আজি আগবেলা মোৰ ক্লিনিকৰ চেম্বাৰত ৰোগী চাই থকা সময়ৰ কথা ৷ এজন ডেকা কোঠাটোলৈ সোমাই আহি মাত লগালে - 'চাৰ,ভালে আছে' ? মই মূৰ তুলি চালোঁ আগন্তুকৰ মূখৰ মিচিকিয়া হাঁহিয়েই বুজাইছে - মোৰ কাণে ঠিকেই শুনিছে৷ কাটাৰত মাজে মাজে, কদাচিত এনে সুখানুভূতি হয়৷ কেতিয়াবা শাৰীৰিক সাক্ষাৎকাৰ আৰু কেতিয়াবা টেলিফোনিক বাৰ্তালাপৰ মাধ্যমেৰে৷ কেইদিনমান এজনে ফোনৰে জনাইছিল - কাটাৰত আহি অসমীয়া মানুহ বিচাৰি বিচাৰি আপোনাৰ ফোন নম্বৰ ভাৰতীয় দূতাবাসৰ আই চি চিৰ পৰা সংগ্ৰহ কৰিছোঁ ৷ আকৌ
কোনোৱাজনে কয় - ঘৰত আপোনাৰ 'কাটাৰৰ ডায়েৰী' মা-দেউতাই পঢ়িয়ে আপোনাক জানিছে আৰ মোক ডোহাত গৈ আপোনাক লগ ধৰিব কৈ পঠাইছে ৷
মোৰ কিতাপখন পঢ়াসকলৰ মনত পৰিব কেনেকৈ মই কাটাৰত প্ৰথম অসমীয়া মাত শুনি অভিভূত হৈছিলোঁ - তাকো এজন তিনচুকীয়াৰ চেনাইৰাম বিদ্যালয়ত পঢ়ি অহা দক্ষিণ ভাৰতীয় শ্ৰমিক যুৱকৰ মূখত৷
আজিকালি ‘কাটাৰ অসম সমাজ’খন ক্ৰমে বহল হব ধৰাত প্ৰায়েই দৈনিক কোনোবা নহয় কোনোবাৰ লগত অসমীয়াত কথা পাতিবলৈ পাওঁৱেই৷
তথাপিও এটা আক্ষেপে মনত সদায় ক্ৰিয়া কৰি থাকে - কাটাৰত কৰ্মসূত্ৰে বসবাস কৰা কিছু সংখ্যক অসমীয়া মানুহ 'কাটাৰ অসম সমাজ' অনুষ্ঠানটিৰ প্ৰতি মুঠেই আগ্ৰহী নহয়৷
তেওঁলোকৰ প্ৰধান যুক্তিকেইটা হ'ল
: 'সময়েই নাপাওঁ', 'ডোহাৰ পৰা আতৰত থাকোঁ', 'ইয়ালৈ চাকৰি কৰিব আহিছোঁ - চ'চাইটি কৰি কি লাভ হব' (?) আদি ৷ ইয়াৰ বিপৰীতে এজন বন্ধুৱে ধেমালি কৰি কৈছিল - এজন প্ৰবাসী
কেৰালা প্ৰদেশৰ মানুহে ব্ৰিটিছ এজনৰ ঘৰৰ ঠিকনা ইউ০ কে বুলি জানি নিজৰ ঘৰৰ ঠিকনা ইউ০ কে০ কে০ বুলি কৈছে৷ ইউ০ কে০ কে০ৰ অৰথ হ'ল ইউনাইটেড কিংডম অৱ কেৰালা !!
২৫আগষ্ট ২০১৪
ডোহা, কাটাৰৰ পৰা
No comments:
Post a Comment