দিনবোৰ ক্ষিপ্ৰভাবে বাগৰিব ধৰিছে ৷সিদিনা কেৰেলিয়ান ডেকা নাৰ্চ এজনে কলে - চাৰ,ইয়াত ব্যস্ততাৰ মাজত দিনবোৰ সোণকালে পাৰ হয় - ভাল কথা ৷ পিছে বেয়া লাগে জীৱনৰ দিনবোৰ হেৰুৱাই অন্তিম দিনবোৰৰ দিশলৈ ধাবমান হৈছোঁ৷ দেঢ় কুৰি বছৰ সম্পূৰ্ণ নোহোৱা ঘৰ-সংসাৰ নপতা যুৱক এজনৰ মুখত এনে যুক্তিপূৰ্ণ কথা শুনি মই বিস্মৃত হলোঁ৷
ঈদৰ চৰকাৰী বন্ধ কাটাৰত বেচ দীঘলীয়া হয় ৷ কাটাৰত কৰ্মৰত অসমীয়া লোকৰ সংখ্যা ক্ৰমে মোৰ আঙুলিৰ গণতিত বাঢ়িব ধৰিছে৷তাৰে কিছু সংখ্যক চৰকাৰী চাকৰিয়ালো আছে৷ পৰিয়ালৰসৈতে থকাবিলাকৰ ইঘৰ-সিঘৰৰ আহ-যাহ আছে৷বাকী পৰিয়াল আনিব নোৱৰা, ডঙুৱা, অবিবাহিতসকলে নিজৰ নিজৰ ক্ষুদ্ৰ গোটত বা আপোন জগতত ব্যস্ত হৈ থাকিবলগীয়া হয়৷ তাৰ মাজতে ১নভেম্বৰৰদিনা আমি সন্ধিয়া কেইঘৰমান মানুহে ড'হা এয়াৰপৰ্টৰ ওচৰৰ "এচিয়ানা" ৰেষ্ট্ৰুৰেন্টত লগহৈ চা-চিনাকী, মত-বিনিময় কৰিলোঁ৷ সেইদিনা ডাঙৰ সৰু মিলাই কুৰিজনহে গোট খাইছিল যদিও প্ৰত্যেকেই আন কোনোবা কাটাৰত কৰ্মৰত অসমীয়াৰ সম্ভেদ জানে বুলি আশ্বস্ত হলোঁ৷ কাটাৰ এয়াৰলাইনচত অসমীয়া এয়াৰ হোষ্টেচ আৰু ভিন্ন ভিন্ন ক্ষেত্ৰত অসমীয়া কেইবাজনো আছে বুলি জানি ভাল লাগিল৷ "কাটাৰ ট্ৰিবিউন" নামৰ ইংৰাজী সংবাদ পত্ৰৰ এজনসম্পাদকৰ পদত এগৰাকী অসমীয়া মহিলা আসীন হৈ থকাটো ভাল খবৰ নহয় জানোঁ ? যোৰহাটৰ ডাক্টৰ সূৰ্যকমল ভূঞা অল খ'ৰ অঞ্চলত গাল্ফ ড্ৰিলিং ইন্টাৰনেশ্বনেল কোম্পানীৰ চিকিৎসক হিচাপে কৰ্মৰত ৷ মোৰ সৈতে ফোনতহে পৰিচয় হৈছে৷ আকৌ ৰচলাফান ৰিফাইনেৰীৰ ২৷৩ জন অসমীয়া ইঞ্জিনীয়াৰ কৰ্মৰত ৷পাঠক
সকলৰ আমনি লাগিব পায় এনে সৰুসুৰা কথা পঢ়ি৷ সেয়ে প্ৰসংগ সলনি কৰিছোঁ৷
ইয়াত এটা প্ৰবাদ আছে - কাটাৰ সদায় বদলি হৈ থাকে, কালি যি কাটাৰ আছিল, আজিৰ কাটাৰ সেয়া নহয়৷ কথাটো আখৰে আখৰে
সঁচা৷ সিদিনা যোৰহাটৰ পৰা ইঞ্জিনিয়াৰিং পাচ কৰা জয়দীপ পাণ্ডেৰ ঘৰলৈ নৈশ ভোজৰ নিমন্ত্ৰণত গৈছিলোঁ৷ ড'হাত তেওঁৰ এঘাৰ বছৰ পূৰ্ণ হ'ল৷ তেওঁৰ মতে এঘাৰ বছৰ আগতে ড'হা গাঁৱৰ সদৃশ্য আছিল৷ যোৱা ৪৷৫ বছৰতহে ৰাজধানী চহৰ ড'হাৰ আৰু সমগ্ৰ কাটাৰৰ আধুনিক স্বৰূপটো ফুটি উঠিছে৷ একে কথাই অইন কাটাৰত বেচিদিন থকা লোকৰ মুখতো শুনোঁ৷ ড'হাৰ পৰা ৩০ কিলোমিটাৰ দূৰত কৃত্ৰিম দ্বীপত লুচেইল চিটিৰ নিৰ্মাণ কাৰ্য্য চলি আছে৷ ২০২২চনত ফিফাৰ খেলসমূহ তাৰ ষ্টডিয়ামত অনুষ্ঠিত হোৱাৰ কথা৷ মেট্ৰ ৰেল লুচেইল চিটিৰ পৰা কাটাৰা,কৰনিচ,চিটি চেন্টাৰ, গোল্ড শৌক, এয়াৰপৰ্টহৈ ড'হাৰ আনটো মূৰত থকা অল ৱাক্ৰালৈ চলিলে ড'হাৰ
মানচিত্ৰ আৰু জীৱন যাত্ৰা নিশ্চয় যথেষ্ট সলনি হব৷
এটা মোৰ বন্ধৰ দিনত লুইচেল চিটিৰ মেৰিনা বীচৰ কেইখনমান মোহনীয় ফটো তুলি কাটাৰা সাংস্কৃতিক কেন্দ্ৰ চাবলৈ প্ৰবেশ কৰিলোঁ৷কাটাৰৰ বীচো অতি সুন্দৰ৷ ইয়াৰ ওচৰে পাজৰে সাগৰৰ পাৰত ডাঙৰ ডাঙৰ হোটেল কেইবাখনো আছে৷ কাটাৰাত ঈদত সাগৰ পাৰত আলোকসজ্জা আৰু আতচবাজী প্ৰদৰ্শণ হৈছিল৷ আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে এই বিশাল সাংস্কৃতিক কেন্দ্ৰত আছে - এটি এম্পি থিয়েটাৰ, কেইবাটিও প্ৰদৰ্শনী গৃহ আৰু মিউজিয়াম৷ টুৰিষ্টক বিনামূলীয়াকৈ সৰু ৪৷৬জন বহিব পৰা বৈদ্যুতিক যানেৰে ঘূৰাই-পকাই দেখাই দিয়াৰ সুব্যৱস্থা আছে৷ বিশ্বৰ নানা দেশৰ টুৰিষ্টৰ আগমনে ঠাইডোখৰক এক প্ৰাণ চাঞ্চল্য প্ৰদান কৰিছে৷ এম্পি থিয়েটাৰৰ বাহিৰত গান্ধীজীৰ বান্দৰ তিনিটাৰ এক আধুনিক ধৰণেৰে নিৰ্মিত বিশাল প্ৰতিমূৰ্তিও দেখি আনন্দিত হলোঁ৷
ড'হাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে সাগৰৰ পাৰত দুই কোণত অৱস্থিত দুটি মিউজিয়ামে৷ এটি কৰনীচত হোটেল শ্বেৰাটনৰ ওচৰত থকা Msheireb Enrichment Centre নামৰ মিউজিয়ামে৷ য'ত আধুনিক কাটাৰৰ বিবৰ্তনৰ দৃশ্য নানান মডেল,চিত্ৰ, ইংৰাজী-আৰবী গ্ৰন্ঠ আৰু ডকুমেন্টৰীৰ সহায়ত প্ৰদৰ্শণ কৰা হৈছে৷ আনটো বিশ্ববিখ্যাত চীনা বংশোদ্ভৱ আমেৰিকান আৰ্কিটেক্ট আই এম পাইৰ দ্বাৰা নিৰ্মিত মিউজিয়াম অৱ ইচলামিক আৰ্টচ নামৰ মিউজিয়াম৷ সেইটো অৰ্ধচন্দ্ৰাকাৰ কৰনীচৰ আনটো মূৰত খলিফাৰ বাসভৱন আৰু লাইট হাউচৰ ওচৰৰ সাগৰত সোমাই নিৰ্মিত অতি ভব্য আৰু বিশাল ভৱন৷ আগৰ লাইট হাউচ এতিয়া হ'ল লাইব্ৰেৰী আৰু ইচলামিক সাংস্কৃতিক কেন্দ্ৰ ৷ মিউজিয়াম অৱ ইচলামিক আৰ্টচৰ পৰা ড'হাৰ নব্য আৰু অত্যাধুনিক নানা আকৃতিৰ ভৱনসমূহৰ নয়নাভিৰাম দৃশ্য সকলো সময়তে দেখা যায়৷ অৰ্ধচন্দ্ৰাকাৰ সাগৰ পাৰত আৰু ৰাজপথৰ আনটো পাৰেও কেইবাখনো পাৰ্ক আৰু চকুজুৰুৱা সেউজী ঘাঁহনিৰ দলিচা ৷ কৰনীচলৈ আহি সামান্য বৰঙণীৰ বিনিময়ত সাগৰত নৌকা ভ্ৰমণৰ আনন্দ লব পাৰি৷
কাটাৰৰ পৰা ড'হালৈ ঘূৰি আহোতে অল খ'ৰলৈ যোৱা ৰাজপথেৰে অলপ আগুৱাই গলে কাটাৰ বিশ্ববিদ্যালয়ৰ কেম্পাচ৷ তাৰ সেউজীয়া গছ-গছনিৰে ভৰা পৰিবেশ ভাল লাগিল৷ভৱনবিলাকৰ ডিজাইন আকৰ্ষণীয়৷ বিজ্ঞান,ক'লা আৰু ইঞ্জিনিয়াৰিং শাখাৰ পাঠদানে সেই কেম্পাচত হয়৷ আমি যাবৰ দিনা বন্ধৰ দিন থকাত মাত্ৰ কেইজনমান ছাত্ৰকহে সেই দিনা দেখা পালোঁ৷ বিশ্ববিদ্যালয়ৰ কেম্পাচত থকা গাড়ী পাৰ্কিং চাই অনুমান কৰিব পাৰি ছাত্ৰ আৰু শিক্ষক বেচি ভাগেই নিশ্চয় ডে-স্কলাৰ অৰ্থাৎ আবাসী নহয়৷
এইদৰে দিন যোৱাৰ লগে লগে কাটাৰক নতুনকৈ আবিষ্কাৰ কৰিব ধৰিছোঁ৷ অচিনাকী কাটাৰ মোৰ চকুত চিনাকী হৈ আহিব ধৰিছে৷
ডা০ ভূপেন শইকীয়া
ড'হা, কাটাৰৰ পৰা, ৮ নভেম্বৰ ২০১২ Email~ drbksaikia@gmail.com
Mobile 0974- 33738722
6666666666666666666666666666666666666666666666666666666666666666666666666666666666