Translate

Thursday, December 6, 2012

কাটাৰৰ শিক্ষা ব্যৱস্থা


কাটাৰৰ ডায়েৰী -১৯



  • আজিৰ কাটাৰৰ ডায়েৰীৰ যোগেদি বিশ্বৰ আটাইতকৈ চহকী দেশ কাটাৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে পাঠকসকলক মই অৱগত কৰিবলৈ প্ৰয়াস কৰিম৷
                 
     পোনতেই কাটাৰৰ বিষয়ে দুটিমান আগকথা জনাই লওঁ৷কাটাৰ হ'ল এখন সৰু দেশ- যাৰ আয়তন অসমৰ পাঁচ ভাগৰ এভাগ৷ ইয়াৰ বৰ্তমান জনসংখ্যা হ'ল ১৬  লাখ, তাৰে ১২ লাখ পুৰুষ আৰু ৪ লাখ মহিলা৷ কিন্তু তাৰে প্ৰায়  শতকৰা আশী ভাগেই হ'ল বহিৰাগত৷আকৌ দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ড'হাত৷দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ চেপ্তেম্বৰ, ১৯৭১চনত৷কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকুলীয় চহৰ দোহ্কানত ১৯৪০চনত  পোন প্ৰথম বাৰৰ বাবে খাৰুৱা তেলৰ আবিস্কাৰ হয়৷ দেশৰ অৰ্থনীতি খাৰুৱা তেলেই টনকিয়াল কৰি ৰাখিছে৷ শিক্ষাৰ ক্ষেত্ৰত স্বাধীনোত্তৰ কালত উন্নতি ক্ষিপ্ৰতৰ হব ধৰিলে৷
                   কাটাৰত প্ৰথম চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৫২ চনত৷ ১৯৫৪ চনত আৰম্ভ হয় প্ৰাপ্ত বয়স্ক শিক্ষা আচনি৷উদগণি স্বৰূপে তেতিয়া চাৰি বছৰীয়া শিক্ষাৰ প্ৰমাণ-পত্ৰসহ এটি মাহেকীয়া মাননি দিয়া হৈছিল৷বৰ্তমান দেশখনত আছে ১১৩ খন চৰকাৰী বিদ্যালয়৷ তাৰে ৬০ খন লৰাৰ আৰু ৫৩ খন ছোৱালীৰ৷
                     ইয়াত প্ৰাথমিক শিক্ষা ৬ বছৰৰ৷ তাৰ পিছত পোনতে ৩ বছৰীয়া মধ্যমীয়া, আকৌ ৩ বছৰীয়া চেকেন্দৰী শিক্ষা৷চেকেন্দৰী পৰ্য্যায়ত বিজ্ঞান বা কলা শাখা বাচি লব লাগে৷১৯৬৭ চনত শিক্ষকৰ বাবেও  ট্ৰেইনিং অনুস্থানৰ শুভাৰম্ভ হয়৷১৯৭৩ চনত ড'হাত কাটাৰ বিশ্ববিদ্যালয় মুকলি হয়৷ যোৱা দুই দশকৰ ভিতৰত ড'হাত বিশ্বৰ কেইবাটিও আগশাৰীৰ বিশ্ববিদ্যালয়ে নিজৰ শাখা মুকলি কৰিছে৷
                      চৰকাৰী শিক্ষানুস্থানৰ ওপৰিও আছে এই দেশত অনেক উচ্চমানৰ ব্যক্তিগত শিক্ষানুস্থান৷আমেৰিকা, ব্ৰিটেইন, ভাৰত,  পাকিস্তান,ফিলিপিনি, চুডানী, লেবানিজ আদিৰ দ্বাৰা এইবিলাক স্থাপিত৷তাত অনেক কাটাৰীয়েও শিক্ষা লাভ কৰে৷চৰকাৰে ষ্টেচনাৰী,বিদ্যুত,পানী ইত্যাদিৰ সুবিধা দি ব্যক্তিগত শিক্ষানুস্থান সমূহক সহায় কৰে৷ চৰকাৰী শিক্ষানুস্থানত কাটাৰীৰ ওপৰিও ৰেচিডেন্ট ভিছা থকা অইন দেশৰ ছাত্ৰৰো মাছুল নালাগে৷ব্যক্তিগত শিক্ষানুস্থানসমূহৰ মাছুল বেচ উচ্চ হাৰৰ৷স্কুলত খেল-ধেমালি,সংগীত, লাইব্ৰেৰী, কম্পিউটাৰ, চুইমিংপুল, কেন্টিন আদিৰ সকলো সুবিধা থাকে৷প্ৰাইভেট টিউচন কাটাৰত বিশেষ নচলে৷ বিশেষকৈ স্কুলৰ শিক্ষকে টিউচন নলয়৷তেওঁলোকৰ দা-দৰমহা বেচ ভাল৷ স্কুল ভেদে বেলেগ হলেও আমাৰ ভাৰতীয় একলাখ টকাৰ কম নহয়৷
              আমাৰ দেশৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলে নিজৰ লৰা-ছোৱালীক চি বি এচ ইৰ অধীনত থকা ব্যক্তিগত শিক্ষানুস্থানত পঢ়োৱায়৷ইয়াৰ ভিতৰত প্ৰমুখ হ'ল - ড'হা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল, এম ই এচ ইণ্ডিয়ান স্কুল, ডি পি এচ ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল ৷ 
                           কিছুমান উল্লেখযোগ্য অনুষ্ঠানৰ নাম হ'ল  - কেমব্ৰিজ স্কুল, ড'হা ইংলিছ স্পিকিং স্কুল, ড'হা কলেজ : এই তিনিওখনত ব্ৰিটিছ কেৰিকুলাম চলে৷আমেৰিকান স্কুল অৱ ড'হাত চলে আমেৰিকাৰ কেৰিকুলাম৷
    এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হব৷ ১৯৯৫চনত চৰকাৰী সাহাৰ্য্যৰে কাটাৰ ফাউণ্ডেচন অৱ এডুকেশ্বন,চাইন্স এণ্ড কমিউনিটি ডেভেলপমেন্ট নামৰ এটি সংস্থা গঢ় লৈ উঠে ৷কাটাৰ ফাউণ্ডেচনৰ তিনিটা লক্ষ্য হ'ল- শিক্ষা,বিজ্ঞান আৰু গবেষণাৰ দিশত অৰিহনা যোগোৱা৷ কাটাৰ এডুকেশ্বন চিটিৰ বিশাল পৰিসৰৰ কেম্পাচত আমেৰিকা, কানাডা,ফ্ৰান্সকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ  কমেও ৮খন বিশ্ববিদ্যালয়ে নিজৰ শাখা ড'হাত মুকলি কৰিছে৷ তাৰ ভিতৰত উল্লেখযোগ্য হ'ল -   ভাৰ্জিনিয়া কমনৱেল্থ ইউনিভাৰ্চিটি (১৯৯৮), ৱেল মেডিকেল কলেজ (২০০২),টেস্কাচ এ এম ইউনিভাৰ্চিটি (২০০৩), কাৰ্ণেজি মেলন ইউনিভাৰ্চিটি (২০০৪),জৰ্জ টাউন ইউনিভাৰ্চিটি অৱ ফৰেইন চাৰ্ভিচেজ (২০০৫), নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি (২০০৮),  এইচ ই চি পেৰিচ (২০১১), ইউনিভাৰ্চিটি কলেজ অৱ লণ্ডন(২০১১) , ষ্টেনডেন ইউনিভাৰ্চিটি, কলেজ অৱ নৰ্থ আটলান্টিক আদি৷ সাংবাদিকতা,ডিজাইন,মিউজিয়াম,পূৰাতত্ব আৰু নানা বিষয়ৰ শিক্ষা এই বিশ্ববিদ্যালয় সমূহে দিয়ে৷ ইয়াৰ ওপৰিও চৰকাৰে নিজা খৰচত উপযুক্ত কাটাৰী ছাত্ৰক বিদেশত বিভিন্ন বিষয়ত উচ্চ শিক্ষা লবলৈ পঠিযায়৷              
      কাটাৰ ইউনিভাৰ্চিটি দৰ্শনৰ কথা যোৱা বাৰৰ ডায়েৰীত লিখিছিলোঁ৷ আজি তাৰ বিষয়ে আপোনালোকক কিছু কথা জনাওঁ৷বিশ্ববিদ্যালয়খন ১৯৭৩চনত ৫৭জন ছাত্ৰ আৰু ৯৩জনী ছাত্ৰীলৈ শুভাৰম্ভ হয়৷ ৩বছৰ পিছত ২৬০০জন শিক্ষাৰ্থীৰে ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম আৰম্ভ হয়৷আজি বিশ্ববিদ্যালয়খনত থকা আন বিষয়সমূহ হ'ল - ক'লা,বিজ্ঞান,আইন,শিক্ষা, বাণিজ্য,অৰ্থনীতি,ইচলামিক ষ্টাডি আৰু ফাৰ্মাচী ৷ ২০০৬চনত ফাৰ্মাচীৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ হৈছে৷ বিশ্ববিদ্যালয়ৰ মুঠ শিক্ষাৰ্থীৰ  সংখ্যা ৮০০০ৰঅধিক৷আমোদজনক কথা ইয়াৰে ৭৩শতাংশই হ'ল মহিলা৷ইংৰাজী আৰু আৰবী দুয়োটা ভাষাতে পাঠদান কৰা হয়৷বিশ্ববিদ্যালয়ৰ পৰিবেশ অতিকে মোহনীয়৷(লিখনিৰ লগৰ ছবিয়েই সবিশেষ কব৷)

    দেশখনৰ সকলো শিক্ষানুষ্ঠানৰ গতিবিধি নিয়ন্ত্ৰণ কৰে চুপ্ৰিম কাউঞ্চিল অৱ এডুকেশ্বনে৷ 
    ইউনেস্কোৰ তথ্যমতে কাটাৰত পুৰুষৰ শিক্ষিতৰ হাৰ ৯০শতাংশৰ বিপৰীতে মহিলাৰ ৯৮শতাংশ৷

    ডায়েৰী সামৰি আজিলৈ আহোঁ৷ মোৰ ডায়েৰী পঢ়ি ভাল পোৱা আৰু নিৰন্তৰ উদগণি যোগোৱা পাঠকসকলক ধন্যবাদ জনাই পুনৰাই এই শিতানত আপোনাসবক লগ পোৱাৰ আশাৰে বিদায় ললোঁ৷

    ডা০ ভূপেন  শইকীয়া                              
    তাৰিখ  ২৪ নভেম্বৰ ২০১২ :  ড'হা, কাটাৰ :                        
    ম'বাইল - 0974-33738722
     E mail ~ drbksaikia@gmail.com
     ******************************************************************************
    • Pratim Pratap Baruah পঢ়ি ভাল পালোঁ । কিতাপৰ কথাটো নাপাহৰিব । 
      আৰু কাটাৰৰ স্থানীয় মানুহৰ সামাজিক জীৱন-যাত্ৰাৰ বিষয়ে এই শিতানতে আৰু জানিবলৈ আশা ৰাখিছোঁ ।
    • Bidul Boruah ভাল লাগিল পঢ়ি।
    • Pranab Nath কাটাৰ দেশৰ ক্ষুদ্ৰ আকাৰ/ তথাপি আছে শিক্ষাৰ বাহাৰ// ভাল লাগিল আপোনাৰ ডায়েৰী/ লিখিবচোন কেতিয়াবা সেইদেশৰ শ্যায়েৰী//
    • DrBhupendra Saikia কাটাৰৰ ডায়েৰী নিয়মীয়াকৈ পঢ়ি ভাল পোৱা, উদগণি যোগোৱা আৰু পঢ়িবলৈ আগ্ৰহেৰে বাট চোৱাসকললৈ অশেষ ধন্যবাদ জনালোঁ৷
    • Dhananjay Deka খুব ভাল লাগিল

No comments:

Post a Comment

Total Pageviews