলো দেশৰ লোকলৈ এক আশাৰ বাণী কঢ়িয়াই আনিছে৷ আমাৰ দেশত বা অইন যি কোনো দেশতেই একোটা কিডনিৰ ট্ৰান্সপ্লান্ট অপাৰেচনত কেইবালাখো টকা ব্যয় হয় বুলি সকলোৱে জানে৷কিন্তু কাটাৰে মানবীয়তাৰ খাতিৰত ইয়াত সেই কাম বিনামূলীয়াকৈ আৰম্ভ কৰিছে৷আনকি ডনাৰৰ ভিছা আৰু  যাবতীয় চিকিৎসাৰ খৰছো বিনামূলীয়া৷ইতিমধ্যে এই সুবিধা লাভ কৰা সকলৰ ভিতৰত চুডানী, ফিলিপিনো,পাকিস্তানী আৰু কাটাৰী লোক আছে৷ বাৰ্গিজ বেটিমেন্ট ইন্টাৰনেশ্বনেল কোম্পানীত মোৰ এজন ভাৰতীয় ৰোগীৰ দুয়োটা কিডনি বেয়া হোৱাত তেওঁকো এই সকলো সুবিধা যচাৰ বিষয়ে মই ভালদৰে অৱগত৷ কিন্তু পৰিতাপৰ কথা বহুত চেষ্টা কৰিও তেওঁ নিজৰ বাবে এজন কিডনিৰ দাতা যোগাৰ কৰিব নোৱাৰিলে৷ বাধ্যহৈ কোম্পানীয়ে তেওঁক ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিলে৷ ইয়াত এতিয়ালৈকে ড'নাৰৰ নেটৱৰ্ক শক্তিশালী নোহোৱাত ৰোগীৰ পৰিয়ালে নিজেই দাতা বিচাৰিবলগীয়া হয়৷আকৌ ২০১৩চনৰ পৰা আৰম্ভ হবলগীয়া লিভাৰ ট্ৰান্সপ্লান্ট অপাৰেচনৰ বাবে এতিয়ালৈকে ৭০জন ৰোগীয়ে নিজৰ নাম তালিকাভুক্ত কৰাইছে৷ কোনো নাগৰিকতা,ধৰ্ম বা জাতিৰ বাচ-বিচাৰ নকৰাকৈ এনে বৃহৎ আৰু মহৎ আঁচনি কাটাৰে  আৰম্ভ কৰাটো শলাগিব লগীয়া কথা৷ আমেৰিকাৰ দুটিমান অনুষ্ঠানে কাটাৰৰ কিডনিৰ ট্ৰান্সপ্লান্ট অপাৰেচনক বেচ উচ্চমানৰ বুলি স্বীকৃতিও দিছে৷
      মুখনিত কেইটিমান কথা ঔষধ আৰু ফাৰ্মাচী সম্বন্ধে কম৷ আশ্চৰ্য্যৰ কথা  চুপ্ৰিম  কাউন্সিল অৱ হেল্থে ইয়াৰ ফাৰ্মাচিষ্টক "ডাক্তৰ" লিখাৰ অধিকাৰ দিছে৷ ইয়াৰ  ফাৰ্মাচীবিলাকে  প্ৰেচক্ৰিপচন নোহোৱাকৈ দৰব পৰাপক্ষত নিদিয়ে, সৰুসুৰা দুই এবিধৰ বাহিৰে৷ প্ৰেচক্ৰিপচনৰ এটা কপি তেওঁলোকে জমা ৰাখে৷ একেবিধ দৰবৰ  দামত বৃহৎ তাৰতম্য দেখা যায়৷ উদাহৰণ স্বৰূপে  ব্ৰেণ্ড ভেদে দহটা চিপ্ৰ'ফ্লস্কেচিনল টেবলেটৰ মূল্য ১৪ ৰিয়ালৰ পৰা ৮৪ ৰিয়ালৰ  ভিতৰত৷ কম দামী দৰবে কি কাম কৰিব (?) - কাটাৰী আৰু আন আৰবী লোকৰ মানসিকতা হ'ল এনেকুৱা৷
বহুত বিলাক শেহতীয়া আধুনিক দৰব, যেনে শৰীৰৰ চৰ্বি আৰু ওজন কমোৱা নিপুন্টিয়া -৫০০ কাটাৰত সহজে উপলব্দ্ধ হলেও কিছুমান অতি লাগতিয়াল দৰব যেনে ইউৰি-ডিঅস্কি-কলিক এচিড (পিত্ত আৰু লিভাৰৰ দৰব) বজাৰত সহজে  বিচাৰি পোৱা নাযায়৷ দৰবৰ মূল্য কাটাৰত বেচ উচ্চ৷ এটা ডাইক্লফেনেক বেজী বা এটা পেন্টপ্ৰজল টেবলেটৰ সৰ্বনিম্ন মূল্য হ'ল- ৫ ৰিয়াল অৰ্থাৎত ৭৫টকা ৷ ইঞ্চিওৰেঞ্চ নথকা, হেল্থ কাৰ্ড নথকা  আৰু  যি বিলাক  কৰ্মচাৰীক  কৰ্তৃপক্ষই চিকিৎসা সাহাৰ্য্য নিদিয়ে - তেনে লোকৰ বাবে চিকিৎসা হল এক ব্যয়বহুল পদ্ধতি৷ দেশৰ চৰকাৰী চিকিৎসালয়সমূহে হেল্থ কাৰ্ড নথকা ৰোগীক মাত্ৰ জৰুৰীকালীন সেৱাহে দিয়ে৷ চুবুৰীয়া দেশ সংযুক্ত আৰব আমীৰাটত দৰবৰ ব্ৰেণ্ড নাম লিখাৰ পৰিবৰ্তে জেনেৰিক বা ৰাসায়নিক নামহে লিখিব লাগে৷ কাটাৰত কিন্তু বেলেগ বেলেগ ব্ৰেণ্ডৰ নাম আৰু দাম নাজানিলে ৰোগীক সহায় কৰাৰ পৰিবৰ্তে খৰচান্ত কৰোৱা হব৷দৰবৰ দামৰ ওপৰত চুপ্ৰিম কাউন্সিল অৱ হেল্থে এক জন-হিতকাৰী নতুন নীতি প্ৰবৰ্তন কৰিলেহে কাটাৰৰ সকলো শ্ৰেণীৰ লোক উপকৃত হব ৷



Total Pageviews