আত্মহত্যা -বিষয়টো আলোচনা
কৰিবলৈকে মোৰ মনত এক
বুজাব নোৱৰা সংশয়ৰ ভাৱ
উৎপন্ন হয়৷ আত্মহননৰ দ্বাৰা এজন ব্যক্তিয়ে নিজক কষ্ট দি এই সংসাৰৰ মায়া-মোহ
এৰি এক
নেদেখা ঠাইলৈ চিৰকাললৈ গুচি যায় - ভাবিবলৈকে ভয় আৰু বেজাৰ লাগে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি ৪০ চেকেণ্ডত এটি আত্মহত্যা সংঘটিত হয় আৰু বিশ্বৰ কোনো এখন দেশেই এই বিকাৰৰ পৰা মুক্ত নহয় ৷ ইউৰোপৰ
দেশ লিথুৱানিয়াত প্ৰতিবছৰে প্ৰতি এক
লাখ জনসংখ্যাৰ ৪২
জনে আত্মহ্ত্যা কৰাৰ বিপৰীতে ভাৰতবৰ্ষত এই
সংখ্যা প্ৰায় ১১
জন৷ ২০১১ চনত আমাৰ দেশত
মুঠ এক
লাখজনে আত্মহনন
কৰাতো এক উলাই কৰিব পৰা বিষয় নহয়৷
ইয়াৰে অধিকাংশ ঘটনা আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ৷
শেহতীয়াকৈ আমাৰ অসমতো এনে আত্মহননৰ প্ৰবনতা বৃদ্ধি পোৱাটো চিন্তনীয়
বিষয় হৈ পৰিছে৷ প্ৰতি
বছৰে ১০চেপ্তেম্বৰত "বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিবস" পালন হোৱাৰ কথাটো আমাৰ বহুতৰে জ্ঞাত নহব পাৰে৷
আকৌ আমেৰিকাত চুইচাইড'লজি এচ'চিয়েচন খুলিছে বুলিলেও শুনিবলৈ
আচহুৱা যেন লাগিব৷
আৰব দেশ সমূহত বিশ্বৰ সকলো ঠাইৰ মানুহেই কৰ্মৰ সন্ধানত আহে৷ তুলনামূলকভাবে অৰ্থনৈতিকভাবে দুৰ্বল শ্ৰেণীৰ বহুতেই সৌভাগ্য বিচাৰি গাল্ফলৈ আহে৷ এওঁবিলাকৰ বহুতৰ বয়স কুৰিৰ আশে-পাশে৷ শিক্ষাগত অৰ্হতা প্ৰায় শূণ্য৷ এজেন্টে দেখোৱা সোণালী সপোন থানবান হবলৈ এওঁলোকৰ বেচিভাগৰে তিনিমাহো সময় নালাগে৷ কাৎচি কোনোবা এজনৰ ভাগ্য ভাল হলে আশা কৰাতকৈ বেচি দৰ্মহা পায় ৷ বাকীসকলে ভাগ্যক ধিয়াই দিন কটাবলৈ ধৰে৷ আৰু ইয়াৰে কিছুমানে চৰম হতাশাত ভোগে৷ হতাশাগ্ৰস্ত নেপাল,ফিলিপিনো আৰু ভাৰতীয় লোকসকলৰ মাজৰ কিছুমানে আত্মহননৰ পথ বাচি লয়৷ গোটেই বিশ্বত গড়ে প্ৰতি লাখত ১৬জনে আত্মহত্যা কৰাৰ বিপৰীতে আৰব দেশসমূহৰ এই সংখ্যা ৫-৬জনৰ ভিতৰত৷
নেপাল দূতাবাসৰ তথ্যমতে কাটাৰত ৩-৫লাখ নেপালী লোক কৰ্মৰত৷ বিভিন্ন ৰোগ আৰু দূৰ্ঘটনাত প্ৰতিবছৰে ১০৩ ৰ পৰা ১৯১ জনৰ মৃত্যু হয়৷ বছৰি ১২জনৰ পৰা ২০জনে আত্মহত্যা কৰে৷ এই আত্মঘাটী হোৱাসকলৰ বয়স ২৫ৰ তলত ৷আকৌ প্ৰায় ২লাখ কাটাৰত বসবাস কৰা ফিলিপিনোৰ মাজৰ পৰা ৭জনে যোৱা ৮মাহত আত্মঘাটী হৈছে৷ কাটাৰত ৫লাখৰো অধিক ভাৰতীয়ই বাস কৰে ৷ আন গাল্ফ দেশসমূহতো বুজন সংখ্যক ভাৰতীয় কৰ্মৰত৷ সংযুক্ত আৰব আমীৰাটৰ ২০০৯ চনত ৭৯ জন ভাৰতীয়ই আত্মহত্যা কৰাৰ কথা বাতৰি কাকতত প্ৰকাশিত হৈছিল৷ তাৰে অধিকাংশই আছিল কেৰেলা আৰু তামিলনাডুৰ৷ শেহতীয়া বাতৰি অনুসৰি যোৱা ৩ডিচেম্বৰৰ দিনা এজন ৩৬বছৰীয়া ভাৰতীয় যুৱকে ডুবাইৰ চালকবিহীন মেট্ৰ ৰেলৰ আগত পৰি আত্মহত্যা কৰে৷ মেট্ৰ ৰেলত হোৱা এইটো প্ৰথম মৃত্যুৰ ঘটনা৷ ২০১০চনৰ পৰা যুৱকজনে কাম বাদ দি ঘৰলৈ আহিবলৈ অনুমতি বিচাৰি আছিল৷ দূৰ্ঘটনাৰ পূৰ্বে তেওঁ মদ্যপান কৰা বুলিও জনা গৈছে৷ কাটাৰত যোৱা বছৰত মৃত্যু হোৱা মুঠ ২০৮ জনৰ ভাৰতীয়ৰ ভিতৰত ১৭ টা আত্মহত্যাৰ ঘটনা আছিল৷
কাটাৰী মনোৰোগ বিশেষজ্ঞ ডা০ ম'জা অল মালকী আৰু ডা০ চুহেইলা ঘালুমৰ মতে কাটাৰ দেশ আৰু কাটাৰী লোকসকলো আত্মহত্যাৰ বিকাৰৰ পৰা মুক্ত নহয়৷ বিবাহ -বিচ্ছেদ হোৱা মহিলাসকল আৰু পঢ়াৰ গধুৰ বোজা সহিব নোৱৰা কিশোৰীসকল অতিপাত মানসিক চাপ বা ষ্ট্ৰেচত থাকে৷ কাটাৰ দেশৰ আইন অনুসৰি আত্মহত্যাৰ প্ৰয়াস কৰিলে ৫০০০ৰিয়াল জৰিমনাসহ ৬ মাহৰ কাৰাদণ্ড৷ আশংকা কৰা মতে বহুতবোৰ আত্মহত্যাৰ ঘটনা নথিত হৃদৰোগ, ষ্ট্ৰ'ক নাইবা আন মৃত্যুৰ কাৰণ দেখোৱাই লিপিবদ্ধ কৰা হয়৷ তেওঁলোকৰ ওপৰিও সমাজ বিজ্ঞানীসকলৰ মতে গাল্ফদেশ সমূহত বৰ্ধিত আত্মহত্যাৰ প্ৰবণতা এক গভীৰ চিন্তনীয় বিষয় হৈ পৰিছে৷
৫ ডিচেম্বৰ, ২০১২
ড'হা, কাটাৰৰ পৰা
No comments:
Post a Comment