পূৰণিকালৰ কথাৰ আলোচনা দেখি মোৰো
মাতৃৰ লগত জড়িত বহু পূৰণি কাহিনী এটি মনত পৰি গ'ল৷ মাৰ ওপজা ঠাই আছিল শিৱসাগৰৰ কোঁৱৰপুৰত৷দিখৌ নৈৰ পাৰত শৈশৱ অতিবাহিত কৰা মা সাঁতোৰত বৰ পাৰ্গত আছিল৷এই সাঁতোৰ বিদ্যাই কিদৰে আমাৰ এজনী ভনীৰ জীৱন ৰক্ষা কৰিছিল তাকে কব খুজিছোঁ৷দেউতাই ডিব্ৰুগড়ত চাকৰি কৰে আৰু মায়ে কালুগাঁৱত থাকি মগৰাহাট এম ভি স্কুলত শিক্ষয়ত্ৰী কৰে৷আমাৰ বাৰীত এটা বৰ ডাঙৰ পুখুৰী আছিল৷ ককাদেউতাই (আমি বুঢ়াদেউতা বোলো) খন্দোৱা পুখুৰীটোৰ পানী বছৰটোত কেতিয়াও নোশুকাইছিল৷পুখুৰীটোৰ পানী আমি খাবলৈ আৰু আন কামটো ব্যৱহাৰ কৰিছিলোঁ৷এবাৰ মায়ে পুখুৰীৰ পাৰত কাপোৰ ধুই আছিল৷মাজু ভন্টিৰ বয়স তেতিয়া দেড় নে দুই বছৰ৷তাইক মাটিত পাৰি থোৱা পিৰা এখনত বহোৱাই মায়ে ওচৰৰে বাৰীৰ ৰ'দ পৰা ঠাইত ধোৱা কাপোৰখিনি খৰখেদাকৈ মেলিব গ'ল৷মাত্ৰ কেইমিনিটমানৰ ভিতৰতে মায়ে পুখুৰীৰ পাৰলৈ ঘূৰি আহি দেখে - ভনীজনী নাই৷ পুখুৰীৰ পানীত বুৰবুৰনি দেখি মাৰ বুজিবলৈ বাকী নাথাকিল যে জীয়েক পানীৰ তলত৷লগে লগে মায়ে পানীত জপিয়াই পৰিল আৰু পুখুৰীত ডুব মাৰি পানীৰ তলৰ পৰা ভনীজনীক উদ্ধাৰ কৰি আনিলে৷তাইক উবুৰিয়াই পেটৰ পানীখিনি ওলিয়াই প্ৰাথমিক চিকিৎসা মায়েই দিলে৷ এইদৰেই আজিৰ মেজিষ্ট্ৰেট সেই ভনীজনীৰ জীৱনটো মাৰ তৎপৰতাত ৰক্ষা পৰিছিল৷ ঘটনাটো আহুকানে পহুকানে শুনি গাঁৱৰ মানুহবোৰ খবৰ লবলৈ গোট খালে৷ এজনী আইতাই (সৰুপোণা দদাইদেউৰ মাক) ভন্টিক সোধা মনত আছে - কি দেখিলি অ' আইজনী তই পানীৰ তলত ? তাই উত্তৰ দিছিল - বহুত মাছ দেখিলোঁ৷ আইতাই আকৌ সুধিলে কি মাছ ? তাই উত্তৰ দিছিল - ইলিছ মাছ ! সপ্তাহে-পক্ষেকে ঘৰলৈ আহোতে দেউতাই টাউনৰ পৰা কিনি অনা মাছৰ ভিতৰত ইলিছ মাছৰ নামটোহে চাগে সেই সময় তাই জানিছিল৷
২৬-৬-২০১৩
No comments:
Post a Comment