Translate

Thursday, December 6, 2012

স্বাস্থ্য কথা : নানা ধৰণৰ বসন্ত ৰোগ


  • বসন্ত ৰোগ হ'ল তিনিবিধ ৷
        বৰ আই (Small Pox), মাজু আই (Chicken Pox), সৰু আই (Measles) - অসমীয়াত নামৰ বিভ্ৰাট হোৱা যেন লাগিলেও এয়ে প্ৰকৃত নামাকৰণ বুলি জনা লোকসকলে কয়৷
    এই তিনিবিধৰ ভিতৰৰ আটাইতকৈ মাৰাত্মক বৰ আই বৰ্তমান পৃথিবীৰ পৰা বিলুপ্ত৷ আন দুবিধ আইৰ দ্বাৰাও সমাজৰ অনেক ক্ষতি,কামৰ সময়ৰ লোকচান আৰু আনকি জীৱন হানিও ঘটি আছে৷সেয়ে এই চমু লেখাটো পাঠকসকললৈ আগবঢ়ালোঁ৷ ভবিষ্যতলৈ ইয়াত আৰু নতুন নতুন তথ্য যোগ হোৱাৰ সম্ভাৱনা থাকিল৷

             বৰ আই বা স্মল পস্ক : ভেৰিঅ'লা ভাইৰাচে সৃষ্টি কৰা এই ৰোগে এটা সময়ত গোটেই বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু ৩৫  শতাংশলৈকে ৰোগীৰ মৃত্যু ঘটিছিল৷বিশ্ব স্বাস্থ্য সংস্থাৰ একানপতিয়া প্ৰচেষ্টাত বিশ্বজুৰি এই ৰোগৰ ছিটা কেইবাদশকজুৰি প্ৰদান কৰা হয়৷ 
    ১৯৭৯ চনত এই ৰোগ নিৰ্মূল হোৱা বুলি ঘোষণা কৰা হয় আৰু ১৯৮০ চনৰ পৰা ছিটাকৰণ বন্ধ কৰা হয়৷ ভেৰিঅ'লা মেজৰ আৰু ভেৰিঅ'লা মাইনৰ নামৰ দুই ভাইৰাচে ৰোগৰ উৎপত্তি কৰিছিল৷ভেৰিঅ'লা লেটিন শব্দ,যাৰ অৰ্থ হ'ল ফোঁহা বা দাগ হোৱা৷ হয়, ৰোগাক্ৰান্ত ব্যক্তিৰ সৰ্ব শৰীৰত এক বিশেষ ধৰণৰ ফোঁহা উঠিছিল আৰু শুকালে স্পষ্ট দাগ ঘাইকৈ মুখত ৰৈ গৈছিল৷

          ৰোগী ব্যক্তিৰ সান্নিধ্যত আহিলে ৰোগ বিয়পিছিল ঘাইকৈ থুই,খেকাৰ,লেলাৱতি,শেঙুন, ছালৰ তেজ-পূঁজ আদিৰ দ্বাৰা ড্ৰপলেট সংক্ৰমণৰ যোগেদি৷ শৰীৰত ৰোগৰ বীজাণুৱে প্ৰৱেশ কৰাৰ পৰা ৰোগৰলক্ষণসমূহ ফুটি উঠালৈকে এই সময়ছোৱাক ইনকুবেচন পিৰিয়ড বোলে৷ বৰ আইৰ ক্ষেত্ৰত এই সময় ৭ৰ পৰা ১৭দিনলৈ হয়৷ এই সময়ছোৱাত ৰোগ অইনলৈ নিবিয়পে৷ কিন্তু ছালত ফোঁহাওলোৱাৰ  পৰা ছালৰ অন্তিমটো শুকান নিকৰি সৰি পৰালৈকে ৰোগী আনক সংক্ৰমণ কৰিব পৰাকৈ  বিপদজনক হৈ থাকে৷ পোনতে চৰ্দি, পানী-লগা,মূৰৰ বিষ,জ্বৰৰে আৰম্ভ হৈ গাৰ ছালত পানীজলা উঠিবলৈ ধৰে৷ ১৫৷২০দিনৰ মূৰত ছালৰ ফোঁহা শুকাবলৈ ধৰে৷ বৰ আইৰ সংক্ৰমণৰ ফলত বহুলোক দৃষ্টি হেৰুৱাই অন্ধ হৈছিল৷ নিউমনিয়া বা এনকেফেলাইটিচ হৈ মৃত্যুবৰণ কৰিছিল৷ আজি এই ৰোগ অধ্যয়ণ আৰু গবেষণাৰ বিষয় হৈ ৰ'ল৷
      ভেৰিঅ'লা ভাইৰাচে কৰা বৰ আইয়ে বিশ্বত সময়ে সময়ে মহামাৰীৰ সৃষ্টি কৰিছিল৷১৭০০চনত  আমেৰিকাত হোৱা মহামাৰীৰ কথা বিভিন্ন ঠাইত লিপিবদ্ধ হৈ আছে৷ ১৭৯৬চনত এডৱাৰ্ড জেনাৰ নামৰ  ব্ৰিটিছ চিকিৎসকএজনৰ প্ৰচেষ্টাত এই ৰোগৰ ছিটা উদ্ভাৱন হয়৷ ছিটাৰ আবিস্কাৰৰ ফলত এক আমূল  পৰিবৰ্তনৰ সূচনা হয়৷ছিটা লোৱা লোকে কমেও ৫বছৰলৈ সুৰক্ষা পায় আৰু কেনেবাকৈ ৰোগাক্ৰান্ত হলেও  অসুখ গুৰুতৰ নহয়৷ আমেৰিকাত১৯৪৯ চনৰ পিছত এজনো ব্যক্তিৰ বৰ আই নোহোৱাত ১৯৭২চনত  আমেৰিকা চৰকাৰে ছিটা লগোৱাও বন্ধ কৰি দিয়ে৷ বৰ আইৰ অন্তিমটো কেচ ধৰা পৰিছিল আফ্ৰিকা  মহাদেশৰ চ'মালিয়াত ১৯৭৭চনত ৷ ১৯৮০চনত বিশ্বস্বাস্থ্য সংস্থাই  বিশ্বৰ পৰা বৰ আই নিৰ্মূল হোৱা বুলি ঘোষণা কৰে৷
      গবেষণাৰ বাবে বৰ আইৰ ভেৰিঅ'লা ভাইৰাচ আমেৰিকা আৰু ৰাচিয়াৰ লেবৰেটৰীত এতিয়াও  সংৰক্ষিত কৰি থোৱা আছে৷ এই সংৰক্ষণ প্ৰক্ৰিয়াটো এক বিপদজনক আৰু চিন্তনীয় বিষয়৷ এনে বিপদজনক ভাইৰাচকোনো আতংকবাদীৰ হাতত পৰিলে তাৰ অপব্যৱহাৰে অনেক নৰসংহাৰ কৰিব পাৰে৷যি কোনো  বতৰতে বা পৰিবেশতে এইবিধ ভাইৰাচ সোঁচৰিব পাৰে৷ইয়াক বায়লজিকেল ৱেপন বা জৈবিক যুদ্ধাস্ত্ৰ বুলিবপাৰি৷আমেৰিকাৰ বুশ্ব  প্ৰশাসনে ইৰাকৰ চাদ্দাম হুছেইনে এনে জৈবিক যুদ্ধাস্ত্ৰ ৰখা বুলি সন্দেহ কৰিছিল৷

     মাজু আই  বা চিকেন পস্ক : ভেৰিচেলা ভাইৰাচে সৃষ্টি কৰা এই ৰোগ বৰ্তমান গোটেই বিশ্বতে ব্যাপ্ত৷ খজুৱতি আৰু ছালত পানী  জলা বন্ধা এই ৰোগ সাধাৰণতে কম বয়সীয়ালোকৰ হয় যদিও যি কোনো বয়সৰ লোক ৰোগাক্ৰান্ত হব পাৰে৷ আজিকালি মাজু আইৰ ছিতাৰ বহুল প্ৰয়োগৰ ফলত ৰোগৰ তীব্ৰতা হ্ৰাস পাবলৈ ধৰিছে৷এই ৰোগ কৰা  ভেৰিচেলা জষ্টাৰ ভাইৰাচেই ডাঙৰ মানুহৰ দেহাত হাৰপিজ জষ্টাৰ ৰোগ কৰে৷ ইও বৰ আইৰ নিচিনা এবিধ অতি সংক্ৰামক ৰোগ৷ সৰু আই ৰোগত ভোগা ৰোগীৰ ছালৰ পানীৰ স্পৰ্শত আহিলে নাইবা ৰোগীৰ হাঁচি,থুই, খেকাৰৰ ড্ৰপলেট সংক্ৰমণৰ মাধ্যমেৰে ৰোগ বিয়পে৷ জ্বৰ,মূৰৰ বিষ,পেটৰ বিষ, খজুৱতিৰ ওপৰিও ছালৰ ভিন্নভিন্ন আকাৰৰ পানীজলা ৭৷১০ বা বেচি দিনলৈ থাকে৷ পানীজলা ব্যক্তিভেদে কম বেচিকৈ ওলায়৷ সাধাৰণতে শুকালে  দাগ নাথাকে৷ অৱশ্যে খজুৱতিৰ ফলত ঘাত বেক্টেৰিয়াৰ সংক্ৰমণ হলে কথা সুকীয়া৷ ৰোগ চিনাক্তকৰণ লক্ষণসমূহৰ পৰাই কৰিব পাৰি৷ উন্নত চিকিৎসা কেন্দ্ৰত ছালৰ লেবৰেটৰী পৰীক্ষাৰ দ্বাৰা ৰোগ  নিশ্চিত কৰা হয়৷বৰ আই আৰু মাজু আইৰ ফোঁহা (Rash)বিলাকৰ পাৰ্থক্য হ'ল : বৰ আইৰ ফোঁহা  সাধাৰণ আৰম্ভণিতে মুখমণ্ডল, বাহু আৰু হাতত ওলোৱাৰ পিছতহে শৰীৰৰ অন্য অংশত ওলায়৷ হাতৰ আৰু ভৰিৰ তলুৱাত বৰ আইহে দেখা দিয়ে৷বৰ আই মুখৰ ভিতৰৰ কোমল ছাল (Mucus membrane) আৰু যৌনাংগৰ কোমল অংশত ওলাব পাৰে৷ বৰ আইৰ ফোঁহাৰ তুলনাত  মাজু আইৰ ফোঁহা অগভীৰ৷

    মাজু আইৰ ছিটা সকলো বয়সৰলোকেই লোৱাটো ভাল৷ দুটা ছিটা ৪ৰ পৰা ৮সপ্তাহৰ ব্যৱধানত সাধাৰণতে দিয়া  হয়৷ছিটা ললে হয় সুৰক্ষিত, নহয় ৰোগাক্ৰান্ত হলেও লক্ষণসমূহ গুৰুতৰ নহব৷ৰোগীক অইনৰ পৰা আতৰাই পৰিস্কাৰ পৰিচ্ছন্ন পৰিবেশত ৰাখিব লাগে৷ এচাইক্লভিৰ নামৰ এন্টিভাইৰেল ঔষধ খালে ৰোগ কিছু সোনকালে  উপশম হয়৷ পাতল কপাহী কাপোৰ পিন্ধা ভাল৷ দৈনিক মহা নিমপাত সিজোৱা পানীৰে গা ধুব পাৰিলে ভাল৷কোমল চাবনো ব্যৱহাৰ কৰাত বাধা নাই৷ খজুৱতি কমাবলৈ এলাৰ্জিৰ ঔষধ চিকিৎসকৰ পৰামৰ্শমতে খাব  পাৰিব৷ ছালত কেলামিন লোচন লগাব পাৰিব৷
    চেকেন্দৰী বেক্টেৰিয়াৰ সংক্ৰমণ দেখিলে কেতিয়াবা এন্টিবায়টিৰ প্ৰয়োজন হব পাৰে৷খাদ্য - সহজে হজম হোৱা খাদ্য,শাক-পাচলি,ফল-মূল ৰোগীক দিব লাগে৷মাংস বা আন গৰম মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব৷

       সৰু আই   বা মিজ'লচ্  : ই হ'ল ৰুবিঅ'লা নামৰ ভাইৰাচে কৰা এবিধ সংক্ৰামক ৰোগ৷
    এংলো অসমীয়া অভিধানত এবিধ সামান্য পৰিমাণৰ আই বুলি "মিজ'লচ্"ক উল্লেখ কৰা হৈছে৷একেই ড্ৰপলেট  সংক্ৰমণৰ যোগেদি ৰোগ বিয়পে৷সাধাৰণতে ই এবিধ বাল্যকালত হোৱা ৰোগ৷ছিটাৰ ব্যৱহাৰৰ ফলত এইৰোগৰ  প্ৰাদূৰ্ভাৱ কমিব বুলি আশা কৰা হৈছে৷দৰিদ্ৰ লোকৰ অনেক সন্তান এই ভাইৰাচজনিত ৰোগৰ ফলত আজিও  নিউমোনিয়াহৈ মৃত্যুমুখত পৰে -ঘাইকৈ যদি লগত শিশুটিৰ ভিটামিন-এৰো অভাৱ থাকিলে৷অসুখ হলে কাঁহ,জ্বৰ,চৰ্দি, খজুৱতি,চকু ৰঙা পৰা,চকুৱে পোহৰ সহ্য কৰিব নোৱৰা হোৱা,শৰীৰৰ বেথা আৰু ছালত মিহি  চেপেতা বা সামান্য উঠা ৰঙচুৱা ক্ষুদ্ৰ ফোঁহা ওলোৱা আদি লক্ষণে দেখা দিয়ে৷ 'কপলিক স্পট' নামৰ মুখৰ
    ভিতৰৰ দেখা দিয়া বগা দাগ সাধাৰণতে ৰোগ চিনাক্ত কৰাত সহায়ক হয়৷ উন্নত চিকিৎসা কেন্দ্ৰত ৰোগীৰ শৰীৰত ভাইৰাচ চিনাক্তকৰণ কৰিব পাৰি৷    
    চিকিৎসা লক্ষণ অনুযায়ী কৰা হয়৷ দূৰ্বল স্বাস্থ্যৰ শিশুৰ ব্ৰংকাইটিট,নিউমনিয়া,এনকেফেলাইটিচ,অ'টাইটিচ মিডিয়া (কাণৰ সংক্ৰমণ) আদি জটিলতাই দেখা দিয়াৰ সম্ভাৱনা থাকে৷প্ৰতি হাজাৰ ৰোগীৰ ভিতৰত এজন শিশুৰ এনকেফেলাইটিচ হোৱা দেখা যায়৷কিছু সম্ভাব্য শিশুক ৰোগাক্ৰান্ত হোৱাৰ আগতে ইমিউন'গ্লবিন দি সুৰক্ষা দিব 
    পাৰি৷  
    উন্নয়নশীল দেশসমূহত শিশুক ৬মাহত আৰু ৯মাহত মিজলছৰ প্ৰতিৰোধক ছিটা দিয়াৰ পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থাই দিছে

    ডা০ভূপেন শইকীয়া
    ড'হা, কাটাৰৰ পৰা  ২৪ নভেম্বৰ,২০১২
     drbksaikia@gmail.com 0974 33738722(M)

    $$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$
    • Bikash Saikia উপযোগী লেখা
    • Aziz-ul Haque আপোনাৰ লেখাটো এখন আলোচনীত দিলে ভাল হ’ব৷ আপত্তি নাই চাগে৷ আপোনি লিখা বুলি উল্লেখ থাকিব৷
    • DrBhupendra Saikia সাহিত্য ডট অৰ্গৰ বাবে লিখা হেতুকে সৌজন্য "সাহিত্য ডট অৰ্গ"উল্লেখ কৰিলে ভাল হব৷
    • DrBhupendra Saikia বৰ আই নিৰ্মূল হলেও মাজু আই আৰু সৰু আইয়ে এতিয়াও আমাৰ স্বাস্থ্যৰ দিশত অনেক অপকাৰ কৰি অৰ্থব্যয়,কৰ্মক্ষতি আৰু আনকি প্ৰাণহানিও ঘটাই আছে৷ সেয়ে ছিটাৰ বহুল প্ৰয়োগ, স্বাস্থ্য শিক্ষা আৰু লবলগীয়া সতৰ্কতাসমূহৰ বিষয়ে অধিক প্ৰচাৰৰ প্ৰয়োজন৷

      এই লিখনি পঢ়ি ভাল পোৱা আৰু পৰামৰ্শ দিয়া সকলক মোৰ আন্তৰিক ধন্যবাদ৷

2 comments:

  1. ভাল লাগিল, বহু্ত ধন্যবাদ৷ সৰুতে মো
    ৰ বসন্ত বেমাৰ হৈছিল৷ শুনামতে এবাৰ বসন্ত হ'লে গোঠেই জীৱন আৰু বসন্তবেমাৰ নহয়৷ ধৰা হ'ল এবাৰ সৰু আইত ভুগিলো, পিছত মোক মাজু আইয়ে আক্ৰমণ কৰিব নোৱাৰে নেকি?

    ReplyDelete
  2. এজন মানুহৰ যি বিধ বসন্ত হয়, নিৰ্দিষ্ট সেই বিধ বসন্তৰ পৰাহে তেওঁ সুৰক্ষা পায়৷

    ReplyDelete

Total Pageviews