স্কুলীয়া দিনত এবাৰ এখন ৰচনা প্ৰতিযোগিতা হৈছিল৷ ছাত্ৰসকলক এমাহৰ সময় দিয়া হৈছিল৷মেধাবী ছাত্ৰ আৰ্নেষ্ট হেমিংৱেই ভাবি আচৰিত হ'ল -এইটো বিষয়ৰ ওপৰত দুঘন্টাতেই ৰচনা এখন লিখিব পাৰিচোন৷ তেওঁ দিনবোৰ অবাবতে যাব দিলে আৰু শেষৰ দুদিনত ৰচনাখন লিখি জমা দিলে৷ মনতে ভাবিলে প্ৰথম পুৰস্কাৰ নিশ্চয় পাম৷ কিন্তু কোনো এটা পুৰস্কাৰ নাপাই বৰ ব্যথিত হ'ল৷ তেতিয়া তেওঁৰ বিদূষী বায়েকে বুজালে- চোৱা, এইটো হ'ল এমাহৰ কাম এদিনত কৰাৰ পৰিণাম ৷নিজৰ ৰচনাক যিমানে সময় দি ঘঁহিবা পিহিবা, সিমানে সেইয়া উজ্জ্বল হব৷
(১৮৯৯চনত আমেৰিকাৰ চিকাগোৰ ওচৰৰ এখন সৰুগাঁৱত জন্ম গ্ৰহণ কৰা আৰ্নেষ্ট হেমিংৱেই ১৯১৮চনৰ প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইটালিয়ান সৈন্যবাহিনীৰ এম্বুলেঞচৰ ড্ৰাইভাৰৰ চাকৰি কৰি সাহসিকতাৰ বাবে ৰূপৰ পদক পাইছিল৷যুদ্ধৰ শেষত আমেৰিকালৈ ঘূৰি গৈ সাংবাদিকতাৰ বৃত্তিত যোগদান কৰে আৰু নতুন কৰ্মক্ষেত্ৰ পেৰিচলৈ বদলিহৈ
আহে৷১৯৫১চনত "অ'ল্ডমেন এণ্ড দি চি" নামৰ জীৱনৰ আটাইতকৈ বিখ্যাত উপন্যাসখন লিখি ১৯৫৩চনৰ পুলিটজাৰ বঁটা লাভ কৰে ৷ তেওঁ আফ্ৰিকালৈ যাওঁতে দুবাৰকৈ বিমান দূৰ্ঘটনা আৰু শাৰীৰিক ব্যাধিৰ সন্মুখীন হয়৷আৰ্নেষ্ট হেমিংৱেই ১৯৫৪ চনত সাহিত্যৰ বাবে নবেল বঁটা পাইছিল৷১৯৬১চনৰ ২ জুলাইত শাৰীৰিক আৰু মানসিকভাবে ভাগি পৰা আৰ্নেষ্ট হেমিংৱেই আত্মহত্যা কৰি এই সংসাৰ ত্যাগ কৰে৷)
No comments:
Post a Comment