Translate

Thursday, December 6, 2012

প্ৰিয়ম



সকলো অভিমান পাহৰি
প্ৰিয়ম আহিল
প্ৰিয়তমৰ সমাধিৰ কাষত
আলফুলে বোলালে হাত
প্ৰতিচ্ছবিত
যেন উভটি যাব বহুযুগ আগলৈ ….

কিয়, কিয় এনে ' (?)
নালাগে কোনো প্ৰতুত্তৰ
হয় নেকি, সঁচা নেকি
(কোনোবাই কোৱা)
নচলে সংসাৰ আৰু সৃষ্টিশীলতা একেলগে (?)

অশৰীৰিহৈ আছা নেকি বাৰু চাই 
ৰৈ মোৰ কাষতে,
সজল নয়নে আহিছে প্ৰিয়ম আজি
 লৈ মাথো পবিত্ৰ ভালপোৱা
যাৰ বাবে আছিলা তুমি সদা আতুৰ

নাই, নাই আজি মোৰ কোনো ক্ষোভ
নাই কোনো আক্ষেপ
হমনে বাৰু লগ আকৌ এবাৰ 
পৰজনমৰ কোনো শুভ লগনত ?!?!

২২-১১-২০১২

No comments:

Post a Comment

Total Pageviews