Translate

Thursday, January 24, 2013

আহ্বান !


আহ্বান !

হে বন্ধু মোৰ
মোহাচ্ছন্ন নহবা
নহওঁ
মই বিশিষ্ট
সৰ্ব গুণাকৰ
তোমাৰ কল্পনাৰ আদৰ্শ ব্যক্তি৷

মই যে তেনেই নিচ্ছ
এক ভাবুক
আনৰ মৰমত পমি যোৱা
মুখাবিহীন চৰিত্ৰহে৷

ইমান উচ্চতালৈ তুলি নিদিবা মোক
ভয় লাগে মোহভংগ হলে
যেতিয়া হাত এৰি দিবা
দুখ মই কলিজাতহে পাম !

২২জানুৱাৰী ২০১৩
ডহা, কাটাৰৰ পৰা
Like ·  ·  · Tuesday at 9:53am

No comments:

Post a Comment

Total Pageviews