এস্কপায়ৰী ডেট
এস্কপায়ৰী ডেট
ঔষধৰ এস্কপায়ৰী ডেটৰ কথা সকলোৱে শুনিছে৷চিকিৎসক হোৱা হেতুকে আমিও সেই বিষয়ে সদায়েই সচেতন৷কিন্তু এই এস্কপায়ৰী ডেট আন কিছুমান ক্ষেত্ৰটো প্ৰযোজ্য হোৱা প্ৰত্যক্ষ কৰি পাঠকসকলৰ সৈতে শ্বেয়াৰ কৰিব খুজিছোঁ৷অনুভৱে শিকালে ব্যক্তিগত ড্ৰাইভাৰৰ এস্কপায়ৰী ডেট এবছৰৰ পৰা টানিটুনি তিনিবছৰ৷ ইয়াৰ আগলৈকে ঘৰৰ সম্পৰ্কীয় ল'ৰাৰ দৰে মৰম-সাদৰ কৰিও কোনো ড্ৰাইভাৰক দীৰ্ঘম্যাদী কৰি ৰাখিব নোৱৰাটো 'মোৰেই বিফলতা' বুলিয়েই পোনতে গণ্য কৰিছিলোঁ৷বহু স্মৃতি জড়িত আমাৰ পূৰণি অসম আৰ্হিৰ ঘৰটো বেচিবলগীয়া হোৱাত মনটো বেয়া লাগিছিল যদিও মনক প্ৰবোধ দিলোঁ এই বুলিয়েই তাৰ সৈতে আমাৰ সম্বন্ধৰ এস্কপায়ৰী ডেট আহি পৰিলহি৷এজন প্ৰসিদ্ধ চাৰ্জনে নিজৰ নামেৰে নাৰ্চিহোম খুলিলে৷চলিলো বেচ কেইবছৰমান৷পৰিবাৰ,কন্যা-জোঁৱাই সকলোৱেই ভিন্ন ভিন্ন বিভাগৰ চিকিৎসক৷কিন্তু তথাপিওকম সময়ৰ ভিতৰতে নাৰ্চিহোমখন বন্ধ হৈ পৰিল৷ সেই মাটি সম্পত্তি বেলেগ চিকিৎসা প্ৰতিষ্ঠানে কিনি ললে৷ভাবিবলৈ বাধ্য হলোঁ নাৰ্চিহোমখনৰ এস্কপায়ৰী ডেট নিশ্চয় আহি পৰিছিলহি৷অলপতে অসম ভ্ৰমণত বেলতলা বজাৰত মোৰ মৰমৰ আৰু প্ৰয়োজনীয় চচমাজোৰ হেৰাল৷চাৰিবছৰ আগতে আবু ধাবিত মই কাম কৰা অল-অহালিয়া চিকিৎসালয়ৰ ওচৰৰ চচমাৰ দোকানত কৰ্মৰত অসমীয়া অপ্তিমিষ্ট এজনে বনাই দিছিল৷চাৰিবছৰৰ অধিককাল সুন্দৰকৈ সেই ফটোক্ৰমেটিক চচমাযোৰে মোৰ সংগ দিলে৷এতিয়া হেৰালত সান্ত্বনা লভিছোঁ চচমাযোৰৰ এস্কপায়ৰী ডেট নিশ্চয় সেই সময়লৈকেহে আছিল৷প্ৰিয় পাঠকসকল - এই নতুন দৃষ্টিকোনেৰে এস্কপায়ৰী ডেট চাবলৈ প্ৰয়োগ কৰাৰ পৰা নানা কথাত মোৰ দুখবোধ কমিব ধৰিছে যেন অনুভৱ কৰিছোঁ৷
২১জুলাই, ২০১৩
ড'হা, কাটাৰ
No comments:
Post a Comment