Translate

Tuesday, September 29, 2015

পুৱতি নিশাৰ সপোন








       শ্ৰীমতীয়ে যোৱা কেইবাদিনৰ পৰা খেচখেচাই আছে সুন্দৰপুৰৰ মোটৰব'টৰ শ্বৰুমলৈ ওলাব লাগে৷ মইহে ৰোগীৰ লগত ব্যস্ত থকাত শ্ৰীমতীক লগ দিব পৰা নাই৷  আৰু নোৱাৰিইমানদিন বাট চালে হেনো, মানুহ আজিৰ দিনত ইমান বেকডেটেড হৈ থাকিব নালাগে৷ কিটি পাৰ্টিৰ বান্ধৱী,ওচৰ-চুবুৰীয়া আটাইৰে ঘৰে-ঘৰে  আছে দুই তিনিখনকৈ অত্যাধুনিক বিলাসী এস্কপৰ্টেড মোটৰব'ট৷  আমাৰ দৰে নন এচি আওপূৰণি ইণ্ডিয়ান মডেলৰ নহয়৷ কথাটো একেবাৰে মিছা নহয়৷ আমাৰ মোটৰব' ড্ৰাইভাৰটোৰ মোটৰব'টখন ষ্টাৰ্ট কৰোতে  আজিকালি প্ৰায়ে ঘাম বাহিৰ হোৱা মোৰো চকুত নপৰা নহয়৷
        মোৰ প্ৰবাসৰ বন্ধুসকলক অলপ আপডেট দি লওঁ৷২০২০চনৰ মাজভাগত প্ৰবাসৰ চাকৰিকালৰ অন্ত পেলাই ঘৰলৈ ঘূৰাৰ কথা সকলোৱে জানে৷ ইয়াত আহি দেখোঁ অসমৰ ৰাজনীতিৰ অভূতপূৰ্ব পৰিবৰ্তন ঘটিছে৷  বিজেপিৰ মূখ্যমন্ত্ৰী আৰু  ইউ ডি এফৰ উপমূখ্যমন্ত্ৰী৷  ৰাজনীতিত যি কোনো কথাই সম্ভৱপৰ বুলি প্ৰচলিত প্ৰবাদফাকি অসমত ফলিওৱা দেখা পালোঁ৷ ৰাইজৰ প্ৰবল প্ৰতিবাদত সৈমান হৈ অসমৰ বৰলুইতৰ পানী নলা খান্দি দেশৰ আন অঞ্চললৈ নিয়াৰ আঁচনি ভাৰত চৰকাৰে পৰিত্যাগ কৰিলে৷

         গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধানৰ বাবে নতুন চৰকাৰে এটা বিকল্প চিন্তা কৰি তাক কাৰ্য্যকৰী কৰাত লাগি 'ল৷ এসময়ত এজন অসমৰ মূখ্যমন্ত্ৰীয়ে কৈছিল - ৰাইজে বানপানীৰ সৈতে সহৱস্থান কৰিবলৈ শিকক৷ বোধকৰো  সেই বাণীকে সৰোগত কৰি নতুন চৰকাৰে দেশৰ বিয়াগোম-বিয়াগোম অভিযন্তা,আৰ্কিটেক্ট আদিৰ লগত মেল-মিটিং পাতি গুৱাহাটীৰ চেহেৰাই সলাই দিবৰ আঁচনি ললে৷
         প্ৰথম পদক্ষেপ হিচাবে গুৱাহাটীৰ চৌদিশে থকা পানী নিষ্কাষণৰ বাবে থকা চুইগেটসমূহ  সকলো সময়তে বন্ধ ৰখাৰ সিদ্ধান্ত ললে৷ গুৱাহাটীৰ বাহিৰলৈ এটুপি পানীও ওলাই যাব দিয়া নহব, আনহাতে ব্ৰহ্মপুত্ৰত পানী উপচি পৰিলে চুইগেটসমূহেদি পানীৰ গুৱাহাটীত প্ৰবেশৰ ব্যৱস্থা ৰখা 'ল৷ইয়াৰ ফলত বাৰটা মাহ নৌ হওতেই  গুৱাহাটী কেউ দিশে আলিয়ে গলিয়ে জলমগ্নহৈ পৰিল৷ গুৱাহাটীবাসীয়ে নিজৰ গাড়ীসমূহ বেচোতাই বেচিলে, বেচি আধ্যৱন্তসকলে গুৱাহাটীৰ বাহিৰত হয় সোণাপুৰত নহয় মিৰ্জাত ঘৰভাড়া কৰি ৰখাৰ ব্যৱস্থা কৰিলে৷
         দলেদলে মন্ত্ৰী বিষয়াৰ দলে ভেনিছ,জাপান আদি দেশত নানা বিধ প্ৰশিক্ষণলৈ আহিলগৈ৷ গুৱাহাটীৰ মেট্ৰৰেলৰ আঁচনি সলনি কৰি যোৰাবাটৰ পৰা খানাপাৰাহৈ পানবজাৰলৈ ফেৰীৰ গ্ৰীনলাইনপানবজাৰৰ পৰা নুনমাটিলৈ ফেৰীৰ ব্লুলাইন, পানবজাৰৰ পৰা জালুকবাৰীহৈ এয়াৰপ'ৰ্টলৈ ফেৰীৰ য়েল্লোলাইন আৰু  এয়াৰপ'ৰ্টৰ পৰা লখৰাহৈ খানাপাৰালৈ ফেৰীৰ ৰেড লাইন চাৰ্ভিচ আৰম্ভ 'ল৷
                                                                            দেশৰ ভিতৰত পোণ প্ৰথমবাৰৰ বাবে প্ৰচলন হোৱা এনে অভূতপূৰ্ব ব্যৱস্থা চাবলৈ দেশ-বিদেশৰ লোকৰে গুৱাহাটী উপচি পৰিব ধৰিলে৷ লগতে অসমৰ টুৰিজমৰ দোপতদোপে উন্নতি হব ধৰিলে৷ আজিকালি ২০২৫চনত নিউজচেনেলসমূহৰ বাতৰিত গুৱাহাটীত সঘনাই হোৱা মোটৰব' দূৰ্ঘটনা এক চিন্তনীয় বিষয় বুলি পৰিগনিত হব ধৰিছে৷
           প্ৰিয় পাঠকসকলএই বিষয়ৰ নিজৰ অভিমত আপোনালোকে তলত যোগ দি যায় যেন এয়ে মোৰ সকলোলৈ বিনম্ৰ অনুৰোধ৷
        ডা০ ভূপেন শইকীয়া  তাং: ২১--২০২৫,জয়ানগৰ গুৱাহাটীৰ পৰা ৷৷

20/9/2015



2 comments:

  1. লখৰাৰ ISBT ৰ নিচিনা জংছনটো ব্ৰম্হপুত্ৰৰ ওপৰত হলে ভাল হব

    ReplyDelete
    Replies
    1. এটি উপযুক্ত পৰামৰ্শ - বিবেচনা কৰিবলৈ উচ্চতম কৰ্তৃপক্ষক জনোৱা হব৷

      Delete

Total Pageviews