Translate

Monday, September 28, 2015

ছালৰ এটি আচহুৱা ৰোগ – কিলইড

আপোনালোকৰ চকুত কিলইডৰ ৰোগী নিশ্চয় নপৰাকৈ থকা নাই৷ ভগবানে নকৰক কোনো  আত্মীয় এই ৰোগত আক্ৰান্ত হওক৷ৰোগৰ বৰ্ণনাটো কলেই ছবিখন আপোনাৰ চকুৰ আগত ভাঁহি উঠিব৷ ৰোগাক্ৰান্ত ব্যক্তিৰ শৰীৰৰ যি কোনো অংশৰ ছাল বাধাহীনভাবে বাঢ়িব ধৰে৷ অংশটো জিলিকি থাকে, উখহি থাকে,সাধাৰণতে ৰঙচুৱা বৰণৰ হয় আৰু এখন ঢাকনিৰ আকৃতিৰ হয়৷   কিলইড হোৱা অংশত বিষ,খজুৱতি বা দুয়োতাই হব পাৰে৷ ইয়াৰ উৎপত্তি  সাধাৰণ আঘাটৰ  দ্বাৰা (যেনে কাণ বা নাক ফুটোৱা,  টেটু কৰা বা আচিনাইক চিকুটি-বাকুটিলেও) কিলইড  হব পাৰে৷ জুইয়ে পোৰা ঠাইত, অপাৰেচনৰ কটা অংশত, কীট-পতংগই কামোৰা ঠাইত, কোনো দূৰ্ঘটনাৰ ফলত, যি কোনো ৰাসায়নিক দ্ৰব্যই অহিত কৰাৰ ফলতো কিলইডৰ সৃষ্টি হব পাৰে৷  পিঠিত চাবুকৰ কোব খালে চাবুকৰ কোব পৰা ঠাইত কিলইড হব পাৰে৷ ছিতা বা বেজী লোৱা ঠাইত নতুবা আঁচোৰ বা খজুৱতিৰ ঠাইত কিলইডৰ উৎপত্তি হব পাৰে ৷







কিয় এনে হয় প্ৰকৃত কাৰণ এতিয়ালকে চিকিৎসা বিজ্ঞানীসকলে ঠাঁৱৰ কৰিব পৰা নাই৷
কিলইড হ’ল এক প্ৰকাৰৰ টিউমাৰ য’ত অস্বাভাবিক ফাইব্ৰব্লাষ্ট কোষ জমা হৈ গৈ থাকে৷
বৰ্দ্ধিত ছাল (Hypertrophied scar ) আৰু কিলইড দুয়োবিধ পৃথক পৃথক অৱস্হা৷  প্ৰথম বিধ অৱস্হাত ছালে আঘাত পোৱা অঞ্চলৰ সীমা চেৰাই নাযায় ৷  কিন্তু কিলইডৰ কোনো সীমা নাথাকে৷
পুৰুষৰ তুলনাত মহিলাৰ এই ৰোগ সামান্য বেচিকৈ হোৱা দেখা যায়৷ একেটা পৰিয়ালৰ  কেইবাজনকো ৰোগাক্ৰান্ত হোৱা দেখা যায়৷ ক’লা বৰণৰ ছালৰ মাজত ৰোগৰ প্ৰাদূৰ্ভাৱ বেচি৷
কিলইডৰ চিকিৎসা এতিয়াও চিকিৎসকসকলৰ বাবে এক প্ৰত্যাহ্বানস্বৰূপ হৈ আছে৷ অপাৰেচন  কৰি ইয়াক আতৰ কৰাৰ প্ৰয়াস কেতিয়াবা বুমেৰাং হব পাৰে৷ সেয়ে কেতিয়াবা অপাৰেচন  কৰিলে লগত ৰেডিয়েচন থিৰাপী নাইবা ষ্টেৰইডৰ ড্ৰেচিং কৰাটো বাঞ্চনীয়৷
সাধাৰণতে ট্ৰায়ামচিনল’ন নামৰ ষ্টেৰইডৰ বেজী কিলইডৰ ওপৰত এমাহ বা ২৷৩সপ্তাহৰ ব্যৱধানত দিলে কিলইড সংকুচিত হৈ আহে৷
ক্ৰায়োথিৰাপি আৰু লেজাৰৰ দ্বাৰাও কিছু ৰোগীক চিকিৎসা দিয়া যায়৷ এনে চিকিৎসা হ’ল ব্যয়বহুল৷
ইন্টাৰফেৰন বেজীৰ দ্বাৰা চিকিৎসা কৰিও কিছু সুফল পোৱা গৈছে৷
“অগ্নিজিৎ” নামৰ আয়ুৰ্বেদিক মলম বিধে কিলইড আৰোগ্যৰ পথলৈ আনিব পাৰে বুলি এটা চামে দাবী কৰে৷
কিলইডৰ প্ৰতিৰোধৰ কোনো উপায় জ্ঞাত নহয়৷ সেয়ে ইয়াক নোহোৱাকৈ ৰখাটো বাঞ্চনীয়৷ টেটু কৰা, অযথা চখ কৰিবলৈ শৰীৰৰ বিভিন্ন ঠাইত ছিদ্ৰ কৰা আদিৰ পৰা বিৰত থকাই মংগলজনক৷ কেনেবাকৈ কিলইড সৃষ্টি হোৱাৰ সামান্য আভাস পালেই পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লব লাগে৷


Sunday, September 27, 2015

অসমীয়া আৰু অসমীয়াত্বৰ অনুভূতি


      কেইমাহমানৰ আগতে জনমভূমিত পঢ়িলোঁ মানৰ দেশত অসমীয়াৰ সন্ধানত এজন অসমীয়াই ভ্ৰমণৰ অভিজ্ঞতা লিখিছে৷ লিখনিটো প্ৰকাশৰ কিছুদিনৰ পিছত সেই কথাখিনিয়ে কিতাপৰ আকাৰ লোৱা বুলিও
 জানিবলৈ পালোঁ৷ অলপতে খবৰকাকতত পঢ়িবলৈ পালোঁ - চেৰাপুঞ্জীৰ ওচৰত অসমীয়া লোকৰ গাওঁ বিদ্যমান৷তাৰ লোকসকলে স্থানীয় গাওঁবুঢ়াক নানাবিধ কৰ-কাটল দিহে জীৱন নিৰ্বাহ কৰিছে৷ আজি ১৬জুলাইৰ 'আমাৰ অসম'ত প্ৰকাশিত এক বাতৰিত ম্যানমাৰত বসতি কৰা অসমীয়া লোকৰ বিষয়ে বহুখিনি কথা আমাক অৱগত কৰিছে৷  বাতৰিটোৰ উৎস টাইম অৱ ইণ্ডিয়া বুলি উল্লেখ কৰা হৈছে৷ 






       এনে ধৰণৰ বা-বাতৰিৰ লগত নিজৰ সামান্য অভিজ্ঞতা যোগ দিব খুজিছোঁ৷ কৰ্মসূত্ৰে মেঘালয়ৰ   নংপোত কেইবছৰমান কৰ্মৰত আছিলোঁ৷ তেতিয়া দুখন গাঁৱলৈ মোৰ ৰাজদূত  মটৰ চাইকেলত ৰোগী চাবলৈ যাবলগীয়া হৈছিল৷ সেই দুই গাঁৱলৈ যাবলৈ মই সদায়ে ভাল পাইছিলোঁ৷কেতিয়াবা কাম নাথাকিলেও এনেয়ে ফুৰিবলৈ গৈছিলোঁ৷ প্ৰথমখন গাঁৱৰ নাম হ'ল - মৰংগাৰ৷আনখনৰ নাম নংখ্ৰা৷নংখ্ৰাৰ দৃশ্যাৱলী অতি মোহনীয়৷ কেনভাচত অঁকা এখন ছবিৰ নিচিনা৷প্ৰথম দেখোতেই এটি সমধুৰ কবিতা পঢ়া যেন লাগিল৷ গাওঁখনৰ বেচিভাগ লোকেই কাৰবি৷ অধিকাংশৰে কামৰূপৰ বকো অঞ্চলত কোনোবা সম্পৰ্কীয় লোক আছে৷ বহুতে স্থানীয় খাচীয়ালোকৰ লগত বৈবাহিক সম্পৰ্ক কৰিছে৷ এওঁলোকৰ মুখত অসমীয়াত 'তই' সম্বোধনেৰে কৰা বাৰ্তালাপ শুনিবলৈ বৰ মিঠা লাগে৷আনখন মৰংগাৰ গাওঁ মিশ্ৰিত অসমীয়া জনগোষ্ঠিৰ৷ বোধকৰো মানৰ আক্ৰমণত দিনতেই ইয়ালৈ আত্মগোপন কৰিব আহি থাকি গ'ল৷ এসময়ৰ বৰ অসমখন ভাগ ভাগ হোৱাত অসমীয়া আজি নিজৰ ঘৰতেই প্ৰবাসী৷কাছাৰত বহুতো অসমীয়া পৰিয়ালে অসমত থাকিও  আমাৰ ৰাজনেতাসকলৰ অদূৰদৰ্শিতাৰ ফলত নিজা ভাষা সংস্কৃতি হেৰুৱাবলগীয়া হোৱাতো বেদনাদায়ক৷

'পাইলচ'ৰ বিষয়ে লবলগীয়া সতৰ্কতা



'পাইলচ' বুলিলে নজনা মানুহ বৰ কমহে ওলাব৷ হাটে বাটে,বাতৰি কাকতত নানাধৰণৰ অনেক  বিজ্ঞাপন অনায়াসে চকুত পৰে৷ পশ্চিমৰ উন্নত দেশ যেনে আমেৰিকা আৰু ইংলেণ্ডত  পঞ্চাচোৰ্ধৰ বয়সৰ ৫০শতাংশৰো অধিক লোক পাইচৰ ভূক্তভোগী বুলি জনা যায়৷ ভাৰতৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়৷ ইয়াৰ  প্ৰমুখ কাৰণ হ'ল লজ্জাবশত: বহুতে চিকিৎসকৰ ওচৰলৈ নগৈ স্ব-চিকিৎসা কৰে নাইবা বেজ - কবিৰাজ আৰু ভুৱা  ডাক্তৰৰ কাষ চাপে৷ গুৰুতৰ নহলে বহু সময়ত ৰোগৰ নিজেও উপশম ঘটে৷ পাইলচ অসুখত ৰোগীৰ মৃত্যু নহয়৷ কিন্তু  পাইলচৰ বাহিৰে আন অসুখটো শৌচদ্বাৰৰ পৰা ৰক্তক্ষৰণ হব পাৰে ৷ বিশেষকৈ  ক'লনৰ বা শৌচদ্বাৰৰ কেঞ্চাৰ, ক্ৰঞ্চ ডিজিজ, ইৰিটেবল বাৱেল চিনড্ৰম আদিত৷ সেয়ে লজ্জাত্যাগ কৰি হলেও  মলদ্বাৰেদি কম বা বেচি পৰিমাণে ৰক্তক্ষৰণ হোৱা লোকসকলে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
           পাইলচ অসুখত মলাশয় আৰু শৌচদ্বাৰৰ ৰক্তপ্ৰবাহী নলীৰ পৰা কম বেচি পৰিমাণে ৰক্তক্ষৰণ হয়৷ পাইলচ দুই ধৰণৰ হব পাৰে৷ বাহিৰত দেখা যোৱা External piles আৰু মলাশয়ৰ ওপৰৰ  অংশত থকা Internal piles৷ আকৌ ইন্টাৰনেল পাইলচক গুৰুত্ব অনুসৰি  চাৰিটা পৰ্য্যায়ত ভগোৱা হয়৷ ৩য় আৰু ৪ৰ্থ পৰ্য্যায়ৰ ইন্টাৰনেল পাইলচত সাধাৰণতে অপাৰেচনৰ প্ৰয়োজন হয়৷





পাইলচ হোৱাৰ সম্ভাব্য  কাৰণসমূহ:
- শৌচ কচা (ক্ৰনিক কন্সটিপেচন)
 - অতিমাত্ৰা শৌচ পনীয়া হোৱা (ক্ৰনিক ডায়েৰিয়া)
- মল বাহিৰ কৰোতে ৫মিনিটৰ বেচি সময় বল প্ৰয়োগ কৰিবলগীয়া হোৱা
- প্ৰষ্টেটৰ বিকাৰ হেতু প্ৰসাব কৰোতে বেচি বল প্ৰয়োগ কৰিবলগীয়া হোৱা
- গৰ্ভাৱস্থা আৰু সন্তান প্ৰসৱ 
- মেদবহুলতা
 -গধুৰ ওজন দাঙিবলগীয়া হোৱা
- বয়সৰ আধিক্য
 - কম ফাইবাৰযুক্ত খাদ্য সেৱন
 - পৰিয়ালৰ আন সদস্যৰ পাইলচ থকা 

পাইলচৰ লক্ষণসমূহ:
 (পাইলচ অস্বস্তিকৰ আৰু অসুবিধাদায়ক হলেও জটিলতা সৃষ্টি নোহোৱালৈকে সিমান বিপদজনক নহয়৷)
- শৌচৰ প্ৰক্ৰিয়াৰ সৈতে জড়িতহৈ শৌচদ্বাৰেদি কেঁচা তেজ আৰু মিউকাচ নিৰ্গত হোৱা৷ তেজৰ পৰিমাণ সামান্য বা কিছু বেচিও হব পাৰে৷
- শৌচদ্বাৰত টেমুনা বা ঘা হোৱা
-শৌচদ্বাৰৰ খজুৱতি
- মলত্যাগ কৰোতে বিষ অনুভৱ হোৱা

পাইলচৰ জটিলতাসমূহ: 
পাইলচৰ ৰোগীৰ কাচিৎ ৰক্তক্ষৰণৰ ফলত ৰক্তহীনতা (এনিমিয়া) হব পাৰে৷ এক্সটাৰ্নেল পাইলচৰ ৰক্তপ্ৰবাহ বন্ধহৈ কষ্টদায়ক থ্ৰমবচিচ হব পাৰে৷ পাইলচ অংশৰ বীজানুৰ সংক্ৰমণ হব পাৰে৷ ইন্টাৰনেল পাইলচ মলদ্বাৰৰ ভিতৰলৈ ঘূৰি নগলে  গেংগ্ৰিন আৰু ষ্ট্ৰেংগুলেচন হব পাৰে৷  
ৰোগৰ চিনাক্তকৰণ: 
অভিজ্ঞ চিকিৎসকে মলদ্বাৰ ভালদৰে নিৰীক্ষণ কৰি ৰোগ চিনাক্ত কৰিব পাৰে৷ চিকিৎসকে ইয়াৰ বাবে  প্ৰক্টস্ক'প,কল'নোস্ক'পৰ সহায় লবলগীয়া হব পাৰে৷কেতিয়াবা বেৰিয়াম এনেমা এক্সৰে কৰিবলৈ চিকিৎসকে  পৰামৰ্শ দিব পাৰে৷ইয়াৰ দ্বাৰা ৰক্তক্ষয়ৰ আন কাৰণ বিশেষকৈ টিউমাৰ চিনাক্ত কৰাত সহায় হয়৷

পাইলচৰ চিকিৎসা: 
দহ শতাংশ ৰোগীৰ অপাৰেচনৰ প্ৰয়োজন হব পাৰে৷ বাকী অধিকাংশ ৰোগীৰে আন ব্যৱস্থাৱলীৰ দ্বাৰা ৰোগৰ উপশম ঘটে৷ৰোগ সামান্য হলে খোৱা লোৱাত সতৰ্ক হলে নিজে নিজেও ভাল হব পাৰে৷
 - হিপ বাথ: দৈনিক ১০ৰ পৰা ১৫মিনিট সময় দিনে ৩৷ ৪বাৰ    শৌচদ্বাৰ কুহুমীয়া গৰম পানীৰ গামলাত সুমুৱাই সেক দিয়াটো উপযোগী
 - লোকেল এনাচথেটিক,হাইড্ৰকৰ্টিচন আদিযুক্ত মলম বা চাপজিটৰিৰ ব্যৱহাৰ  
- বিষৰ বাবে পেৰাচিটামল বা আইব্ৰুপ্ৰফেন দৰবৰ প্ৰয়োগ
- সতৰ্কতাপূৰ্ণভাবে শৌচ ঢিলা হোৱা ( Laxative ) ঔষধৰ প্ৰযোগ
- পাইলচ হোৱা ঠাইত শুকাই যোৱা ঔষধৰ বেজী দিয়া
- ৰাবাৰ বেণ্ডৰ দ্বাৰা গাঠিবন্ধন
 - ইনফ্ৰাৰেড চিকিৎসা
- ক্ৰায়'চাৰ্জাৰী
 - অস্ত্ৰোপচাৰ(Hemorrhoidectomy)

কিছুমান অতি লাগতিয়াল ব্যৱস্থাৱলী:
- আঁহ থকা অৰ্থাৎ বেচি ফাইবাৰযুক্ত খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰা
- জাংক ফুড, তেলমছলাযুক্ত খাদ্য পৰিহাৰ কৰা
- পানী সদায় বেচিকৈ খোৱা-দিনটোত কমেও ১০গিলাচ
- শৌচৰ অনভূতি হলেই লগে লগে মলত্যাগ কৰা
- নিয়মীয়া ব্যায়াম বা কচৰৎ কৰি পাক প্ৰণালীৰ নাড়ীসমূহ সবল ৰখা

ঘৰুৱা উপচাৰ:
-এলোভেৰাৰ পাত পিচি লগালে পাইলচৰ উপশম ঘটে
- বিষ আৰু ফুলা কমাবলৈ বৰফ সেই অঞ্চলত লগাব পাৰে
- অলিভ অইল আৰু এলমণ্ড অইলৰ  প্ৰয়োগ
- কল-গাখীৰ মিশ্ৰণ
-তিতা কেৰেলাৰ পিতিকা
- মূলাৰ ৰস
- মানিমুনি,ভেদাইলতা,মাটি কান্দুৰী আদি অতি উপযোগী শাকক নিয়মীয়া খাদ্যৰ তালিকাভুক্ত কৰা 

 (বি০দ্ৰু০  আগ্ৰহীসকলে ইংৰাজীত এই লিখনিটো মোৰ ৱেবচাইট (www.drbhupensaikia.com  ) পঢ়িব পাৰে৷)

ডা০ ভূপেন শইকীয়া
২৭চেপ্তেম্বৰ ২০১৫
ডোহা, কাটাৰৰ পৰা

Monday, April 20, 2015

दुख का कोई अंत कभी तो होगा !


दुख का कोई अंत कभी तो होगा !


 मेरे मन में अकसर ख़्याल आता हैं कि क्या फ़र्क पड़ेगा मेरे होने या नहीं होनेसे
 हर सुबह, हर शाम और हर रात वैसे ही चलता रहेगा जैसे कि अब चल रहा हैं . 
 जूझ रहा हूँ अपनी पहचान बनाने को निरंतर,  
 ताकि कमसे कम अपने चाहने वालों को कभी तो याद आ सकूं ! 

आज किसीके चहेते कल कहलाते है ‘लाश’ ’

- अफसोस तो होता है  इसी बात का

 कि गैर तो गैर, अपने भी जब पुकारते इस नाम से !

कुछ ऐसा करो कि अपनी गैर-मौजूदगी में भी

लोगो को एहसास हो कि आप मौजूद हो बाइज्ज़त !


20-04-2015


Total Pageviews