Translate

Saturday, July 27, 2013

চকুৰ অসুখ কনজাংটিভাইটিচ

আজি আমি এটি সঘনাই দেখা পোৱা ৰোগৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ৷
আপোনালোকৰ বহুতৰ হয়তো এই ৰোগৰ অভিজ্ঞতা হৈছে৷চকুৰ অসুখ কনজাংটিভাইটিচে এটা সময়ত অসমত ব্যাপক ৰূপ ধৰিছিল৷এতিয়াও আমাৰ প্ৰদেশত গোটেই বছৰ জুৰি চেগাচোৰোকাকৈ এই ৰোগ ক'ৰবাত নহয় ক'ৰবাত চলি থাকে৷এই ৰোগ বাংলাদেশৰ পৰা সোঁচৰি অসম পাইছিলহি বাবে ৰাইজৰ মাজত এই ৰোগৰ প্ৰচলিত নাম হৈ পৰিছিল-'জয় বাংলা'৷এই নামটো এতিয়াও জনপ্ৰিয় হৈ আছে৷একেদৰে চেন্নাইৰ নাম মাদ্ৰাজ চলি থকা সময়তে সেই অঞ্চলৰ চকুৰ আঞ্চলিক চিকিৎসালয়ৰ অধীক্ষক ডা০ ক্ৰিক পেট্ৰিকে এবিধ ভাইৰাচে (এডিনো ভাইৰাচ) চকুৰ অসুখ কনজাংটিভাইটিচ কৰে বুলি ধৰা পেলাইছিল বাবে এই ৰোগৰ আন এটা নাম 'মাদ্ৰাজ আই' প্ৰচলন হৈছিল৷

কনজাংটিভাইটিচ ৰোগৰ প্ৰমুখ কাৰণ সমূহ হ'ল (১) চকুত ভাইৰাচ নাইবা বেক্টেৰিয়াৰ সংক্ৰমণ (২) এলাৰ্জিজনিত (৩) চকুত ৰাসায়নিক দ্ৰব্যৰ প্ৰতিক্ৰিয়াৰ ফলত (৪) নৱজাতকৰ (জন্মৰ পৰা ২৮দিনলৈ) চকুৰ অসুখ৷

ৰোগৰ লক্ষণ সমূহ হ'ল : - চকু ৰঙা পৰা, অতিমাত্ৰা চকুৰ পানী ওলোৱা, চকু খচ-খচোৱা,পূৰণি বা বিষ অনুভৱ হোৱা, চকুৰ বগা অংশ আৰু বাদু ফুলি উঠা, চকুৱে পোহৰৰ তীব্ৰতা সহ্য কৰিবলৈ টান পোৱা আদি৷ সাধাৰণতে চকুৰ দৃষ্টিশক্তিত একো প্ৰভাৱ নপৰে৷চকুত ভাইৰাচ নাইবা বেক্টেৰিয়াৰ সংক্ৰমণ হলে পোনতে এটা চকুত ৰোগ আৰম্ভ হয় আৰু ৩৷৪দিনত আনটো চকুলৈ বিয়পে৷ভাইৰাচৰ সংক্ৰমণ হলে সাধাৰণতে পানীলগা, চৰ্দি, ডিঙি-কাণৰ বিষ নাইবা চাইনাচৰ অসুখ লগত প্ৰায় দেখা যায়৷বেক্টেৰিয়াৰ সংক্ৰমণ হলে চকু ৰঙা পৰাৰ তীব্ৰতা আৰু ফুলি উঠাটো বেচি হয়৷ তদুপৰি বগা-হালধীয়া পূঁজ জাতীয় দ্ৰব্য নিৰ্গত হয়৷চকুৰ ফেচকুৰি বা আঠা জাতীয় দ্ৰব্যই পুৱা চকুৰ পতা দুটা জাপ খোৱাই ৰাখিব পাৰে৷ সাধাৰণতে চকুত ষ্টেফাইলোকক্কাই আৰু ষ্ট্ৰেপ্টকক্কাই বেক্টেৰিয়াৰ সংক্ৰমণ হোৱা দেখা যায়৷আন আন কিছুমান কনজাংটিভাইটিচ কৰা বেক্টেৰিয়া হ'ল- চালমাইডিয়া ট্ৰেকমেটিচ, নাইচেৰিয়া গনকক্কাচ, বিটা-হিমলাইটিক ষ্ট্ৰেপ্টকক্কাচ, কৰ্ণিবেক্টেৰিয়াম ডিপথেৰিয়া আদি৷
এলাৰ্জিজনিত কনজাংটিভাইটিচ সোঁচৰা নহয়৷লক্ষণ অনুসৰি চিকিৎসা কৰিলে সোণকালে আৰোগ্য হয়৷সাধাৰণতে ৰোগীক এন্টিএলাৰ্জিক আৰু নন-ষ্টেৰই'ডেল এনালজেচিক ঔষধ খাবলৈ দিয়া হয়৷
কনজাংটিভাইটিচ কৰা ৰাসায়নিক দ্ৰব্যসমূহৰ ভিতৰত চকুত এলকেলি বা এচিড পৰাটো বিপদজনক৷
লিটমাচ পেপাৰ এখনৰ সহায়ত অনায়াসে এলকেলি আৰু এচিডক চিনাক্ত কৰিব পাৰি৷এলকেলি বেচি অপকাৰী, ই স্কাৰ কৰিব পাৰে আৰু চকুৰ ভিতৰৰো ক্ষতি সাধিব পাৰে৷গতিকে ইয়াৰ তৎকালিন উপযুক্ত চিকিৎসা কৰাটো জৰুৰী৷
কনজাংটিভাইটিচ কৰা আন ৰাসায়নিক পদাৰ্থসমূহ হ'ল- শ্বেম্পু,হেয়াৰ ডাই, চাবন, পানীত থকা ক্লৰিন, ৰাস্তা-কল-কাৰখানাৰ ধূলি-ধোঁৱা আদি৷
মাতৃৰ গন'ৰিয়া বা আন যৌনব্যাধি থাকিলে সন্তান সহজে কনজাংটিভাইটিচত আক্ৰান্ত হয়৷উপযুক্ত
এন্টিবায়টিকৰ সহায়ত চিকিৎসা কৰি নৱজাতকক আৰোগ্য কৰাৰ অতীৱ প্ৰয়োজন,অন্যথা দৃষ্টিশক্তিৰ ক্ষতিসাধন হব পাৰে৷আকৌ কেতিয়াবা নৱজাতকৰ চকুৰ পানী নাকলৈ বৈ যোৱা নলীডাল (লেক্ৰিমেল ডাক্ট ) সাময়িক ভাবে বন্ধ হৈ থাকিলেও কনজাংটিভাইটিচ হব পাৰে৷
আকৌ বহু সময়ত ভাইৰেল আৰু বেক্টেৰিয়েল কনজাংটিভাইটিচ একেলগে হব পাৰে৷ ডায়েবেটিচত আক্ৰান্ত লোকৰ চকুৰ অসুখৰ লক্ষণ সমূহ গুৰুতৰ হব পাৰে৷

ৰোগ চিনাক্তকৰণ জটিল নহয়৷কেতিয়াবা চকুৰ পানী বা দ্ৰব্যৰ কালচাৰ কৰি জীৱানু চিনাক্ত কৰা হয়৷

চিকিৎসা : - ভাইৰাচৰ সংক্ৰমণত এচাইক্লভিৰ বা আনএন্টিভাইৰেল ঔষধ প্ৰয়োগ কৰা হয়৷ বেক্টেৰিয়াৰ
সংক্ৰমণত উপযুক্ত এন্টিবায়টিক ব্যৱহৃত হয়৷গনোৰিয়াই কৰা কনজাংটিভাইটিচত চেফট্ৰিয়াস্কন এন্টিবায়টিক বেজীৰে সাধাৰণতে চিকিৎসা আৰম্ভ কৰা হয়৷বেক্টেৰিয়াই কৰা কনজাংটিভাইটিচৰ চকুত দিবলৈ সচৰাচৰ ব্যৱহাৰ কৰা এন্টিবাটিক মলম আৰু ড্ৰপ কিছুমানৰ নাম হ'ল - অ'ফ্লস্কেচিন,চিপ্ৰফ্লস্কেচিন,নৰফ্লস্কেচিন, টেৰামাইচিন, ক্লোৰেমফেনিকল,জেন্টামাইচিন, টব্ৰামাইচিন, নিয়োমাইচিন আদি৷

চকুত ৰাসায়নিক দ্ৰব্য পৰিলে নৰ্মাল চেলাইন বা ৰিংগাৰ লেক্টেটৰে চকু ধুব লাগে৷চকুৰ বিষ বেচি হলে এনাচথেটিক বা ডাইক্লফেনক আই ড্ৰপ কেতিয়াবা ব্যৱহাৰ কৰিবলগীয়া হয়৷

লবলগীয়া সতৰ্কতা : - অসুখ হোৱা ব্যক্তিজনে কামলৈ বা স্কুল-কলেজলৈ নগলে ৰোগ আনলৈ বিয়পাৰ সম্ভাৱনীয়তা কমিব৷ঘৰৰ আন সুস্থ মানুহে ৰোগীৰ দৈনন্দিন ব্যহাৰৰ সামগ্ৰী যেনে কলম,ফণি,চামুচ,
গিলাচ, ৰুমাল,গামোছা,বিচনা চাদৰ,গাৰু গিলিপ,চচমা, প্ৰসাধন সামগ্ৰী,মগ,বাল্টি আদি পৰাপক্ষত স্পৰ্শ
নকৰিব৷ৰোগীৰ হাত নুচুব বা চুলেও লগে লগে ভালদৰে চাবুনৰে হাত দুখন ধুব৷কোনো কাৰণতে হাতেৰে চকু নমহাৰিব৷শীতল জলেৰে চকু আতৰৰ পৰা পানী চেতিয়াই চাফা কৰিব ৷অসুখৰ সময়ত ৰোগীয়ে কন্টেক লেঞ্চ ব্যৱহাৰ নকৰিব৷চকুত কাজল,মস্কৰা বা আন প্ৰসাধন সামগ্ৰী নলগাব৷চিকিসৎকক নোসোধাকৈ দৰব নাখাব বা চকুত নাঢালিব৷আনৰ ৰৈ যোৱা চকুৰ দৰব ব্যৱহাৰ নকৰিব৷সকলো সময়তে পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকিব৷

(বি০দ্ৰু০- গোটত চকু চিকিৎসক কোনোবা থাকিলে আৰু লাগতিয়াল তথ্য যোগ দিলে ৰাইজ উপকৃত হব৷)

ডা০ ভূপেন শইকীয়া
২৬ জুলাই,২০১৩ email~ drbksaikia@gmail.com
ড'হা,কাটাৰৰ পৰা
  • Arup Medhi আজি এমাহমান আগতে মঁই ভুগিছিলো এই অসুখত ,পিছে কণাশিমেলী ছিঙিলে এবিধ আঠা ওলাই তাকে লগাই দিওতে ভাল হল ।
  • Abdus Sazid 'জয় বাংলা'... সৰুতে মোৰো হোৱা মনত পৰে৷ চকু ৰঙা পৰিছিল, পানী ওলাইছিল৷ তেতিয়া কি কি দৰৱ ব্যৱহাৰ কৰা হৈছিল মনত নপৰে৷ এতিয়া কেতিয়াবা হঠাতে কিবা কাৰণত (হয়তো ধূলি-মাকতিৰ বাবে) চকু খচ্‌খচায়৷ তেতিয়া 'ল'কুলা টেন পাৰচেণ্ট' নহ'লে 'আইট'ন' নামৰ আই ড্ৰপ দুটোপাল...See More
  • Gautam Pompi Bora ভাল বিষয় । বিশদ ভাৱে জানি ভাল লাগিল । মোৰো মাজতে হৈছিল । প্ৰথমে বাঁও চকুত দুদিন পাচতে সোঁচকুত হৈ ৫দিন মান থাকিয়ে ভাল হল ।
    18 hours ago via mobile · Unlike · 1
  • DrBhupendra Saikia পঢ়ি ভালপোৱা সকলোকে ধন্যবাদ জনালোঁ৷ 'লকুলা' হ'ল এবিধ এন্টিবায়টিক (চাল্ফএচিটামাইড) আই ড্ৰপ৷ এসময়ত এন্টিবায়টিক বেচি ভেৰাইটি নথকাত ইয়াৰ বেচ প্ৰচলন আছিল৷এটি ঘৰুৱা প্ৰতিকাৰ : কেইখিলামান তুলসীপাত কেইঘন্টামান পানীত তিয়াই থৈ সেই পানীৰে চকু ধুলে চকুৰ খচখচনি নাইকীয়া হয় বুলি মায়ে কোৱা মোৰ মনত পৰে৷
    15 hours ago · Like · 1
  • Arup Medhi মঁই কণা শিমেলী লগাই ভাল পালো ।
    15 hours ago via mobile · Unlike · 1
  • Bikash Das  দাদা বহুতে উপকৃত হব এই লিখনিতোৰে । মাত্ৰ এটা কথা মনত ৰাখিব লাগিব সকলোৱে যে ডক্টৰৰ উপদেশ নোলোৱাকৈ কোনো দৰৱ নিজে নলব এই বেমাৰ হলে ।
    15 hours ago · Unlike · 2
  • Anjali Sonowal মোৰেই হৈছিল দুদিনমানৰ আগতে, কালিৰ পৰা ভাল পাইছো.... মোৰ কিন্তু খচখচনি বা বিষ একো হোৱা নাছিল.... পঢ়ি ভাল পালো।
    15 hours ago · Unlike · 1
  • Lakhimi Gogoi ধন্যবাদ ।
    3 hours ago · Unlike · 1

1 comment:

  1. চকুৰ আগত কলা কলা ৰেখা কিছুমান ঘুৰি থাকে,চকুটো খচখচায় থাকে, মাজে মাজে বিষ হয় উপায় এটা দিয়ক,,

    ReplyDelete

Total Pageviews