- লিখনিটোৰ আৰম্ভণিতে সহৃদয় পাঠকসকলক এটি ৰসাল কাহিনী জনাব খুজিছোঁ৷এজন সুঠাম ডেকা মানুহে চিকিৎসকৰ ওচৰলৈ গৈ কৈছে : মোৰ অসুখটো চাওকচোন৷ খোৱা-লোৱা মোৰ ঠিকেই আছে৷কিন্তু পুৱা শুই উঠিবৰ মন নাযায়, কাম-বন একো কৰিবৰো মন নাযায়৷ চিকিৎসকে ডেকাজনক মূৰৰ পৰা ভৰিলৈ পিটিকি, টুকুৰিয়াই, স্থেথস্কোপ লগাই চাই কলে - তোমাৰ শৰীৰ ঠিকেই আছে৷এলাহহে হৈছে৷তেতিয়া ডেকাজনে চিকিৎসকক কলে - মোক এইটোকে ডাক্তৰী ভাষাত কব লাগে, কাৰণ ঘৰত মই বেমাৰটোৰ নাম সকলোকে জনাব লাগিব !
একেদৰে মই আজি আলোচনা কৰিব লোৱা বিষয়টোৰ নাম ডাক্তৰী ভাষাত - 'হেলিটচিচ'৷ গ্ৰীকআৰু লেটিন ভাষাৰ সংমিশ্ৰণেৰে সৃষ্টি হোৱা এই শব্দটোৰ অৰ্থ হ'ল - মূখৰ দূৰ্গন্ধ৷ বিশ্বৰ প্ৰায় ২৫শতাংশ লোকৰ কম বেচি পৰিমাণে ‘হেলিটচিচ' ৰোগ আছে৷ ইয়াৰে ৯০শতাংশই সঠিক চিকিৎসাৰ দ্বাৰা নিৰাময় কৰিব পাৰি৷ আকৌ ৮০শতাংশ এই ৰোগৰ উৎপত্তিৰ স্থল হ'ল মূখমণ্ডল৷ অধ্যয়ণৰ পৰা জনা যায় খৃষ্টপূৰ্ব ১৫৫০চনৰ পৰাই মূখৰ দূৰ্গন্ধ আতৰাবলৈ বনৌষধিৰ সৈতে গৃহনিৰ্মিত মদিৰা ব্যৱহাৰ কৰাহৈছিল৷ কেনেডাৰ এটি দলে ডেকা বয়সতে মৃত্যু হোৱা ২১০০বছৰ পূৰণি ইজিপ্তৰ ম'মীৰ শৰীৰৰ অধ্যয়ণ কৰি এই নিস্কৰ্ষত আহিছে পোকে খোৱা দাঁতৰ গুৰুতৰ ৰোগৰ ফলতেই সেই যুৱকজনৰ মৃত্যু ঘটিছিল৷ হয়তো আজিৰ আধুনিক চিকিৎসা পোৱা হলে অল্পায়ুতে মৰণ নহ'লহেতেন৷ ৰোমান, গ্ৰীক,ইচলামিক সাহিত্যত আজিৰ পৰা হাজাৰ হাজাৰ বছৰ পূৰ্বৰ পৰা মানুহৰ মূখৰ স্বাস্থ্যৰ সচেতনতাৰ বিষয়ে লিখনি পঢ়িবলৈ পোৱা যায়৷ জনা যায় কি দৰে দেশ ভেদে বেলেগ বেলেগ সামগ্ৰী মূখৰ দূৰ্গন্ধ আতৰাবলৈ ব্যৱহাৰ কৰিছিল৷ ভূমধ্য সাগৰৰ দাতিকাষৰীয়া দেশসমূহত পিষ্টাচিয়া লেন্টিকাচ গছৰ দাঁতুন, ভাৰতত নীম গছৰ দাঁতুন, থাইলেণ্ডত মধুৰী আমৰ দাঁতুন, চীনদেশত কণীৰ বাকলি,ইৰাকত লং আৰু ইটালিত ধনীয়া পাত ব্যৱহাৰ কৰিছিল৷ ১৯২০ চনৰ পৰা ব্যৱসায় আৰম্ভ কৰা 'লিষ্টাৰিন' মাউথৱাচৰ বিষয়ে আমাৰ পাঠকসকল নিশ্চয় অৱগত৷ যদিও ই মূখৰ দূৰ্গন্ধৰ মাত্ৰ সাময়িক উপশম ঘটাব পাৰে - ইয়াৰ উদ্ভাৱনে মানুহৰ এই দিশত সচেতনতাৰ কথাকে সূচায়৷মূখৰ দূৰ্গন্ধ হব পাৰে অস্থায়ী বা দীৰ্ঘ দিনীয়া (ক্ৰনিক৷ কাৰোবাৰ বাবে ই এক দু:স্বপ্নৰ দৰে আতংকৰ বিষয় হৈ পৰে, আকৌ কোনোজন নিজৰ দূৰৱস্থাৰ বিষয়ে মুঠেও অৱগত নহবও পাৰে৷ মূখৰ দূৰ্গন্ধ বেচি হোৱা ব্যক্তিজনে নিজে মুখত মেটিলিক,অম্লজাতীয়, গেলা কণীৰ দৰে বা আন বেয়া স্বাদ অনুভৱ কৰিব পাৰে৷ আপোনাৰ নিজৰ মুখৰ পৰা দূৰ্গন্ধ ওলাইছে নেকি তাক জনাৰ দুটা উপায় আছে৷আপোনাৰ পৰিয়ালৰ সদস্য বা বিশ্বাসী বন্ধুৰ দ্বাৰা সেয়া জানিব পাৰে৷ নহলে নিজে এইদৰে পৰীক্ষা কৰি চাব পাৰে - সোঁহাতৰ মণিবন্ধত ভিতৰৰ ফাললৈ চেলেকক৷ ৩৷৪মিনিট চেলেকা ঠাইখিনি শুকাবলৈ প্ৰতীক্ষা কৰক৷ শুকোৱাৰ পিছত আপোনাৰ যদি চৰ্দি লাগি থকা নাই নিজে ঘ্ৰাণলৈ পৰীক্ষা কৰি চাওক কেনে গোন্ধাইছে৷ ডেন্টিষ্টৰ ওচৰত গলে 'হেলিমিটাৰ' নামৰ পৰ্টেবল চালফাইড মনিটৰৰসহায়ত মূখৰ দূৰ্গন্ধৰ পৰিমাণ জুখিও চাব পাৰে৷যদি খোৱাৰ পিছত মুখখন আপুনি ভালকৈ নুধুৱে, তেতিয়া মুখমণ্ডলৰ ভিতৰৰ দাঁত,আলু,তালু,জিভা আৰু টনচিলত থকা বেক্টেৰীয়াসমূহে খাদ্যৰ অৱশিষ্টক পঁচাব ধৰে আৰু সিঁহতি নিজাববীয়াকৈহাইড্ৰজেন চাইফাইড, ডাইমিথাইল চাইফাইড,এলাইল মিথাইল চাইফাইড,মিথাইল মাৰকাপ্তান, এমোনিয়াআৰু কাৰ্বোনেট জাতীয় ভলেটাইল ৰাসায়নিক তত্ব উৎপাদন কৰে - যাৰ ফলত দূৰ্গন্ধৰ সৃষ্টি হয়৷মূখৰ দূৰ্গন্ধ উৎপত্তি কৰা বেক্টৰীয়াসমূহ প্ৰায়বিলাকেই হ'ল এন-এৰ'বিক বেক্টৰীয়া৷ শুনি আচৰিত নহব আমাৰ মুখৰ ভিতৰখন কমেও ৬০০বিধ বেক্টেৰীয়াৰ আশ্ৰয়স্থলী৷ এইবিলাক হ'ল 'কমেনচেল'অৰ্থাৎ সুবিধাবাদী, হলা গছত বাগী কুঠাৰ মাৰিবলৈ সুযোগৰ অপেক্ষাত থাকে৷ শৰীৰৰ ৰোগপ্ৰতিৰোধ ক্ষমতা যাক 'ইমিউনিটি' বোলা হয়, তাৰ হীন-দেঢ়ি ঘটিলেই আমাক ৰোগাক্ৰান্ত কৰিবলৈযথেষ্ট৷ চাইনাচৰ অসুখ আৰু নাকৰ বিভিন্ন এলাৰ্জিত নাকৰ পৰা বেচিকৈ নিৰ্গত হোৱা সেঙুন জাতীয় মিউকাচে মূখৰ চেলাইভাৰ লগ লাগি বিঘটন ঘটাই দূৰ্গন্ধ উৎপাদন কৰে৷অন্যান্য দূৰ্গন্ধ ওপজাব পৰা ৰোগসমূহ হ'ল - চাইন'চাটিচ আৰু নেজেল এলাৰ্জি, ডায়েবেটিজ,লিভাৰৰ বিকাৰ, কিডনিৰ অসুখ যেনে ইউৰেমিয়া, বিভিন্ন কেঞ্চাৰ, খাদ্যনলীৰ ৰোগ,পাকস্থলীৰউগাৰ অহা ৰোগ, বদহজমী ইত্যাদি৷ ধূম্ৰপাণ, মদ্যপাণ, বেচিকৈ কেঁচা পিঁয়াজ-নহৰু সেৱন কৰা, বেচিকৈ ডায়ৰী প্ৰডাক্ট খোৱাও মূখৰ দূৰ্গন্ধৰ কাৰক হব পাৰে৷ জিৰ'ষ্টমিয়া নামৰ মূখ শুকাই থকা ৰোগত, লঘোনীয়া অৱস্থাত শৰীৰৰ চৰ্বিক্ষয় হৈ কিট’ন নিৰ্গত হলে দূৰ্গন্ধ ওলায়৷ দন্ত চিকিৎসকৰ মতে হেলিটচিচৰ এক প্ৰধান কাৰণ হৈছে মুখত জমা হোৱা খাদ্যৰ কোমল অৱশেষ l এই কোমল অৱশেষবোৰেই সময় যোৱাৰ লগে লগে বিভিন্ন খনিজ লৱণৰ প্ৰভাৱত টান হৈ পাথৰ বা কেলকুলাচৰ ৰূপ লয়৷ ইয়াত আতৰ কৰিবলৈ দন্ত চিকিৎসকৰ সহায় লব লাগে৷ দূৰ্গন্ধ ওপজোৱা মূখৰ ৰোগসমূহ হ'ল: মূখৰ, জিভাৰ ঘাঁ, দাঁতৰ আলুৰ জিঞ্জিভাইটিচ, ,দাঁত পোকে খোৱা আৰু দাঁতৰ আন আন অসুখ, চেলাইভেৰী গ্লেণ্ডৰ অসুখ, টনচিল আৰু ফেৰিংছৰ অসুখ৷লঘোনত, ডি-হাইড্ৰেচনত বা জিৰ'ষ্টমিয়াৰোগত মূখ শুকাই থাকিলে চেলাইভাৰ অভাৱত বেক্টেৰীয়াসমূহে জমা হবলৈ সুযোগ পায়৷ গতিকে দেখা যায় মূখৰ থুই বা চেলাইভাই আমাক বেক্টেৰীয়াৰ বিৰুদ্ধে সুৰক্ষা দি থাকে৷ তদুপৰি মূখৰ পৰা ওলোৱা এই ৰসে পাচন ক্ৰিয়াতো সহায় কৰে৷ যাৰ মুখ সঘনাই শুকাই যায় তেনেলোকে চুগাৰফ্ৰিচুইংগাম ব্যৱহাৰ কৰাটো বাঞ্চনীয়৷ কিছুমান ঔষধেও মূখৰ দূৰ্গন্ধৰ সৃষ্টি কৰিব পাৰে৷ সেইবিলাকৰ কিছুমান হ'ল : এঞ্জাইনাত ব্যৱহাৰ কৰা নাইট্ৰাইট, ফেনাৰগান জাতীয় ট্ৰেন্কুইলাইজাৰ, কেঞ্চাৰ কেম'থিৰাপিৰ দৰব আদি৷এইখিনিতে পাঠকসকলক আন এটি দূৰ্লভ অসুখৰ কথা জনাব খুজিছোঁ - এই ৰোগত কেবল মূখেই নহয়, শৰীৰ ঘাম আৰু প্ৰসাবো মাছ-মাছ গোন্ধায়৷খাদ্যৰ হজম কৰা এবিধ এনজাইমৰ অভাৱত এই ৰোগ হয় যাক 'ট্ৰায়মিথাইল এমিনুৰিয়া' নামেৰে জনা যায়৷আকৌ প্ৰায় এক শতাংশ লোক হেলিটফোবিয়াত ভূগে৷ অতি সচেতন এনে লোকসকল মূখৰ দূৰ্গন্ধৰ চিকাৰ বুলি অবাবতে চিন্তাগ্ৰস্ত হৈ থাকে৷এতিয়া প্ৰতিবিধানৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ৷সৰুতে স্কুলীয়া পাঠ্যপুথিত ''দাঁত" নামৰ এটি চমু প্ৰৱন্ধত পঢ়া মনত পৰে - দাঁতৰ ব্যৱহাৰ 'বালেক পালেক খালেক' নহৈ 'বালেক পালেক চোবালেক খালেক' হব লাগে৷ অৰ্থাৎত বালকসকল তোমালোকেভালদৰে (পাৰিলে ৩২বাৰ) চোবাইহে খাদ্য খাব লাগে৷ সেই একেদৰে সকলো চিকিৎসকে মূখব্ৰাছ কৰাৰ বিষয়ে একমত হৈ কব যে আপোনালোকে দাঁত-মূখ ৪০৷৪৫ চেকেণ্ড ব্ৰাছ কৰিয়েই পৰ্বটো সামৰি নথব৷দাঁতৰ চুকে-কোনে, ভিতৰে-বাহিৰে আৰু জিভাখন ভালদৰে ব্ৰাছ কৰক৷ ইয়াৰ বাবে হয়তো ৪৷৫মিনিট সময় খৰছ হব৷ দাঁতৰ ফাঁকত সোমোৱা খাদ্য পদাৰ্থৰ আঁহ থাকিলে তাক সাবধানেৰে ডেন্টেল ফ্লচৰ সহায়ত ওলিয়াই বাহিৰ কৰক৷ ডেন্টেল ফ্লচ' হ'ল নাইলন বা টেফলন জাতীয় প্লাষ্টিকৰে বনোৱা পাতল সূতাৰ দৰে সজুলি৷ ডেন্টিষ্টৰ ওচৰত নহলে চাৰ্জিকেল মাৰ্টত কিনিবলৈ পাব৷ পৰাপক্ষত খৰিকা ব্যৱহাৰ নকৰিব ৷ বেছিকৈ খৰিকা ব্যৱহাৰ কৰিলে সেইয়া অভ্যাস হৈ পৰে আৰু দাঁতৰ আলুত লাগিতেজ ওলাব পাৰে৷ ডেণ্টেল ফ্লচে দুই দাঁতৰ মাজৰ ব্ৰাচ বা খৰিকাই ঢুকি নোপোৱা ঠাইখিনি সহজে চাফা কৰিব পাৰে ।লিখনিটোত দুটা কথা আৰু যোগ দিওঁ৷ আমি সকলোৱে বছৰত পৰাপক্ষত দুবাৰ দাঁত পৰীক্ষা কৰোৱাটো ভাল৷ প্ৰয়োজন সাপেক্ষে দাঁতত জমা হোৱা টান মলিৰ লেয়াৰ(টাৰটাৰ বা কেলকুলাচ) আতৰাবলৈ ডেন্টিষ্টৰ দ্বাৰা স্কেলিং কৰাই পৰিষ্কাৰ কৰাব লাগে৷৷দূৰ্গন্ধ ওপজোৱা ৰাগিয়াল দ্ৰব্য সমূহৰ সংগ পৰিত্যাগ কৰি স্বাস্থ্যসন্মত লাইফষ্টাইল আৰু স্বাস্থ্যসন্মত খাদ্যবিধি মানি চলক৷ মেদবহুলতাক আতৰাবলৈ যত্নপৰ হওক৷ লজেঞ্চ পৰিত্যাগ কৰক৷ ডায়েৰী খাদ্য যেনে চীজ সীমিত পৰিমাণতহে গ্ৰহণ কৰিব৷অতি কাঢ়াকৈ কফি খোৱাও বেয়া৷ চ'ডা,ক'ক কোলা, মিৰিণ্ডা, পেপচীজাতীয় দন্তক্ষয় কৰা শীতল পানীয়ৰ সংগ এৰক৷ নিতৌ পৰ্যাপ্ত পৰিমাণৰ ৪৷৫লিটাৰ পানী খাওক৷ডায়েটিং কৰিলে জুলীয়া বা লাগতিয়াল পানীয় বেচিকৈ গ্ৰহণ কৰিব৷ কোনো খাদ্য খোৱাৰ পিছত মূখখন আৰু ডিঙিটো ভালকৈ কুলকুলি কৰক৷দিনে অন্তত: দুবাৰ ব্ৰাছ কৰক৷জিভাখন ভালদৰে ব্ৰাছ কৰি পৰিস্কাৰ কৰিবলৈ কেতিয়াও নাপাহৰিব৷টুথপেষ্টৰ পৰিমাণ এটা কাবুলি বুটমাহৰ সমান হলেই যথেষ্ট,বাকীখিনি লোকচানহে হয়৷দাঁতৰ এনামেলৰ সুৰক্ষাৰ বাবে হাৰ্ড ব্ৰাছৰ সলনি চফ্ট বা মিডিয়াম ব্ৰাছহে ব্যৱহাৰ কৰক৷টুথপেষ্ট আপোনাৰ পচন্দ অনুসৰি যি কোনোৱেই ব্যৱহাৰ কৰিব পাৰে৷ কিন্তু সেয়া ফ্লৰাইডযুক্ত হলে ভাল৷ আকৌ বেচিদাঁতৰ শিৰশিৰনি অনুভৱ কৰাসকলে অন্তত: এবাৰ চেঞ্চডাইনযুক্ত পেষ্ট মিহলাই ব্ৰাছ কৰিব লাগে৷কৃত্ৰিম দাঁত ব্যৱহাৰ কৰিলে তাক ব্যৱহাৰ কৰাৰ আগতে মূখ আৰু জিভাখন ভালকৈ পৰিষ্কাৰ কৰি লব৷ আগতে উল্লেখ কৰা 'লিষ্টাৰিন'ৰ বাহিৰেও ক্লৰ'হেস্কিডিন আৰু জিংক গ্লুকনেটযুক্ত বহুতবোৰ মাউথৱাচ আজিকালি বজাৰত উপলব্দ্ধ৷মনত ৰাখিব এইবিলাকে সাময়িক উপশমহে দিব পাৰে৷এইখিনিতে আপোনালোকক জনাব খোজোঁ যে মূল কাৰণ উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰিলে নব্বৈশতাংশ হেলিটচিচ ৰোগীয়েই সম্পূৰ্ণ সুস্থ হয়৷ কিছুমান ৰোগীৰ ক্ষেত্ৰত প্ৰবায়োটিক ঔষধৰ ব্যৱহাৰত সুফল পোৱা গৈছে৷এতিয়া অলপ ঘৰুৱা উপচাৰৰ কথা আলোচনা কৰিম৷ গছপাতত থকা সেউজীয়া উপাদন 'ক্ল'ৰফিল'হেলিটচিচ দূৰ কৰাত প্ৰমাণিত সিদ্ধ হৈছে৷ গতিকে আপুনি ধনীয়া,পদীনা,পালেং আৰু সেউজীয়া শাক-পাচলিৰ সৈতে আত্মীয়তা গঢ়ি তোলক৷ তিঁয়হ, গাজৰ,কল, আপেল,ডালিম আদি চোবাই খালে কেবল মুখমণ্ডলৰ ব্যায়াম হোৱাই নহয়-আপুনি অনেক ৰোগ প্ৰতিৰোধকাৰী এন্টি অস্কিডেন্টৰ সহায় লাভ কৰিব৷ পানমছলা, জৰ্দা, নানাবিধ চাদা, ৰজনীগন্ধা আদিৰ সলনি লং,ইলাচি, চফ,ডালচেনি ব্যৱহাৰ কৰিবলৈ প্ৰয়াস কৰক৷ আমাৰ অসমীয়া তামোল পাণৰ সীমিত ব্যৱহাৰে মূখৰ দূৰ্গন্ধ দূৰ কৰাটো নিৰ্ঘাত সত্য৷কিন্তু তামোল-পাণত চূণ মিহলালে সেই মিশ্ৰণ কাৰচিনজেনিক হৈ পৰে৷দৰাচলতে বিভিন্ন অসুখ দেখোৱাবলৈ অহা এক বুজন সংখ্যক ৰোগীৰ মাজত আমি চিকিৎসকসকলে হেলিটচিচ লক্ষ্য কৰোঁ৷ তাৰে খুব তাকৰীয়াজনহে সেই বিষয়ে জ্ঞাত৷ দোষটো হ'ল ব্যক্তিগত পৰিচ্ছন্নতাৰ অভাৱ৷জ্বৰ বা আন অসুখত বিচনাত পৰিলেই বহুতে গা ধুব বাদ দিয়ে৷ মূখখনো পাল মাৰিহে ধুৱে৷সাধাৰণ সচেতনতা আৰু স্বাস্থ্যৰ ৰক্ষাৰ বিধিৰ পালনে বহুতবোৰ ৰোগক চিৰিয়াচ পৰ্যায়লৈ যাব নিদিয়াকৈ ৰাখিব পাৰে৷শেষত দুটি তেনেই সহজ আৰু সূলভ উপচাৰ এটি পাঠক সকললৈ আগবঢ়াই মোৰ লিখনি সামৰিম : -অলপ আদাৰ ৰসৰ সৈতে এচামুচ নেমুৰ ৰস কুহুমীয়া গৰম পানীত মিহলাই দিনে ২৷৩বাৰ মূখ আৰু ডিঙিৰ কুলকুলি কৰক - মূখৰ দূৰ্গন্ধ কেইদিনমানতে আতৰ হব৷ ৰুচি অনুসৰি সামান্য লোন মিহলাই এই মিশ্ৰণটো আপুনি খোৱাৰ বাবেও ব্যৱহাৰ কৰিব পাৰে৷ আনটো বিধি হ'ল : পকা কলৰ বাকলিৰ ভিতৰফালেদি দাঁত আৰু আলুক ঘঁহি ৩৷ ৪ মিনিট সময় ৰ'ব৷ তাৰ পিছত নিমখেৰে মাজি মূখখন ভালদৰে কুলকুলি কৰক৷এসপ্তাহ দিনে দুবাৰ নিয়মীয়াকৈ এইদৰে কৰাৰ পিছত মাজে মাজে কৰিলেও হব৷এনে কৰিলে মূখৰ দূৰ্গন্ধ আতৰোৱাত সহায় হোৱাৰ ওপৰিও আপুনি এক সজীৱতা অনুভৱ কৰিব৷কোনোবাই যদি এই ৰচনাখন পঢ়ি উপকৃত হয় মই নথৈ সুখী হম৷১১ ফেব্ৰুৱাৰী, ২০১৩ড'হা কাটাৰৰ পৰা ৷ফোন ০৯৭৪-৩৩৭৩৮৭২২ Email ~drbksaikia@gmail.com=======================================================
Articles in Assamese on various topics like health,travel, literature etc. are available in this blog.
Translate
Tuesday, July 30, 2013
'হেলিটচিচ'
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment