কাটাৰৰ
চিকিৎসা ব্যৱস্থাৰ মানদণ্ড বিশ্বমানৰ৷ এই দেশে স্বাধীনতা লভিবৰ চাৰিটা দশক সম্পূৰ্ণ হৈছে মাথো ৷কিন্তু চিকিৎসাৰ দিশত সৰ্বতোপ্ৰকাৰে অভাৱনীয় উন্নতি পৰিলক্ষিত হৈছে৷চৰকাৰৰ তত্বাবধানত সৰ্ব -সাধাৰণৰ বাহিৰেও শিশু, নবজাতক, মহিলা, মানসিক ৰোগী, কেঞ্চাৰ ৰোগী, দন্ত চিকিৎসাৰ, অস্থিৰোগৰ, ক্ৰীড়াৰ ফলত হোৱা আঘাতৰ ৰোগীৰ বাবে পৃথক পৃথক চিকিৎসালয় স্থাপিত হৈছে৷আৰু আছে ৰোগ পৰীক্ষাৰ অত্যাধুনিক সা-সৰঞ্জামযুক্ত লেবৰেটৰী৷ স্বাস্থ্যখণ্ডত উন্নতিৰ প্ৰধান কাৰণ মই ভবাত তিনিটা৷ প্ৰথমটো হ'ল বছেৰেকীয়া স্বাস্থ্য
বাজেটত এক বুজন
ধনৰ বিনিয়োগ৷দ্বীতিয়তে এই
দেশলৈ অহা নবাগত
সকলৰ কঠোৰ স্বাস্থ্য
পৰীক্ষা, যাৰ বিষয়ে আগলৈ
বহলাই বৰ্ণনা কৰিম৷তৃতীয়তে দেশখনৰ সীমিত জনসংখ্যা ৷ তদুপৰি পৰিস্কাৰ-পৰিছন্ন পৰিবেশও ৰোগ বৃদ্ধি নোহোৱাৰ এক উল্লেখযোগ্য কাৰণ৷
বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত দেশখনৰ ৩৩% চৰকাৰী সেৱাৰ বিপৰীতে
, ৬৭ % সেৱা ব্যক্তিগত খণ্ডই প্ৰদান কৰি আছে৷প্ৰসৱজনিত মাতৃৰ মৃত্যুহাৰ এই দেশত তেনেই নগণ্য্৷
মেডিকেল শিক্ষাৰ ক্ষেত্ৰত কাটাৰ অৱশ্যে নবাগত৷২০০১ চনত আমেৰিকাৰ ৱেল কৰ্ণেল মেডিকেল কলেজে ড'হাত তেওঁলোকৰ কলেজৰ এটি শাখা খোলে৷ইয়াত মেডিকেল আৰু পেৰা-মেডিকেল শিক্ষাৰ ব্যৱস্থা আছে৷৩৮০খন বিচনা মেডিকেল কলেজত পৰিসৰৰ ভিতৰত অলপতে মুকলি হব৷বৰ্তমান শিক্ষাৰ্থী সকলে কাটাৰৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় (হামাড মেডিকেল কৰ্পৰেচনত) প্ৰেক্টিকেল শিক্ষা লয়৷মেডিকেল কলেজখন কাটাৰ ফাউণ্ডেচনৰ এডুকেশ্বনেল চিটিৰ ভিতৰত অৱস্থিত৷৷মুঠ ৬ বছৰৰ শিক্ষাৰ অন্তত আমেৰিকাৰ বিশ্ববিদ্যালয়ে ছাত্ৰসকলক এম,ডি ডিগ্ৰী প্ৰদান কৰে৷
১৯৫৭
চনত ২০০খন বিচনাযুক্ত ৰুমেইলা হস্পিতেল ৰাজধানী চহৰ ড'হাত
মুকলি হয়৷১৯৭৭ চনত চৰকাৰে
ইয়াৰ অন্তৰ্গাথনিৰ প্ৰভূত উন্নতি
সাধে৷ ১৯৮২ চনত ৬২১খন বিচনাযুক্ত হামাদ মেডিকেল কৰ্পৰেচনৰ শুভাৰম্ভ হয়৷
১৯৮৮চনত মুকলি হয় ৩৩৪ খন বিচনাযুক্ত (চৰকাৰী) মহিলা হস্পিতেল৷২০০৪ চনত মুকলি হয় অল-অমল কেঞ্চাৰ হস্পিতেল৷ ইয়াত জাৰ্মানীৰ সহযোগত কেঞ্চাৰ ৰোগৰ অত্যাধুনিক চিকিৎসা আৰু বিভিন্ন প্ৰশিক্ষণ দিয়া হয়৷লাহে লাহে দেশখনৰ আন ঠাইটো বিভিন্ন চৰকাৰী চিকিৎসালয় মুকলি হ'ল৷যোৱা দশকটোত চৰকাৰৰ উদগনি পাই ভালেকেইখন উন্নতমানৰ ব্যক্তিগত চিকিৎসালয়, ক্লিনিক আৰু লেবৰেটৰীৰ শুভাৰম্ভ হ'ল৷এইসকলো বিলাকৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে আমাৰ দেশৰ মেডিকেল কাউঞ্চিলৰ সমকক্ষ - "চুপ্ৰিম কাউঞ্চিল অৱ হেল্থে" –৷
কাটাৰত সঘনাই হৈ থকা অন্তৰাষ্ট্ৰীয় খেল- ধেমালিৰ প্ৰতি লক্ষ্য ৰাখি ড'হাত ২০০৯ চনত মুকলি কৰা হৈছে
- অৰ্থপেডিক আৰু্ স্পৰ্টচ মেডিচিনৰ
"এচপিটাৰ হস্পিতেল"৷২০০৬ চনত য'ত এচিয়ান গেমছ হৈছিল- তাতেই চিকিৎসালয়খন স্থাপিত হৈছে৷ এইখিনিতে উল্লেখ কৰিলে ভাল হব যে ২০২২চনত ফুটবলৰ বিশ্বকাপৰ আয়োজক দেশ হ'ল কাটাৰ৷
এতিয়া ৰোগ আৰু ৰোগীৰ বিষয়ে কিছু আলোচনা কৰিম৷মই মোৰ ৰোগী বিলাকক অসুখৰ বাহিৰেও দুই চাৰিটা অন্য কথা সোধো ৷ বাংলাদেশীক বঙালীত আৰু হিন্দী জনা ভাৰতীয় সকলৰ লগত হিন্দীত ভাৱ বিনিময় কৰো৷ এদিন
অসমীয়াত ৰোগী এজনৰ লগত কথা পাতিবলৈ পাইছিলো ৷ ২৪ বছৰীয়া পটেল উপাধিৰ লৰা এজনে চাকৰি সংক্ৰান্তত মোৰ ওচৰত স্বাস্থ্য পৰীক্ষা কৰাব আহিছিল৷মোৰ নামটোৰ পৰা মোৰ পৰিচয় পাই সি জনালে তিনিচুকীয়াৰ পৰা মেট্ৰিক পাচ কৰাৰ কথা ৷ইয়াৰ ওপৰিও মাজে মাজে
অসমীয়া জনা নেপালী দুই এজন নোপোৱা নহয়৷এতিয়ালৈ মই লগ পোৱা
কাটাৰী প্ৰায় কেইজনেই ইংৰাজী জনাৰ বাবে মই চিকিৎসা দিবলৈ কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই ৷
পোনতেই এই দেশত মোৰ যোৱা ছমাহৰ অভিজ্ঞতাৰ কথাৰে
আৰম্ভ কৰো৷মেডিচিন বিভাগৰৰ
ডাক্তৰ হিচাবে মই
সচৰাচৰ চোৱা ৰোগ
সমূহ হ'ল- ডায়েবেটিজ, উচ্চ-ৰক্তচাপ, তেজত অধিক চৰ্বি হোৱা ৰোগ, কাঁহ আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগ, বিভিন্ন উদৰৰ বিকাৰ, বাত বা
গাঠিৰ বিষ, জ্বৰ-মূৰৰ বিষ, খহু-খজুৱতি আদি
চৰ্ম ৰোগ৷প্ৰথম তিনি
বিধ অসুখৰ ৰোগী সদায়েই চাওঁ৷ তিনিও বিধ অসুখৰ পৰাই বিভিন্ন উপসৰ্গ আৰু জটিলতা, হৃদৰোগ, কিডনিৰ অসুখ আদি দেখা দিব পাৰে৷উদৰৰ বিকাৰৰ ভিতৰত ঘাইকৈ বুকু জ্বলা-পুৰা কৰা, টেঙাপানী
বমি হোৱা, পেটফুলা,
গেছ হোৱা আৰু ভোক কমকৈ লগা আদিয়েই প্ৰমুখ উপসৰ্গ ৷কেতিয়াবা এপেণ্ডিচাইটিচ, পিত্তত পাথৰ, কিডনিত পাথৰ হোৱাৰ ফলত পেটৰ বিষলৈয়ো
ৰোগী আহে৷থাইৰড হৰম'নৰ পৰিমান কম থকা আৰু য়ুৰিক এচিড বেচি থকা ৰোগীও মাজে-মাজে পাওঁ৷কাঁহ-চৰ্দি-ডিঙিৰ বিষ ঘাইকৈ টনচিল বা ফেৰিংচত বীজানুৰ
সংক্ৰমণৰ ফলত শীত কালত বেচিকৈ
হয়৷ভবামতে কাটাৰত হাঁপানী ৰোগী বেচি দেখা নাই৷ইয়াৰ
জলবায়ু শুকান৷ বায়ুত
আদ্ৰতা কম৷ ভিজা
কাপোৰ সোণকালে শুকায়
আৰু শুকান খোৱা
বস্তু (যেনে পাপৰ)
বহু দেৰীলৈকে সেমেকি
নাযায়৷ ৷জলবায়ুৰ প্ৰভাৱ শ্বাসৰ ৰোগ আৰু বিভিন্ন এলাৰ্জিজনিত ৰোগৰ ক্ষেত্ৰত অৱশ্যই পৰে৷
কাটাৰত ভাইৰেল ফিভাৰৰ ৰোগী পোৱা নাই৷ প্ৰদূষিত পানীৰ ব্যৱহাৰৰ ফলত হোৱা হেপাটাইটিচ এ জণ্ডিচ, টাইফয়েড, কলেৰা, গেষ্ট্ৰএন্টাৰাইটিচ আদি ৰোগ দেখা পাবলৈ নাই৷ডেংগু নাই৷ মেলেৰিয়া ৰোগীও নাই৷অৱশ্যে ছুটীত ঘৰলৈ গৈ ঘূৰি আহোতে দুই এজনে মেলেৰিয়া জণ্ডিচ, টাইফয়েড, ডিচেন্ট্ৰিত আক্ৰান্ত হৈ অহাৰ কথাতো সুকীয়া৷ মহ ইয়াত নাই৷ মাখি কাচিৎ কৰবাত দুই এটা দেখা যায়৷মিনাৰেল ৱাটাৰৰ বাহিৰে ইয়াত অইন কোনো পানী খোৱাৰ বাবে ব্যৱহাৰ নহয়৷
মদৰ প্ৰচলন সীমিত বাবে মদৰ ফলত হোৱা নানা লিভাৰৰ অসুখ চিৰচিচ, পেনক্ৰিয়াটাইিচ, মেলিনা, হিমাটেমেচিচ আদি ৰোগো তেনেই কম৷ড্ৰাগছ নিসিদ্ধ বাবে তাৰ ফলত হব পৰা ৰোগ সমূহৰ পৰাও দেশখন মুক্ত৷
কাটাৰৰ চিকিৎসা ব্যৱস্থা (দ্বিতীয় খণ্ড)
এইখিনিতে ৰেচিডেন্ট ভিছা পাবৰ বাবে কৰনীয়খিনিৰ কথা জনাই লব খুজিছো৷ কাটাৰত কাম কৰিবলৈ অহা নাইবা এমাহৰ অধিক দিন লগত থাকিব খোজা পৰিয়ালৰ লোকক ৰেচিডেন্ট ভিছাৰ প্ৰয়োজন৷ এনে
প্ৰতিজন ব্যক্তিৰ কাটাৰৰ ফৰেনচিক বিভাগে নিজাকৈ কম্পিউটাৰত ফটো লয়, চকুৰ স্কেন কৰে আৰু হাতৰ দহোটা আঙুলিৰ ফিংগাৰ প্ৰিন্ট সংৰক্ষণ কৰে৷মেডিকেল কমিশ্বন নামৰ চৰকাৰী স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষা কৰে
; তেজৰ নমুনা লয় আৰু বুকুৰ এক্সৰে লয়৷ইয়াৰ দ্বাৰা আবেদনকাৰী ব্যক্তিজন টিবি, হেপাটাইটিচ-বি, হেপাটাইটিচ-চি, এইচ আই ভি আৰু এচ টি ডিৰ ৰোগমুক্ত বুলি প্ৰমাণিত হলেহে ৰেচিডেন্ট ভিছাৰ বাবে যোগ্য হব৷ ইয়াৰ ওপৰি হেপাটাইটিচ -বিৰ ছিতা লোৱাৰো প্ৰয়োজন হয়৷ ৰেচিডেন্ট ভিছা পোৱাৰ পিছত এজন ব্যক্তিয়ে ৰেহাই মূল্যত চৰকাৰী চিকিৎসালয়ৰ সুবিধা পাবলৈ হলে ১০০ৰিয়াল খৰচ কৰি এখন
"হেল্থ কাৰ্ড" বনাই লব পাৰে৷আকৌ
প্ৰতি দুবছৰৰ মূৰে-মূৰে স্বাস্থ্য পৰীক্ষাৰ স্বাভাৱিক ৰিপৰ্ট পালেহে ভিছাৰ নবীকৰণ হয়৷গতিকে এনে নিয়ম সমূহে দেশৰ নাগৰিকক বিভিন্ন মাৰাত্মক
ৰোগৰ পৰা মুক্ত কৰি ৰাখিছে৷
ৰন্ধন বৃত্তিৰ লগত লোক সকলে স্বাস্থ্য পৰীক্ষা কৰাওতে শৌচ পৰীক্ষা কৰাতো বাধ্যতামূলক৷তেনে ৰান্ধনি বা পাকঘৰত কাম কৰিব অহা লোকৰ শৌচত কৃমি, জিয়াৰ্ডিয়া, এন্টামিবা আদি ধৰা পৰিলে তাক নিৰ্মূল কৰিবলৈ আমি মেডিচিনৰ চিকিৎসকে বিধান দিওঁ৷
কাটাৰকে
ধৰি সমূহ গাল্ফ দেশতেই মানুহৰ খাদ্যাভাসত এটা কথাত কিছু মিল থকা দেখা যায় - সেইটো হ'ল খাদ্যত মাংস,কণী, মাখন, চীজ,পনীৰ, গাখীৰ , ড্ৰাই ফ্ৰুইটচ্ ,বিভিন্ন ক'ল্ড ড্ৰিংকচ্ আদিৰ প্ৰাচুৰ্য্য ৷ শাক-পাচলিৰ তুলনাত আমিষ খাদ্যৰ মূল্য কম৷ইয়াত ৰন্ধনৰ বাবে ৰিফাইন ভিজিটেবল
তেল, চানফ্লাৱাৰ, কৰ্ণঅইল
আদি সচৰাচৰ ব্যৱহাৰ
হয়৷অলিভ তেল স্বাস্থ্যৰ
বাবে আটাইতকৈ ভাল যদিও ই মহঙা ৷ লিবিয়া আৰু উত্তৰ আফ্ৰিকাৰ প্ৰচুৰ অলিভ তেল উৎপাদন হোৱা দেশসমূহতহে অলিভ তেল আটাইতকৈ
সুলভ৷ডায়েবেটিজ, উচ্চ ৰক্তচাপ, ডিচলিপিডেমিয়া
(তেজত চৰ্বিৰ আধিক্য), গাওত আৰু বিভিন্ন হৃদৰোগ জীৱনধাৰণৰ পদ্ধতিৰ ফলত হোৱা বুলিয়েই চিকিৎসা
বিজ্ঞানে কয়৷ আনহাতে টুনা, চালমন মাছ আদি
সাগৰীয় মাছত স্বাস্থ্যৰ উপযোগী অমেগা- ৩ ফেটি এচিড থাকে৷
অমেগা- ৩ ফেটি এচিড হৃদৰোগৰ প্ৰতিৰোধকাৰক, মস্তিষ্ক আৰু স্নায়ুৰ বাবে পৰম উপকাৰী ৷
মই এতিয়ালৈকে ইয়াত কোনো কাটাৰী চিকিৎসকক লগ পোৱা নাই৷ বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসকৰ মাজত ভাৰতীয় চিকিৎসকৰ এক সুকীয়া স্থান আছে৷ কাটাৰত এক বুজন সংখ্যক চিকিৎসকেই হ'ল ভাৰতীয় ৷ইয়াত নতুনকৈ কামত যোগদান কৰিবলৈ অহা ডাক্তৰ,নাৰ্চ, টেকনিচিয়ান সকলোৱে চুপ্ৰিম কাউঞ্চিল অব হেল্থৰ লাইচেঞ্চ প্ৰাপ্তিৰ বাবে পৰীক্ষা দিব লাগে৷তাৰ পিছতো মাজে মাজে বিভিন্ন বাধ্যতামূলক প্ৰশিক্ষণ লৈ থাকিব লাগে৷
দেশখনৰ ব্যয়বহুল চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন অন্তৰাষ্ট্ৰীয় ইঞ্চিওৰেঞ্চ কোম্পনীৰ অৱদানৰ কথা অস্বীকাৰ কৰিব নোৱাৰি৷ দেশখনৰ বহুসংখ্যক কৰ্মচাৰীৰেই চিকিৎসা বীমা কৰোৱা থাকে৷
এইখিনিতে মই যোৱা বছৰ নভেম্বৰৰ পৰা আৰম্ভ হোৱা "কাটাৰ চেন্টাৰ ফৰ অৰ্গেন ট্ৰান্সপ্লান্টেচন" অনুষ্ঠানৰ বিষয়ে পাঠকসকলক অৱগত কৰাব খুজিছোঁ৷ চুপ্ৰিম কাউন্সিল অৱ হেল্থৰ তত্বাবধানত হামাড মেডিকেল কৰ্পৰেচনৰ ভিতৰত এই কেন্দ্ৰটোৱে কাটাৰত বসবাস কৰা কাটাৰী আৰু অইন সকলো দেশৰ লোকলৈ এক আশাৰ বাণী কঢ়িয়াই আনিছে৷ আমাৰ দেশত বা অইন যি কোনো দেশতেই একোটা কিডনিৰ ট্ৰান্সপ্লান্ট অপাৰেচনত কেইবালাখো টকা ব্যয় হয় বুলি সকলোৱে জানে৷কিন্তু কাটাৰে মানবীয়তাৰ খাতিৰত ইয়াত সেই কাম বিনামূলীয়াকৈ আৰম্ভ কৰিছে৷আনকি ডনাৰৰ ভিছা আৰু যাবতীয় চিকিৎসাৰ খৰছো বিনামূলীয়া৷ইতিমধ্যে এই সুবিধা লাভ কৰা সকলৰ ভিতৰত চুডানী, ফিলিপিনো,পাকিস্তানী আৰু কাটাৰী লোক আছে৷ বাৰ্গিজ বেটিমেন্ট ইন্টাৰনেশ্বনেল কোম্পানীত মোৰ এজন ভাৰতীয় ৰোগীৰ দুয়োটা কিডনি বেয়া হোৱাত তেওঁকো এই সকলো সুবিধা যচাৰ বিষয়ে মই ভালদৰে অৱগত৷ কিন্তু পৰিতাপৰ কথা বহুত চেষ্টা কৰিও তেওঁ নিজৰ বাবে এজন কিডনিৰ দাতা যোগাৰ কৰিব নোৱাৰিলে৷ বাধ্যহৈ কোম্পানীয়ে তেওঁক ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিলে৷ ইয়াত এতিয়ালৈকে ড'নাৰৰ নেটৱৰ্ক শক্তিশালী নোহোৱাত ৰোগীৰ পৰিয়ালে নিজেই দাতা বিচাৰিবলগীয়া হয়৷আকৌ ২০১৩চনৰ পৰা আৰম্ভ হবলগীয়া লিভাৰ ট্ৰান্সপ্লান্ট অপাৰেচনৰ বাবে এতিয়ালৈকে ৭০জন ৰোগীয়ে নিজৰ নাম তালিকাভুক্ত কৰাইছে৷ কোনো নাগৰিকতা,ধৰ্ম বা জাতিৰ বাচ-বিচাৰ নকৰাকৈ এনে বৃহৎ আৰু মহৎ আঁচনি কাটাৰে আৰম্ভ কৰাটো শলাগিব লগীয়া কথা৷ আমেৰিকাৰ দুটিমান অনুষ্ঠানে কাটাৰৰ কিডনিৰ ট্ৰান্সপ্লান্ট অপাৰেচনক বেচ উচ্চমানৰ বুলি স্বীকৃতিও দিছে৷
মুখনিত কেইটিমান কথা ঔষধ আৰু ফাৰ্মাচী সম্বন্ধে কম৷ আশ্চৰ্য্যৰ কথা
চুপ্ৰিম কাউন্সিল অৱ হেল্থে ইয়াৰ ফাৰ্মাচিষ্টক
"ডাক্তৰ" লিখাৰ অধিকাৰ দিছে৷ ইয়াৰ
ফাৰ্মাচীবিলাকে
প্ৰেচক্ৰিপচন নোহোৱাকৈ দৰব পৰাপক্ষত নিদিয়ে, সৰুসুৰা দুই এবিধৰ বাহিৰে৷ প্ৰেচক্ৰিপচনৰ এটা কপি তেওঁলোকে জমা ৰাখে৷ একেবিধ দৰবৰ দামত বৃহৎ তাৰতম্য দেখা যায়৷ উদাহৰণ স্বৰূপে ব্ৰেণ্ড
ভেদে দহটা চিপ্ৰ'ফ্লস্কেচিনল টেবলেটৰ মূল্য ১৪ ৰিয়ালৰ পৰা ৮৪ ৰিয়ালৰ ভিতৰত৷ কম দামী দৰবে কি কাম কৰিব
(?) - কাটাৰী আৰু আন আৰবী লোকৰ মানসিকতা হ'ল এনেকুৱা৷
বহুত বিলাক শেহতীয়া আধুনিক দৰব, যেনে শৰীৰৰ চৰ্বি আৰু ওজন কমোৱা নিপুন্টিয়া -৫০০ কাটাৰত সহজে উপলব্দ্ধ হলেও কিছুমান অতি লাগতিয়াল দৰব যেনে ইউৰি-ডিঅস্কি-কলিক এচিড (পিত্ত আৰু লিভাৰৰ দৰব) বজাৰত সহজে বিচাৰি পোৱা নাযায়৷ দৰবৰ মূল্য কাটাৰত বেচ উচ্চ৷
এটা ডাইক্লফেনেক বেজী বা এটা পেন্টপ্ৰজল টেবলেটৰ সৰ্বনিম্ন মূল্য হ'ল- ৫ ৰিয়াল অৰ্থাৎত ৭৫টকা ৷ ইঞ্চিওৰেঞ্চ নথকা, হেল্থ কাৰ্ড নথকা আৰু যি
বিলাক কৰ্মচাৰীক কৰ্তৃপক্ষই চিকিৎসা সাহাৰ্য্য নিদিয়ে - তেনে লোকৰ বাবে চিকিৎসা হল এক ব্যয়বহুল পদ্ধতি৷ দেশৰ চৰকাৰী চিকিৎসালয়সমূহে হেল্থ কাৰ্ড নথকা ৰোগীক মাত্ৰ জৰুৰীকালীন সেৱাহে দিয়ে৷ চুবুৰীয়া দেশ সংযুক্ত আৰব আমীৰাটত দৰবৰ ব্ৰেণ্ড নাম লিখাৰ পৰিবৰ্তে জেনেৰিক বা ৰাসায়নিক নামহে লিখিব লাগে৷ কাটাৰত কিন্তু বেলেগ বেলেগ ব্ৰেণ্ডৰ নাম আৰু দাম নাজানিলে ৰোগীক সহায় কৰাৰ পৰিবৰ্তে খৰচান্ত কৰোৱা হব৷দৰবৰ দামৰ ওপৰত চুপ্ৰিম কাউন্সিল অৱ হেল্থে এক জন-হিতকাৰী নতুন নীতি প্ৰবৰ্তন কৰিলেহে কাটাৰৰ সকলো শ্ৰেণীৰ লোক উপকৃত হব ৷
No comments:
Post a Comment