Translate

Thursday, June 27, 2013

আমাৰ কন্যা ইতিৰ হেৰাবলৈ লোৱাৰ কাহিনী

(আগকথা - হয়তো এনেবিলাক কাহিনীৰ কোনো সাহিত্যিক মূল্য নাই৷ কিন্তু ইংৰাজী ৰিডাৰ্চ ডাইজেষ্ট, হিন্দী সৰিতা,কাদম্বিনী আৰু ধৰ্মযুগ আদি আলোচনীৰ পাতত এনে সৰু-বৰ অনেক সত্য কাহিনী প্ৰায়ে প্ৰকাশিত হৈ থাকে আৰু পাঠক সমাজেও সেইবিলাক অতি আগ্ৰহেৰে পঢ়ে৷কিছুমান লিখনিৰ শীৰ্ষক এনে ধৰনৰ - মই এতিয়া কব পাৰোঁ নাইবা মোৰ ক্ষেত্ৰত এনে ঘটিছিল, সৰু ল'ৰা-ছোৱালীৰ মূখৰ পৰা৷
অসমীয়া বিস্ময়,ৰহস্য আদিৰ কল্প কাহিনীৰ বাদে অসমীয়া প্ৰান্তিকত এনে সত্য কাহিনী কেতিয়াবা অভিজ্ঞতাৰ পৰিচয়ৰে বৰ্ণিত হয়৷'অসমীয়া কথা বতৰা গোটৰ' নিৰ্বাচিত লিখনিসমূহ মাহেকৰ মূৰত 'সাহিত্য ডট অৰ্গ'ৰ নামলৈ এক পত্ৰিকা বা ডাইজেষ্টৰ ৰূপত প্ৰকাশিত হয়৷আকৌ কৈছোঁ 'নিৰ্বাচিত লিখনিসমূহ' -ফলত বিভিন্নজনৰ সৰু-বৰ অভিজ্ঞতাৰ কথাৰে ভৰা কিছু কম মান বিশিষ্ট ৰচনাসমূহে স্থান নাপাবও পাৰে, পোৱাটো সম্ভৱপৰো নহয়৷গতিকে অকবৰ মঞ্চখনক এখনি আলোচনী বুলি গণ্য কৰাটো
ভুল বুলি নাভাবিলে ইয়াত আলোচনীত থকা সকলো স্বাদৰ ৰচনায়ে সমাদৰ পাওঁক বুলি ভবাটোও ভুল নহব চাগে ? কোনে জানে ভাৱ প্ৰকাশৰ মুকলি মঞ্চ পালে এসময়ৰ অখ্যাত লোকৰ মাজৰ পৰাই বিশিষ্ট বা জনপ্ৰিয় লিখকৰ সৃষ্টি হয়তো হব পাৰে৷অকব আজিৰ তাৰিখত দহ হেজাৰৰ অধিক লোকৰ গঠিত মঞ্চ 
- এই সকলোলোকেই ইন্টাৰনেটৰ মাধ্যমত অসমীয়াত পঢ়িব পাৰে,অসমীয়াত লিখিবলৈও নিতৌ ন ন জন আগবাঢ়ি আহিছে ৷ ই অতি শুভ লক্ষণ৷গতিকে লিখনিৰ বিষয়বস্তু বিভিন্ন হব পাৰে৷ৰসৰাজ বেজবৰুৱা
নে আন কোনোবা সাহিত্যিকে কৈছিল –“লিখি যোৱা, নৰ'বা৷ ভাল হলে থাকি যাব৷বেয়া হলে হাতৰ পুৰনি মৰিব”৷)
=====================================================

আৰু কেইদিনমানৰ পিছতে দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱা আমাৰ নুমলী জী, মাকে মৰমতে মতা নাম ইতিয়ে, কলেজত নাম লগাই ৰাজস্থানৰ জয়পুৰত পঢ়িবলৈ যাব৷এৰা, কিমান সোণকালেযে ছোৱালীবোৰ ডাঙৰ হয়৷এই আমাৰ আদৰৰ জী-জনী দুবাৰকৈ হেৰাব লৈছিল৷এবাৰ দিল্লীৰ প্ৰগতি ময়দানত আমি ঘৰৰ কেউটায়ে কিবা এখন মেলা চাব সোমাইছিলোঁ৷মেলা চাই ঘূৰিবলৈ লৈছোঁ৷গেটৰ মুখ পাই দেখা পালোঁ আমাৰ লগত ইতি নাই৷বাকী দুটি ল'ৰা ছোৱালী আছে৷ইতিহে হেৰাল৷ইফালে মাইকত বিভিন্নজনৰ নিৰুদ্দেশৰ ঘোষণা অলপ দেৰীৰ মূৰে মূৰে দিয়েই আছে৷বুকুখন চিৰিংকৈ গ'ল৷ মাকে ভাবিলে ইতিয়ে মোৰ হাতত ধৰি আছে আৰু মই ভাবিলোঁ ইতিয়ে মাকৰ হাতত ধৰি আছে ৷কেউটাই দৌৰি ঢাপলি ষ্টলবোৰৰ বাহিৰে বাহিৰে চকু ফুৰাই তাইক বিচাৰি আমি যোৱা ঠাইবোৰলৈ গলোঁ৷অৱশেষত তাইক দেখা পালোঁ এখন ৰেষ্ট্ৰোৰাৰ মুখত একান্তমনেৰে ডোচা বনোৱা চাই আছে৷আমোদৰ কথা গোটেই ঘটনাতোৰ প্ৰতি তাই মুঠেই অৱগত হোৱা নাছিল৷ তাত তাইক পাইহে আমাৰ আটাইৰে মুখলৈ পানী আহিল৷নহলে কি দশা হ'লহেতেন ভাবিলে আজিও বুকু শিঁয়ৰি উঠে৷সেই ঘটনাটোৰ সময়ত তাইৰ বয়স এঘাৰ বছৰ মান হব৷ইয়াৰ আগতেও এবাৰ আমাক তাই ভয় খোৱাই থৈছে৷এসময়ত স্কুল বাচেৰে বশিষ্ঠ চাৰিআলিৰ পৰা আমাৰ তিনিওটা ল'ৰা-ছোৱালী একেলগে পাঞ্জাবাৰীৰ গুৱাহাটীৰ পাব্লিক স্কুললৈ যায়৷তেতিয়া আমি থাকোঁ বশিষ্ঠৰ লালমাটিত৷ঘৰৰ ওচৰলৈকে স্কুলবাচ নহাত আমি তাঁহাতক বশিষ্ঠ চাৰিআলিত বাচত উঠাই দিওঁ আৰু ছুটি হলে পুনৰ একে ঠাইৰ পৰা ঘৰলৈ লৈ আহোঁ৷যাওতে তিনিওটা একেলগে গলেও ছুটিৰ সময় বেলেগ হোৱাত আনিবলৈ পিছবেলা দুবাৰ যাবলগীয়া হৈছিল৷এদিনাখন মই কিবা জৰুৰী কামত লাগি থকাত ইতিক ছুটিৰ পিছত আনিবলৈ যোৱাত অলপ পলম হ'ল৷ স্কুলবাচখনে ইতিমধ্যে সকলো ল'ৰা-ছোৱালীক লাষ্ট ষ্টপেজ পূৰ্ণিমা ষ্টুডিঅ'ত নমাই থৈ স্কুললৈ ঘূৰি গৈছে৷অভিভাৱকলৈ ৰৈ থকা ল'ৰা-ছোৱালীৰ মাজত ইতি নাই৷ ওচৰে পাজৰে বিচাৰি চালোঁ ক'তো ইতিৰ দেখাদেখি নাই৷ ঘৰলৈ ফোন কৰিলোঁ কিজানি কোনোবা চিনাকী মানুহে লৈ গৈছে নেকি ? নাই কোনো সন্ধান নাই৷ভাবিলোঁ আমি দুয়ো স্কুললৈ তাইক বিচাৰি যাম৷চিন্তাক্লিষ্ট মনলৈ মোৰ এম্বেচেডাৰ গাড়ী ঘৰলৈ বুলি ঘূৰালোঁ৷ ঠিক ঘৰৰ মূখত গাড়ী ৰখাবলৈ লওঁতে দেখিছোঁ -বেশভূষাত বিহাৰী যেন লগা ৰিক্সাৱালা এটাই চিটৰ পৰা কোলাত দাঙি স্কুলবেগসহ এজনী ছোৱালী আমাৰ ঘৰৰ পদূলিত নমাই আছে৷সেই ছোৱালীজনীয়ে হ'ল ইতি৷ আমাক আচৰিত কৰি তাই কলে - " ৰিক্সা, লালমাটি চলেগা" বুলি ইয়াতে উঠি আহিলোঁ ! তেতিয়া তাই বোধহয় প্ৰথম শ্ৰেণীৰ ছাত্ৰী৷সঠিক বয়স, দিন -বাৰ এইবোৰৰ হিচাপ মাকবোৰেহে ৰাখে দেই৷আৰু এটা কথা যি কোনো আপদ এটাৰ পৰা সাৰি অহাৰ পিছতহে সেই সংকটটোৰ গভীৰতা অনুধাৱন কৰিব পাৰি৷এটা বাক্য আছে - সময় বৰ বলবান৷সময় ভেদে আমাৰ মনৰ অনুভূতি পৃথক হব পাৰে৷সময়ে আমাক ন ন শিকনিও দি যায় ৷ কালিলৈকে একো গাত নলগা ইতিৰ আজি এই লিখাখিনি পঢ়িলে হয়তো মনলৈ লাজ ভাৱ এটা আহিব পাৰে৷

২৭ জুন ২০১৩

$$$$$$$$$$$$$$$$$$$$$$$$$$$

No comments:

Post a Comment

Total Pageviews