মানুহৰ ডিঙিৰ অগ্ৰভাগত তলৰ ফালে অৱস্থিত থাইৰয়ড গ্ৰন্থিৰ মূল বিকাৰসমূহৰ বিষয়ে আজি কিছু লাগতিয়াল কথা সহজভাবে আলোচনা কৰিম৷মানুহৰ শৰীৰত সংঘটিত ৰাসায়নিক লাগতিয়াল ক্ৰিয়াসমূহক মেটাবলিজম বোলে৷মেটাবলিজম হ'ল দুই প্ৰকাৰৰ ক্ৰীড়াৰ সমষ্টি৷কেটাবলিজম - অৰ্থাৎ শক্তি উৎপাদনৰ বাবে কোষৰ বিঘটন ঘটোৱা৷এনাবলিজম - কোষৰ বাবে লাগতিয়ালতত্বসমূহ উৎপন্ন কৰা৷এই মেটাবলিজমক নিয়ন্ত্ৰণ কৰে থাইৰয়ড হৰমোনে৷থাইৰয়ড গ্ৰন্থিয়ে কেলচিটচিন নামৰ আৰু এবিধ হৰমোন উৎপাদন কৰাৰ ওপৰিও প্ৰটিন সৃষ্টি কৰে৷থাইৰয়ড নামৰ উৎপত্তি গ্ৰীক শব্দৰ পৰা হৈছে,যাৰ অৰ্থ হ'ল ঢাল আৰু থাইৰয়ড গ্ৰন্থিৰ আকৃতি দৰাচলতে এখন ঢালৰ দৰেই৷মস্তিষ্কৰ পিটিউটেৰি গ্ৰন্থিৰ পৰা ওলোৱা থাইৰয়ড ষ্টিমুলেটিং হৰমোনে (টি এচ এইচ)থাইৰয়ডৰ হৰমোনৰ উৎপাদনক নিয়ন্ত্ৰণ কৰে৷আকৌ হাইপোথেলামাচৰ পৰা নিৰ্গত হোৱাথাইৰোট্ৰপিন ৰিলিজিং হৰমোনে (টি আৰ এইচ) পিটিউটেৰিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে৷থাইৰয়ডৰ পৰা নিৰ্গত হোৱা থাইৰয়ড হৰমোন দুবিধৰ নাম হ'ল- ট্ৰাইআয়োডোথাইৰোনিন (টি-৩) আৰু টেট্ৰাআয়োডোথাইৰোনিন (টি-৪ বা থাইৰস্কিন)৷আয়োডিন আৰু টাইৰোচিন নামৰ এমাইনো এচিডৰ দ্বাৰা টি-৩ আৰু টি-৪ সৃষ্টি হয়৷ইয়াৰে টি-৩ হ'ল সক্ৰিয় ৰূপ, আৰু টি-৪ৰে টি-৩লৈ ৰূপান্তৰিত হৈহে ক্ৰিয়া কৰে৷থাইৰয়ড হৰমোন কমি গলে পিটিউটেৰীৰ পৰা থাইৰয়ড ষ্টিমুলেটিং হৰমোন (টি এচ এইচ) বেচিকৈ উৎপন্ন হয় আৰু ইয়াৰ বিপৰীতে থাইৰয়ড হৰমোন বাঢ়ি গলে থাইৰয়ড ষ্টিমুলেটিং হৰমোন (টি এচ এইচ) কমকৈ উৎপন্ন হয়৷গতিকে থাইৰয়ডৰ ৰোগ চিনাক্ত কৰিবলৈতেজত টি এচ এইচৰ পৰিমাণ পৰীক্ষা কৰাটো অপৰিহাৰ্য্য৷হায়পোথাইৰয়ডিজম :শৰীৰত থাইৰয়ড হৰমোনৰ কম উৎপাদন হলে আৰু টি এচ এইচ বেচি হলে হায়পোথাইৰয়ডিজম ৰোগৰ লক্ষণে দেখা দিয়ে৷সাধাৰণতে তলৰ কাৰণসমূহৰ বাবে হাইপোথাইৰয়ডিজম হয় : -১) থাইৰয়ডৰ জন্মগত বিকৃতি২) অট' ইমিউন বিজুতি যেনে হাচিমট'চ থাইৰয়ডাইটিচ, প'ষ্টপাৰ্টাম থাইৰয়ডাইটিচ৩) থাইৰয়ডৰ কেঞ্চাৰ বা আন অসুখত অপাৰেচন কৰি থাইৰয়ডৰ অংশ কাটিলে৪) বিভিন্ন ঔষধ - মানসিক ৰোগৰ বাবে ব্যৱহৃত লিথিয়াম, হৃদৰোগত ব্যৱহৃত এমিঅ'ডাৰন, হায়পাৰথাইৰয়ডিজমৰ বাবে ব্যৱহৃত মেথিমাজল আৰু প্ৰপাইলথায়োইউৰাচিল, হাঁপানি-ব্ৰংকাইটিচ আৰু থাইৰয়ডৰ বিভিন্ন চিকিৎসাত ব্যৱহৃত পটেচিয়াম আয়োডায়েড৫) মস্তিষ্ক,ডিঙি আৰু থাইৰয়ডৰ কেঞ্চাৰত ৰেডিঅ'থিৰাপি ললে৬) খাদ্যত আয়ডিনৰ অতিমাত্ৰা অভাৱ হলে (উদাহৰণ -হিমালয়ৰ পাদদেশ, জাইৰে, দক্ষিণ আমেৰিকাৰ চাইল, এণ্ডিচ আদি অঞ্চল)৭) শ্বিহান চিণ্ড্ৰমত গৰ্ভৱতী মহিলাৰ ৰক্তস্ৰাৱ হয় আৰু পিটুইটেৰিৰ বিজুতি ঘটে৮) পিটুইটেৰিৰ টিউমাৰ৯) কাচিৎ হাইপোথেলামাচৰ বিজুতি হলে১০) শেহতীয়াকৈ সংযোজন হৈছে - অতিমাত্ৰা ষ্ট্ৰেচ (Stress)অটো-ইমিউনিটি (অৰ্থাৎত শৰীৰৰ নিজৰ অংশকে শৰীৰে পৰ বুলি ভবা ক্ৰিয়া), জেনেটিকচ্ আৰু পাৰিপাৰ্শ্বিক পৰিবেশৰ ওপৰত থাইৰয়ডৰৰোগ (হাইপো আৰু হাইপাৰ-দুয়োটাই ) বহু পৰিমাণে নিৰ্ভৰশীল৷সেই কাৰণে একেটা পৰিয়ালত কেইবাজনকো বা যমজ সন্তানৰ উভয়কে একেটা ৰোগত ভোগা দেখা যায়৷সংখ্যাগত দিশৰ পৰা হাইপোথাইৰয়ডিজমত মহিলাই বেচিকৈ ভোগা দেখা যায়৷অধিক টেনচনে হায়পোথাইৰয়ডিজম কৰে বুলি প্ৰমাণিত হৈছে৷শাৰীৰিক আৰু মানসিক ষ্ট্ৰেচ উভয়েই এড্ৰিনেল গ্লেণ্ডৰ ওপৰত ক্ৰিয়া কৰাৰ কৰ্টিচন হৰমোন ওলোৱা কথাটো সকলোৱে জানে৷ হৰমোনৰ অস্থিৰতাই হায়পোথেলামাচ আৰু পিটুইটৰিৰ সম্বন্ধত ব্যাঘাত জন্মায়, তদুপৰি টি-৪ক সক্ৰিয় টি-৩লৈ ৰূপান্তৰিত হোৱাত বাধা দিয়ে আৰু অটো-ইমিউনিটিৰ সম্ভাৱনা বঢ়ায় - যাৰ ফলত হাইপোথাইৰয়ডিজম উৎপন্ন হয়৷হাইপোথাইৰয়ডিজমৰ লক্ষণসমূহ হ'ল : -শীত সহ্য কৰিব নোৱৰাশৌচ কচা হোৱাঅলপতে ভাগৰুৱা হোৱা,শাৰীৰিক দূৰ্বলতাওজন বঢ়াঘাম কমকৈ ওলোৱাহৃদগতি কমি যোৱাহাঁডৰ আৰু মাংসপেশিৰ বিষ হোৱা,ডিপ্ৰেচন,মানসিক অৱসাদগ্ৰস্ততা, অমনোযোগিতা, স্মৃতিহ্ৰাসশেঁতা শুকান ডাঠ ছাল, ভংগুৰ নখ আৰু চুলি, পাতল চেলাৱৰি(হাৰ্টোঘি চাইন)ভৰি ফুলাঅনিয়মীয়া মাহেকীয়া বা অতিস্ৰাববেচি টোপনি অহাকোনো কাৰণ নোহোৱাকৈ হঠাতে গাতো বেয়া লগামাত ভঙাপুৰুষৰ যৌনশক্তি কমি যোৱা, গায়ন'কোমেষ্টিয়াযি কোনো কামৰ গতি লেহেমীয়া হোৱাখোৱাৰ ৰুচি আৰু ঘ্ৰাণ শক্তি হ্ৰাস পোৱাতেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পোৱালো ভল্টেজ ইচিজিতেজৰ চুগাৰৰ পৰিমাণ কমি যোৱাশ্ৰবণশক্তি কমি যোৱাজিভাখন ডাঠ শকত হোৱাইত্যাদিচিকিৎসাৰ লাগতিয়াল কথা :ৰোগ চিনাক্ত হোৱাৰ পিছত থাইৰয়ড হৰমোনৰ পিল (যেনে থাইৰোনৰ্ম,এলট্ৰস্কিন) চিকিৎসকে নিৰ্ধাৰিত কৰি দিয়া পৰিমাণত নিয়মীয়াকৈ খাই থাকিব লাগিব৷থাইৰয়ড হৰমোনৰ ঔষধ পুৱা খালি পেটত খোৱা ভাল৷ অন্য ঔষধ কমেও এঘন্টাৰ পিছতহে খাব৷চিকিৎসকে সাধাৰণতে নিম্নতম পৰিমাণৰ থাইৰয়ড হৰমোন ব্যৱহাৰ কৰাটো বিচাৰে,কিন্তু তাৰ ড'জ নিৰ্ধাৰণ কৰিবলৈ পোনতে ২৷৩মাহৰ মূৰে মূৰে তেজৰ হৰমোনৰ পৰিমাণ পৰীক্ষা কৰিবলগীয়া হয়৷পিছলৈ বেচি সময়ৰ ব্যৱধানত পৰীক্ষা কৰিলেও চলিব৷কিন্তু আপুনি আপোনাৰ চিকিৎসকৰ নজৰত পৰাপক্ষত সকলো সময়তে থাকিব৷কিছুমান ঔষধে (যেনে এন্টাচিড,কলচিয়ম,আইৰন) থাইৰয়ড হৰমোন পিলৰ ক্ৰিয়াত ব্যাঘাট জন্মায় -গতিকে চিকিৎসকৰ অজ্ঞাতে একো দৰব নাখাব৷হাইপোথাইৰয়ডিজমৰ চিকিৎসা কৰি থাকোতে বুকুৰ ধপধপনি হলে,বৰ্দ্ধিত ওজন অতিদ্ৰুতভাবে হ্ৰাস হলে,বেচিকৈ ঘামিলে,কঁপনি বা অস্থিৰতা অনুভৱ কৰিলে লগে লগে চিকিৎসকক জনাওঁক - আপুনি জোখতকৈ বেচিকৈ দৰব সেৱন কৰাৰ ফলত এনে হৈছে৷হাইপোথাইৰয়ডিজমৰ চিকিৎসা নকৰিলে তেজত কলেষ্টৰল আৰু এল ডি এল নামৰ অপকাৰী চৰ্বি বাঢ়ি গৈ থাকিলে হৃদৰোগ উৎপন্ন হব৷গৰ্ভৱতী মহিলাৰ বিকলাংগ শিশু জন্ম হব৷ৰোগ একেবাৰে গৰুতৰ হলে মিস্কিডিমা ক'মা হৈ প্ৰাণৰ সংশয় হব৷ভয় নাখাব বিশ্বৰ তিনিৰ পৰা পাঁচ শতাংশ লোক হাইপোথাইৰয়ডিজমত ভূগি আছে৷ৰোগৰ সঠিক চিকিৎসাত সহজতেই সুফল লাভ কৰিব পাৰি৷কিছুমান ৰোগী আকৌ লক্ষণবিহীনো থাকিব পাৰে৷কিবা কাৰণত যেনে কোনো অস্ত্ৰোপচাৰৰ বাবে ফিটনেচ চাওঁতে হাইপোথাইৰয়ডিজম ধৰা পৰে৷বহু অধ্যয়নত প্ৰকাশ পাইছে যে পুৰুষতকৈ মহিলাৰ আৰু সৰু ল'ৰা-ছোৱালীতকৈ আদহীয়া, বুঢ়া মানুহৰ থাইৰ'ইডৰ সমস্যাত ভোগাৰ আশংকা বেছি। বিশেষকৈ ৪০ বছৰতকৈ বেছি বয়সৰ মহিলা আৰু ৬০ বছৰতকৈ বেছি বয়সৰ পুৰুষৰ এই আশংকা বেছি। কিছুমান অধ্যয়নে অৱশ্যে এই কথাটো নাকচ কৰিছে। মেন'পজ (মাহেকীয়া বন্ধ) হোৱা মহিলাৰ ভাগৰ লগা, বিষণ্ণতা, মুড ঘনাই সলনি হোৱা, টোপনি বেয়া হোৱা আদি লক্ষণ দেখা দিব পাৰে - ইয়াক 'মেনপজেল চিনড্ৰম' বোলা হয়৷সেই একেকেইটা লক্ষণ আকৌ হাইপ'থাইৰ'ডিজমতো হ'ব পাৰে। গতিকে মেন'পজ হোৱা মহিলাই থাইৰ'ইডৰ পৰীক্ষা কৰাব লাগে বুলি চিকিৎসকসকলে মত পোষণ কৰে।এক সমীক্ষামতে বিশ্বৰ ৬শতাংশ গৰ্ভপাতৰ কাৰণ হ'ল হাইপোথাইৰয়ডিজম৷গতিকে সঘনাই বা একাধিকবাৰ গৰ্ভপাত হোৱা মহিলাই থাইৰয়ড হৰমোনৰ পৰীক্ষা কৰোৱাটো বাঞ্চনীয়৷হায়পাৰথাইৰয়ডিজম (আন নাম থাইৰোট'স্কিকোচিচ) :থাইৰয়ড হৰমোন বেচি হোৱা অৱস্থাৰ কাৰণসমূহ হ'ল -১) অটোইমিউন গ্ৰেভচ ডিজিজ২) টস্কিক এডিনমা৩) টস্কিক মাল্টি-নডিউলাৰ গয়টাৰ বা বিষাক্ত গৰল৪) থাইৰয়ডাইটিচ -হাচিমটচ,পষ্টপাৰ্টাম আৰু চাব-একিউট৫) বেচিকৈ থাইৰয়ড হৰমোন সেৱন কৰা৬) হৃদৰোগত ব্যৱহৃত দৰব যেনে এমিডাৰনহায়পাৰথাইৰয়ডিজমৰ লক্ষণসমূহ :ভোক বেচি কিন্তু ওজন হ্ৰাস হোৱাঅস্থিৰতাগৰম সহ্য কৰিব নোৱৰাকঁপনিবুকুৰ ধপধপনিচুলি সৰাভাগৰ,দূৰ্বলতাগাৰ বিষপ্ৰসাৱ বেচি হোৱা আৰু পিয়াহ বেচি লগাঅনিয়মীয়া মাহেকীয়াপুৰুষৰ স্তন ডাঙৰ হোৱা (গায়ন'কমেষ্টিয়া)তেজৰ চুগাৰ আৰু কলেষ্টৰলৰ পৰিমাণ কমি যোৱাচকু দুটা টেলেকাহৈ বাহিৰলৈ ওলাই অহাইত্যাদিৰোগ চিনাক্ত হলে চিকিৎসাৰ বাবে এন্টিথাইৰয়ড দৰব (যেনে কাৰবিমাজল, মেথিমাজল, প্ৰপাইলথায়োইউৰাচিল)লগত বিটা ব্লকাৰ ঔষধেৰে ৰোগীক চিকিৎসা কৰা হয়৷কিছুমানৰ অপাৰেচন কৰি থায়ৰয়ডৰ অংশ কাটি পেলোৱা হয় আকৌ কিছুমানক ৰেডিঅ'আয়ডিনেৰে চিকিৎসা দিয়া হয়৷এতিয়া থাইৰয়ডৰ ৰোগত খাদ্যৰ বিষয়ে কিছু লাগতিয়াল কথা আলোচনা কৰিম৷হাইপো আৰু হাইপাৰথাইৰয়ডিজম দুয়োটাৰে খাদ্য তালিকাত নিষেধাজ্ঞা পৃথক পৃথক ৷চমুকৈ হায়পোথাইৰয়ডিজমৰ ৰোগীৰ বাবে বন্ধাকবি,ফুলকবি,ব্ৰুকলি,বীন,মটৰ,মিঠা আলু, কাঠ আলু, গোমধান, মূলা,চালাড পাত,কটাৰী ডবুৱা মাহ,বাজৰা,সৰিয়হ পাত, চালগোম, পালেংশাক, বাঁহগাজ অপকাৰী৷এইবিলাকত গয়টাৰোজেনিক তত্ব থাকে৷অৰ্থাৎ গৰল বা গয়টাৰ উৎপন্ন কৰাৰসম্ভাৱনা থকা পদাৰ্থ থাকে যাৰ ফলত থাইৰয়ডে আয়ডিন আহৰণ কৰাত বাধা পায়৷উল্লেখিত খাদ্যসমূহত থকা চালফাৰেও আয়ডিন আহৰণত বিজুতি ঘটায়৷ আয়ডিনৰ অভাব হলে থাইৰয়ড হৰমোনৰ উৎপাদন বাধাপ্ৰাপ্ত হয় আৰু হাইপোথাইৰয়ডিজমে দেখা দিয়ে৷ এই খাদ্যসমূহ সিজাই খালে অনিষ্টকাৰী প্ৰভাৱ কিছু কমিব পাৰে৷কিন্তু যিমানে বেচিকৈ সিজাব সিমানে এইবিলাকৰ খাদ্যগুণ হ্ৰাস পাব৷অট' ইমিউনিটিৰ থাইৰয়ড ৰোগৰ লগত সম্বন্ধ আছে বুলি আগতে উল্লেখ কৰা হৈছে৷ ঘেঁহু, বাৰ্লি জাতীয় গ্লুটেনযুক্ত খাদ্য কিছুমান বাবে এলাৰ্জিৰ কাৰক৷তেনেলোকৰ বাবে এনে খাদ্যই অট' ইমিউনিটিউৎপন্ন কৰিব পাৰে৷চয়াবীন আৰু চয়াবীনৰ পৰা বনোৱা গাখীৰ, কটাৰী ডবোৱা মাহত থকা ৰাসায়নিক পদাৰ্থই আয়ডিনথাইৰয়ডলৈ যোৱাত বাধা দিয়ে৷ ইয়াৰ ওপৰিও এইবিলাকত থকা আইচ'চায়ানাইডৰ বাবে থাইৰয়ড মেটাবলিজমত ব্যাঘাট জন্মোৱা আন খাদ্যৰ তালিকাত আছে - আহোমবগৰী, প্লাম, ষ্ট্ৰবেৰী, পাইনৰ গুটি, মটৰমাহ৷হায়পোথাইৰয়ডিজমৰ ৰোগীয়ে আগতে উল্লেখ কৰা তালিকাৰ শাক-পাচলি বাদ দি খাব পাৰে অইন তাজা সেউজীয়া শাক পাচলি যেনে স্কোৱাচ,গাজৰ,ঢেকিয়া,কলমৌ, খুতৰা,মাটিকান্দুৰি,ৰঙালাউৰ আগ,কাচকল আৰু আন সেউজীয়া শাক ৷মাছ,কল,বাদাম,এলমণ্ডত টাইৰোচিন থাকে৷টাইৰোচিনে আয়োডিনৰ লগ লাগি থাইৰয়ড হৰমোন উৎপন্ন কৰে৷সেয়ে টাইৰোচিন থকা খাদ্য হায়পোথাইৰয়ডিজমত উপকাৰী৷ৰান্ধিবলৈ অলিভ অইল, চানফ্লাৱাৰ অইল নাইবা নাৰিকল তেল ব্যৱহাৰ কৰা ভাল৷নাৰিকল আৰু নাৰিকলৰ তেল হায়পোথাইৰয়ডিজমত উপকাৰী৷অমেগা-৩যুক্ত খাদ্য যেনে টুনা মাছ,চলমান মাছ,ৰঙালাউ,চানফ্লাৱাৰ অইল ,আখৰোট হ'ল উপকাৰী খাদ্য৷আনাৰচ,পিয়াজ,নহৰু, মাছ,কণী হ'ল আয়ডিনযুক্ত উপকাৰী খাদ্য৷এন্টিঅস্কিডেন্ট,ভিটামিন বি কমপ্লেস্ক, ভিটামিন-চি, চেলেনিয়াম,কপাৰ, আয়ৰণ জিংক থকা খাদ্য হায়পোথাইৰয়ডিজমত উপকাৰী৷গতিকে মাংস,ডায়েৰী প্ৰডাক্ট, বিলাহী,কমলা,টেঙা ফল,কাজু আদি খোৱা ভাল৷আনহাতে হাইপাৰথাইৰয়ডিজম ৰোগীৰ বাবে চাহ,কফি,চকলেট,নাৰিকল,আভাকাডোআৰু চুগাৰ ফ্ৰিত থকা এচপাৰটেম হ'ল অপকাৰী৷মাংস বিশেষকৈ ৰঙামাংস আৰু কণীত চিষ্টিন নামৰ এমাইনো এচিড থাকে৷ চিষ্টিনযুক্ত খাদ্য হায়পাৰথায়ৰইডিজমৰ ৰোগীয়ে পৰিহাৰ কৰি চলিব লাগে৷মোখনিত ইমানেই কম যে থায়ৰয়ড গ্ৰন্থিৰ বিকাৰসমূহৰ এইয়া এক চমু টোকাহে পাঠকৰ জ্ঞাতাৰ্থে প্ৰস্তুত কৰিলোঁ৷সময় সুবিধা পালে পাঠকৰ মনৰ সংশয় বা ব্যক্তিগত প্ৰশ্নৰ যথাযথ উত্তৰ দিবলৈ নিশ্চয় প্ৰয়াস কৰিম৷ডা০ ভূপেন শইকীয়া ২৭ মাৰ্চ ২০১৩ড'হা, কাটাৰ; ফোন ০৭৪-৩৩৭৩৮৭২২ ই-মেইল : drbksaikia@gmail.com---------------------------------------------------------------------------------------------
Articles in Assamese on various topics like health,travel, literature etc. are available in this blog.
Translate
Sunday, July 14, 2013
থাইৰয়ড গ্ৰন্থিৰ বিকাৰৰ বিষয়ে আলোচনা
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment