Translate

Monday, September 28, 2015

ছালৰ এটি আচহুৱা ৰোগ – কিলইড

আপোনালোকৰ চকুত কিলইডৰ ৰোগী নিশ্চয় নপৰাকৈ থকা নাই৷ ভগবানে নকৰক কোনো  আত্মীয় এই ৰোগত আক্ৰান্ত হওক৷ৰোগৰ বৰ্ণনাটো কলেই ছবিখন আপোনাৰ চকুৰ আগত ভাঁহি উঠিব৷ ৰোগাক্ৰান্ত ব্যক্তিৰ শৰীৰৰ যি কোনো অংশৰ ছাল বাধাহীনভাবে বাঢ়িব ধৰে৷ অংশটো জিলিকি থাকেউখহি থাকে,সাধাৰণতে ৰঙচুৱা বৰণৰ হয় আৰু এখন ঢাকনিৰ আকৃতিৰ হয়৷   কিলইড হোৱা অংশত বিষ,খজুৱতি বা দুয়োতাই হব পাৰে৷ ইয়াৰ উৎপত্তি  সাধাৰণ আঘাটৰ  দ্বাৰা (যেনে কাণ বা নাক ফুটোৱা,  টেটু কৰা বা আচিনাইক চিকুটি-বাকুটিলেওকিলইড  হব পাৰে৷ জুইয়ে পোৰা ঠাইতঅপাৰেচনৰ কটা অংশতকীট-পতংগই কামোৰা ঠাইতকোনো দূৰ্ঘটনাৰ ফলতযি কোনো ৰাসায়নিক দ্ৰব্যই অহিত কৰাৰ ফলতো কিলইডৰ সৃষ্টি হব পাৰে৷  পিঠিত চাবুকৰ কোব খালে চাবুকৰ কোব পৰা ঠাইত কিলইড হব পাৰে৷ ছিতা বা বেজী লোৱা ঠাইত নতুবা আঁচোৰ বা খজুৱতিৰ ঠাইত কিলইডৰ উৎপত্তি হব পাৰে 







কিয় এনে হয় প্ৰকৃত কাৰণ এতিয়ালকে চিকিৎসা বিজ্ঞানীসকলে ঠাঁৱৰ কৰিব পৰা নাই৷
কিলইড  এক প্ৰকাৰৰ টিউমাৰ  অস্বাভাবিক ফাইব্ৰব্লাষ্ট কোষ জমা হৈ গৈ থাকে৷
বৰ্দ্ধিত ছাল (Hypertrophied scar ) আৰু কিলইড দুয়োবিধ পৃথক পৃথক অৱস্হা৷  প্ৰথম বিধ অৱস্হাত ছালে আঘাত পোৱা অঞ্চলৰ সীমা চেৰাই নাযায়  কিন্তু কিলইডৰ কোনো সীমা নাথাকে৷
পুৰুষৰ তুলনাত মহিলাৰ এই ৰোগ সামান্য বেচিকৈ হোৱা দেখা যায়৷ একেটা পৰিয়ালৰ  কেইবাজনকো ৰোগাক্ৰান্ত হোৱা দেখা যায়৷ লা বৰণৰ ছালৰ মাজত ৰোগৰ প্ৰাদূৰ্ভাৱ বেচি৷
কিলইডৰ চিকিৎসা এতিয়াও চিকিৎসকসকলৰ বাবে এক প্ৰত্যাহ্বানস্বৰূপ হৈ আছে৷ অপাৰেচন  কৰি ইয়াক আতৰ কৰাৰ প্ৰয়াস কেতিয়াবা বুমেৰাং হব পাৰে৷ সেয়ে কেতিয়াবা অপাৰেচন  কৰিলে লগত ৰেডিয়েচন থিৰাপী নাইবা ষ্টেৰইডৰ ড্ৰেচিং কৰাটো বাঞ্চনীয়৷
সাধাৰণতে ট্ৰায়ামচিনল’ন নামৰ ষ্টেৰইডৰ বেজী কিলইডৰ ওপৰত এমাহ বা ২৷৩সপ্তাহৰ ব্যৱধানত দিলে কিলইড সংকুচিত হৈ আহে৷
ক্ৰায়োথিৰাপি আৰু লেজাৰৰ দ্বাৰাও কিছু ৰোগীক চিকিৎসা দিয়া যায়৷ এনে চিকিৎসা  ব্যয়বহুল৷
ইন্টাৰফেৰন বেজীৰ দ্বাৰা চিকিৎসা কৰিও কিছু সুফল পোৱা গৈছে৷
অগ্নিজিৎ” নামৰ আয়ুৰ্বেদিক মলম বিধে কিলইড আৰোগ্যৰ পথলৈ আনিব পাৰে বুলি এটা চামে দাবী কৰে৷
কিলইডৰ প্ৰতিৰোধৰ কোনো উপায় জ্ঞাত নহয়৷ সেয়ে ইয়াক নোহোৱাকৈ ৰখাটো বাঞ্চনীয়৷ টেটু কৰাঅযথা চখ কৰিবলৈ শৰীৰৰ বিভিন্ন ঠাইত ছিদ্ৰ কৰা আদিৰ পৰা বিৰত থকাই মংগলজনক৷ কেনেবাকৈ কিলইড সৃষ্টি হোৱাৰ সামান্য আভাস পালেই পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লব লাগে৷


No comments:

Post a Comment

Total Pageviews