Translate

Tuesday, September 29, 2015

অজান দেশত অনুৰাধা




অজান দেশলৈ গুছি গ'ল তাই
ক্ষোভত নে অভিমানত,
নে ভালপোৱাৰ প্ৰতিদান দিবলৈ
নাজানিলোঁ৷

যদিও আছে নেদেখা মুলুকত 
শিপা হেৰুৱাব বিচৰা নাই তাই
তাইৰে মোৰে ৰক্তকণিকাৰ আছে নিবিড় সম্বন্ধ

কুশলে থাওক, কুশলে থাওক - 
আলেঙে আলেঙে তাইৰ কুশল বাতৰি পাই
মাথো দিওঁ আশীষ হিয়া উজাৰি !


৮ এপ্ৰিল,২০১৫
ডোহা কাটাৰৰ পৰা


No comments:

Post a Comment

Total Pageviews