Translate

Sunday, September 27, 2015

'পাইলচ'ৰ বিষয়ে লবলগীয়া সতৰ্কতা



'পাইলচ' বুলিলে নজনা মানুহ বৰ কমহে ওলাব৷ হাটে বাটে,বাতৰি কাকতত নানাধৰণৰ অনেক  বিজ্ঞাপন অনায়াসে চকুত পৰে৷ পশ্চিমৰ উন্নত দেশ যেনে আমেৰিকা আৰু ইংলেণ্ডত  পঞ্চাচোৰ্ধৰ বয়সৰ ৫০শতাংশৰো অধিক লোক পাইচৰ ভূক্তভোগী বুলি জনা যায়৷ ভাৰতৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়৷ ইয়াৰ  প্ৰমুখ কাৰণ হ'ল লজ্জাবশত: বহুতে চিকিৎসকৰ ওচৰলৈ নগৈ স্ব-চিকিৎসা কৰে নাইবা বেজ - কবিৰাজ আৰু ভুৱা  ডাক্তৰৰ কাষ চাপে৷ গুৰুতৰ নহলে বহু সময়ত ৰোগৰ নিজেও উপশম ঘটে৷ পাইলচ অসুখত ৰোগীৰ মৃত্যু নহয়৷ কিন্তু  পাইলচৰ বাহিৰে আন অসুখটো শৌচদ্বাৰৰ পৰা ৰক্তক্ষৰণ হব পাৰে ৷ বিশেষকৈ  ক'লনৰ বা শৌচদ্বাৰৰ কেঞ্চাৰ, ক্ৰঞ্চ ডিজিজ, ইৰিটেবল বাৱেল চিনড্ৰম আদিত৷ সেয়ে লজ্জাত্যাগ কৰি হলেও  মলদ্বাৰেদি কম বা বেচি পৰিমাণে ৰক্তক্ষৰণ হোৱা লোকসকলে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
           পাইলচ অসুখত মলাশয় আৰু শৌচদ্বাৰৰ ৰক্তপ্ৰবাহী নলীৰ পৰা কম বেচি পৰিমাণে ৰক্তক্ষৰণ হয়৷ পাইলচ দুই ধৰণৰ হব পাৰে৷ বাহিৰত দেখা যোৱা External piles আৰু মলাশয়ৰ ওপৰৰ  অংশত থকা Internal piles৷ আকৌ ইন্টাৰনেল পাইলচক গুৰুত্ব অনুসৰি  চাৰিটা পৰ্য্যায়ত ভগোৱা হয়৷ ৩য় আৰু ৪ৰ্থ পৰ্য্যায়ৰ ইন্টাৰনেল পাইলচত সাধাৰণতে অপাৰেচনৰ প্ৰয়োজন হয়৷





পাইলচ হোৱাৰ সম্ভাব্য  কাৰণসমূহ:
- শৌচ কচা (ক্ৰনিক কন্সটিপেচন)
 - অতিমাত্ৰা শৌচ পনীয়া হোৱা (ক্ৰনিক ডায়েৰিয়া)
- মল বাহিৰ কৰোতে ৫মিনিটৰ বেচি সময় বল প্ৰয়োগ কৰিবলগীয়া হোৱা
- প্ৰষ্টেটৰ বিকাৰ হেতু প্ৰসাব কৰোতে বেচি বল প্ৰয়োগ কৰিবলগীয়া হোৱা
- গৰ্ভাৱস্থা আৰু সন্তান প্ৰসৱ 
- মেদবহুলতা
 -গধুৰ ওজন দাঙিবলগীয়া হোৱা
- বয়সৰ আধিক্য
 - কম ফাইবাৰযুক্ত খাদ্য সেৱন
 - পৰিয়ালৰ আন সদস্যৰ পাইলচ থকা 

পাইলচৰ লক্ষণসমূহ:
 (পাইলচ অস্বস্তিকৰ আৰু অসুবিধাদায়ক হলেও জটিলতা সৃষ্টি নোহোৱালৈকে সিমান বিপদজনক নহয়৷)
- শৌচৰ প্ৰক্ৰিয়াৰ সৈতে জড়িতহৈ শৌচদ্বাৰেদি কেঁচা তেজ আৰু মিউকাচ নিৰ্গত হোৱা৷ তেজৰ পৰিমাণ সামান্য বা কিছু বেচিও হব পাৰে৷
- শৌচদ্বাৰত টেমুনা বা ঘা হোৱা
-শৌচদ্বাৰৰ খজুৱতি
- মলত্যাগ কৰোতে বিষ অনুভৱ হোৱা

পাইলচৰ জটিলতাসমূহ: 
পাইলচৰ ৰোগীৰ কাচিৎ ৰক্তক্ষৰণৰ ফলত ৰক্তহীনতা (এনিমিয়া) হব পাৰে৷ এক্সটাৰ্নেল পাইলচৰ ৰক্তপ্ৰবাহ বন্ধহৈ কষ্টদায়ক থ্ৰমবচিচ হব পাৰে৷ পাইলচ অংশৰ বীজানুৰ সংক্ৰমণ হব পাৰে৷ ইন্টাৰনেল পাইলচ মলদ্বাৰৰ ভিতৰলৈ ঘূৰি নগলে  গেংগ্ৰিন আৰু ষ্ট্ৰেংগুলেচন হব পাৰে৷  
ৰোগৰ চিনাক্তকৰণ: 
অভিজ্ঞ চিকিৎসকে মলদ্বাৰ ভালদৰে নিৰীক্ষণ কৰি ৰোগ চিনাক্ত কৰিব পাৰে৷ চিকিৎসকে ইয়াৰ বাবে  প্ৰক্টস্ক'প,কল'নোস্ক'পৰ সহায় লবলগীয়া হব পাৰে৷কেতিয়াবা বেৰিয়াম এনেমা এক্সৰে কৰিবলৈ চিকিৎসকে  পৰামৰ্শ দিব পাৰে৷ইয়াৰ দ্বাৰা ৰক্তক্ষয়ৰ আন কাৰণ বিশেষকৈ টিউমাৰ চিনাক্ত কৰাত সহায় হয়৷

পাইলচৰ চিকিৎসা: 
দহ শতাংশ ৰোগীৰ অপাৰেচনৰ প্ৰয়োজন হব পাৰে৷ বাকী অধিকাংশ ৰোগীৰে আন ব্যৱস্থাৱলীৰ দ্বাৰা ৰোগৰ উপশম ঘটে৷ৰোগ সামান্য হলে খোৱা লোৱাত সতৰ্ক হলে নিজে নিজেও ভাল হব পাৰে৷
 - হিপ বাথ: দৈনিক ১০ৰ পৰা ১৫মিনিট সময় দিনে ৩৷ ৪বাৰ    শৌচদ্বাৰ কুহুমীয়া গৰম পানীৰ গামলাত সুমুৱাই সেক দিয়াটো উপযোগী
 - লোকেল এনাচথেটিক,হাইড্ৰকৰ্টিচন আদিযুক্ত মলম বা চাপজিটৰিৰ ব্যৱহাৰ  
- বিষৰ বাবে পেৰাচিটামল বা আইব্ৰুপ্ৰফেন দৰবৰ প্ৰয়োগ
- সতৰ্কতাপূৰ্ণভাবে শৌচ ঢিলা হোৱা ( Laxative ) ঔষধৰ প্ৰযোগ
- পাইলচ হোৱা ঠাইত শুকাই যোৱা ঔষধৰ বেজী দিয়া
- ৰাবাৰ বেণ্ডৰ দ্বাৰা গাঠিবন্ধন
 - ইনফ্ৰাৰেড চিকিৎসা
- ক্ৰায়'চাৰ্জাৰী
 - অস্ত্ৰোপচাৰ(Hemorrhoidectomy)

কিছুমান অতি লাগতিয়াল ব্যৱস্থাৱলী:
- আঁহ থকা অৰ্থাৎ বেচি ফাইবাৰযুক্ত খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰা
- জাংক ফুড, তেলমছলাযুক্ত খাদ্য পৰিহাৰ কৰা
- পানী সদায় বেচিকৈ খোৱা-দিনটোত কমেও ১০গিলাচ
- শৌচৰ অনভূতি হলেই লগে লগে মলত্যাগ কৰা
- নিয়মীয়া ব্যায়াম বা কচৰৎ কৰি পাক প্ৰণালীৰ নাড়ীসমূহ সবল ৰখা

ঘৰুৱা উপচাৰ:
-এলোভেৰাৰ পাত পিচি লগালে পাইলচৰ উপশম ঘটে
- বিষ আৰু ফুলা কমাবলৈ বৰফ সেই অঞ্চলত লগাব পাৰে
- অলিভ অইল আৰু এলমণ্ড অইলৰ  প্ৰয়োগ
- কল-গাখীৰ মিশ্ৰণ
-তিতা কেৰেলাৰ পিতিকা
- মূলাৰ ৰস
- মানিমুনি,ভেদাইলতা,মাটি কান্দুৰী আদি অতি উপযোগী শাকক নিয়মীয়া খাদ্যৰ তালিকাভুক্ত কৰা 

 (বি০দ্ৰু০  আগ্ৰহীসকলে ইংৰাজীত এই লিখনিটো মোৰ ৱেবচাইট (www.drbhupensaikia.com  ) পঢ়িব পাৰে৷)

ডা০ ভূপেন শইকীয়া
২৭চেপ্তেম্বৰ ২০১৫
ডোহা, কাটাৰৰ পৰা

No comments:

Post a Comment

Total Pageviews