Translate

Saturday, July 13, 2013

ডোহাৰ প্ৰাণ কেন্দ্ৰ চৌক ৱাকিফ : (কাটাৰৰ ডায়েৰী)

যিদৰে অসমৰ ৰাজধানী গুৱাহাটীৰ এক কেন্দ্ৰ বিন্দু ' ফাঁচি বজাৰ, একেদৰে  কাটাৰৰ ৰাজধানী চহৰ ডোহাৰ প্ৰাণ কেন্দ্ৰ ' - 'চৌক ৱাকিফ'৷চৌক ৱাকিফ শব্দটোৰ অৰ্থ ' চলি থকা বজাৰ৷হয়, চৌক ৱাকিফৰ বজাৰ  বছৰ ধৰি চলি আছে৷ কাটাৰী জন-জীৱনৰ উৎথান পতনৰ ইতিহাস বুকুত সাঁচি ৰাখিছে চৌক ৱাকিফে৷তাহানিৰ অঘৰী বেদুইন জাতিৰ পৰা আজিৰ ধনাঢ্য,মুখত সোণৰ চামুচলৈ ওপজা প্ৰজন্মলৈকে সকলো পৰিবৰ্তনৰ সাক্ষী এই কেইবা বছৰ পুৰণি বজাৰখন৷মাজতে এটা সময়ত অনেক ইৰাণী লোকে নানা বণিজ ইয়াত কৰিছিল বাবে ইয়াক ইৰাণী মাৰ্কেট বুলিও মতা হৈছিল কিন্তু এতিয়া সেই নাম অপ্ৰচলিত বা কাটাৰী লোকসকলৰ মাজত অপ্ৰিয়৷কাটাৰৰ সমগ্ৰ দেশখনতেই প্ৰায়বিলাক পূৰণি বাসভৱনবজাৰ,অনুষ্ঠান আদি ভাঙি   বহুমহলীয়া আধুনিক ভৱনৰ নিৰ্মাণ কাৰ্য্ অহৰ্নিশে চলি থকাৰ বিপৰীতে ব্যতিক্ৰম ' চৌক ৱাকিফ৷২০০৪ চনত সামান্য সালসলনি ঘটোৱাৰ বাহিৰে চৌক ৱাকিফৰ বজাৰৰ ভৱন সমূহৰ অন্তৰ্গাথনিৰ পৰিবৰ্তন কৰা হোৱা নাই৷ 
            চৌক ৱাকিফ হ' কাটাৰ দেশৰ এক মাত্ৰ ঠাই ' গ্ৰাহকে দৰ দাম কৰি যি কোনো পচন্দৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে অতি প্ৰাচীন কালৰ পৰা,  আৰবীসকলে বেদুইনৰ জীৱন কটাবৰ সময়ৰ পৰা এই বজাৰখন বেহা-বেপাৰৰ থল হিচাবে পৰিগণিত হৈ আহিছে৷দূৰদূৰণিৰ পৰা কাটাৰীসকলে নিজৰ তৈয়াৰী বা সংগ্ৰহিত নানাবিধ সামগ্ৰী এইবজাৰখনলৈ বিক্ৰীৰ বাবে লৈ আহিছিল আৰু সেইবোৰ বেচি নিজৰ প্ৰয়োজনীয় সা-সম্পদ কিনি পুনৰ  কৰ্মস্থলীলৈ ৰাৱণা হৈছিল৷সেই লোকসকলে ইয়ালৈ আহি দুই এদিন বিশ্ৰাম লৈ ভাগৰ পলুৱাইছিল৷থকাৰ সময়ছোৱাত নিশাৰ ভাগত দোভাগ ৰাতিলৈ গানৰ মেহফিল বহিছিল৷সংগীত চৰ্চাই দূখ-বেদনা পাহৰায় ৷মন আৰু শৰীৰক নতুন কৰ্মশক্তিৰ যোগান ধৰে৷গীত-সংগীতৰ মেহফিল আজিও বহে - শুকুৰবাৰ আৰু আন বন্ধৰ দিনত৷স্থানীয় বাদ্য যন্ত্ৰৰ সংগতৰে চুফি সংগীতৰ তালত ৰচনা হোৱা সংগীতৰ মায়াজাল ময়ো দুই তিনিবাৰ  উপভোগ কৰিছোঁ৷আপোনপাহৰা হোৱা দৰ্শকৰ একাংশই সংগীতৰ তালেতালে নাচিবলৈও ধৰে৷ বিদেশী শ্ৰোতা-দৰ্শকসকলে গীতৰ ভাষা নুবুজিলেও তাত অন্তৰ্নিহিত থকা বেদনাৰ কৰুণ ভাৱটো উপলব্দ্ধি কৰিব পাৰে৷ কোনোবা প্ৰখ্যাত ব্যক্তিয়ে এনেয়ে কৈ যোৱা নাইআটাইতকৈ মধুৰ সংগীত ' আটাইতকৈ কৰুণ৷সংগীতৰ স্বাদ লোৱাত ভাষা হয়তো   পূৰ্ণৰপে হেঙাৰ হব নোৱাৰে৷
     আকৌ চৌক ৱাকিফত নাপায় কি ? ইযাত উপলব্দ্ধ বস্তুৰ তালিকাৰ ভিতৰত প্ৰমুখ কিছুমান 'মনোহাৰী সামগ্ৰী-পূৰণি গহনা, নানা বিধ মছলা, কিচিম-কিচিমৰ ড্ৰাইফ্ৰুটচনানান সুগন্ধিৰ আঁতৰঘৰ বনোৱা -সজোৱা আৰু মাছ ধৰা সামগ্ৰীবিভিন্ন খাদ্য পদাৰ্থবাদ্যযন্ত্ৰ, কাৰ্পেট,হেণ্ডিক্ৰাফ্ট আৰু পেইন্টিংপোহনীয়া জীৱ জন্তু আৰু পক্ষীৰ বিক্ৰী কেন্দ্ৰ৷চৌক ৱাকিফ অঞ্চলক বহুতে পূৰণি ডোহা বুলিও উল্লেখ কৰে৷পাৰস্য সাগৰৰ পাৰৰ কৰনীচ ইয়াৰ গাতে লাগি আছে৷ সমুদ্ৰতীৰত অৱস্থিত দুই বিখ্যাত স্মাৰক মিউজিয়াম অৱ ইচলামিক আৰ্টচ আৰু ইচলামিক কালচাৰেল চেন্টাৰ চৌক ৱাকিফৰ পৰা খোজ-কঢ়া দূৰত্বত৷ইয়াৰ সন্মুখ ভাগ দেখাত পূৰণি দূৰ্গৰ দৰে৷অনেক ৰঙ বিৰঙি পাৰ চৰাইৰ আশ্ৰয় স্থল৷দুই কাষে আছে কেইবা গাড়ীৰ বাবে 'পেইড পাৰ্কিএলেকা৷চৌক ৱাকিফৰ ভিতৰত তিনিখন মহঙা আৰু অত্যাধুনিক -সুবিধাযুক্ত হোটেল আছে৷সেইকেইখন 'বিচমিল্লাহহোটেল চৌক ৱাকিফ আৰু অল খৱাইচ৷দোকানসমূহ আগবেলা দহ বজাৰ পৰা নিশা দহ বজালৈ খোলা থাকে৷কিছুমান ৰেষ্ট্ৰোৰা মাজৰাতিলৈকে খোলা থাকে বিশেষকৈ সপ্তাহান্ত আৰু বন্ধৰ দিনত৷অনেক বিদেশী টুৰিষ্টৰে চৌক ৱাকিফৰ দোকানসমূহ বিশেষকৈ ৰেষ্ট্ৰোৰাসমূহ ঠাঁহ খাই থাকে৷ৰেষ্ট্ৰোৰাসমূহৰ বিশেষ আকৰ্ষণ ' কাটাৰীখাদ্য আৰু দীঘল পাইপ লগোৱা প্ৰকাণ্ড প্ৰকাণ্ড 
হোক্কা-চিলিমৰ জুতি৷কবলৈ পাহৰিছোঁ নানান ডিজাইনৰ হোক্কা-চিলিমৰ বিক্ৰীৰ দোকানো চৌক ৱাকিফ আৰু ডোহাৰ আন আন অঞ্চলত দেখিবলৈ পোৱা যায়৷চৌক ৱাকিফত থকা নাট্যমন্দিৰ নিচিনা হলঘৰত দেশী বিদেশী শিল্পীৰ
 সংগীতানুষ্ঠান মাজে মাজে অনুষ্ঠিত হয়৷কেইবাজনো ভাৰতীয় শিল্পীৰ গজল সন্ধিয়া ইয়াত অনুষ্ঠিত হোৱাৰ খবৰ পাওঁ৷ইয়াৰ ওপৰিও চৌক ৱাকিফত মাজে মাজে অনুষ্ঠিত হয় প্ৰদৰ্শনী,চেমিনাৰ আৰু বসন্ত উৎসৱৰ দৰে নানান প্ৰমোদ মেলাৰ৷চৌক ৱাকিফৰ গাতে লাগি আছে চৰকাৰী বাচষ্টেণ্ড আৰু বিখ্যাত গোল্ড চৌক৷ গোল্ড চৌক নানান সোণৰ গহনাৰ জিকমিকনিৰে তিৰবিৰাই থাকে৷
            মোখনিত কম তাহানিৰ বেদুইন আজি বুৰঞ্জী 'ল৷ বেদুইনৰ ছবি,ফটো,তেওঁলোকৰ ব্যৱহৃত সা-সামগ্ৰীয়ে আজি সাদৰে,সম্ভ্ৰমেৰে মিউজিয়ামত  ঠাই পাইছে৷  আমোদৰ কথা আজিৰ যুগৰ প্ৰজন্মই বেদুইনৰ জীৱনশৈলী অনুভৱ কৰিবলৈ গৈ বাহৰ পাতে মৰুভমিৰ মাজৰ টেন্টত৷য' জেনেৰেটতৰ সহায়ত থাকে অহৰ্নিশ বিদ্যুত, টেন্টৰ ভিতৰত এয়াৰ কণ্ডিচনাৰ, ডিচ টিভি, কমোড আৰু শ্বাৱাৰযুক্ত বাথৰুম৷কোঠাৰ ভিতৰত মহঙা কাৰ্পেট আৰু সুগন্ধি দামী আঁতৰৰ সুবাস৷কেইবাটিও হোক্কা চিলিমো লগত থাকিবই৷খোৱা সামগ্ৰী বনাবৰ বাবে টেন্টৰ বাহিৰত জুইশালৰ ব্যৱস্থা৷ এনে জীৱনশৈলী উপভোগ কৰাত ৰজা প্ৰজা কোনোৱেই পিছ পৰি থকা নাই৷

২জুলাই, ২০১৩





No comments:

Post a Comment

Total Pageviews